Monday, July 4, 2022
Google search engine
Homeপ্ৰবন্ধবুকুৰ আপোন মামণি ৰয়ছমক আকৌ কৰিছোঁ স্মৰণ অন্তৰংগ উলব্ধিৰে

বুকুৰ আপোন মামণি ৰয়ছমক আকৌ কৰিছোঁ স্মৰণ অন্তৰংগ উলব্ধিৰে

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

 

সিদ্ধিনাথ দাস–

আমৰাঙ্গা গাঁৱৰ মাটিত জন্ম লাভ কৰা ড০ ইন্দিৰা গোস্বামী, আন বহুজনৰ বাবে মামণি ৰয়ছম গোস্বামী আৰু আমাৰ বাবে মামণি বাইদেউ মানুহৰ হৃদয়ে হৃদয়ে মৰম বিলোৱা আমাৰ মনৰ মানুহ। জনমৰ আদিম পুৱাতেই আমৰাঙ্গাৰ মাটি স্পৰ্শ কৰি জীৱনৰ কাঁইটীয়া পথত খোজ দি পৃথিৱীৰ বৰ সৱাহলৈ আগবাঢ়ি গৈ বিশ্ব বন্দিতা হ’ল মামণি বাইদেউ। তেওঁ আমাৰ নিজৰ মানুহ। ঘৰৰ মানুহ। বুকুৰ আপোন। দুখীয়া–নিচলা তেনেই তলখলপীয়া জগতৰ একো আও–ভাও নোপোৱা সৰল অন্তৰৰ মানুহজাকে হৃদয়ৰ গভীৰতম স্থানত বৰ আলফুলকৈ সজাই ৰাখিছে তেওঁক। মনে–প্ৰাণে আঁকোৱালি লৈছে গাঁওবাসীয়ে। কোনোবাই পাহৰিলেও আমি তেওঁক নাপাহৰোঁ– পাহৰিব নোৱাৰোঁ। কণমান মৰমৰ বাহিৰে আমি তেওঁক একোৱেই দিব নোৱাৰিলোঁ। কবিৰ ভাষাৰে ক’বলৈ মন যায়–

“ঋণী
মোৰ চকুপানী
তাৰে একোৱেই দিব নোৱাৰি।
প্ৰেমৰ সুগন্ধ
হৃদয়ত মাথোঁ পাব পাৰি।।”

সময় বাটৰ সুৰেৰে লুইতৰ পাৰেদি ধাৱমান হৈ মিচিচিপি–ভল্গা দেখা মামণি বাইদেউ কিন্তু বিশ্বৰ জনমানসত স্বকীয় মহিমাৰে জাকত–জিলিকা হৈ উজ্বলি উঠিল জগলীয়া নৈৰ পাৰত। এয়া আমাৰ গৌৰৱ। আমৰাঙ্গা–বৰিহাট অঞ্চলবাসী ৰাইজৰ অহংকাৰ। আপোন গাঁওখনিৰ সাধাৰণ মানুহবোৰৰ সৈতে তেওঁৰ আছিল পূৰ্বাপৰ সম্পৰ্ক। সুখ–দুখৰ সমভাগী হৈছিল তেওঁলোকৰ লগত। তেওঁ নিজেও আকঁলুৱা আছিল।

পৃথিৱীৰ মানচিত্ৰত অংকিত হ’ল ঐতিহ্যমণ্ডিত আমৰাঙ্গাৰ ছবি, জগলীয়া নৈৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ চৌপাশৰ গাঁও সমূহৰ বিচিত্ৰ ঘটনা সমূহৰ ছবি। অংকিত হ’ল অৱহেলিত অপমানিত লাঞ্চিত বঞ্চিত বিধৱা–সধৱা দুৰ্ভগীয়া নাৰীসকলৰ যন্ত্ৰণাময় সমস্যাৰ কাহিনী। দেশ–বিদেশত বিপুল ভাৱে সমাদৃত হোৱা মামণি বাইদেউৰ মহত্বম সৃষ্টি “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা”ত অংকিত কাহিনীভাগ মামণি বাইদেউৰ শৈশৱৰ স্মৃতি বিজড়িত আমৰাঙ্গা সত্ৰ আৰু আশে–পাশে থকা গাঁওবোৰৰ পুৰণিকলীয়া ধ্যান–ধাৰণাৰে পৰিপুষ্ট ৰক্ষণশীল সমাজৰ ৰীতি–নীতি, আচাৰ–ব্যৱহাৰ, নিয়ম–কানুনৰ সংবেদনশীল বাস্তৱ ছবি। আমৰাঙ্গা–বৰিহাট অঞ্চলৰ বৈচিত্ৰ্যময় ঘটনাৰে সমৃদ্ধ এইখন এখন ঐতিহাসিক দলিল। সমগ্ৰ দক্ষিণ কামৰূপৰ কথিত ভাষাটোকো মৰ্যদা সহকাৰে বিশ্বৰ জনমানসত নিখুঁতভাৱে প্ৰতিষ্ঠা কৰি থৈ গ’ল। গ্ৰন্থখনিত দৃঢ়তাৰে অংকিত কৰা দুৰ্গা, গিৰিবালা, ইন্দ্ৰনাথ, সৰু গোঁসানী, বলো, কলিয়া, কাল্টু, গুইমেন্নী, যশোদা আদি চৰিত্ৰ সমূহে প্ৰাণ পাই জিলিকি উঠিছে মামণি ৰয়ছম গোস্বামীৰ কলমৰ পৰশত।

মামণি বাইদেউৰ জীৱনটো আছিল দুখৰ সাগৰ। জ্বালা–যন্ত্ৰণা, বিৰহ–বেদনা, নোপোৱাৰ বেদনা আৰু পাইও হেৰুৱাৰ যাতনাই তেওঁক ওৰেটো জীৱন খুলি খুলি খাইছিল। এইবোৰেই আছিল তেওঁৰ আজন্ম সহচৰ। সৰু–কালৰে পৰাই দুখৰ সাগৰত হাবু–ডুবু খোৱা বাইদেৱে প্ৰচণ্ড হতাশাত ভূগিলেও বিচলিত হোৱা নাছিল। হোৱা নাছিল পৰাজিত। বাৰে বাৰে ধুমুহা আহিছিল জীৱনলৈ আৰু সেই ধুমুহাইহে সলনি কৰি দিছিল জীৱনৰ গতি। গতিয়ে আনিছিল প্ৰগতি। ড০ ভূপেন হাজৰিকাৰ ভাষাৰে ক’বলৈ গ’লে–

“ধুমুহাত মই থৈ যাওঁ
মোৰ গতি
ধুমুহা গতি ……….।।”

সমস্ত দুখ–যন্ত্ৰণাক প্ৰত্যাহ্বান জনাই জীৱনৰ ৰণক্ষেত্ৰত সাহসেৰে অৱতীৰ্ণ হৈছিল আৰু বিজয়ী হৈছিল। বিশ্ব–বিজয়িনী তেওঁ। পৃথিৱীত একমাত্ৰ মানুহেই প্ৰাণী, যিয়ে নিজেও পৰিবৰ্তিত হৈ গৈ থাকে আৰু আনকো পৰিবৰ্তন কৰিব বিচাৰে। মামণি ৰয়ছম গোস্বামী সপোনক দিঠকত পৰিণত কৰা শিল্পী বাইদেউৰ নিজৰ ভাষাৰে– “মই ভাবোঁ যে জীৱনত লাভ কৰা যন্ত্ৰণাই মোৰ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে।” সচাঁ, জীৱন–যন্ত্ৰণা আৰু সাহিত্যক একাকাৰ কৰা মানুহ পৃথিৱীতেই বিৰল। সেয়ে মামণিবাইদেউ বিৰল আৰু ব্যতিক্ৰমী ব্যক্তিত্বৰ গৰাকী। বিশ্বৰ একক। মানুহক মহান কৰে তেওঁৰ মহত্বপূৰ্ণ কৰ্মৰাজীয়ে। নৰক–যন্ত্ৰণাৰ মাজতো তেওঁ গভীৰ আস্থাৰে গাইছিল গান জীৱনৰ জয়গান। জীৱনেই পঢ়ায় জীৱনবোধৰ পাঠ। নিজৰ জীৱন দাপোনত মুৰ্ত্ত হৈছিল আন বহুতো জীৱনৰ দুখ–দুৰ্গতি। ৰচনা কৰিছিল দুৰ্ভগীয়াজনৰ মুক্তিৰ পথ। সেয়ে তেওঁ গল্প উপন্যাসত চিহ্নিত হৈছিল প্ৰেম আৰু মানৱীয় অনুভূতি। বাইদেৱে নিজেই কৈছে “মোৰ সমস্ত উপন্যাসৰ মাজেৰে দুকুৰি বছৰ ধৰি মানৱতাৰ গান গাই আহিছোঁ।” সাহিত্য–শিল্পৰ যোগেদিয়েই বিশ্বৰ নিপীড়িত জনতাক দি থৈ গ’ল আশা আৰু সাহসৰ বাণী। তেওঁ এগৰাকী সাহসী আৰু মহিয়সী নাৰী। সূক্ষ্ম পৰ্যবেক্ষণ, অনুসন্ধিৎসু মন, অধ্যয়ন আৰু অভিজ্ঞতাই দিলে তেওঁক প্ৰচুৰ জীৱনবোধৰ জ্ঞান। সত্যৰ অণ্বেষণ তেওঁৰ লেখাসমূহৰ অন্যতম দিশ। সত্যৰ মুখামুখি হোৱা আৰু সত্যক নিৰ্ভীকভাৱে প্ৰকাশ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল তেওঁ। তেওঁৰ জীৱনৰ দলিল স্বৰূপ “আধা লেখা দস্তাৱেজেই” তাৰ সঠিক প্ৰমাণ। যিসকলে এই গ্ৰন্থখনিত চকু ফুৰাইছে তেওঁলোকে ক্ষন্তেকৰ বাবে হ’লেও থমকি ৰ’ব লগা হৈছে। অতি ওচৰৰ পৰাই প্ৰত্যক্ষ কৰি সঠিক ভাবেই উপলব্ধি কৰিছিল জীৱনক। তেওঁৰ দৃষ্টিত মানুহ, মানুহেই। উচ্চ–নীচ, সৰু–ডাঙৰৰ কোনো ভেদ নাই। নাই কোনো জাতি ভেদৰো স্থান। জাতি মাটি মানুহক ভাল পাইছিল সমানে। সুখ–দূখ, হাঁহি–কান্দোনৰ অনুভূতি আৰু বিষাদৰ চকুপানী সকলোৰে একেই। মামণি বাইদেউৰ গাড়ীচালক নাৰু দাসক বাইদেৱে নিজে প্ৰসঙ্গক্ৰমে কোৱা মৰমৰ মাত এষাৰ এনে ধৰণৰ– “মানুহ কোনো সৰু বা ডাঙৰ নহয়। তুমিও জানো মোৰ দৰে মানুহ নহয়?” আন এঠাইত বাইদেৱে কৈছ– “মই সাধাৰণ মানুহৰ জীৱনৰ সুখ–দুখৰ কথা কৈ ভাল পাওঁ, প্ৰকৃতি ভাল পাওঁ, গাঁওবোৰৰ ছবি লেখাত প্ৰকাশ কৰি ভাল পাওঁ, মোৰ এৰি অহা গাঁওখন ভাল পাওঁ, মই মোৰ অসমখন বৰ ভাল পাওঁ।“মামণি বাইদেউৰ ৰচনাৰাজি শ্ৰেণী চেতনাৰে সমৃদ্ধ। “চেনাৱৰ স্ৰোত” উপন্যাসত বনুৱাৰ নিঃকৰুণ দুৰ্দশাৰ ছবি অংকণ কৰিছে। “নীলকণ্ঠ ব্ৰজ” উপন্যাসত ধৰ্মৰ নামত তিৰোতাৰ ওপৰত হোৱা শোষণ আৰু ব্যভিচাৰৰ মৰ্মস্পৰ্শী ছবি অঁকা হৈছে। “অহিৰণ’ উন্যাসতো শ্ৰমিকৰ সুখ–দূখ, আশা–আকাংক্ষা আৰু হতাশাৰ ছবি আঁকিছে। “মামৰে ধৰা তৰোৱাল”তো কাম কৰা বনুৱাৰ জীৱনোপলব্ধি, মানৱীয় সম্পৰ্ক তথা দুৰ্দশাগ্ৰস্ততাৰ ছবি অংকণ কৰা হৈছে। তেওঁ সাহিত্যৰ যোগেদি নিপীড়িত বঞ্চিত শোষিত অৱহেলিত শ্ৰমিক জনতাৰ মুক্তিৰ স্বাৰ্থত এই সৰু মানুহজাকৰ পক্ষত থাকি নিজকে মুক্তিযোদ্ধা হিচাপে থিয় কৰাইছে। সেয়ে তেওঁৰ সাহিত্য–শিল্প যুগজয়ী। উচ্চ চেতনা–সম্পন্ন ব্যক্তি হিচাপে মামণি বাইদেৱে ধৰ্মীয় গোড়ামী, অন্ধ–বিশ্বাস, কুসংস্কাৰ, বিভিন্ন প্ৰকাৰৰ অন্যায় অবিচাৰ আৰু শোষণৰ বিৰুদ্ধে দৃঢ়তাৰে প্ৰতিবাদ কৰি তাৰ বিজ্ঞান সন্মত বিচাৰ–বিশ্লেষণ তেওঁৰ গ্ৰন্থবোৰৰ পাতে পাতে আগবঢ়াইছে। ড০ হীৰেন গোহাইৰ ভাষাত– “মানুহক কিদৰে যন্ত্ৰণা দিয়ে নিৰ্যাতনেৰে, অপমানেৰে, অৱহেলাৰে আৰু সেই যন্ত্ৰণা মানুহে কেনেকৈ সহ্য কৰে, গ্ৰহণ কৰে বা তাৰ লগত যুদ্ধ কৰে তাৰ অন্তৰংগ ৰূপায়ণ হৈছে মামণিৰ সাধনা। এনেকুৱা দপদপকৈ জ্বলা জুই নৰকৰ অনলো হ’ব পাৰে, হোমাগ্নিও হ’ব পাৰে। সেই জুইকুৰা মামণিৰ কিতাপবোৰৰ বকলাৰ মাজত চিৰকাল ৰৈ থাকিব অনুভূতিশীল সহৃদয় পাঠকৰ বাবে।”

মামণি ৰয়ছম গোস্বামী এগৰাকী কবিও আছিল। অভিনয়ো কৰিছিল। ছবিও আঁকিছিল। কবি হীৰেন ভট্টৰ দৰে মামণি বাইদেৱেও হয়তো উপলব্ধি কৰিছিল–

“মাজে মাজে দুটি এটা গান গোৱা ভাল
গানে গানে যদি ফুলি উঠে
গোলাপৰ কাঁইটিয়া ডাল।
………………………
ক্ষতি কিনো বাৰু যদি গোলাপৰ পাহে পাহে
লাগি থাকে চকুলো টোপাল।
…………………………
আৰু হয়তো এনেকুৱাটো হ’ব পাৰে
জীৱনটো কেৱল জঞ্জাল।।”

মামণি ৰয়ছম গোস্বামী এগৰাকী বিদ্ৰোহী শিল্পী। ৰূপান্তৰৰ দ্ৰষ্টা আৰু স্ৰষ্টা। তেওঁ পৰিধান কৰা ৰঙা সাজযোৰ–ৰঙা ওঁঠজুৰি–কপালত জিলিকি থকা তীব্ৰ ৰঙাফোঁটটি–বিদ্ৰোহৰ প্ৰতীক। তেওঁ প্ৰিয় ৰং ৰঙা, প্ৰিয় ফুল ৰঙা গোলাপ, প্ৰিয় নদী– ৰঙানদী। এই ৰঙাবোৰেই হ’ল বিদ্ৰোহী সত্বাৰ বাস্তৱ প্ৰতিফলন। অতিকৈ শক্তিশালী তেওঁ। এনে ব্যক্তিত্ব পৃথিৱীত পাবলৈ নাই। সমাজ শিল্পী মামণি বাইদেৱে এক মহান মানৱতাৰ স্বাৰ্থত মৃত্যুৰ পিচত অন্ধ সমাজৰ কল্যাণৰ হেতু দান দি গ’ল তেওঁৰ চকুজুৰি। মৃত্যুৰ পিচতো সমাজলৈ দি গ’ল এক অভিনৱ বাৰ্তা। ভতিজী মৃণ্ময়ী শৰ্মাক মুখাগ্নি কৰিবলৈ মৃত্যুৰ পূৰ্বে দি থৈ যোৱা নিৰ্দেশ সঠিক ভাৱে কাৰ্যকৰী কৰা হ’ল। এয়া চিৰ স্মৰণীয় আৰু সমাজৰ বাবে পাথেয়। ইয়ো এক ঐতিহাসিক ঘটনা। মামণি বাইদেউ ইতিহাস হ’ল। সময়েও পাহৰিব নোৱাৰে মামণি ৰয়ছমক।

সময়ৰ জোখাৰে পাঁচ বছৰ হ’ল মামণি বাইদেৱে আমাক এৰি থৈ যোৱাৰ। আমৰাঙ্গা–বৰিহাটৰ অঞ্চলবাসী ৰাইজ আজি আকৌ লগ লাগিছে মামণি বাইদেৱৰ মূৰ্ত্তিৰ ওচৰত তেওঁৰ পূণ্যতিথি উপলক্ষে শ্ৰদ্ধৰ্ঘ নিবেদন কৰিবলৈ। বাইদেউৰ আদৰ্শ আৰু চিন্তা–চেতনা সমূহ আমি মৰহি যাব দিব নোৱাৰো। তেওঁৰ আদৰ্শক শিৰত তুলিলৈ হাতে–কামে বাস্তৱত প্ৰতিফলিত কৰিব পাৰিলেহে সঁচা অৰ্থত বাইদেউৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান কৰাটো বুজাব। নহ’লে সাৰশূণ্য হ’ব সমস্ত আনুষ্ঠানিকতা। ইতিমধ্যে অঞ্চলবাসী ৰাইজে হৃদয়ৰ সমস্ত ভালপোৱা উজাৰি হাত উজান দিছে মামণি বাইদেউৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত। বাইদেউৰ স্মৃতিৰ নামত আমি ৰাইজে ইতিমধ্যে ৰিমানখিনি কাম কৰিছোঁ, সেইখিনিয়েই পৰ্যাপ্ত পৰিমাণৰ নহয় বুলি ভবাৰো থল আছে। চৰকাৰৰ সহযোগত জগলীয়াৰ পাৰত মামণি ৰয়ছম গোস্বামীৰ স্মৃতি পুথিভঁৰাল, সংগ্ৰাহালয় আৰু কিছু আনুসঙ্গিক কাম–কাজ কৰিব পাৰিলে ভাল হ’ব বুলি অনুধাৱন কৰিছোঁ। তাৰ বাবে আমাৰ উত্তৰ পুৰুষ সকলেও আন্তৰিকতাৰে আগবাঢ়ি অহাটো অত্যন্ত জৰুৰী হৈ পৰিছে। তেতিয়াহে সাফল্যমণ্ডিত হ’ব মামণি বাইদেউৰ নামত ৰূপায়ণ কৰা সকলো কাৰ্যসূচী। শেষত অকপট হৃদয়েৰে গভীৰ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিলোঁ মামণি বাইদেউলৈ। মামণি বাইদেউ অমৰ হওঁক।

 

লেখকৰ যোগাযোগ নম্বৰঃ ৯৮৬৪৩৫৩১৩৭

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward