Friday, March 29, 2024
Homeবাতৰিষষ্ঠ অনুসূচী দাবী সমিতিৰ ১৪তম্ প্ৰতিষ্ঠা দিৱস

ষষ্ঠ অনুসূচী দাবী সমিতিৰ ১৪তম্ প্ৰতিষ্ঠা দিৱস

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ষষ্ঠ অনুসূচী দাবী সমিতিৰ ১৪তম্ প্ৰতিষ্ঠা দিৱস যোৱা ৮জুনত ৰাণী প্ৰাথমিক বিদ্যালয় খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আৰু ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সহযোগত দিৱসটি পালন কৰা হয়।

ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি কুশধ্বজ ৰংখই সভাপতিত্ব কৰা মুকলি সভাখনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মূখ্যকাৰ্যবাহী টংকেশ্বৰ ৰাভাই অংশ গ্ৰহণ কৰে। ভাষণকালত তেখেতে কয়– সংগ্ৰাম নকৰাকৈ ৰাভাসকলে একো লাভ কৰা নাই। ৰাভাকে নহয় সমগ্ৰ অসমৰ ৰাইজক যোৱা পোন্ধৰটা বছৰে কংগ্ৰেছ চৰকাৰে শোষণ–লুণ্ঠন চলোৱাৰ পিচত মিত্ৰজোঁটৰ নতুন চৰকাৰ আহিল। পিচত ৰাইজে কংগ্ৰেছ চৰকাৰ উৎখাত কৰি মিত্ৰজোটৰ চৰকাৰ অসমলৈ আনিলে। অসমৰ জাতি–মাটি–ভেটিৰ হ’কে কাম কৰিম বুলি আশ্বাস–প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপি চৰকাৰখনে ৰাভা জাতিৰ উন্নয়ণৰ বাবে কি কাম সেয়াহে গুৰুত্বপূৰ্ণ কথা। লগতে ষষ্ঠ অনুসূচী দাবী সমিতিৰ সংগ্ৰামখনক কেনেদৰে আগুৱাই লৈ যায়, সেয়া সময়েহে ক’ব। পৰিষদীয় এলেকাৰ মেধাবী ছাত্ৰ–ছাত্ৰী, দুখীয়া ছাত্ৰ–ছাত্ৰী, ছহিদ পৰিয়াল আৰু শিল্পী–সাহিত্যিকৰ বাবে জলপানি নতুবা এককালীন সাহাৰ্যৰ ব্যৱস্থা কৰিব বুলি ভাষণকালত মুখ্য কাৰ্যবাহীগৰাকীয়ে ঘোষণা কৰে।

আনহাতে মুকলি সভাত অংশগ্ৰহণ কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই কয়– ৰাভা জাতীয় সংগ্ৰামখনক চৰকাৰে গুৰুত্ব আৰোপ কৰিবই লাগিব। চৰকাৰে সংগ্ৰামখনক অৱহেলাৰ দৃষ্টিৰে নজৰ কৰিলে হ’ব পৰা যিকোনো পৰিস্থিতিৰে দায়িত্ব বহন কৰিব লাগিব।

লোকসংস্কৃতিৰ গৱেষক ভূবিন ৰাভা, সংগ্ৰামখনৰ সৈতে জড়িত ৰাভা জাতীয় নেতা অশোক ৰাভা, নৃপেন ৰাভাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উক্ত সভাখনত অংশগ্ৰহণ কৰিছিল। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৰ পতাকা উত্তোলন, প্ৰতিনিধি সভা, বৃক্ষৰোপন আৰু বিভিন্ন লোককৃষ্টি দলে নৃত্য প্ৰদৰ্শন কৰে।

শিৰোনামৰ ছবিঃ জয়ন্তী ৰাভা

Photo Courtesy: Jayanti Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward