Monday, July 4, 2022
Google search engine
HomeARTICLEমাকৰ সৈতে বিচ্ছিন্ন হাতী পোৱালি উদ্ধাৰ বিপৰীতে বিদ্যুৎপিষ্ট হৈ দুটা হাতীৰ মৃত্যুঃ...

মাকৰ সৈতে বিচ্ছিন্ন হাতী পোৱালি উদ্ধাৰ বিপৰীতে বিদ্যুৎপিষ্ট হৈ দুটা হাতীৰ মৃত্যুঃ বিদ্যুৎ বিভাগেও দায়ী নহয় নে?

প্ৰকাশিত তাৰিখঃ ৫ অক্টোবৰ, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

পশ্চিম গুৱাহাটীৰ ৰাণী চাহ বাগিছাৰ পাহাৰৰ কাষৰ গাত এটাত হাতী পোৱালি এটি উদ্ধাৰ হয়। মাকৰ সৈতে বিচ্ছিন্ন হৈ পোৱালিটো কেনেকৈনো গাতত পৰি থাকিল সেয়া জানিব পৰা নগ’ল, যোৱা ৪ ছেপ্টেম্বৰ শুক্ৰবাৰৰ ৰাতিপুৱাৰ এই ঘটনা। সেইসময়ত বাগিছাখনৰ কেইজনমান কৰ্মচাৰীয়ে নিজৰ কৰ্তব্য পালনৰ বাবে পাহাৰৰ কাষৰ ফালে গৈছিল। পাহাৰৰ নামনিত কিছু সময় ইফাল–সিফাল কৰি থাকোতে ওচৰৰে গাতৰ ভিতৰত হাতী পোৱালি এটা পৰি থকা অৱস্থাত দেখা পায়। তেওঁলোকে ইফাল–সিফাল নিৰীক্ষণ কৰিও পোৱালিটোৰ মাকৰ অৱস্থিতিৰ উমান লাভ কৰিব পৰা নাছিল। কৰ্মচাৰীকেইজনে বিভিন্ন পদ্ধতি প্ৰয়োগ কৰি গাতটোৰ পৰা হাতী পোৱালিটো তুলি আনে। অকণো পলম নকৰি তেওঁলোকে ৰাণীস্থিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ খবৰ প্ৰেৰণ কৰে। লগতে গাতটোৰ বোকা–পানীত লুটুৰি–পুটুৰি আৰু ভোগ–ভাগৰত লৱেজান হৈ পৰা পোৱালিটোক গাখীৰ খুওৱাৰ ব্যৱস্থাও কৰে। গাখীৰ খোৱাৰ পাছত পোৱালিটো বহু পৰিমাণে সুস্থ হৈ উঠে আৰু সেইখিনি সময়তে বনাঞ্চলিক কাৰ্যালয়ৰ পৰা বন বিভাগৰ এটি দল ঘটনাস্থলীত উপস্থিত হয়। হাতী পোৱালিটোৰ কি ব্যৱস্থা কৰা হ’ব সেয়া বাগিছাৰ কৰ্মচাৰী আৰু বন বিভাগৰ দলটোৱে আলোচনা কৰি থকাৰ সময়ত ওচৰৰ পাহাৰখনত হাতী জাকৰ অৱস্থিতিৰ উমান লাভ কৰে। সেইজাকটোতে মাকজনী থকা বুলি অনুমান কৰি বন বিভাগে হাতী পোৱালিটোক পাহাৰৰ পিনে পঠিয়াই দিয়ে। পোৱালিটোৱে লাহে লাহে পাহাৰৰ পিনে খোজকাঢ়ি গৈ গৈ অৱশেষত মাক থকা জাকটোৰ সৈতে মিলিত হয়।

ইপিনে, ৰাণী চাহ বাগিছাখনৰ কাষৰে এখন গাঁও বাকাৰাপাৰাত বিদ্যুৎপিষ্ট হৈ দুটা (এটা মতা আনটো মাইকী) হাতীৰ মৃত্যু ঘটে। যোৱা ২৫ ছেপ্টেম্বৰৰ নিশা ১১মান বজাত সংঘটিত দূৰ্ঘটনাটোত নিহত হাতী দুটাৰ বয়স প্ৰায় ৩০ বছৰ। ঘটনাটো সংঘটিত হোৱাৰ সময়ত ধাৰাসাৰ বৰষুণ পৰি আছিল বাবে হাতীৰ তীব্ৰ আৰ্তনাদ শুনাৰ পাছতো মানুহে ওলাই আহি চাব পৰা নাছিল। বৰষুণ পাতল হোৱাৰ পাছত মানুহবোৰ ওলাই আহে আৰু এই মৰ্মান্তিক দৃশ্য দেখিবলৈ পায়। স্থানীয়লোকে লগেলগে ৰাণী বনাঞ্চলিক কাৰ্যালয়ক অৱগত কৰে আৰু এই খবৰ লাভ কৰি খৰখেদাকৈ ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ এটি দল। উল্লেখযোগ্য যে, আজাৰা–ৰাণী–মাইৰাং (এন ই চি) পথৰ সজ্জনপাৰাৰ পৰা বাকাৰাপাৰা গাঁৱলৈ দূৰত্ব প্ৰায় ১কিলোমিটাৰ। এন ই চি মূল পথটোৰ পৰা বাকাৰাপাৰা গাঁওৰ মাজেৰে পূব দিশৰ পাহাৰৰ নামনিলৈকে এটি গ্ৰাম্য পথ গৈছে। উক্ত পথৰ বাওঁফালে অৰ্থাৎ গাঁওখনৰ একেবাৰে শেষ প্ৰান্তত দুটা পৰিয়ালে বসবাস কৰে। গাঁৱৰ মূল চ’কটোৰ পৰা আগুৱাই গৈ এখন সৰু পথাৰ অতিক্ৰম কৰাৰ পাছত জীতু ৰাভাৰ ঘৰটো প্ৰথমে পোৱা যায়। আকৌ উক্ত পথৰ সোঁফালে অৰ্থাৎ দক্ষিণফালে পৰিয়াল দুটাৰ পদুলি মুখৰ পৰাই আৰম্ভ হৈছে ৰাণী চাহ বাগান। তাৰোপৰি– পথটোৰ কাষেৰে খুটা পুতি বিদ্যুৎ বিভাগেও পৰিয়াল দুটাক বিজুলী সংযোগ দিছে। পৰিয়াল দুটাৰ বস্তিত বাঁহ, কল, তামোল, নাৰিকল আদি সকলোবোৰ আছে। কিন্তু সেইবোৰ সম্পদ তেওঁলোকৰ পৰিয়ালৰ নহয় সকলোবোৰ যেন বনৰীয়া হাতীৰ বাবেহে উৎপন্ন কৰিছে। মানুহৰ বাধা নাপালে প্ৰতিদিনে বনৰীয়া হাতী বস্তিৰ ভিতৰত প্ৰৱেশৰ চেষ্টা চলায়। যোৱা ২৫ ছেপ্টেম্বৰৰ নিশা ২০টা মান হাতী গাঁওখনৰ বিভিন্ন ঠাইত বিচৰণ কৰিছিল। তাৰে কেইটামান হাতী জীতু ৰাভাৰ বস্তিটোত প্ৰৱেশ কৰিছিল। ইপিনে ধাৰাসাৰ বৰষুণৰ বাবে ঘৰৰ ওচৰত দেখা পোৱা হাতীকেইটাকহে আঁতৰাই দিয়াৰ কথা চিন্তা কৰিছিল। ঘৰৰ পৰা কিছু নিলগত থকা বাঁহজোপাত যে আৰু হাতী থাকিব সেয়া পৰিয়ালটোৱে অনুমান কৰিব পৰা নাছিল।

হয়, সেই জোপাটোতে দুটা হাতীয়ে বাঁহৰ গাঁজ ভাঙি খাই আছিল। বাঁহৰ গাঁজ হ’ল হাতীৰ অন্যতম প্ৰিয় খাদ্য। বৰ্তমান বাঁহবোৰ ওখ হৈ গৈছে যদিও আগৰ কুঁমলীয়া অংশটো এতিয়াও খাদ্যৰ উপযোগী হৈয়েই আছে। মন কৰিলবলগীয়া যে, খোৱাৰ সময়ত হাতীয়ে সম্পূৰ্ণ বাঁহডাল নষ্ট নকৰে, হেলনীয়াকৈ টানি আনি আগটোৰ যিখিনিৰ পৰা খোৱাৰ উপযোগী সেইখিনিতে ভাঙি দিয়ে, তাৰপাছত বাঁহডালৰ গুৰি অংশটো পুনৰ থিয় হৈ থাকে। হাতীয়ে এনেদৰে বাঁহৰ গাঁজ ঘৰৰ বস্তি–বাৰীতো খায় আৰু বনাঞ্চলতো খায়। দূৰ্ঘটনাস্থলীৰ বাঁহ জোপাটোত কেইবাডালো আগ ভঙা বাঁহ থিয় হৈ থকা দেখা গৈছে। সম্ভৱত– ‘তেনেকৈ বাঁহৰ আগ ভাঙি খাই থাকোতে সন্মুখেৰে যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত পৰি ছিঙি আহে আৰু গাত লাগি ধৰে। তীব্ৰ আৰ্তনাদ কৰি গাত লগা তাঁৰডাল গুচোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰিও বিফল হয়। এইদৰে বিপদত পৰা হাতীটোক আনটোৱে সহায় আগবঢ়াবলৈ যাওঁতে সিও একেদৰে মৃত্যুমুখত পৰে’। ৰাতিপুৱালৈ দুয়োটা হাতীৰ শুঁৰত বিদ্যুতৰ তাঁৰডাল লাগিয়েই আছিল। জাকটোৰ মাজৰে দুটা হাতী ভয়ংকৰ দূৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত বাকীবোৰ খৰখেদাকৈ বনাঞ্চলৈ ঢাপলি মেলিছিল। ইপিনে, যোৱা ২৬ ছেপ্টেম্বৰত বন বিভাগৰ সৈতে পশু চিকিৎসকৰ দল এটিও ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ যাৱতীয় কাম–কাজ সমাপনৰ পাছত পশু চিকিৎসকৰ দলটোৱে হাতী দুটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। অৱশেষত বন বিভাগে হাতী দুটা ঘটনাস্থলীৰ পৰা কিছু দূৰত নি পুতি থোৱাৰ ব্যৱস্থা কৰে।

উল্লেখনীয় যে– আজি কিছু বছৰ আগতে খাদ্যৰ সন্ধানত খেতিপথাৰলৈ অহা হাতীৰ জাকবোৰ আছিল বৃহৎ আৰু প্ৰতিটো জাকত হাতীৰ সংখ্যা প্ৰায় এশ–ডেৰশটা আছিল। সেয়ে মনুহে খেতিপথাৰলৈ হাতী অহাৰ উমান  বহু দূৰৰ পৰাই লাভ কৰিছিল। গতিকে খেতিপথাৰত নমাৰ আগতেই পুনৰ হাবিলৈ ওভোতাই পঠিওৱাৰ সুবিধাও লাভ কৰিছিল। কিন্তু এতিয়া এশ–ডেৰশটা হাতী থকা জাক খেতিপথাৰলৈ কমকৈ আহে। বন্যহস্তী বোৰও এতিয়া সৰু সৰু গোটত বিভক্ত হৈ পৰিছে। এটি গোটত– ১টা, ২টা, ৩টাৰ পৰা আৰম্ভ কৰি ২০–২৫ টা লৈকে থাকে। সৰু গোটৰ হাতীবোৰ ইমান নিঃশব্দে আহে যাৰফলত মানুহে তলকিবই নোৱাৰে। কোনো নিৰ্দিষ্ট সময়ৰ কথা নাই হাতীৰ যেতিয়াই মন তেতিয়াই জনাঞ্চলত প্ৰৱেশ কৰে। জনাঞ্চলৰ সাধাৰণ জাৰণিতো এতিয়া হাতী লুকাই থকা হ’ল। ফলত হাতী–মানুহৰ সংঘাতৰ সংখ্যাও বাঢ়ি গ’ল। এতিয়া মানুহে প্ৰতিটো মুহুৰ্ত বিপদৰ আশংকা লগত লৈ ঘূৰা–ফুৰা কৰিবলগা হৈছে। আজি বহুদিনৰ পৰা বাকাৰাপাৰা গাঁৱতো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত বন্যহস্তীয়ে দৈনিক প্ৰৱেশ কৰি আছিল। গাঁওখনৰ ওচৰতে থকা পাহাৰখনত আছে প্ৰায় ৬০–৭০ টা হাতী থকা এটি বৃহৎ জাক। সেই জাকটোৰ পৰাই সৰু–বৰ গোটত বিভক্ত হৈ গাঁওখনত প্ৰৱেশ কৰে আৰু এফালৰ পৰা কৃষকৰ তেজ–ঘামৰ ফচল তহিলং কৰি যায়। এতিয়া গাঁওবাসীয়ে হাতীৰ উপদ্ৰৱৰ কাৰণে খেতিপথাৰৰ ধান ৰক্ষা কৰিব নোৱাৰি বহু পৰিয়ালে ধান খেতিকে বাদ দিবলগীয়া হৈছে। ধানখেতি বাদ দিও মানুহখিনিয়ে ৰেহাই পোৱা নাই বস্তি–বাৰীৰ যি সম্পদ আছে এতিয়া সেইখিনিকো হাতীয়ে তহিলং কৰিব ধৰিছে। বৰ্তমান বন্যহস্তীৰ উপদ্ৰৱৰ ফলত নিজা বস্তিটোৰ সম্পদক সুৰক্ষা দিয়াটোও এক প্ৰকাৰ কঠিন হৈ পৰিছে।  

দেখা গৈছে– শক্তি বিভাগে যোগান ধৰা বিদ্যুৎ পৰিবাহী তাঁৰসমূহো এতিয়া ভয়ৰ অন্য এক কাৰক হৈ পৰিছে। বিভাগে গাঁও সমূহত যোগান ধৰা বিদ্যুৎ পৰিবাহী তাঁৰসমূহ উন্মুক্ত আৰু ই বহু ঠাইত ভয়ংকৰভাৱে ওলমি থকা দেখা যায়। বৰ্তমান তেনেবোৰ তাঁৰৰ দ্বাৰাই গাঁও অঞ্চলত বিদ্যুৎ সৰবৰাহ হৈ আছে। সেইবোৰ তাঁৰৰ ওচৰে–পাজৰে থকা কল, নাৰিকল, বাঁহ আদি হাতীয়ে খাবলৈ চেষ্টা কৰোতে বহুক্ষেত্ৰত অঘটন সংঘটিত হৈছে। এনেবোৰ ঘটনা আজি ৰাজ্যখনত সূলভ হৈ পৰিছে, সঘনাই ঘটি থকা এনেবোৰ দূৰ্ঘটনাত ইতিমধ্যে বহুকেইটা হাতীৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমসমূহত প্ৰকাশ পাইছে। এয়া বিদ্যুৎ বিভাগৰ অৱহেলাৰ ফচল। ইমানৰ পাছতো ৰাজ্যৰ বিদ্যুৎ বিভাগে হাত সাৱতি বহি থাকে আৰু বন বিভাগেও মৌন হৈ থাকে। ৰাণী হ’ল বনৰীয়া হাতীৰ উপদ্ৰুত অঞ্চল। সৰু–বৰ গোটত বিভক্ত হৈ পৰা হাতীৰ জাকে অঞ্চলটোৰ বস্তি আৰু খেতিপথাৰ সমূহত খাদ্যৰ সন্ধানত দৈনিক বিচৰণ কৰাৰ কথা বিদ্যুৎ বিভাগে সম্পূৰ্ণভাৱে জানে। তেনেক্ষেত্ৰত বিদ্যুৎ বিভাগে সেই বিপদ সংকুল বিজুলী পৰিবাহী তাঁৰ সমূহৰক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণত গুৰুত্ব দিয়া নাই কিয়? হাতীৰ উপদ্ৰুত অঞ্চলসমূহত উন্মুক্ত বৈদ্যুতিক তাঁৰৰ সলনি ‘কেবল’ ব্যৱহাৰ কৰিলে এই অঘটনৰ পৰা বহুখিনি হাত সাৰিব পৰা যাব। অ’তদিনে বিদ্যুৎ বিভাগে সেই ব্যৱস্থাটোকে কৰি তুলিব নোৱাৰাৰ কাৰণটোনো কি! তেনেক্ষেত্ৰত, বাকাৰাপাৰাৰ সেই দূৰ্ঘটনাটোৰ বাবে বিদ্যুৎ বিভাগেও দায়ী নহয় নে?   

শিৰোনাম ফটোঃ প্ৰভাত ৰাভা

Title Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward