Friday, March 29, 2024
Homeবাতৰিসেউজ কৰণৰ পদক্ষেপ গ্ৰহণ অসমৰ এখন গাঁৱৰ

সেউজ কৰণৰ পদক্ষেপ গ্ৰহণ অসমৰ এখন গাঁৱৰ

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰি চৰ্চাৰ মাজলৈ আহিছে এখন গাঁও। বঙাইগাঁও জিলাৰ পিচপৰা এই গাঁৱখনৰ নাম কায়েঠপাৰা। গাৱখনৰ সকলোৱে স্বাৱলম্বী হোৱাৰ ব্যতিক্ৰমি প্ৰচেষ্টা হাতত লৈছে।

যিসময়ত এচাম সুবিধাবাদীয়ে বনজ সম্পদ ধ্বংসত অৰিহনা যোগাইছে সেইসময়ত কায়েঠপাৰাবাসীয়ে ধৰণী সেউজ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এতিয়া গাঁৱখনৰ সকলোৱে ব্যৱসায়িকভাৱে শাল–চেগুণ আদি মূল্যবান গছ–গছনিৰ নাৰ্চাৰী স্থাপনত ব্যস্ত। গাঁৱখনৰ অধিক সংখ্যক লোকে নাৰ্চাৰী ব্যৱসায়কে জীৱিকা হিচাপে গ্ৰহণ কৰিছে। উৎপাদিত গছপুলি বজাৰত উচিত মূল্যত বিক্ৰী হোৱা বুলিও এক সূত্ৰত প্ৰকাশ।

কিন্তু আচাৰ্যজনকভাৱে গাঁৱবাসীয়ে গ্ৰহণ কৰা এনে পদক্ষেপক বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই বুলি জানিব পৰা গৈছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward