Saturday, April 20, 2024
HomeNEWSলোহাৰঘাটৰ দেউপানীত বায়খো উৎসৱ পালনঃ কৃতী ছাত্ৰ–ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন

লোহাৰঘাটৰ দেউপানীত বায়খো উৎসৱ পালনঃ কৃতী ছাত্ৰ–ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন

প্ৰকাশিত তাৰিখঃ ১৫ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাভাসকলে অতিপূৰ্বৰে পৰা প্ৰকৃতিৰ অপায়–অমংগল, অশূয়া–অপ্ৰীতি দূৰ কৰি নদন–বদন শস্য পৰিপূৰ্ণ কামনাৰে বায়খো দেৱীক পূজা–অৰ্চনা কৰি আহিছে। বায়খো হ’ল ৰাভাসকলৰ কৃষিৰ অধিষ্ঠাত্ৰী দেৱী। সেয়ে বায়খো দেৱীক পূজা–অৰ্চনা কৰিহে ৰাভাসকলে খেতিপথাৰত নামি পৰে। জেঠ মাহ ৰাভাসকলৰ নৱবৰ্ষৰ প্ৰথমটো মাহ। বৰ্ষটোৰ প্ৰথম মাহতে আৰম্ভ হয় কৃষিভিত্তিক বায়খো পূজা। পূৰ্বতে কেৱল মাংগলিক পৰ্বৰে চলি অহা পূজাখনত বৰ্তমান মনোৰঞ্জন ধৰ্মী অনুষ্ঠানৰো সংযোজন ঘটিল আৰু বায়খো পূজা ৰাভাসকলৰ জাতীয় উৎসৱলৈ পৰিণত হ’ল।

১৪ জুনত কামৰূপ জিলাৰ চানডুবিৰ ওচৰৰ লোহাৰঘাট–দেউপানীত সপ্তম বাৰ্ষিক বায়খো উৎসৱ এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয়। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতি আৰু ৰাভা সাহিত্য সভাই যুটীয়াভাৱে আয়োজন কৰা উৎসৱৰ পুৱাৰ ভাগত পতাকা উত্তোলন, বৃক্ষৰোপণৰ পিছত বায়খো দেৱীৰ মহা পূজা আৰম্ভ হয়।

দুপৰীয়া কমলেশ্বৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা সভাখনত উৎসৱৰ মুখপত্ৰ ‘বায়খো’ উন্মোচন কৰে। এই সভাতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্ৰ–ছাত্ৰীসকলক একোখনকৈ প্ৰশস্তি পত্ৰ আৰু গছ পুলিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

ইপিনে, আলোচনা সভাৰ সমান্তৰালভাৱে মুখ্য পূজাৰী অমৃত ৰাভাৰ নেতৃত্বত পূজাৰ কাৰ্যসূচীও চলি থাকে।

উৎসৱস্থলীত– নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া অশোক নংবাগ, অজিত ৰাভা, দেৱজিত নাফা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কমলেশ্বৰ ৰাভা, সুভাষ চিনাল, সত্যজিৎ ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সদস্য নৃপেন ৰাভা, দিলীপ কুমাৰ ৰাভা লগতে ৰাভা সাহিত্য সভা, ষষ্ঠ অনুসূচী দাবী সমিতি, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ বিষয়ববীয়াসকল উপস্থিত থাকে।    

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward