Thursday, December 2, 2021
Google search engine
HomeARTICLEবিশ্ব পৰিবেশ দিৱস আৰু এজন ফৰেষ্টাৰৰ প্ৰচেষ্টাত ঠন ধৰি উঠা ৰাণীৰ এখন...

বিশ্ব পৰিবেশ দিৱস আৰু এজন ফৰেষ্টাৰৰ প্ৰচেষ্টাত ঠন ধৰি উঠা ৰাণীৰ এখন সংৰক্ষিত বনাঞ্চলৰ কাহিনী

প্ৰকাশিত তাৰিখঃ ২২ জুন, ২০২০
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
এক বৃক্ষ দশ পুত্ৰ সম, গছ থাকিলেহে মানুহ থাকিব, বৃক্ষ ৰোপণ মহৎ কাম, ইত্যাদি শ্ল’গান থকা ডাঙৰ ডাঙৰ চাইনব’ৰ্ডবোৰ এসময়ত জনবহুল স্থানসমূহত দেখা গৈছিল। বৃক্ষ ৰোপনেৰে মানৱ পৰিবেশ সুৰক্ষিত ৰাখিবলৈ অসম চৰকাৰৰ সামাজিক বনানিকৰণ বিভাগে ৰাইজক সজাগ কৰি তুলিবলৈ আগভাগ লৈছিল। বিভাগটোৱে চৰকাৰী পতিত ভূমি, স্কুলকলেজ চৌহদ আদিত বৃক্ষ ৰোপণ কৰি এক বনাঞ্চল গঢ়ি তুলিছিল। তদুপৰি গড়কাপ্তানী পথৰ দাঁতিত ৰোপণ কৰা বৃক্ষই পথৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে প্ৰাকৃতিক পৰিবেশ নিৰ্মল কৰি তোলাত সহায় কৰিছিল। কিন্তু সামাজিক বনানিকৰণ বিভাগে ৰোপণ কৰা গছগছনিসমূহ এতিয়া পাবলৈ নাই, চোৰাং বেপাৰীয়ে এফালৰ পৰা কাটি খাস্তাং কৰি দিছে। তাৰোপৰি, বনাঞ্চল সম্প্ৰসাৰণৰ ভূমিকা লোৱা সামাজিক বনানিকৰণ বিভাগটোও আজি নিস্ক্ৰীয় ৰূপত দেখা গৈছে।
উল্লেখযোগ্য যে, ১৯৭২ চনৰ ৫ জুনত ছুইডেনৰ ৰাজধানী চহৰ ষ্টকহ’মত ৰাষ্ট্ৰসংঘই মানৱ পৰিবেশ সম্বন্ধীয় এক অধিবেশনৰ আয়োজন কৰিছিল। ১১৩খন দেশৰ প্ৰতিনিধিয়ে যোগদান কৰা অধিবেশনখনতে ২৬ দফীয়া মানৱ পৰিবেশ সম্পৰ্কীয় চনদ গৃহীত কৰে। সেই চনদ অনুসৰি প্ৰতিবৰ্ষৰ ৫জুন তাৰিখক ‘বিশ্ব পৰিবেশ দিৱস’ ৰূপে পালনৰ সিদ্ধান্ত লয়। উল্লেখনীয় যে, ১৯৭৩ চনৰ ৫ জুনত পোন প্ৰথমবাৰ ‘বিশ্ব পৰিবেশ দিৱস’ পালন কৰে। তেতিয়াৰ পৰা আজিলৈ প্ৰতিটো বৰ্ষৰ ৫জুনক ‘বিশ্ব পৰিবেশ দিৱস’ৰূপে পালন কৰি আহিছে। বিশ্ব পৰিবেশ দিৱস আজি যিদৰে পালন কৰা হৈছে সেয়া দহপোন্ধৰ বছৰ আগতে হোৱা নাছিল। মাত্ৰ সামাজিক বনানিকৰণ বিভাগে চৰকাৰীভাৱে আয়োজন কৰা কাৰ্যসূচীতে সীমাবদ্ধ আছিল।   
বৰ্তমান বিশ্বত উন্নত যোগাযোগ ব্যৱস্থাই সকলোক্ষেত্ৰতে সহজ কৰি তুলিছে। এই ব্যৱস্থাৰ ফলত আজিৰ পৰা দহ বছৰ আগতে ভালকৈ নজনা ‘বিশ্ব পৰিবেশ দিৱস’ সম্প্ৰতি ৰাজ্যখনৰ চুকেকোণে পালন কৰিব ধৰিছে। আনকি কোনো কোনো স্থানত সপ্তাহজোৰা কাৰ্যসূচীৰে য’ত পৰিবেশ সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান আয়োজনৰ লগতে গছপুলি ৰোপণ কৰা দেখা গৈছে। সেই দিৱসটোৰ বৃক্ষ ৰোপণৰ ফটো, বাবাতৰিৰে ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্ম ভৰি পৰে। দেখা গৈছে মানুহৰ মাজত বৃক্ষ ৰোপণৰ আগ্ৰহ কিছু হ’লেও বাঢ়িছে, এয়া পৰিবেশ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত নিত্যান্তই এক শুভবাৰ্তা। অৱশ্যে বৃক্ষ ৰোপণৰ যিমান সংবাদ শুনা যায় সেই হিচাপত আজি অসমখন সেউজীয়া হৈ উঠিব লাগিছিল। কিন্তু বাস্তৱত সেইটৌ হৈছেনে? অধিক সংখ্যকে পৰিবেশ দিৱস উপলক্ষে গছপুলি এটা ৰোপণতে দায়িত্ব সামৰিছে। ৰোপণৰ পাছত পুলিটো লালনপালন কৰি ডাঙৰদীঘল কৰালৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন। সৰহ সংখ্যকলোকে সেই দায়িত্ব পালনত অপাৰগ। অকল বৃক্ষ ৰোপণতেই সামৰিলে নহ’ব ইয়াক উপযুক্ত সংৰক্ষণৰ ব্যৱস্থাও কৰিব লাগিব। উপযুক্ত সংৰক্ষণ ব্যৱস্থা অবিহনে হাজাৰ হাজাৰ গছপুলি ৰোপণ, ই কোনো ফলদায়ক নহ’ব। সংৰক্ষণৰ অভাৱত টকলা হৈ আহিব ধৰা আমাৰ অসমখনৰ পাহাৰপৰ্বত, হাবিজংঘল বিলাকেই ইয়াৰ উপযুক্ত উদাহৰণ।
আনহাতে, প্ৰাকৃতিকভাৱে বাঢ়ি অহা বনজ সম্পদক উপযুক্ত সংৰক্ষণৰ দ্বাৰাও বনাঞ্চলৰ পৰিবেশ সলাই দিব পাৰি, সেই উদাহৰণ পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলতে আছে। পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ পানীৰাম শইকীয়া নামৰ ফৰেষ্টাৰ এজনে আজি বহু বছৰ আগতে এই মহৎ কাম কৰি দেখুৱাইছে। আদহীয়া বয়সৰ ছুটিচাপৰ, ক্ষীণ অথচ কৰ্মঠ এই ব্যক্তিজন অঞ্চলটোৰ শইকীয়া ফৰেষ্টাৰ ৰূপে জনাজাত আছিল। ব’লতকৈ কৌশলক প্ৰাধান্য দিয়া মানুহজন প্ৰায় ১৯৮১৮২ চনত চেঁচা বিটত ফৰেষ্টাৰ হিচাপে যোগদান কৰিছিল। সেইসময়ত চেঁচা বিটে জৰাশাল সংৰক্ষিত বনাঞ্চলৰ বৃহৎ অংশ এটাৰ সুৰক্ষাৰ দায়িত্বত আছিল। ১২৫৭ হেক্টৰ মাটিকালিৰে গঠিত জৰাশাল বনাঞ্চলক ১৮৮৭ চনত অসম চৰকাৰে সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি প্ৰদান কৰে। বনাঞ্চলখন মুখ্যতঃ শালগছৰ বাবে বিখ্যাত আছিল যদিও চাম, এজাঁৰ, মাকাৰী লগতে বিভিন্ন ফলমূলৰ গছগছনিও আছিল। গভীৰ বনাঞ্চলখনত হৰিণ, বন গাহৰি, জহামাল, কেটেলা পহু, হাড়গিলা, শগুন, ধনেশ, পাকৈঢৰা, বনকুকুৰা আদি অনেক পশুপক্ষী আছিল। উল্লেখযোগ্য যে, অসম চৰকাৰে ১৯৮০ চন মানৰ পৰা এই বিট অফিচৰ অধীনত থকা ভূমিৰ প্ৰায় ৬০% পৈণত শালগছৰ ‘কূপ’ দিয়া আৰম্ভ কৰিছিল। শালৰ কূপ লাভ কৰা মালিকসকলে এদিন গছবোৰ কাটি নিয়াত বিস্তৃত অঞ্চলজুৰি উদং হৈ পৰিছিল। বনবিভাগে সেই উদং ভূমিত শালচেগুণ ৰোপনেৰে বনাঞ্চল সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিছিল। যদিও, সেইকাৰ্য ফলপ্ৰসু হোৱা দেখা নগ’ল। বিপৰীতে উদং ভূমিত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা শাল তথা অন্যান্য গছগছনিবোৰহে লহপহকৈ বাঢ়ি আহিল। উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰাত সেইবোৰেই এদিন গভীৰ সেউজীয়া অৰণ্যলৈ পৰিণত হ’ল।
শইকীয়া ফৰেষ্টাৰে চেঁচা বিটত যোগদানৰ সময়ছোৱাত জৰাশাল বনাঞ্চল আছিল চোৰাং কাঠ আৰু খৰিৰ ৰমৰমীয়া ব্যৱসায় থলী। দূৰদূৰণিৰ পৰা অহা বেপাৰীসকলে কাঠ আৰু খৰিৰ নামত শালগছ কাটে আৰু গৰু গাড়ীত বোজাই কৰি লৈ যায়। চোৰাং বেপাৰীৰ এনে কাৰ্যৰ সৈতে স্থানীয়লোকৰ দুইএজন জড়িত আছিল। অৱশ্যে, শইকীয়া ফৰেষ্টাৰে চোৰাং বেপাৰীক পোনে পোনে কৰায়ত্ত কৰা নাছিল। কিন্তু চোৰাং বেপাৰীক সহযোগ কৰা স্থানীয়লোক কেইজনক ভালকৈ চিনাক্ত কৰি লৈছিল। ইয়াৰ পাছত তেওঁলোকৰ ঘৰত গৈ এই বৃত্তি ত্যাগ কৰিবলৈ বুজনি দিছিল, ত্যাগ নকৰিলে বিপদৰ সন্মুখীণ হ’ব লাগিব বুলিও সকীয়াই থৈছিল। তেখেতৰ বুজনিত স্থানীয় লোককেইজনে চোৰাং বেপাৰীক সহযোগ নকৰা হ’ল। স্থানীয়লোকৰ সহযোগ অবিহনে চোৰাং বেপাৰীসকল অকলশৰীয়া হৈ পৰিল যদিও তেওঁলোকে এই বেহা এৰি দিয়াৰ পক্ষত নাছিল। স্থানীয়লোকক পুনৰ এই বেহাত জড়িত কৰাবলৈ বিভিন্ন প্ৰলোভন দিছিল কিন্তু কামত নাহিল। ইয়াৰ পাছত চোৰাং বেপাৰীসকলে বনাঞ্চলত প্ৰৱেশ কৰি নিজে নিজে খৰিকাঠ কাটি চোৰাং বেহা আৰম্ভ কৰি দিলে। শইকীয়া ফৰেষ্টাৰেও লগে লগে তেওঁলোকক কৰায়ত্তৰ অভিযানত নামি পৰিল। ঘটনাস্থলীত কোনো হাইকাজিয়া অবিহনে এখনৰ পাছত এখনকৈ গৰুগাড়ী অফিচত জব্দ কৰি যাবলৈ ধৰিলে। এনেদৰে চল্লিশখনৰো অধিক গৰুগাড়ী জব্দ কৰিছিল। গৰু আৰু মানুহবোৰ ব্যক্তিগত জামিনত মুকলি কৰি দিছিল যদিও গাড়ীসমূহ কোনো কাৰণতে মোকলাই দিয়া নাছিল। ফলত বছৰৰ পিছত বছৰ ধৰি সেইবোৰ অফিচ চৌহদতে পচি গ’ল। এনেকাৰ্যত তেখেতলৈ বহু ধৰণে ভাবুকি আহিছিল কিন্তু ভাবুকি দিয়া বহুকেইজনক জেললৈহে প্ৰেৰণৰ ব্যৱস্থা কৰিছিল। তেখেতৰ কৌশলী আৰু কঠোৰ শাসন নীতিৰ ফলত এসময়ত কোনোলোকে বনাঞ্চলত প্ৰৱেশ কৰিবলৈ সাহস নকৰা হ’ল। এইদৰে চাৰিপাঁচটা বৰ্ষৰ কাৰ্যকালতে নিজৰ নিয়ন্ত্ৰণাধীন এলেকাটো সেউজীয়া গছগছনিৰে ভৰপূৰ এক অটব্য অৰণ্যলৈ গঢ়ি তুলিছিল। সেউজীয়া অৰণ্যই পুনৰ প্ৰাণ পাই উঠাত ঘুৰি আহিল বিভিন্ন ধৰণৰ পশুপক্ষীসমূহো। অৰণ্যই গভীৰ ৰূপ লোৱাত প্ৰয়োজনীয় খৰিখেৰ সংগ্ৰহৰ বাবে এসময়ত স্থানীয় লোকসকলেও বনাঞ্চলত সোমাবলৈ শংকা কৰা হ’ল।
বন বিভাগৰ লোক জড়িত নাথাকিলে চোৰাং বেপাৰীৰ হাতত বনজ সম্পদ ধ্বংস হ’ব নোৱাৰে সেই উদাহৰণ শইকীয়া ফৰেষ্টাৰে দি থৈ গৈছে। আজি ৰাজ্যখনৰ বনজ সম্পদ সুৰক্ষাৰ বাবে সশস্ত্ৰ বন বাহিনী গঠন হৈছে। অথচ ভয়ংকৰ ৰূপত বাঢ়িছে বনজ সম্পদৰ ধ্বংস যজ্ঞ। সেইদিনত তেনে ব্যৱস্থা নথকা শইকীয়া ফৰেষ্টাৰে কিন্তু কাঠৰ চোৰাং বেপাৰীক কাবু কৰিবলৈ সক্ষম হৈছিল, মাত্ৰ তিনিজন বনকৰ্মী প্ৰভাত শইকীয়া, নিৰঞ্জন কলিতা আৰু ফণিধৰ কলিতাৰ সহযোগত। এসময়ত সৎনিষ্ঠাবান বিষয়াকৰ্মচাৰী নিয়োজিত হৈ থকা বিভাগটোত বৰ্তমান অসৎ লোকেৰে পৰিপূৰ্ণ। অসৎ প্ৰকৃতিৰ এইচামে টকা ঘটিবলৈ চোৰাং বেপাৰীৰ লগত মিতিৰালি কৰি বনাঞ্চলৰ সম্পদ ধ্বংস কাৰ্যত জড়িত হৈছে। এইকথা দিনৰ পোহৰৰ দৰে সত্য। সেয়ে বন আৰু পৰিবেশ সংৰক্ষণৰ দায়িত্বত থকা বিভাগটো আজি বদনামী হৈ পৰিছে। বিভাগটোত আজি শইকীয়া ফৰেষ্টাৰৰ দৰে ব্যক্তিৰ প্ৰয়োজন নহ’লে অন্তিম সম্পদ খিনিও ধ্বংস হ’ব। দূৰ্ভাগ্যৰ কথা, তেখেত বদলি হৈ যোৱাৰ পাছত নিজে গঢ়ি থৈ যোৱা সেউজীয়া অৰণ্যখনও ধ্বংস হ’ল। অৱশিষ্ট ৪০% ভূমিত যি শালগছ আছিল প্ৰায় ১৯৯৭ চনত সেয়াও চোৰাং বেপাৰীৰ হাততে নিঃশেষ হ’ল।
ভাৰতৰ ‘ফৰেষ্ট মেন’ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ কথা নতুনকৈ বিশ্লেষণৰ প্ৰয়োজন নাই। এইজন সন্মানীয় ব্যক্তি আমাৰ ৰাজ্যখনৰে। বিশ্বৰ বৌদ্ধিকচামে তেখেতক ভালদৰে চিনি পায়। মোলাই কাঠনি তেখেতৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠা এক বিশাল অৰণ্য অঞ্চল। তেখেতে নিজৰ মুনাফাৰ বাবে এই বনাঞ্চল গঢ়া নাছিল, গঢ়িছিল ৰাজহুৱা স্বাৰ্থতহে। ব্যক্তিগত বিলাস পূৰণৰ স্বাৰ্থত বৰ্তমান এচাম বিষয়াকৰ্মচাৰীয়ে বনজ সম্পদ ধ্বংস যজ্ঞত নামি পৰাটো দূৰ্ভাগ্যৰ কথা। কিয়নো, বন সুৰক্ষাৰ বাবে চৰকাৰে উপযুক্ত দৰমহা দি বিষয়াকৰ্মচাৰী নিয়োগ কৰিছে। সৎ মানুহে সেই দৰমহাৰে নিজেও চলে পৰিয়ালকো চলাই আৰু তাৰে এটা অংশ ভৱিষ্যতৰ বাবে সাঁচিও ৰাখে। যাদৱ পায়েংহঁতৰ দৰে প্ৰকৃতিপ্ৰেমীসকলে গছ ৰোপণহে কৰে কিন্তু ব্যক্তিগত স্বাৰ্থত পৰিবেশ ধ্বংস নকৰে। জৰাশাল সংৰক্ষিত বনাঞ্চলত যিকেইডাল গছ জীয়াই আছে তাক উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰক। চকুৰ সন্মুখতে সংৰক্ষিত বনাঞ্চলসমূহ এনেদৰে ধ্বংস হৈ থকাৰ ফলত ৰাইজে বিভাগটোকে শত্ৰুজ্ঞান কৰিবলৈ লৈছে। সময় থাকোতে কথাবোৰ গুৰুত্ব দিয়া ভাল। নহ’লে ‘মানুহ
থাকিলে গছ নাথাকে’ এইষাৰ কথাহে সত্য প্ৰতিপন্ন হ’ব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward