Tuesday, November 30, 2021
Google search engine
HomeARTICLEআৰু মেচেজ নকৰিব

আৰু মেচেজ নকৰিব

প্ৰকাশিত তাৰিখঃ ২৯ জুন, ২০২০
খণ্ড আঠ       
সীমান্ত কাকতি
প্ৰথম মহাসমৰৰ পিছত বেচ কিছু বছৰ পুঁজিপতি দেশবোৰে নিহঃপালি দিলেও আমেৰিকা যুক্তৰাষ্ট্ৰ নতুন এক শক্তিৰ ৰাষ্ট্ৰ হিচাপে পৃথিৱীত উত্থান ঘটে। ১৯ শতিকাৰ তৃতীয় দশকৰ পৰা আন্তৰাষ্ট্ৰীয় ঘটনা পৰিঘটনাবোৰে পুনৰ নতুন ৰূপ লয়। জাৰ্মানীত হিটলাৰ আৰু ইটালিত মুছলিনীয়ে উগ্ৰ জাতীয়তাৰ কোলাত আশ্ৰয় লৈ সাম্ৰাজ্য শিৱিৰত নিজকে প্ৰতিষ্ঠা কৰি লয়। থিক একেদৰে এই সময়ছোৱাৰ এছিয়াত পোন প্ৰথমবাৰৰ বাবে জাপানেও সাম্ৰাজ্যবাদী দেশৰ তালিকাত অন্তৰ্ভূক্ত হয়। উগ্ৰ জাতীয়তাবাদী শিৱিৰত হিটলাৰে আৰু মুছলিনীয়ে প্ৰধান ভুমিকা পালন কৰে। নিজৰ জাতিৰ বাহিৰে আন জাতিৰ প্ৰতি ঘৃণাৰ সঞ্চাৰ কৰাত দুয়ো ৰাষ্ট্ৰ প্ৰধানে প্ৰচাৰ মাধ্যমক নিজৰ বহতীয়া কৰি লয়। এক মানৱতা বিৰোধী পৰিবেশ ৰচনা কৰি দেশৰ জনগণৰ মনোযোগ অন্য ফালে ঢাল খুওৱাই আছিল সিহঁতৰ কুটিল ৰাজনীতি। বিশেষকৈ জাৰ্মানীত হিটলাৰে জাৰ্মান জাতিক পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ জাতি হিচাপে গঢ়িবলৈ গৈ ইহুদী জাতি নিঃশেষ কৰাৰ যি পৰিকল্পনা হাতত লৈছিল সি যেন আজিও ইতিহাসৰ এক কলংকিত অধ্যায়। নিজৰ প্ৰভুত্ব, ক্ষমতাত বলিয়ান হৈ কেৱল সামৰিক উপায়ে সমগ্ৰ বিশ্ব জিনাৰ অদম্য হেঁপাহৰ মূলতে আছিল সাম্ৰাজ্যবাদী দৃষ্টিভঙ্গী। সেয়ে দেশেদেশে যুদ্ধৰ বিভীষিকা আনি হিটলাৰে লাখ লাখ মানুহ হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। হিটলাৰৰ বহতীয়া সামৰিক বাহিনীয়ে সামান্য দোষতে ইহুদী জাতিৰ ওপৰত নৃশংস অত্যাচাৰ চলাই মৃত্যুৰ উপত্যকা সজাইছিল। প্ৰথম বিশ্বযুদ্ধত নিঃশকতীয়া হৈ পৰা অনান্য পুঁজিপতি ৰাষ্ট্ৰবোৰে হিটলাৰৰ এনে অত্যাচাৰ দেখিও নিজে এক সুৰক্ষিত অৱস্থানত থাকি নিজক বচাই চলিছিল। এই ৰাষ্ট্ৰসমূহে পৰোক্ষভাৱে হিটলাৰৰ দৌৰাত্মক সমৰ্থন জনোৱাহে পৰিলক্ষিত হৈছিল। হিটলাৰৰ দ্বাৰা সংঘটিত ঘটনাবোৰে অনুপমাক সাংঘাটিক বিচলিত কৰি তুলিছিল। বিশেষকৈ অনান্য ইউৰোপীয় ৰাষ্ট্ৰসমূহে হিটলাৰৰ মানৱতা বিৰোধী কাৰ্যক যিদৰে মৌন সমৰ্থন কৰিছিল তাকে লৈয়েই বহুত আচৰিত হৈছিল। অনুপমাই উপলব্ধি কৰিছিল সেই সময়ৰ সকলো আন্তঃৰাষ্ট্ৰীয় গতিবিধি লক্ষ্য কৰি এই কথা অনুধাৱন কৰিছিল যে সেই সময়ত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা কমিউনিষ্ট ৰাষ্ট্ৰ ৰাছিয়াৰ প্ৰতি আছিল ইহঁতৰ চৰম ঘৃণা। সেয়ে পাকে প্ৰকাৰে এই ৰাষ্ট্ৰসমূহে হিটলাৰৰ কাৰ্য্যক সমৰ্থন জনাই, ৰাছিয়া আক্ৰমণৰ উদ্গনি জনাইছিল। অনুপমাই এই ঘটনাৰ ক্ৰমনিকাৰে বুজি পালে আচলতে মানৱতাৰ প্ৰধান শক্ৰ কোনবোৰ শক্তি।
ইউৰোপৰ ইতিহাসে অনুপমাক মন প্ৰাণত সঁচাকৈয়েই আলোড়িত কৰিছিল। মানুহৰ ঐতিহাসিক যি ক্ৰমঃবিকাশ তাই যেন তাত বিচাৰি পাইছিল। অজানা বহু কথাই মনক সজীৱ কৰি তুলিলে। এতিয়াহে তাইৰ উপলব্ধি হ আধুনিক জ্ঞানবিজ্ঞানৰ বিকাশত ইউৰোপৰ বিভিন্ন দেশ প্ৰকৃততে বাটকটীয়া। অনুপমাই পৰ্য্যবেক্ষণ কৰিলে যে যি সময়ত ইউৰোপৰ মানুহ জ্ঞানবিজ্ঞানৰ শীৰ্ষত অৱস্থান কৰিছিল, তেতিয়াও এছিয়া, আফ্ৰিকাৰ বিভিন্ন দেশসমুহ জনজাতীয় আবেষ্টনীতে নাইবা ধৰ্মৰ গোড়ামীৰে দ্বিবিভক্ত হৈ আছিল। ধৰ্মান্ধতাত পৰি প্ৰতিষ্ঠিত অৰ্থ ৰাজনৈতিক ব্যৱস্থাটো সেইদৰেই গঢ় লৈছিল। কেৱল একাংশ মানুহৰ ভোগ বিলাসৰ মাজেৰেই সমাজখনে গতি কৰিছিল। ১৭,১৮,১৯ শতিকাত তেনে সামাজিক পটভুমিতে পুঁজিবাদী দেশবোৰে এই দেশবোৰক প্ৰায় সামৰিকভাৱেই দখল কৰি লয়। এই পুঁজিবাদী দেশবোৰৰ এটাই উদ্দেশ্য নিৰ্দিষ্ট দেশবোৰৰ পৰা কেঁচামাল উলিয়াই নিয়া, সেয়ে সামন্তীয় ব্যৱস্থাটোৰ লগত সংঘৰ্ষ নকৰি সহযোগিতা কৰিহে শাসনৰ বাঘজৰী হাতত লৈছিল। ইউৰোপৰ ইতিহাস পঢ়ি অনুপমাই এই কথা স্পষ্ট যে সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন নহলে কোনো সমাজে আধুনিক জ্ঞানবিজ্ঞানৰ সৈতে খোজ মিলাই চলিব নোৱাৰে। আনহাতে জ্ঞানবিজ্ঞানৰ অধিকাৰী লেও এই ইউৰোপৰ মানুহেই আকৌ প্ৰথম আৰু দ্বিতীয় মহাসমৰেৰে পৃথিৱীৰ জনতালৈ বিভীষিকা নমাই আনে। এই মহাসমৰৰ লগত সাধাৰণ মানুহৰ কোনো সম্পৰ্ক নাছিল, কেৱল একাংশ পুঁজিপতিৰহে শ্ৰেণী স্বাৰ্থ লুকাই আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰাক্‌ক্ষণত লব্ধ জ্ঞানৰ মাজেৰে অনুপমাই বুজি পালে হিটলাৰৰ উত্থানত ইউৰোপৰ একাংশ ৰাষ্ট্ৰ উৎফুল্লিত হৈ পৰিছিল, কেৱল কমিউনিষ্ট ৰাষ্ট্ৰ ৰাছিয়াক ধ্বংস কৰাৰ বাবে। লেলিনৰ মৃত্যুৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধান ষ্টেলিন, যিজন লোক এটা সময়ত লেলিনৰ একান্ত অনুগামী ৰূপে সকলোৰে পৰিচিত। তেওঁ লেলিনতকৈ কঠোৰ অনুশাসন আৰু সুস্থিৰ অৰ্থনৈতিক পৰিকল্পনাৰে আধুনিক ৰাছিয়াৰ জন্ম দিছিল। যুদ্ধ বিধ্বস্ত ৰাছিয়াৰ পুনৰ্গঠন প্ৰক্ৰিয়াত তেওঁৰ অৰিহণা অপৰিসীম। লেলিনে সমাজবাদী অৰ্থনীতিৰ আধৰুৱা সপোন পুৰাবলৈ ষ্টেলিনে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক খোজটো পেলাইছিলহে মাত্ৰ থিক তেনেতে হিটলাৰে ৰাছিয়া আক্ৰমণ কৰে।
 
লেখকৰ যোগাযোগ নম্বৰঃ 9864879227

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward