Thursday, April 25, 2024
HomeNEWSৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত ট্ৰাইবেল সংঘৰ সজাগতা অভিযান

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত ট্ৰাইবেল সংঘৰ সজাগতা অভিযান

প্ৰকাশিত তাৰিখঃ ২০ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘই মৌজা ভিত্তিত গঠন কৰা সংঘৰ প্ৰাথমিক সমিতি সমূহৰ সহযোগত ৰাভা হাছং পৰিষদীয় এলেকাত এলানী ভূমি সজাগতা কাৰ্যসূচী হাতত লৈছে। বিশেষকৈ, পৰিষদীয় এলেকাটোত বসবাস কৰা বিভিন্ন জাতি–জনজাতিৰ লোকসকলে দীৰ্ঘদিনৰ পৰা ভূমি সমস্যাৰ সন্মুখীন হৈ আহিছে। অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে আগবঢ়োৱা সা–সুবিধা সমূহেৰে ভূমি সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে আজি বৰদুৱাৰ  আঞ্চলিক প্ৰাথমিক ট্ৰাইবেল সংঘ আৰু ভোলাগাঁও আঞ্চলিক প্ৰাথমিক ট্ৰাইবেল সংঘৰ সহযোগত এক চাইকেল ৰেলী উলিওৱা হয়। কুলশীৰ দলং–মলঙৰ পৰা সতপুৰ, বেৰীগাঁও, চল্লি, গাৰোপাৰা, দেওপানী, বাগান হৈ দলটোৱে মাটাইখাৰৰ মাটিফুটা দেৱালয় প্ৰাঙ্গনত চাইকেল ৰেলী  কাৰ্যসূচী সমাপ্তি কৰে। চাইকেল ৰেলীৰ অন্তত দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ সভাপতি বিপুল ৰাভাৰ পৌৰহিত্যত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। দেৱালয় প্ৰাঙ্গনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত দক্ষিণ কামৰূপ জিলা ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান দীপক বড়ো, ৰাণীৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া দীপক বড়ো, ৰাভা জাতীয় পৰিষদ লগতে দুয়োখন মৌজাৰ প্ৰাথমিক সমিতিৰ বিষয়ববীয়া, সদস্য, সদস্যা আৰু অঞ্চলটোৰ বহু সংখ্যকলোক উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward