Saturday, November 27, 2021
Google search engine
Homeপ্ৰবন্ধপ্ৰচুৰ সম্ভৱনা, অথচ পৰিকল্পনাৰ অভাৱ

প্ৰচুৰ সম্ভৱনা, অথচ পৰিকল্পনাৰ অভাৱ

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

 

কিশোৰ তালুকদাৰ –

দীপৰ বিলৰ পৰিবেশতন্ত্ৰত আৱৰ্জনাত পৰিণত হৈছেগৈ প্ৰকৃতিপ্ৰদত্ত সম্পদ –

সৰু, অকণমাণি এবিধ ফল। অসমত সুযোগ কিদৰে নষ্ট হৈছে, কিদৰে অপব্যৱহাৰ হৈছে সম্পদৰ, তাৰ এক উৎষ্ট উদাহৰণ আৰ্দ্ৰভূমিত হোৱা এইবিধ ফল। অসমে সম্ভাৱনাৰ ক্ষেত্ৰত সৃষ্টি কৰাত ব্যৰ্থ হোৱাৰ বিপৰীতে বিহাৰে আকৌ লাভবান হৈছে এই ফলবিধৰ জৰিয়তে।

১৯৮০ চনত বিহাৰে অসমৰ দীপৰ বিলৰ পৰা ট্ৰাকভৰ্তি মাখনাৰ বীজ লৈ গৈ, তাত খেতি আৰম্ভ কৰিছিল। কেৱল সেয়াই নহয়। মাখনা আৰু মাছৰ সমন্বিত কৃষিক বিহাৰে এনে এক পৰ্যায়লৈ লৈ গৈছে যে আজিৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক ‘মাখনা বিপ্লৱ’ নামেৰে অভিহিত কৰিছে। দুখীয়া লোকসকলে দাৰিদ্ৰ্যৰ শৃংখলৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে এই বিল্পবৰ জৰিয়তে।

কিন্তু দুখৰ কথা, অসমত এই জলজ ফলবিধ অপৰ্যাপ্ত পৰিমাণে থকাৰ পাছতো ইয়াৰ সম্ভাৱনা এতিয়াও উপলব্ধি কৰি উঠিব পৰা নাই ইয়াৰ মানুহে।

“অতি উচ্চ হাৰত ঔষধি দ্ৰব্য সমৃদ্ধ মাখানাৰ ৰপ্তানিৰ ক্ষেত্ৰত থকা সম্ভাৱনা আমি কেৱল বিনষ্টহে কৰি আহিছো,”– এইবুলি ক’লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক এম এম গোস্বামীয়ে।

ভাৰতীয় বৈজ্ঞানিক গৱেষণা পৰিষদৰ এক প্ৰতিবেদন অনুসৰি, ১০০ গ্ৰাম মাখানাত ৯.৭% প্ৰ’টিন, ৭৬.৯ শতাংশ কাৰ্ব’হাইড্ৰেট, ০.১ শতাংশ চৰ্বি, ১.৩ শতাংশ খনিজ আৰু ১২ শতাংশ পানী থাকে। কিন্তু পৰিহাসৰ কথা যে অসমৰ ৩০ শতাংশ আৰ্দ্ৰভূমিত নিজে নিজেই গজি উঠা এই উচ্চ পুষ্টিসম্পন্ন ফলবিধ এনেয়েই নষ্ট হৈ গৈ আছে। কথাটো এবাৰ ভাবি চাওকচোন।

উদ্যানশস্য গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন মুখ্য বিজ্ঞানী নলিন কুমাৰ মোহনেও গোস্বামীৰ কথাকেই দোহাৰিলে। মোহনৰ মতে এই ফলবিধৰ জৰিয়তে এটা ফুটাকড়িও খৰচ নকৰাকৈ কৰ্মসংস্থাপন গঢ়ি তোলাৰ এক চমকপ্ৰদ সম্ভাৱনা আছে। কিন্তু এই সম্ভাৱনাক কামত লগোৱাৰ পৰিবৰ্তে অসমত ই এক সমস্যাৰ উৎস হিচাপে হে পৰিগণিত হৈছে।

বিপৰীতে এই ফলবিধ ব্যৱহাৰ কৰি জলাহ ভূমি সমূহত মাছ ধৰা মনুহৰ দৌৰাত্ম্যৰ ফলত সৃষ্টি হোৱা চাপ প্ৰকৃততেই হ্ৰাস কৰিব পৰা যায়। এয়া কিদৰে সম্ভৱ? জলাহভূমিসমূহত মাছ কমি যোৱা বতৰত যদিহে জলাহ ভূমিত মাখনাৰ খেতি কৰা যায়, মাছ মাৰি জীৱিকা অৰ্জন কৰা মাছমৰীয়া সম্প্ৰদায়ৰ লোকে নিশ্চয়কৈ লাভবান হ’ব পাৰিব। বিশেষকৈ পানী কমি যোৱা সময়ত মাছমৰীয়াসকল মাখনা খেতিত লাগিলে আৰ্দ্ৰভূমিসমূহেও যথেষ্ট সকাহ পাব।

‘‘শীতকালি মাছৰ পৰিমাণ যিহেতু কমি যায়, গতিকে এই সময়ত মাছমৰীয়াসকলৰ বাবে মাখনাৰ খেতি এক সুন্দৰ পৰিপূৰক হ’ব পাৰে,”– বুলি মোহনে আঙুলিয়ালে। মাছমৰীয়াসকলে এই খেতিৰ জৰিয়তে জীৱিকা অৰ্জনৰ অন্য এক পথ লাভ কৰিব পাৰে।

পৰিবেশতান্ত্ৰিকভাবেও মাখনা খেতিৰ উপকাৰিতা আছে। জাৰকালি মাখানাৰ ফল সংগ্ৰহ কৰাটো আৰ্দ্ৰভূমিৰ পৰিবেশতন্ত্ৰৰ বাবে এক আশীৰ্বাদ স্বৰূপ। কিয়নো ইয়াৰ ফলত আৰ্দ্ৰভূমিৰ বাবে বৃহৎ ভাবুকি স্বৰূপ এই গছবিধৰ ডাঙৰ ডাঙৰ পাতবোৰৰ অতিমাত্ৰা বৃদ্ধি ৰোধ কৰে। গুৱাহাটীৰ দক্ষিণ–পশ্চিম দিশত অৱস্থিত দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যত জলজ উদ্ভিদবিধৰ অনিয়ন্ত্ৰিত বৃদ্ধিয়ে আৰ্দ্ৰভূমিখনত দীৰ্ঘকালীন কুপ্ৰভাৱ পেলোৱাৰ আশংকা আছে।

‘‘মাখানাৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ ফলত দীপৰ বিল বিপদৰ সমুখীন হৈছে। ইয়াৰ ডাঙৰ ডাঙৰ পাতবোৰৰ বাবে বিলখনত সূৰ্যৰ পোহৰ পৰাত বাধা দিয়ে। পানীত সূৰ্যৰ পোহৰৰ অভাৱ হোৱাৰ ফলত পাৰিবেশিক অসমতা সৃষ্টি হোৱাৰ লগতে আৰ্দ্ৰভূমিৰ প্ৰাথমিক উৎপাদনশীলতা ক্ষতিগ্ৰস্ত কৰে,”– গোস্বামীয়ে শুনালে এই সতৰ্কবাণী। এই জলজ উদ্ভিদবিধৰ উপস্থিতিৰ প্ৰয়োজন আছে, কিন্তু এক সীমিত পৰিমাণতহে জলাহভূমিত ই থকা দৰকাৰ। শীতকালি এই উদ্ভিদবিধ পচন ধৰাৰ ফলত জৈৱিক সাৰত পৰিণত হয় আৰু ই পানীৰ পৌষ্টিক উপাদান বৃদ্ধি কৰে। পানীত দ্ৰৱীভূত অম্লজানৰ অভাৱত পানীৰ তলত জন্ম হোৱা উদ্ভিদ বৈচিত্ৰ্যৰ অনুপস্থিতিৰ ফলত আৰ্দভূমিৰ উৎপাদনশীলতা হ্ৰাস পায়। পৰিবেশ আৰু বন সংৰক্ষণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় আৰ্দ্ৰভূমি সংৰক্ষণ ব্যৱস্থাপনা কাৰ্যসূচীৰ অধীনত কৰা এক অধ্যয়ন অনুসৰি দীপৰ বিলৰ পানীত দ্ৰৱীভূত অক্সিজেনত ভিন্নতা দেখা গৈছে।

মানুহে আৰ্দ্ৰভূমি সংৰক্ষণৰ ক্ষেত্ৰত এই জলজ উদ্ভিদবিধৰ ভূমিকাক আওকাণ কৰি আহিছে যদিও বন্যপ্ৰাণীয়ে কিন্তু এইক্ষেত্ৰত উল্লেখনীয়্ভাৱে সহায় কৰি আহিছে। ৰাজ্যৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিললৈ অহা বনৰীয়া হাতীয়ে পানীত নামি জলজ উদ্ভিদবোৰ খাই বিলখন পৰিস্কাৰ কৰি ৰখাত সহায় কৰে। মাখানাৰ ফল বন্যহস্তীৰ অত্যন্ত প্ৰিয়। ক’বলৈ গ’লে শীতকালি এই হস্তী বসতিস্থল খনত খাদ্যৰ নাটনি হোৱা সময়ত মাখানাৰ ফলেই হৈ পৰে বন্যহ্স্তীৰ একমাত্ৰ খাদ্য।

পিছে অসমৰ মানুহে মাখানাৰ ওপৰত কোনোধৰণৰ গুৰুত্ব নিদি আচলতেই এক বৃহৎ সম্ভৱনাৰ ক্ষেত্ৰৰপৰা নিজেই বঞ্চিত হৈছে। ঔষধি গুণসম্পন্ন ফলবিধৰ ৰপ্তানিৰো এক বিশাল সম্ভাৱনা আছে। অসমৰ মানুহে মাখানাৰ উপকাৰিতাৰ কথা উপলব্ধি নকৰাৰ বিপৰীতে চুবুৰীয়া বাংলাদেশে পিছে সফলতাৰে এইবিধ জলজ ফলৰ ৰপ্তানি আৰম্ভ কৰিছে। আশা কৰিব পাৰি যে, অসমতো শীঘ্ৰেই মাখানাক লৈ এক সচেতনতাৰ শুভ আৰম্ভণি হ’ব।

 

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward