Friday, April 19, 2024
Homeবাতৰিসীমান্তৰ ৫৩খন গাঁৱক আদৰ্শ গাঁওৰূপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

সীমান্তৰ ৫৩খন গাঁৱক আদৰ্শ গাঁওৰূপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

প্ৰকাশিত তাৰিখঃ ২২ জানুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

অৰুণাচল প্ৰদেশ চৰকাৰে সীমান্তৰ ৫৩খন গাঁৱক আদৰ্শ গাঁওৰূপে গঢ়ি তুলিব। ৰাজ্যৰ ৪৫টা সীমান্ত খণ্ডৰ একোখনকৈ গাঁও সামৰি সীমান্ত অঞ্চল উন্নয়ন আঁচনিত অন্তৰ্ভূক্তিৰে আদৰ্শ গাঁও তুলিব। এই সংবাদ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ কাৰ্যালয়ৰ পৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।

যোৱা ১১ জানুৱাৰীত লিকাবালিৰ ৫৬নং ইনফেণ্ট্ৰি ডিভিজনৰ জিঅ’চি মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু ব্ৰিগেডিয়াৰ এ কে বৰাই মুখ্যমন্ত্ৰীৰ সৈতে মত বিনিময় কৰে। মত বিনিময়কালত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি– জিলা উপায়ুক্তই আদৰ্শ গাঁওসমূহৰ পৰিকল্পনা যুগুত কৰিছে। সেই পৰিকল্পনা ৰূপায়নৰ সময়ত সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা জিঅ’চি গৰাকীৰ সৈতে আলোচনা কৰা হ’ব। তহলদাৰী সেনাৰ সুবিধাৰ্থে দলং, পঁজাঘৰ আদি নিৰ্মাণ কৰা হ’ব।

এই ছেগতে জিঅ’চি গৰাকীয়ে অহা ২ আৰু ৮ ফেব্ৰুৱাৰীত লিকাবালিত অনুষ্ঠিত হ’বলগীয়া সেনা নিযুক্তি সমাবেশ আৰু উৎসাহী প্ৰাৰ্থীসকলক ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰশিক্ষণ আগবঢ়োৱাৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰে। লগতে ৰাজ্যৰ স্থানীয় যুৱকসকলৰ সংস্থাপনৰ সুবিধা হোৱাকৈ দুই–তিনি বছৰত এবাৰ হ’লেও নিযক্তি সমাবেশ অনুষ্ঠিত কৰিব পৰাকৈ প্ৰয়োজনীয় আন্তঃগাঠনিৰ বাবে ৰাজ্য চৰকাৰৰ পৰা সহযোগিতা বিচাৰি মুখ্যমন্ত্ৰীলৈ এক আহ্বান জনায়।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward