Saturday, April 20, 2024
HomeUncategorizedৰাণী চাহ বাগিচাত উদ্ধাৰ এটি মৃত হাতী পোৱালি

ৰাণী চাহ বাগিচাত উদ্ধাৰ এটি মৃত হাতী পোৱালি

প্ৰকাশিত তাৰিখঃ ৮ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ নিকটৱৰ্তী ৰাণী চাহ বাগিচাৰ দ’ খাৱৈত প্ৰায় এমহীয়া (মতা) মৃত হাতী পোৱালি এটি উদ্ধাৰ হোৱাত এক কৰুণ পৰিৱেশৰ সৃষ্টি হয়। বাতৰিৰ উৎস অনুসৰি– ৮ জুনৰ দুপৰীয়া বাগিচাখনত কাম কৰা শ্ৰমিক কেইজনমানে মৃত হাতী পোৱালিটো দেখাৰ লগেলগে খবৰটো চাৰিওফালে বিয়পি পৰে। হাতী পোৱালিটো চাবলৈ অহা কোনো লোকে ৰাণীস্থিত বনাঞ্চলিক বিষয়ালৈ খবৰ কৰাত বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ যাৱতীয় পৰীক্ষা–নিৰীক্ষাৰ অন্তত বাগিচাখনৰ পৰা কিছু দূৰত হাতী পোৱালীটো পুতি থোৱাৰ ব্যৱস্থা কৰে।

উল্লেখযোগ্য যে, চাহ বাগিচাখনৰ গাতে লাগি আছে ৰাণী সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখনৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক সমূহে চাহ বাগিচাখনৰ মাজেৰে অহা–যোৱা কৰে। এনেদৰে বাগিচাখনৰ মাজেৰে হাতীৰ জাক অহা–যোৱা কৰা সময়ত পূৰ্বতেও দ’ ঠাইত পৰি হাতী পোৱালি দূৰ্ঘটনা ঘটাৰ উদাহৰণ আছে। অৱশ্যে আজি মৃত্যু ঘটা পোৱালিটো মাকৰ পৰা কেনেকৈ বিচ্ছিন্ন হৈ পৰিল এই মুহুৰ্তলৈকে সঠিকভাৱে জানিব পৰা হোৱা নাই।

ৰাণী বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীয়ে ঘটনা সন্দৰ্ভত এনেদৰে ব্যক্ত কৰে– ‘সম্ভৱত জাকটোত বহুকেইটা হাতী আছিল। সেই জাকটোৰ মাজৰ পৰা পোৱালি এটা দ’ খাৱৈত পৰি মৃত্যু ঘটিল। পোৱালিটো যথেষ্ট সৰু আছিল কাৰণে খাৱৈটোৰ পৰা উঠাব নোৱাৰিলে। যাৰ ফলত হাতী পোৱালিটোৰ মৃত্যু ঘটিল। পোৱালিটো প’ষ্ট ম’ৰ্টেম কৰি পুতি থোৱাৰ ব্যৱস্থা কৰা হৈছে। মৃত্যুৰ যদি অন্য কাৰণ আছে তেনেহ’লে প’ষ্ট ম’ৰ্টেম ৰিপ’ৰ্ট অহাৰ পিচত গম পোৱা যাব।’ ঘটনাস্থলীত কামৰূপ পূৱ সংমণ্ডলৰ প্ৰমোদ শৰ্মা, ৰাণী বন কাৰ্যালয়ৰ সতীশ মালী লগতে বন্যপ্ৰাণী বিভাগৰো কৰ্মী উপস্থিত থাকে।

ভিডিঅ’ নিউজ চাওক>>

Facebook Page>> << গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী চাহ বাগিচাত এটি বনৰীয়া হাতী মৃত্যু >>

Youtube Channel>> << গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী চাহ বাগিচাত এটি বনৰীয়া হাতী মৃত্যু >>

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward