Saturday, December 3, 2022
HomeARTICLEসাংস্কৃতিক গণতন্ত্ৰ

সাংস্কৃতিক গণতন্ত্ৰ

প্ৰকাশিত তাৰিখঃ ২৯ আগষ্ট, ২০২২

কল্প ৰঞ্জন গগৈ –

আজিৰ বিশ্বায়নৰ যুগত বিশ্বৰ অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক আৰু সৰ্বশেষত ৰাজনীতিয়ে নিয়ন্ত্ৰণ কৰা সকলো ধৰণৰ অৱস্থা/ ব্যৱস্থা আদিৰ অধ্যয়ন নকৰাকৈ কোনো ধৰণৰ সমাজ ৰূপান্তৰৰ অনুশীলন অসম্ভৱ। প্ৰধান/অপ্ৰধান–বৈৰীমূলক/অবৈৰীমূলক দ্বন্দবোৰ তীব্ৰ হ’বলৈ ধৰিছে। এক পতনশীল ৰাজনীতিৰ প্ৰভাৱত জনগণৰ মাজত মহাবিপাঙত পৰাৰ পৰিস্থিতি। আৰু এই সমস্যা/সংকট যিয়েই নহওক তাৰ মুখামুখি সাহসেৰে হ’বই লাগিব। সমস্যাৰ সমাধান হ’ব পাৰে সুসমন্বয় আৰু এক দীৰ্ঘম্যাদী কাৰ্যসূচীৰ দ্বাৰা।

ইংৰাজে এৰি যোৱাৰ পৰা ৭৫ বছৰ পাৰ হ’লেও তেওঁলোকে এৰি যোৱা চতুৰালি এক সুদীৰ্ঘ সময়লৈ থাকিব। তাৰ মাজতে বিৰাজ কৰিব জনগণৰ স্বাধীনতাৰ স্বপ্ন যাৰ বাবে লাগিব এক সাংস্কৃতিক গণতন্ত্ৰ (Cultural Democracy)।

আমি বহুতে পৰাধীনতা দেখা নাই আৰু সেয়ে মৃত্যুঞ্জয়ী স্বাধীনতাযোদ্ধা সকলৰ সপোননো কি আছিল নেজানো কিন্তু নেহেৰুৰ দিনৰ পৰা আজিলৈকে এক নিৰ্মম আত্মসমালোচনা নকৰাকৈ দেশখনক আগুৱাই লৈ যোৱা অসম্ভৱ বুলি মই ভাবো।

স্বাধীনতাৰ দুবছৰৰ পিছত সম্পূৰ্ণ হোৱা সংবিধানখনৰ প্ৰতিশ্ৰুতিবোৰৰ বিষয়ে নজনাকৈ খোজ দিলে সি ভুল হোৱাই স্বাভাৱিক। লগেলগে অনুসন্ধান কৰিব লাগিব স্বাধীনত পোৱাৰ পিছত আজিলৈকে কিমান বেমাৰ ভাৰতীয় সমাজত সক্ৰিয় হৈ আছে।

আজিলৈকে দেশখনত বহুত ধৰ্মবীৰৰ জন্ম হ’ল। আমাৰ মাতৃভূমিয়েই হৈছে ধৰ্ম আৰু দৰ্শনৰ জন্মদাত্ৰী। সেই দিশৰ পৰা চাবলৈ গ’লে প্ৰাচীন কালৰে পৰা আজি পৰ্যন্ত আমাৰ দেশবাসীয়ে উচ্চতম আদৰ্শ সমূহ– কি ধৰ্ম, কি শিক্ষা আৰু কি ৰাজনীতি সকলো ক্ষেত্ৰতে– দিব পাৰিব লাগিছিল।

ধৰ্ম হৈছে দেৱত্ব আৰু মনুষ্যত্বৰ বিকাশৰ মাধ্যম (Manifestation of the divinity already inherent in man)।

ভাৰতবৰ্ষৰ শিক্ষাজগতখন সেইমতে অতি প্ৰাচীন আৰু সম্পদশালী। নালান্দ–তক্ষশীলা ইয়াৰ প্ৰমাণ। হিউৱেন চাঙৰ ভ্ৰমণৰ দস্তাৱেজ ইয়াৰ সাক্ষী। তথাগত বুদ্ধৰ দিনৰ পৰাই আৰম্ভ সংঘ আৰু বুদ্ধত্ব লাভৰ বাবে সাধনা। ইংৰাজে এই মেটমৰা জ্ঞানৰ সম্ভাৰ তেওঁলোকৰ বাণিজ্যৰ স্বাৰ্থত থানবান কৰি নিজে এক শিক্ষাৰ নমুনা থৈ গ’ল। মহাত্মাই এই শিক্ষাৰ বিৰুদ্ধে কোৱাৰ আগেয়ে স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) মাদ্ৰাজৰ ভাষণাৱলীত কৈছিল যে তিনিখন বিশ্ববিদ্যালয়– কলিকতা, বোম্বাই, মাদ্ৰাজত (the three Universities at Culcutta, Bombay and Madras have no produced a single original man) এজনো প্ৰকৃত মানুহ তৈয়াৰ কৰিব পৰা নাই।

স্বামীজীৰ ধাৰাৰে ভাৰতবৰ্ষ পুনৰ গঠনৰ বাবে প্ৰথমে লাগিব ধৰ্ম বিপ্লৱ– দেৱত্ব, মনুষ্যত্ব বিকাশৰ বাবে, শৈক্ষিক বিপ্লৱ– মানুহ, চৰিত্ৰ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্যৰে (Man making, Character building and Nation building) আৰু এই দুটা লক্ষ্যত উপনীত হ’বলৈ ৰাজনৈতিক বিপ্লৱ (Political Revolution to bring Root and branch reform) আমূল পৰিৱৰ্তন।

আজি যিবোৰ নীতি/দুৰ্নীতি চৰ্চ্ছাত আমি ব্যস্ত এই সকলোবোৰ এই মহাপৰিৱৰ্তনৰ ফলতহে নাশ হ’ব। স্বামীজীৰ মতে ভাৰতবৰ্ষত দুই মহাপাপে দেশখনক ঢাকি আছে– (১) নাৰীক পদদলিত কৰি ৰখা আৰু (২) জাতি–জাতিকৈ দুখীয়াক পদদলিত কৰি ৰখা। সেয়ে তেওঁলোকে নিজৰ ব্যক্তিত্ব আৰু মনুষ্যত্ব হেৰুৱাই পেলাইছে। তেওঁলোকৰ আত্মস্বত্ববুদ্ধি কাহানিও উদ্দীপিত হ’বলৈ দিয়া নাই।

আমাৰ দেশত সংঘৱদ্ধ হৈ কাম কৰিবলৈ বেছিভাগেই অনিচ্ছুক আৰু দ্বিতীয়তে ঘৃণা– হৃদয়ৰ শুস্কতা– স্বামীজীৰ মতে।

আজি স্বাধীনতাৰ অমৃত মহোৎসৱে সঁচা অৰ্থত দেশৰ বাবে অমৃত উৎপাদন কৰিবলৈ হ’লে নতুন ভাৰত গঢ়াৰ দায়িত্ব নাৰী আৰু দৰিদ্ৰ জনতাক দিব লাগিব।

২০২০ চনত ভাৰতবৰ্ষ চুপাৰ পাৱাৰ হ’ব বুলি ৰক্ষণশীল পণ্ডিতসকলে কৈছিল। আমি চুপাৰ পাৱাৰ হ’ব বিচাৰিম নে নাই সেয়া বেলেগ কথা কিন্তু দেশত ৩৬ কোটিৰো অধিক চহকী লোক আছে। এই সংখ্যা আমেৰিকাতকৈও বেছি। অমৃত খুৱাবলৈ ইয়েই যথেষ্ট।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward