Saturday, November 27, 2021
Google search engine
HomeARTICLEবাণিজ্যিকভাৱে প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো অসমত কঁঠালৰ খেতি অৱহেলিতঃ ৰাভা হাছং স্বায়ত্তশাসিত...

বাণিজ্যিকভাৱে প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো অসমত কঁঠালৰ খেতি অৱহেলিতঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ইয়াৰ প্ৰথম গুৰি ব’ঠা ধৰক

প্ৰকাশিত তাৰিখঃ ৭ ছেপ্টেম্বৰ, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

কঁঠালত ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধী ক্ষমতা থকা বুলি গৱেষকসকলৰ তথ্যত প্ৰকাশ পোৱাৰ পাছত ফলবিধে বিশ্বৰ ‘ছুপাৰ ফুড’ৰ তালিকাভূক্ত হৈ পৰিল। লক্‌ডাউনৰ ভৰপক সময়ছোৱাত বিশ্বজুৰি এই খবৰে সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকত, নিউজ পৰ্টেল, ৰেডিঅ, টিভি চেনেলসমূহত এই খবৰ গুৰুত্বসহকাৰে প্ৰচাৰ কৰিছে। বিপৰীতে– এই সংবাদ আমাৰ ৰাজ্যৰ বাতৰি কাকত, টিভি চেনেল, অনলাইন পৰ্টেল আদিতো গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছে। লগেলগে সমগ্ৰ বিশ্বত কঁঠালৰ প্ৰচণ্ড জোৱাৰ আহিল। কঁঠাল বিচৰা লোকৰ সংখ্যা বাঢ়ি যোৱাত কঁঠাল আৰু গুটিৰ দামও ঊৰ্ধমুখী হ’ল। পুৰ্বতে যিটো কঁঠালৰ দাম ৩০–৪০টকা আছিল সেইটো একেকোবে দুশ–তিনিশলৈ উঠি গ’ল। প্ৰতিকিলোত ১৫–২০ টকা দৰত পোৱা গুটিৰ দাম মুহুৰ্ততে প্ৰতিটোত ১৫টকা হ’ল। ইপিনে, বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ পৰা কঁঠাল, গুটি আৰু ফলবিধৰ পৰা উৎপাদিত খাদ্য–দ্ৰব্য আমদানি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাত ব্যৱসায়ৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰিলে কেৰালাই। লগতে– অনলাইনতো কঁঠালৰ এখন নিকপকপীয়া বজাৰ গঢ়ি উঠিল।

উল্লেখযোগ্য যে, বিশেষজ্ঞসকলে চলোৱা পৰীক্ষা–নিৰীক্ষাৰ অন্তত কঁঠাল হৃদৰোগী, ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ফল বুলি প্ৰমাণিত হৈছে। ‘চি’ আৰু ‘এ’ ভিটামিন প্ৰচুৰ পৰিমাণে থকা বাবে কঁঠাল খালে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। কঁঠালে ৰক্তহীনতা দূৰ কৰাই নহয় দৃষ্টি শক্তিও অক্ষুণ্ণ ৰাখে তদুপৰি শৰীৰৰ পৰিপাক প্ৰণালীতো যোগাত্মক প্ৰভাৱ পেলায় বুলি প্ৰকাশ পাইছে। বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছ আৰু কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধিকো প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে এই ফলবিধৰ।

উত্তৰ–পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাত যথেষ্ট পৰিমাণৰ কঁঠাল উৎপন্ন হয়। যদিও– ৰাজ্যকেইখনৰ ভিতৰত বাণিজ্যিকভাৱে সৰ্বাধিক কঁঠাল উৎপন্ন কৰে ত্ৰিপুৰাই। আনহাতে– দেশৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত কেৰালা, তামিলনাডু, পশ্চিম বংগ আৰু ওড়িশাত প্ৰচুৰ পৰিমাণে কঁঠাল উৎপন্ন হয়। কিন্তু বাণিজ্যিকভাৱে সৰ্বাধিক কঁঠাল উৎপন্ন কৰি আহিছে কেৰালাইহে। ইপিনে, বিশ্বৰ ভিতৰত মালয়ছিয়া আৰু বাংলাদেশত অধিক আৰু শ্ৰীলংকাতো কম–বেছি পৰিমাণে কঁঠাল উৎপন্ন হয়।ইতিমধ্যে, ত্ৰিপুৰা আৰু কেৰালাই কঁঠালৰ পৰা বিভিন্ন খাদ্য–দ্ৰব্য উৎপাদনৰ লগতে দেশ–বিদেশত ৰপ্তানি কৰিবলৈও সক্ষম হৈছে।

লক্ষ্য কৰিবলগীয়া কথা যে– ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বত, ছুপাৰ ফুড হিচাপেখ্যাতি লাভকৰা কঁঠালৰ পৰা প্ৰস্তুত হোৱা বিভিন্ন প্ৰকাৰৰ ৰুচি সম্পন্ন খাদ্য–দ্ৰব্যৰ সমাদৰ আগৰেপৰাই আছিল। বৰ্তমান বিশ্বৰ বজাৰসমূহত এই সামগ্ৰীৰ সমাদৰ দিনক দিনে বাঢ়ি যাব ধৰিছে। ইতিমধ্যে, বিশ্বৰ বিভিন্ন দেশত কুমলীয়া কঁঠালক মাংসৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছেই। উল্লেখনীয় যে, কঁঠালৰ পৰা উৎপাদিত খাদ্য–দ্ৰব্যৰ বিশ্বত এখন বাণিজ্যিকক্ষেত্ৰ আছে, ভৱিষ্যতে এইক্ষেত্ৰখন প্ৰসাৰৰ এক বিশাল সম্ভাৱনাও থকা বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। কঁঠাল খেতিক যে অৰ্থ উপাৰ্জনৰ পথ হিচাপে গ্ৰহণ কৰিব পাৰি সেয়া– ত্ৰিপুৰা আৰু কেৰালাই ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে। ফলবিধৰ বাণিজ্যিক সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰে ২০১৮ চনত কঁঠালক ‘ৰাজ্যিক ফল’ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ৰাজ্যখনে তেতিয়াৰ পৰা ফলবিধৰ ওপৰত বিভিন্ন পৰীক্ষা–নিৰীক্ষাৰ লগতে গৱেষণা কাৰ্যও অব্যাহত ৰাখিছে। বৰ্তমান ৰাজ্যখনত প্ৰায় দুশ বিধ কঁঠালৰ জাত আছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে। ইপিনে, উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত অৱস্থিত উদ্যানশস্য গৱেষণা প্ৰতিষ্ঠানে (Horticulture Research Institute) আকৌ সমগ্ৰ দেশৰ ভিতৰত বিভিন্ন জাতৰ ৫৪বিধ কঁঠাল পোৱা বুলি উল্লেখ কৰিছে।

আমাৰ নিচেই চুবুৰীয়া মেঘালয় চৰকাৰে আজি দুবছৰ আগতে ফল–মূল সমূহক নষ্ট হোৱাৰ পূৰ্বে উপযুক্ত সংৰক্ষণেৰে গাঁও তথা চহৰত জীৱিকা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাৰ ভিতৰত কঁঠালকে বিশেষভাৱে প্ৰাধান্য দিছিল। কিয়নো, মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিশ্বত কঁঠালৰ পৰা উৎপন্ন খাদ্য–দ্ৰব্যৰ এক বিশাল বাণিজ্যিক সম্ভাৱনা দেখিছিল। সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কঁঠাল খেতিৰ জৰিয়তে বিশ্ব জয় কৰাৰ সপোন মনতে পুহি ৰাখিছিল। য’ত– সংস্থাপিত হ’ব ৰাজ্যখনৰ বহুসংখ্যক নিবনুৱা আৰু টনকিয়াল হ’ব ৰাজ্যৰ কষি অৰ্থনীতিৰ ভেটি। সেইমৰ্মে ২০১৮ চনত ‘মিছন জেকফ্ৰুইট’ (Mission Jackfruit) গঠনেৰে অভিযানৰ আন্তঃগাঁথনিৰ কাম–কাজ আৰম্ভ কৰিছিল। পাঁচ বছৰীয়া পৰিকল্পনাৰে আৰম্ভ কৰা এই অভিযানত ২০২৩ চনৰ ভিতৰত ৰাজ্যখনত প্ৰায় ৬০ হেজাৰ কৃষকক লাভান্বিত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। অৱশ্যে, ৰাজ্যখনৰ গাৰোপাহাৰৰ বিভিন্ন জিলাত কঁঠাল আৰু কাজু খেতি আজিৰ পৰা বহু বছৰ পূৰ্বে আৰম্ভ হৈছিল। পশ্চিম খাছি পাহাৰ জিলাৰ ৰাণীকৰ মহকুমাৰ অন্তৰ্গত ৰাণীকৰ, বৰচ’ৰা আৰু নংজুৰি আদি ঠাইত ২০০০ চনতেই কঁঠাল আৰু কাজুৰ ডাঙৰ ডাঙৰ বাগান আৰম্ভ কৰিছিল। বৰ্তমান ৰাজ্যখনৰ কেইবাগৰাকীও নতুন উদ্যোমীয়ে কঁঠালৰ পৰা বিভিন্ন ধৰণৰ খাদ্য–দ্ৰব্য উৎপাদন কৰি আহিছে। তেওঁলোকে উৎপাদন কৰা সামগ্ৰীসমূহ বজাৰ দখলৰ পিনে গতি কৰাৰ লগতে ইয়াৰ জনপ্ৰিয়তাও দিনকদিনে বাঢ়িব ধৰিছে। ইতিমধ্যে, উত্তৰ–পূৰ্ব্বাঞ্চলত বাণিজ্যিকভাৱে কঁঠালৰ বাগান স্থাপন, বিভিন্ন খাদ্য–দ্ৰব্য উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ত্ৰিপুৰাই প্ৰথম আৰু মেঘালয়ে দ্বিতীয় স্থান অধিকাৰ কৰিছেই।

অসমত পোৱা সুমিষ্ট কঁঠাল আৰু গুটি অসমীয়াৰ প্ৰিয় খাদ্য। কুমলীয়া কঁঠাল (মছি) অসমীয়াৰ প্ৰিয় ব্যঞ্জনৰ তালিকাত অন্তৰ্ভূক্ত। কঁঠালৰ পৰা বিভিন্ন মুখৰোচক খাদ্য–দ্ৰব্য উৎপন্ন কৰি আহিলেও বাণিজ্যিক ভিত্তিত ফলবিধৰ বাগান এতিয়ালৈকে ৰাজ্যখনত গঢ়ি উঠাৰ খবৰ শুনা নাই। প্ৰাকৃতিকভাৱে গঁজা অথবা বাৰীকোণত দুই–এডাল কঁঠাল ৰোপণতে আমাৰ দায়িত্ব শেষ হৈছে। ইপিনে, গাঁও অঞ্চলত বছৰি বহু পৰিমাণৰ কঁঠাল গছতে পকি সৰি যায়। সেই ফলবোৰ নষ্ট হোৱাৰ আগতে উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰে খাদ্য–দ্ৰব্য প্ৰস্তুত কৰিব পাৰিলে গাঁওৰ লোকসকলেই আৰ্থিকভাৱে উপকৃত হ’লহেতেন। বিশেষ মন কৰিবলগীয়া যে, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীৰ পৰা মুদুকীলৈ আৰু পলাশবাৰী সমষ্টিৰ চানডুবি বিলৰ আশে–পাশে হাজাৰ–হাজাৰ বিঘা কৃষি উপযোগী ভূমি আছে। তাৰ ভিতৰত বহু পৰিমাণৰ ভূমি বছৰ পিছত বছৰ ধৰি খেতি–বাতি নোহোৱাকৈ পৰি আছে। উল্লেখ্য যে, এই বিশাল পৰিমাণৰ ভূমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ অন্তৰ্গত। বজাৰত কঁঠাল, তথা ইয়াৰ পৰা উৎপাদিত সামগ্ৰীৰ চাহিদা দিনক দিনে বাঢ়ি অহাৰ প্ৰতি লক্ষ্যৰাখি এই অঞ্চলবোৰত বাণিজ্যিকভাৱে ফলবিধৰ বাগান স্থাপনত মনোনিৱেশ কৰিব পাৰিলে নিশ্চয় বেয়া নহ’ব। ঘৰৰ প্ৰয়োজনীয়তা পূৰাবলৈ দুই–এডাল কঁঠাল ৰোপণতে সমাপ্ত নকৰি বাণিজ্যিকভাৱে ফলবিধৰ বাগান স্থাপনৰ কথাই ভাবক। যিহেতু কঁঠাল গছ প্ৰাকৃতিক তথা জৈৱিক প্ৰক্ৰিয়াৰে ডাঙৰ–দীঘল হয়। গছডাল বৃদ্ধিৰ কাৰণে ৰাসায়নিক সাৰ–ঔষধ আদিৰ প্ৰয়োজন নহয়। বাগানখন স্থাপনৰ ক্ষেত্ৰত আনৰ ওচৰত ধন বিচাৰি হাত পাতিবলগীয়াও নহয় কিয়নো সামান্য পৰিমাণৰ ধন খৰচ কৰিয়েই উক্ত ফলবিধৰ ডাঙৰ বাগান এখন গঢ়ি তুলিব পাৰি। কাৰণ সুমিষ্ট কঁঠালৰ জাত ঘৰৰ ওচৰে–পাজৰে পোৱা যায়। তেনে এটি কঠালৰ পৰা প্ৰায় এশডাল পুলি উৎপাদন কৰিব পাৰি। তদুপৰি, বাগানখনৰ গছবোৰ প্ৰতিপালনতো বৰ বেছি সময় খৰচ কৰিব নালাগে। গা–গছ অথবা ফলবোৰৰ অন্য বেমাৰ–আজাৰ তেনেকৈ নাই বুলিয়েই ক’ব পাৰি। আজিকালি উদ্ভাৱন হোৱা আধুনিক পদ্ধতি অৱলম্বন কৰিলে ৩–৪ বছৰতে কঁঠাল গছৰ পৰা ফল আশা কৰিব পাৰি।   

দেখা গৈছে– আমাৰ চুবুৰীয়া ত্ৰিপুৰা আৰু মেঘালয় চৰকাৰে কঁঠালৰ ওপৰত বিশেষ গুৰুত্ব দি প্ৰয়োজনীয় আন্তঃগাঁথনি গঠন কৰি থকা সময়ত অসমে এইখেতিবিধক অৱহেলাৰ দৃষ্টিৰে ছোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে, ত্ৰিপুৰাই কঁঠালৰ পৰা উৎপাদিত বিভিন্ন খাদ্য–দ্ৰব্য দেশ–বিদেশত ৰপ্তানি কৰি ৰাজ্যখনৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাত অৰিহণা যোগাইছে। ইপিনে, মেঘালয়ৰ বহুকেইজন যুৱ উদ্যোমীয়ে কঁঠাল ভিত্তিক খাদ্য সংসাধন উদ্যোগ গঢ়ি তুলিছে। তেওঁলোকৰ উৎপাদিত খাদ্য–দ্ৰব্যই বজাৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱাত ৰাজ্যখনৰ যুৱ প্ৰজন্মই ফলবিধৰ খেতিৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। এয়া মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দক্ষ নেতৃত্বৰ ফচল বুলি ক’বই লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কঁঠাল ভিত্তিক খাদ্য সংসাধন উদ্যোগ গঢ়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক যথেষ্টখিনি সা–সুবিধা আগবঢ়াইছে। কিন্তু আমাৰ অসমে এই প্ৰচেষ্টা গ্ৰহণ কৰা দূৰৈৰ কথা– কঁঠাল ভিত্তিক উদ্যোগেও যে ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানত অৰিহনা যোগোৱাৰ সম্ভাৱনা আছে সেই কথাকে ৰাইজক জানিবলৈ দিয়া হোৱা নাই। প্ৰচুৰ সম্ভাৱনা থকা ফলবিধৰ পৰা ৰাজ্যখনত খাদ্য সংসাধন ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট থল আছিল। উন্নত মানসম্পন্ন খাদ্য–দ্ৰব্য উৎপাদন কৰিলে দেশ–বিদেশত ৰপ্তানিও কৰিব পৰা বাট মুকলি আছে। কাৰণ এইক্ষেত্ৰত আগভাগ লোৱা ‘এপেডা’ নামৰ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাটোৰ কাৰ্যালয় আমাৰ গুৱাহাটীতে আছে। কিন্তু ৰাজ্য চৰকাৰৰ অমনোযোগিতাৰ বাবে এই কাম হৈ উঠা নাই। সেয়ে– ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে নিজৰ পৰিষদীয় এলেকাৰ পৰা এই কাম প্ৰথম আৰম্ভ কৰক। যিহেতু উল্লিখিত বিশাল পৰিমাণৰ ভূমি পৰিষদীয় এলেকাভূক্ত তেনেক্ষেত্ৰত পৰিষদৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে খেতিবিধৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলৰ ব্যৱস্থা কৰক।   

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward