Monday, July 4, 2022
Google search engine
Homeপ্ৰবন্ধব'হাগ বিহুত ৰাভা লোককৃষ্টিৰ পৰম্পৰা|

ব’হাগ বিহুত ৰাভা লোককৃষ্টিৰ পৰম্পৰা|

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৬

মাটি ৰাম ৰাভা –

অসমীয়া সমাজ খনৰ সৈতে যুগ যুগ ধৰি বাসকৰি থকা অসমৰ জনজাতি সকলে নিজস্ব স্বকীয় বৈশিষ্ট্য পূৰ্ণ সংস্কৃতিৰে বহাগ বিহু পালন কৰি অাহিছে। বিভিন্ন জনগোষ্ঠীৰ বিহু উদ্‌যাপন শৈলী ভিন ভিন হ’লেও উদ্দেশ্য এটাই বহাগ তথা নতুন বছৰ অাদৰণিৰে মন অাৰু শৰীৰক কৃষিকৰ্ম মুখী কৰা।

চ’তৰ অাৰম্ভণীৰ লগে লগে অসমৰ গ্ৰাম্য জীৱনত নতুনক চোৱাৰ হেপাঁহত উখল-মাখল হৈ পৰে তাতশাল, বননিত কুলি-কেতেকীৰ সুমধুৰ গান। গছ লতিকাৰ কুমলীয়া পাতত প্ৰাণ পাই উঠে প্ৰেমৰ নতুন ৰূপ। বিহু অাহিব বুলিয়ে অসমীয়াৰ মন হৈ পৰে ৰণুৱা ঘোঁৰা। অসমৰ জনগোষ্ঠীৰ সুৰীয়া কৃষ্টিও প্ৰাণ পাই উঠে বাঁহী-শিঙা, দেও মাদলৰ শব্দত।

গছৰ তলৰ পৰা গৃহস্থৰ চোতাললৈ বিহুগীত, বিহুনাম অাৰু হুঁচৰি গোৱা বিহুৰ সাতদিনলৈ থকা অানুষ্ঠানিকতাৰ লেখীয়া নামনি অসমৰ ৰাভা জনগোষ্ঠীৰ মাজত অাছে অন্যান্য লোককৃষ্টিৰ প্ৰচলন। সাত বিহুলৈ নিজস্ব সাংস্কৃতিক শৈলীৰে ৰাভা জনগোষ্ঠীয়ে ৰঙালী বিহু উদ্‌যাপন কৰে। এই লোককৃষ্টি সমূহৰ ভিতৰত হানাঘোঁৰা নৃত্য, দেও মাদল (কছাৰী মাদল) অাৰু পাৰবাঁহ নৃত্যৰ কথা উল্লেখ কৰিব লাগিব।

লোককথাত চলি অহা প্ৰবাদ মতে– লাঙা বুঢ়া (লাঙাজাৰা) অাৰু তেওঁৰ পত্নী দেৱী খুকচীৰ তিনিগৰাকী কন্যা হ্’ল– হানাঘোঁৰা, দেওমাদল অাৰু পাৰবাঁহ। এই তিনিও গৰাকীৰ পূজা অৰ্চনা নৃত্য গীতৰ মাজেৰে সাত বিহুলৈ চলে অন্যান্য লোক অনুষ্ঠান।

অান এক জনশ্ৰুতিমতে– মাদল, দীঘলপেটী অাৰু পাওৰা দেৱী তিনিও বাই-ভনী। পাওৰা দেৱী অাটাইতকৈ সৰু। চঞ্চলা অাৰু ৰচকী স্বভাৱৰ পাওৰাদেৱীৰ নামেৰে পাৰবাঁহ নৃত্য অাৰু পূজা কৰা হয়। পাৰবাঁহে পাওৰাদেৱী, মাদল জনীয়ে দেওমাদল অাৰু দীঘলপেটী বুলি কোৱা জনী হানাঘোঁৰা। পহিলা ব’হাগৰ দিনাৰ পৰা তিনিওজনীৰ বাবে ৰাভা সমাজত চলা পূজা অাৰু নৃত্যৰে বিহু পালনৰ পৰম্পৰা অাজিও প্ৰচলিত।

পূৰ্বতে এই লোক কৃষ্টি সমূহ ব্যাপক প্ৰচলন অাছিল। বৰ্তমান পৰিবৰ্তনৰ ধামখূমীয়াত পৰি অাগৰ সেই বৈশিষ্ট্য হেৰুৱাই পেলাইছে। পৰম্পৰাগতভাৱে চলি অহা এই লোক কৃষ্টি সমূহ সম্প্ৰতি কামৰূপ জিলাৰ বকো অাৰু বৰদুৱাৰ অঞ্চলতহে দেখিবলৈ পোৱা যায়। ধৰ্মীয় ৰীতি-নীতি কলা সংস্কৃতিৰ বৈশিষ্ট্য থকা হানাঘোঁৰা, দেওমাদল অাৰু পাৰবাঁহ নৃত্য সুকীয়া সুকীয়াকৈ ফহিয়াই চোৱাৰ প্ৰয়োজন অাছে।

হানাঘোঁৰাঃ ওপৰত উল্লেখ কৰা জনশ্ৰুতিৰ বাহিৰেও হানাঘোঁৰা উৎপত্তি সম্পৰ্কে লোককথাৰ প্ৰচলন ৰাভা সমাজত দেখিবলৈ পোৱা যায়। সাধাৰণতে ব’হাগৰ বিহুতে হানাঘোঁৰা তোলা হয়। এজন মানুহে পিন্ধি নচুৱাব পৰাকৈ সুবিধা কৰি বাহঁ-বেতেৰে হানাঘোঁৰাটো নিৰ্মান কৰা হয়। হানাঘোঁৰাৰ জকাটোত বগা বা কলা কাপোৰ মেৰিয়াই দিয়া হয়। কাঠেৰে সজা হানাঘোঁৰাৰ মুৰটোত এযোৰ দেও ছাগলীৰ শিং লগাই দিয়া হয়। পহিলা ব’হাগৰ দিনা দেউৰীৰ ঘৰত হানাঘোঁৰা বহুৱাই যথাবিহিত ৰীতি-নীতিৰে পূজা-পাতল কৰা হয়। পূজাৰ শেষত উপস্থিত থকা সমূহ ৰাইজে হানাঘোঁৰাৰ চাৰিওফালে ঘুৰি-ঘুৰি নাচি গায় – – – – – –

            অাদা ৰুঙতে

            হায় হায় কচু ৰুঙতে

            পকা ধান বান্দৰে খাল

            তিল তিল মাৰঙতে

            ম’হ মাৰঙতে

            দাহ মাৰঙতে

খুখুলি বিহ উঠিল

চাপৰ মাৰঙতে

নদী হাথাঙতে, গাৰা ঘুকঙতে

চেং মাছে কামাৰি গেল

লেতুত ধৰঙতে।

কাকাৰা লঙতে

শামুক তুলঙতে

শামুকৰ ডাৰি বিন্ধিল

হাতৰ তালাতে –

ধুম তুক্‌ তুক্‌ তুক্‌ ধুম তুক্‌ তুক্‌ তুক্‌, এনেদৰে বাদ্য বজাই নৃত্য গীতেৰে পূজা সামৰণি মাৰে। সামৰণিত হানাঘোঁৰাৰ ডিঙিত চুই গায় – – – –

চাইৰত চাইৰত চাই কতিয়া

কমলা চানা গাখীৰ খুৱাং

হুৰ ৰ ৰ হুই ।।

চাইৰত চাইৰত চাই কতিয়া

অামাৰ মদ খাই দুই ৰাতিয়া ।।

দাউৰী যায় কাটিলং

অায়ো হয় নিচিন কলৰ পাত

তপত ভাতে চেঁচা হয়

অ’ দায় ঐ কিমান দূৰ বাট ।।

গীতৰ অন্তত হানাঘোঁৰা তোলা অাৰু ঘোঁৰা নচুৱাই ‘গাং (গাঁও) ফুৰাবলৈ ওলাই যায়। গাঁৱৰ গৃহস্থই হানাঘোঁৰাক সেৱা সন্মান জনাই অাৰু নিজৰ ঘৰলৈ নৃত্য কৰিবলৈ অাদৰি লৈ যায়। গোটেই দিনটো নাচি-নাচি সন্ধিয়া সামৰণি মাৰিবলৈ গায় – – –

ছো মাহী ঘৰত যাং

ছো মাহী ঘৰত যাং

মাহী ঐ বেলা বহিল চাকত

হুই হুই হুই এ ।

গৃহস্থৰ ঘৰে-ঘৰে হানাঘোঁৰা নচুওৱা পৰ্ব ৰাভাসকলে বহাগৰ সাত বিহুলৈ বিহু উদ্‌যাপন কৰে। বিশেষ বৈশিষ্ট্যপুৰ্ণ এইযে– হানাঘোঁৰা নাচত অকল পুৰুষেহে অংশ গ্ৰহণ কৰে।

দেওমাদলঃ লাঙাবুঢ়া অাৰু খুক্‌চি দেৱীৰ দ্বিতীয় কন্যা দেওমাদল হানাঘোঁৰাৰ দৰে ব্যাপক প্ৰচলন দেখা পোৱা নাযায়। জনশ্ৰুতি মতে– লাঙাবুঢ়া ব্ৰহ্মপুত্ৰ নদীৰে ভটিয়াই অাহি নীলাচল পাহাৰৰ ঘাটত অাশ্ৰয় লয়। তাৰ পাছত মাঁ কামাখ্যা মন্দিৰত কিছুদিন থাকে। কামাখ্যাৰ পৰা কামৰূপ জিলাৰ ৰাণীৰ বিশেষ স্থানত অাশ্ৰয় লয়। শেষত বৰদুৱাৰ অঞ্চলৰ ‘খুবদিয়া’ নামৰ এখন ঠাইত স্থাপিত হয়। এতিয়াও ব্’হাগ বিহুত ৰাভা জনগোষ্ঠীৰ বসতি প্ৰধান এই অঞ্চলত দেওমাদলৰ প্ৰচলন দেখা পোৱা যায়। জনশ্ৰুতিত যিয়ে নাথাকক কিয় ধৰ্মীয় বিশ্বাসৰ অাধাৰত দেওমাদল অাজিও ৰাভা লোককৃষ্টিৰ পথাৰত অন্যন্য ৰূপত অাছে ।

উল্লেখযোগ্য যে পূৰ্বতে দেওমাদল কেচাইখাইতি গোঁসানীৰ পূজাত ব্যৱহাৰ হৈছিল অাৰু গোঁসানী থানতে সযত্নে ৰখা হৈছিল। গোঁসানী থানত ‘নৰবলি’ প্ৰথা বন্ধ হোৱাৰ পিচত দেওমাদলৰ স্থান সলনি কৰি দেউৰীৰ ঘৰত ৰখা হয়। তেতিয়াৰ পৰা ব’হাগ বিহুত নৈবদ্য অাগবঢ়োৱাৰ সময়ত দেওমাদল বজায়। পূজাৰ শেষত গঁঞাৰ ঘৰে-ঘৰে নাচ-গান কৰি গৃহস্থক অাশীৰ্বাদ দিয়ে।

গৃহস্থৰ চোতালত গোৱা কেইটামান গীতৰ অংশ বিশেষ উল্লেখ কৰা হ’ল – – –

গৃহস্থই সেৱা জনাই অাৰম্ভ কৰা –

ইয়ো অাহে, ইয়ো অাহ

ইয়ো অাহে, ইয়ো অাহ

ইয়ো অাহে, ইয়ো অাহ

লিং লিং লাং লাং

গোৱা টোকৰা

অ – – নাচিবকে নাজানং

অামি নতুন চকৰা

ইয়ো অাহে, ইয়ো অাহে, ইয়ো অাহে

———————-

———————-

বৰগছৰ সৰু সৰু গুটি হেৰো

সৰু সৰু গুটি

কমৰেঙা গছৰ টিকটিকিয়া

লুটুপ টুপিয়া গুটি সি

লুটুপ টুপিয়া গুটি।

এনেদৰে বহু গীত ৰাভা সমাজত প্ৰচলিত হৈ অাছে। চহা জীৱনক লৈ ৰচনা কৰা গীতসমূহত ভিন্ন বিষয়ক সামৰি লোৱা হৈছে যেনে– চৰাই খেদা গীত, ৰজাঘৰত হিলাই মৰা গীত, মদ খোজা গীত, ধেমেলীয়া গীত ইত্যাদি। গীতৰ সৈতে দেওমাদলৰ বাজানাও ভিন ভিন, যেনে –

তাং গম, ফিটিং ফেটিং

গম ফিটিং ফিটিং ফাটাং ফাটাং

গম ধিং গম ধিং

গেনাং ফটাং টাগুনো ফেটাং।

ফেটাং গম ধিং

ফেটাং গম ধিং

ফেটাং গম ধিং

বাস্তৱত দেওমাদল এটা অনবদ্য বাদ্য। এই বাদ্যৰ ওপৰত থকা ধৰ্মীয় বিশ্বাসৰ ফলত ৰাভা সমাজত এই লোককৃষ্টিৰ জন্ম হৈছে। ব’হাগ মাহৰ ৭ বিহুলৈ দেওমাদলৰ শব্দই মুখৰিত কৰে অঞ্চল জুৰি। বিহুৰ শেষত দেওমাদল পুনৰ স্থাপিত কৰা হয় দেউৰীৰ ঘৰত। বছৰেকৰ দেওমাদলৰ নাচ-গান এনেদৰে সমাপ্ত হয়।

পাৰবাঁহঃ পাৰবাঁহক পাওৰা দেৱী নামে জনা যায়। অতীতত পাওৰা দেৱীক নাগেশ্বৰী বা নাগ দেৱী অাৰু বিষহৰি অাখ্যা দি পূজা-পাতল কৰিছিল। অাজিও কামৰূপ জিলাৰ বকো অঞ্চলত পাৰবাঁহ নৃত্য অাৰু পূজা দেখিবলৈ পোৱা যায়। পূজাৰ অন্তত ব’হাগৰ সাত বিহুলৈ গঁঞাৰ ঘৰে-ঘৰে নৃত্য কৰি সমাজৰ মঙ্গল কামনা কৰে।

ব’হাগ অাগমণৰ লগে-লগে পাৰবাঁহ নিৰ্মানৰ বাবে গাঁৱৰ ৰাইজে দিন বাৰ চাই এজোপা বাঁহৰ চুবাৰ পৰা পোন, পুৰঠ অাৰু ওখ জাতি বাঁহ এডাল কাটি চিকুনাই ৰ’দত শুকুৱাই লোৱা লয়। সাধাৰণতে খৰবাৰে (শনি বা মঙ্গলবাৰে) পাৰবাঁহৰ বাবে বাঁহ কটা হয়। বাঁহডাল ৰ’দত শুকুৱাই লোৱাৰ পিছত বগা অাৰু ৰঙা কাপোৰেৰে মেৰিয়াই পখৰা কৰি তোলা হয়। মাজে মাজে ঘুগুৰা (জুনুকা) বান্ধি দিয়া হয়। অৱশ্যে অঞ্চলভেদে পাৰবাঁহ অন্য ধৰণে সজোৱাও দেখা যায়। বাঁহৰ গুৰিৰ ফালে ঝেলুকেৰে চাৰি কোণীয়াকৈ প্ৰায় ৫ হাত মান গুঠি লোৱা হয়। মৰাপাটৰ ৰচিৰে চাৰি অাঙুলিৰ ফাকে ফাকে গুঠনি দিয়া হয়। গোটেই বাঁহডাল বগা কাপোৰেৰে মেৰিয়াই অাগলিৰ ফালে ৬ ফুট ৰঙা কাপোৰ দিয়া হয়। বাঁহডাল তিনি ভাগত ভাগ কৰি কচুনি বান্ধ দিয়া দেখা যায়। মধ্যভাগ কলা কাপোৰৰে অাৰু গুৰি ভাগ কলা অাৰু বগা কাপোৰেৰে কচুনি বান্ধ দিয়া হয়। এনেদৰে সজাই পৰাই তুলি ব’হাগৰ ১ তাৰিখে দেউৰীৰ ঘৰত পূজা অৰ্চনা কৰি বছৰটোৰ বাবে ৰাইজৰ মঙ্গল প্ৰাৰ্থনা কৰা হয় লগতে এহাল পাৰ চৰাই উৰুৱাই শান্তি কামনাৰে দেউৰীয়ে পাৰবাঁহ নচুৱাই নচুৱাই এজন সৱল-সুঠাম ডেকাৰ হাতত পাৰবাঁহ তুলি দিয়ে। পিছদিনা গোঁসাই ঘৰত সেৱা স-ভক্তিৰে পূজা পাৰ্বন কৰি পাৰবাঁহ নাচিবলৈ গৃহস্থৰ ওচৰলৈ যায়। পাৰবাঁহ নৃত্য কৰোতে বাদ্য বজাই এনেদৰে গীত গায় – –

অ’ লাই লাই মাকো

লাই অ’ মাকো লাই

টিং টিঙালি মাকাৰা জালি

দিলং উৰুৱাই

পাৰে হুৰি নাকছাৰি

গাৰো গাঙত যায়

নাকে হুৰিৰ মায়াকক মাতাই অানং যাই

উত্তৰ কুলৰ বুঢ়া লাঙা, দক্ষিণ কুলে যায়

দক্ষিণ কুলে যায় – –

পাখাৰা কি চিখিৰা, লাঙা মাৰাৰ ঘাৰী

চিকুন চাকান পাওৰা দেৱী

নাচে ঘুৰি ঘুৰি । ——–

ব’হাগ মাহৰ ৬ তাৰিখলৈ পাৰবাঁহ নচুৱাই যথা ৰীতিৰে পাৰবাঁহ ডাল এক স্থানত পুতি থয়। বছৰটোৰ বাবে এই পাৰবাঁহ লোককৃষ্টি এনেদৰে সামৰণি পৰে।

উল্লিখিত এই লোককৃষ্টি ব’হাগৰ প্ৰথম দিনাৰ পৰা সাতবিহুৰ দিনালৈ চলে। প্ৰাচীন কালৰে পৰা প্ৰচলিত এই লোকসংস্কৃতিয়ে ব’হাগ বিহুক অনন্য এক মাত্ৰা প্ৰদান কৰিছে অাৰু ৰাভা জনগোষ্ঠীয়ে লাভ কৰিছে বিহু উদ্‌যাপনত পৰম্পৰাৰ সুকীয়া সমল।

 

(লেখকৰ যোগাযোগ নম্বৰঃ ৯৫৭৭৯৫৩৭১২)

শিৰোনামৰ আলোকচিত্ৰঃ ইষ্টাৰ্ণ ফটো চাৰ্ভিছ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward