Tuesday, April 23, 2024
HomeNEWSৰাণীত ৰাষ্ট্ৰীয় থাই বক্সিং ফেডাৰেশ্বন কাপ– ২০২৩

ৰাণীত ৰাষ্ট্ৰীয় থাই বক্সিং ফেডাৰেশ্বন কাপ– ২০২৩

প্ৰকাশিত তাৰিখঃ ৭ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ডেস্ক –

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিং ফেডাৰেশ্বন কাপ– ২০২৩। অহা জানুৱাৰী মাহৰ ২৭ৰ পৰা ২৯ তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনিৰ।

উল্লেখ্য যে, ভাৰতীয় থাই বক্সিং ফেডাৰেশ্বনৰ অধীনত ৰাণী ক’চিং চেণ্টাৰে অসম থাই বক্সিং এছ’চিয়েশ্বনৰ সহযোগত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিব। সেইমৰ্মে ৬ নৱেম্বৰত ৰাণী হাইস্কুল প্ৰাংগনত এখনি সাধাৰণ সভাৰ আয়োজন কৰিছিল ৰাণী ক’চিং চেণ্টাৰে। ৰাণী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় এই প্ৰতিযোগিতাখনিৰ বাবে ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তথা ৰাণী ক’চিং চেণ্টাৰৰ সভাপতি গোবিন্দ বড়োৰ পৌৰোহিত্যত অসম থাই বক্সিং এছ’চিয়েশ্বনৰ সম্পাদক ৰিতুমণি ৰাভা আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তি ভূপেন দাস, প্ৰদীপ বড়োকে আদিকৰি শতাধিকলোকৰ উপস্থিতিত এখনি পৰিচালনা সমিতি গঠন কৰে।

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সৰ্বসন্মতিক্ৰমে খেল পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে। লগতে কাৰ্য্যকৰী সভাপতি মনোৰঞ্জন দাস বড়ো, উপ-সভাপতি ভুপেন মালী, প্ৰদীপ বড়ো, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে অভিজিৎ গোস্বামী, হিতেশ্বৰ ৰাভা, সহকাৰী সম্পাদক ক্ৰমে পুলিন দাস, বাবুল ৰাভা, মনোজ দাস, হীৰামন দৈমাৰী, বিত্ত সম্পাদক সুভাষ দাসক নিৰ্বাচিত কৰা হয়। আনফালে ধৰ্মেন্দ্ৰ দাস, ধৰ্মেশ্বৰ ৰাভা, অমৃত ৰাভা আৰু কানুৰাম কছাৰীক প্ৰচাৰ বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰি খেল পৰিচালনাৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward