Tuesday, November 29, 2022
HomeARTICLEসীমাৰ বাবে

সীমাৰ বাবে

প্ৰকাশিত তাৰিখঃ ৯ মে’ ২০২২

কল্প ৰঞ্জন গগৈ –

আকাশ, বতাহৰ সীমা নাই। মাটিৰ মানুহে কেৱল সুবিধা পাইছে মাটিত খুটি পুতি সীমা নিৰ্ধাৰণ কৰিবলৈ। এই সীমাক লৈয়ে মানুহৰ বিবাদ, আজোককাকহঁতৰ সীমা ভাগ কৰি কৰি পিছৰ প্ৰজন্মৰ কাম কাজিয়া কৰা। অৱশেষত একেই ককাকৰ নাতি–পুতিসকলে দা–দাঙে নিজৰ জ্ঞাতিৰ বিৰুদ্ধে। সময়ৰ লগে লগে আমি আগবাঢ়িছো কিন্তু সমস্যা একেই আছে একেই ঠাইতে। বহুত উন্নতি কৰা বুলি গৌৰৱাম্বিত আমি কিন্তু গম পোৱা নাই যে মজিয়াৰ পৰা আজি মেজত খাইছো– হাবি–বননিৰ ঠাইত ‘কমুদত হাগিছো’– বন্ধ ঘৰত। এইকণেই উন্নতিৰ জখলাত উঠি অৱশেষত’ ডেৰ সেৰ ফুটাচাই– One half seer ash বা মাটি–মানুহে আজি এটা কামতেই মগন। মহাভাৰতেই সাক্ষী– যুদ্ধ কিয় হয় যাৰ পৰিণতি জনতাৰ যন্ত্ৰণা আৰু কেৱল বিধৱাৰ কান্দোন।

কথাখিনি বেছি আৱেগিক, সদিচ্ছামূলক আৰু আধ্যাত্মিক হ’ল নেকি? বিশেষকৈ মানুহ নামৰ পদাৰ্থৰ বাবে–ভাৱবাদী হ’ল নেকি?

মানুহ কেতিয়া, কেনেকৈ মানুহ হ’ল– প্ৰশ্নটো ভাৱবাদী নে বস্তুবাদী? বস্তুৰ চিন্তাত মগন এই পৃথিৱীত আধ্যাত্মিকতাৰ স্থান আছে নে নাই? হেজাৰ চেষ্টা কৰিও মহামানৱ মহাত্মা গান্ধীকচোন মানুহৰ মনৰ পৰা আঁতৰাই পেলাব পৰা নাই? আমাৰ ভূপেনদাৰ ‘মানুহে মানুহৰ বাবে’ আজি বিশ্বৰ স্বীকৃত Best Song of the millenium– কিয়– প্ৰশ্ন কৰক অজলা অসমীয়াই।

মানুহজন মৰাৰ পিছতহে আমি গম পাওঁ যে তেওঁ মৰা নাই আৰু হিচাপ পাওঁ তেওঁৰ বিশালত্বৰ। মৃতসকল আমাৰ পুলিন–পুথাওৰ লগত শাৰী পুৰাই বহেগৈ। তেজ–মহঙৰ পুলিন পুথাও হৈছে আমাৰ বুৰঞ্জী আৰু বুৰঞ্জী মৃত নহয়– সেয়ে ই অতীত নহয় আৰু অতীত কেতিয়াও মৃত নহয়। সেয়েহে আমি তেজ–মঙহৰ পুলিন–পুথাও সকলকহে সেৱা কৰো।

দখলদাৰী ঔপনিৱেশিক ইংৰাজে দুটা ধৰ্মৰ মাজত তৈয়াৰ কৰি থৈ যোৱা সীমাৰেখাডালে আজিও ভাৰতবাসীৰ মাজত বৈৰীতা ৰক্ষা কৰি আহিছে। এই সীমাৰেখা আঁকিছিল চাহাব ৰেডক্লীফে (Radcliffe) যাৰ মোহত আজিও আমি মোহান্ধ। সেইদৰে ‘কান্ধৰ দেশ’ মহাচীনৰ আৰু আমাৰ দেশৰ মাজৰ সীমাৰেখাডাল চাহাব মেকমোহনে আঁকি থৈ গ’ল। একেদৰে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত সুদূৰ মানদেশৰ ইৰাৱতী নৈৰ পাৰত হোৱা ইংৰাজ আৰু মানৰ মাজৰ চুক্তিখনে আমাৰ বেলিমাৰ ঘটালে।

ডাঙৰীয়া বদনে মান আনিলে। হেমো আইদেউৰ লগত বহুত ডা–ডাঙৰীয়াৰে সৈতে ভাৰ–ভেটিৰে মানসকলক পঠিয়াই দিয়া হ’ল। তৃতীয়বাৰ মানসকল বিনা আমন্ত্ৰণে আহিলে। অস্ত্ৰ তুলি লৈছিল স্বৰ্গদেউ পুৰন্দৰ আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দলে। দুয়োজন ডাঙৰীয়াই ঐক্যৱদ্ধভাৱে মানৰ লগত যুঁজাহেতেন আজিৰ বুৰঞ্জীয়েই বেলেগ ৰূপ ল’লেহেতেন। দুই ডাঙৰীয়া মতা কুকুৰাৰ যুঁজত দেশৰ মানুহ চেদেলি–ভেদেলি হ’ল– মানে দখল কৰিলে হাদিৰা চকীলৈ ১৮২২ চনত আৰু ইংৰাজে মানৰ লগত সন্ধি কৰিলে ইয়াণ্ডাবুত– ১৮২৬ চৰ ২৪ ফেব্ৰুৱাৰীত।

আজিৰ চেদেলি–ভেদেলি হৈ থকা, নিজৰ পথাৰৰ সীমাক লৈ ব্যস্ত হৈ থকা অসমীয়া, বেদখলকাৰী বুলি উচ্ছেদিত অথবা সীমা বেচি উচ্ছেদিত অসমীয়াই নিজক চিনিবলৈ হ’লে মানৰ দিনৰ লগতে ইংৰাজৰ দিনৰ বুৰঞ্জী ভালদৰে খুঁচৰিব লাগিব, আত্মবিশ্লেষন আৰু আত্মসমালোচনা কৰি নিজকে উন্নত কৰিব লাগিব আৰু এইদৰে নিচলা–অজলাৰ পৰা নতুন চিন্তাৰ যুগপুৰুষ হ’বগৈ লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward