Thursday, December 2, 2021
Google search engine
HomeARTICLEআৰু মেচেজ নকৰিব

আৰু মেচেজ নকৰিব

প্ৰকাশিত তাৰিখঃ ২০ জুলাই, ২০২০

খণ্ড এঘাৰ        

সীমান্ত কাকতি

প্ৰকৃতাৰ্থত অনুপমাই দেখি থকা পৃথিৱীখনেই আচল সত্য নহয়। ইতিহাসৰ পৃষ্ঠাৰে লগ পোৱা এই অন্য এখন পৃথিৱীৰ খবৰে তাইক নতুন ধাৰণাৰ জন্ম দিলে। ধীৰে ধীৰে তাই দুখন পৃথিৱী দেখিবলৈ পোৱা হ’ল।

সমাজতান্ত্ৰিক দেশ এখন কি পূৰ্বচৰ্তৰ ভিত্তিত এখন সাম্যবাদী সমাজলৈ গতি কৰে তাক জানিবলৈ তাই পুনৰ দৰ্শন বিষয়ক কথা অধ্যয়ন কৰিবলগীয়া হ’ল। মাৰ্ক্সে তেওঁৰ বিভিন্ন তত্ত্বৰ মাজেৰে বহু দিশ উন্মোচন কৰাৰ লগতে ঐতিহাসিক বস্তুবাদী দৃষ্টিভংগীৰে আন এক ছবি দাঙি ধৰিছিল। তেওঁ উল্লেখ কৰিছিল মানুহে এদিন এই ঐতিহাসিক স্তৰতে আদিম সাম্যবাদীয়েই আছিল। বন্য অৱস্থাত মানুহৰ সকলো কথাই সমুহীয়া আছিল। একেলগে লগলাগি চিকাৰ আৰু চিকাৰৰ খাদ্য সমূহীয়াভাৱে ভগাই খাইছিল। যি কৰিছিল সমূহৰ ধাৰণাৰে পৰিচালিত হৈছিল। কিন্তু মানুহে এই স্তৰ পাৰ হৈয়েই যেতিয়া কৃষিজীৱি হ’ল আৰু পৰিয়ালতান্ত্ৰিক ব্যৱস্থা এটাৰ ফালে গতি কৰিলে থিক তেতিয়াই ব্যক্তিগত সা–সম্পত্তিৰ ধাৰণাই পুৰ্বৰ সামূহিক ধাৰণাক আঘাত সানিবলৈ ধৰে। ঐতিহাসিক বিভিন্ন স্তৰৰ মাজেদিয়েই সমাজখন গতি কৰে অন্য এক অৱস্থালৈ। এদিন জ্ঞান–বিজ্ঞানৰ ছত্ৰছায়াত এখন উন্নত সমাজ পাবলৈ এই মানুহে ন ন দৰ্শনৰ সৃষ্টি কৰিলে। গ্ৰীক সাম্ৰাজ্যৰ পৰাই এনে দৰ্শনৰ পুলি পোখা গজালি মেলিবলৈ ধৰে।

দৰ্শন বিষয়ক কথাবোৰত মুৰ গুজাৰ পৰা অনুপমাৰ পুৰ্বৰ ভাব–ভংগী, চিন্তা–ভাবনাৰ ৰূপ বহুত সলনি হৈছে। দিনটোৰ প্ৰায়খিনি সময় তাই তাইৰ পুথিভঁৰালতে সোমাই থাকে। অৱশ্যে ঘৰৰ কাম বুলিবলৈ তাইৰ বিশেষ নাথাকেও। কাম কৰা মানুহজনীয়ে সকলো কৰে। এই মহিলাগৰাকী তাইৰ গাঁওৰে, বিধৱা মহিলা। আজিৰ পৰা পাঁচ বছৰ আগতে একেবাৰে লৈ আহিছে। মহিলাজনীৰ একামাত্ৰ পাঁচবছৰীয়া ল’ৰাটোও লগত আনিছে। সি এতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ে। অনুপমাই তাৰ পঢ়াৰ সকলো ব্যৱস্থা কৰি দিছে। নিজৰ ল’ৰাহালৰ লেখিয়া তাকো সমানেই গুৰুত্ব দিয়ে। অনুপমাক সি বৰমা বুলিয়ে সম্বোধন কৰে। পঢ়া শুনাত তাৰ অলপ আগ্ৰহ কম যদিও মগজুটো কম বুলি ক’ব নোৱাৰি। বিভিন্ন কথা মনত ৰখাৰ বৰ ওস্তাদ। ঘৰখনৰ কি বস্তু ক’ত আছে তাৰ নখ দৰ্পনত। অনুপমাই ঘৰৰ সামগ্ৰীৰ তালিকাখন পাহৰি গ’লেই তাক মাতি সোধে, সিওঁ বৰমাকক মনত পেলাই দি সঠিক ঠাইৰ পৰাই হেৰোৱা বস্তুবোৰ উলিয়াই আনে। এই গুণটোৰ বাবেই অনুপমাই তাক বৰ মৰম কৰে। তথাপিও দোষ কৰিলে কঢ়া নজৰ নিদিয়াকৈও নাথাকে। সেয়ে বৰমাকক সি ভয়ো কৰে। বৰমাকে পুথিভঁৰালত সোমাই থাকিলে সি ওচৰতেই বহি নিজৰ শ্ৰেণী কোঠাৰ কৰণীয় কামবোৰ কৰি থাকে আৰু অতি প্ৰয়োজনীয় বুজি নোপোৱা কথা হ’লে বৰমাকক সুধি লয় আকৌ নিজৰ পঢ়াত লাগি যায়। সত্যৰঞ্জনে অনুপমাৰ ক্ৰমশঃ গহীন ৰূপটো লক্ষ্য নকৰা নহয়, কৰিছে, ভালো লাগিছে। এদিন সিও অভিযান্ত্ৰিক কলেজত নাম লগাবলৈ গৈ থিক এইদৰেই গহীন হৈ পৰিছিল। পৰীক্ষাৰ ভাল ফলাফল কৰাৰ স্বাৰ্থত কেৱল পঢ়িছিল। অৱশ্যে তাৰ ফলাফল সি পৰীক্ষাৰ ফলাফলেৰেই পাইছে। পৰীক্ষাৰ ফলাফলে তাৰ চাকৰিটো পোৱাত একেবাৰে সহজ কৰি তুলিছে। অনুপমাৰ লিখা মেলা সম্পৰ্কত তাৰ বন্ধুবৰ্গই উচ্চ প্ৰসংশা কৰে। সেই কথাটোৱে সত্যৰঞ্জনক গৰ্বিত কৰি তোলে। ঘৰত শুই বহি থকাতকৈ অনুপমাই নিজেই অধ্যয়নৰত হৈ যি সাহিত্যিক যাত্ৰা আৰম্ভ কৰিছে, সেই কথাটোতে তেওঁ বিৰাতকৈ সন্তুষ্টি লভিছে। গিৰিয়েকৰ এই সহানুভূতিৰ বাবেই অনুপমা থমকি ৰ’বলগা হোৱা নাই। সত্যৰঞ্জন সঁচাকৈ এজন সদৰ্থক চিন্তাৰ মানুহ।

 

লেখকৰ যোগাযোগ নম্বৰঃ 9864879227

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward