Saturday, April 20, 2024
Homeবাতৰিশ্বিলঙত আয়োজন তৃতীয় আন্তৰ্জাতিক চেৰী ফুল মহোৎসৱ

শ্বিলঙত আয়োজন তৃতীয় আন্তৰ্জাতিক চেৰী ফুল মহোৎসৱ

প্ৰকাশিত তাৰিখঃ ২২ অক্টোবৰ, ২০১৮

চি এন ডেক্স

এতিয়া চেৰী ফুলাৰ বতৰ। বেঙুনীয়া আৰু বগা ৰঙৰ চেৰী ফুলাৰ সময়ত সমগ্ৰ শ্বিলং চহৰ হৈ পৰে অতি মনোমহা। এইখিনি সময়ত দেশী–বিদেশী পৰ্যটকে ভিৰ কৰেহি সমগ্ৰ চহৰখনত।

অহা ১৪ ৰ পৰা ১৭ নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে শ্বিলঙ চহৰত আয়োজন কৰিছে আন্তৰ্জাতিক চেৰী মহোৎসৱ (India International Cherry Blossom Festival)।  জৈৱ–সম্পদ আৰু ধাৰণক্ষম বিকাশ প্ৰতিষ্ঠান (Institute of Bio–resources and Sustainable Development) আৰু ভাৰতীয় সাংস্কৃতিক মৈত্ৰী পৰিষদৰ (Indian Council of Cultural Relations) সহযোগত ৰাজ্য চৰকাৰখনে এই মহোৎসৱ আয়োজন কৰিছে।

মেঘালয়ত চেৰী ফুলৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰতি বছৰে চৰকাৰীভাৱে আয়োজন কৰি আহিছে চেৰী মহোৎসৱ।  মহোৎসৱে এইবাৰ তৃতীয়টো বৰ্ষত ভৰি দিছে। যোৱা ১৬ অক্টোবৰত নতুন দিল্লীত সংবাদমেলৰ আয়োজন কৰি এই বতৰা সদৰি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

চেৰী ফুলৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে মেঘালয় চৰকাৰে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। চেৰী গছ ৰোপণত বেচৰকাৰীভাৱেও বহুবোৰ কাৰ্যসূচী হাতত লৈছে। বিদেশত প্ৰসাৰ লাভৰ বাবে প্ৰতি বছৰে আয়োজন কৰি আহিছে চেৰী মহোৎসৱ। মহোৎসৱে এইবাৰ তৃতীয়টো বৰ্ষত ভৰি দিছে।

চেৰী মহোৎসৱত নৈশ পথ ভ্ৰমণ, পৰম্পৰাগত খাদ্যৰ বিপণী, সৌন্দৰ্য প্ৰতিযোগিতা, ৰ’ক মিউজিক আদি অনুষ্ঠান কাৰ্যসূচীত অন্তৰ্ভুক্তি কৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward