Thursday, December 2, 2021
Google search engine
HomeARTICLEগান্ধীজীৰ আদৰ্শ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি

গান্ধীজীৰ আদৰ্শ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি

প্ৰকাশিত তাৰিখঃ ১২ অক্টোবৰ, ২০২০

হাফিজ আহমেদ

মহামানৱ মহাত্মা গান্ধীক নাথুৰাম গড্‌ছেই গুলীয়াই হত্যা কৰাৰ বাসত্তৰ বছৰ পাৰ হৈ গ’ল। কিন্তু গান্ধীজীৰ আদৰ্শৰ প্ৰাসংগিকতা আজিও বিদ্যমান। মহাত্মাৰ শিকনিৰাজিৰ প্ৰাসংগিকতা অনুভৱ কৰিয়েই ৰাষ্ট্ৰসংঘই দুই অক্টোবৰৰ দিনটোক আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস ৰূপে পালন কৰি আহিছে। বিশ্বৰ অনেক প্ৰখ্যাত ৰাজনৈতিক নেতা মহাত্মাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। মাৰ্টিন লুথাৰ কিং জুনিয়ৰে গান্ধীজীৰ শান্তি আৰু অহিংসাৰ বাণীৰে অনুপ্ৰাণিত হৈ চলোৱা সংগ্ৰামৰ জৰিয়তে মাৰ্কিন যুক্তৰাজ্যত বৰ্ণ বৈষম্যৰ অৱসান ঘটাবলৈ সক্ষম হৈছে, দক্ষিণ আফ্ৰিকাৰ প্ৰখ্যাত নেতা নেলচন মেণ্ডেলায়ো সত্যাগ্ৰহৰ জৰিয়তে দেশখনত চলি থকা বৰ্ণ বৈষম্য প্ৰথাৰ অৱসান ঘটাবলৈ সক্ষম হৈছে। কেইবছৰমান পূৰ্বে আমেৰিকাৰ টাইমছ আলোচনীয়ে চলোৱা এক সমীক্ষা মতে মহাত্মা গান্ধীয়েই আছিল বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তি। বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনেক বিশ্ববিদ্যালয়ত ‘গান্ধী অধ্যয়ন কেন্দ্ৰ’ স্থাপন কৰা হৈছে আৰু অনেক পণ্ডিত–গৱেষক গান্ধীজীৰ আদৰ্শক গভীৰভাৱে অধ্যয়নত ব্ৰতী হৈ আছে।

বিশ্বৰ বিভিন্ন প্ৰান্তত গান্ধীজীৰ আদৰ্শৰ প্ৰতি আগ্ৰহ বাঢ়ি গৈ থকাৰ সময়ত কিন্তু আমাৰ দেশৰ এচাম লোকে তেওঁৰ আদৰ্শক হেয় প্ৰতিপন্ন কৰিবলৈহে চেষ্টা কৰি আছে। গান্ধীজীৰ হত্যাকাৰী নাথুৰাম গড্‌ছেৰ নামত মন্দিৰ প্ৰতিষ্ঠা হৈছে, গড্‌ছেৰ মূৰ্তিক পূজা কৰি থকা হৈছে। মহাত্মা গান্ধীৰ আদৰ্শ আৰু ব্যক্তিত্বত কলংক–কালিমা সানিবলৈ গ্ৰন্থ প্ৰণয়ন কৰা হৈছে, লেখা প্ৰকাশ কৰি থকা হৈছে। ইয়াৰ মূল কাৰণ হৈছে– আদৰ্শগত সংঘাত। মহাত্মাৰ ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰৰূপে থিয় দি আছে। এনে হিন্দুত্ববাদী চিন্তাৰ বিপৰীতে মহাত্মা গান্ধীয়ে দেশৰ সকলো নাগৰিককে সম অধিকাৰ প্ৰদান কৰিবলৈ এখন গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কৈছিল আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত দেশৰ নেতৃবৃন্দই তেনেকুৱা এখন ৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰিছিল।

গান্ধীজীয়ে ধৰ্ম প্ৰতিজন ব্যক্তিৰে ব্যক্তিগত বিষয় বুলি গণ্য হোৱাটো বিচাৰিছিল। গান্ধীজীয়ে কৈছিল, ‘যিখন ভাতৰবৰ্ষ গঢ়াৰ বাবে মই আজীৱন প্ৰচেষ্টা চলাই আহিছোঁ, সেইখন ভাৰতবৰ্ষত সকলোৱে সমমৰ্যাদা পাব লাগিব, তেওঁৰ ধৰ্ম যিয়েই নহওক কিয়। ৰাষ্ট্ৰ সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ হ’ব লাগিব।’

এই সন্দৰ্ভত তেওঁ এইকথাও স্পষ্ট কৰি দিছিল যে ধৰ্ম কেতিয়াও জাতীয়তাবাদৰ মূল উপাদান হ’ব নোৱাৰে– ‘ধৰ্ম হ’ল মানুহ আৰু ভগৱানৰ মাজৰ ব্যক্তিগত বিষয়; ৰাজনীতি বা ৰাষ্ট্ৰ পৰিচালনাৰ কাৰ্যকলাপৰ লগত ইয়াক সংমিশ্ৰণ কৰি পেলোৱাটো উচিত নহয়।’ (হৰিজন, আগষ্ট ৩১, ১৯৪৭)।

সাম্প্ৰদায়িকতাবাদীসকলে ধৰ্মক ব্যৱহাৰ কৰে বিভাজনৰ আহিলা স্বৰূপে। আনহাতে, গান্ধীজীয়ে ধৰ্মক মানুহৰ মাজত ঐক্য সাধনৰ আহিলা স্বৰূপেহে ব্যৱহাৰ কৰিছিল। এই ক্ষেত্ৰত তেওঁ হিন্দু ধৰ্মৰ ভক্তিবাদ আৰু ইছলামৰ ছুফীবাদক তেওঁৰ চিন্তাৰ মূল ভেটিৰূপে গ্ৰহণ কৰিছিল। গান্ধীজীয়ে কৈছিল, ‘এজন হিন্দু লোক হিচাপে মই নিজকে এজন ভাল মুছলমান আৰু এজন ভাল খ্ৰীষ্টান বা পাৰ্ছী বুলিও গণ্য কৰোঁ।” গান্ধীজীৰ মতে নানা উপাদানেৰে গঠিত ধৰ্মৰ দুটা বৈশিষ্ট্য আছে। প্ৰতিটো ধৰ্মৰে কেতবোৰ বিশেষ ৰীতি–নীতি, তীৰ্থস্থান, পৱিত্ৰ ধৰ্মগ্ৰন্থ আদি থাকে, যিবোৰৰ জৰিয়তে ধৰ্মটোক চিহ্নিত কৰিব পাৰি। আনহাতে, প্ৰতিটো ধৰ্মৰ নৈতিক দিশ এটাও আছে, নিজা মূল্যবোধো আছে। এনে নৈতিকতা আৰু মূল্যবোধে সমাজৰ অন্যান্য ধৰ্মৰ লোকসকলক এটা বিশেষ ধৰ্মৰ লোকে কিদৰে ব্যৱহাৰ কৰিব তাৰ দিক্‌ নিৰ্দেশনা দিয়ে। সমাজত সচৰাচৰ ধৰ্মৰ বাহ্যিক দিশৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব দিয়া হয় যদিও নৈতিকতাই হৈছে ধৰ্মৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ দিশ। ঋষি–মুনিসকলে ধৰ্মীয় নৈতিকতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি মানুহৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ বাবে কাম কৰিছিল। মহাত্মা গান্ধীয়েও এই পথকে অনুসৰণ কৰিছিল। আনহাতে সাম্প্ৰদায়িকতাবাদী শক্তিয়ে ধৰ্মীয় চিহ্নবোৰত সৰ্বাধিক গুৰুত্ব দি মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰি শাসন–ক্ষমতা ভোগ কৰিব বিচাৰে। সেয়ে সাম্প্ৰদায়িক শক্তিবোৰে মহাত্মাৰ আদৰ্শৰ বিৰোধিতা কৰাটো নিতান্তই স্বাভাৱিক।

মহাত্মাই সপোন দেখিছিল হিন্দু আৰু মুছলমানে মিলি সৃষ্টি কৰা এক ঐক্যবদ্ধ ভাৰতবৰ্ষৰ। সপোনৰ ভাৰতবৰ্ষ। তেওঁৰ সপোনৰ ভাৰতবৰ্ষত সকলো জাতি আৰু ধৰ্মৰ লোকেই সমমৰ্যাদা লাভ কৰাটো তেওঁ কামনা কৰিছিল– “হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতিৰ এক দৃঢ় বান্ধোন অবিহনে ভাৰতবৰ্ষৰ স্বৰাজ এক অসম্ভৱ সপোন হৈয়েই থাকিব। ই কেৱল খন্তেকীয়া সপোন হ’লেই নহ’ব। এয়া হ’ব লাগিব সম–মৰ্যাদাৰ ওপৰত প্ৰতিষ্ঠিত বন্ধুত্ব, ইজনে সিজনৰ ধৰ্মীয় বিশ্বাসক সন্মান জনাব লাগিব।’ (ইয়ং ইণ্ডিয়া, অক্টোবৰ, ৬, ১৯২০)

মহাত্মাই এই কথা বাৰে বাৰে সোঁৱৰাই দিছিল যে ধৰ্মক কেতিয়াও ৰাজনৈতিক লক্ষ্যপূৰণ বা হিংসা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব নালাগে। তেওঁৰ মতে, কোনো ধৰ্মৰ লোকেই গোপনে অইন ধৰ্মৰ লোকৰ ক্ষতি কৰাৰ কথা ভবাটো উচিত নহয়। সেইদৰে কোনো ধৰ্মৰ লোকেই যাতে অইন ধৰ্মৰ লোকৰ প্ৰতি বেয়া ভাষা প্ৰয়োগ নকৰে, তাৰ প্ৰতিও সকলোৱে সতৰ্ক হ’ব লাগিব। পূৰ্বেই উল্লেখ কৰা হৈছে যে মহাত্মাই ধৰ্মৰ বাহ্যিকতাৰ ওপৰত নহয়, নৈতিকতাৰ ওপৰতহে গুৰুত্ব দিছিল। তেওঁৰ মতে, ‘প্ৰকৃত ধৰ্মীয় শিক্ষাৰ মূল কথা হ’ল– সকলোৱে মানৱ সেৱা কৰিব লাগে, সকলোৰে লগত বন্ধুত্ব স্থাপন কৰিব লাগে। ধৰ্মই আমাক ইজনে–সিজনৰ প্ৰতি বৈৰীভাৱ পোষণ কৰিবলৈ নিশিকায়। বন্ধুৰ লগত বন্ধুত্ব গঢ়ি তোলাটো সহজ। কিন্তু যিজনে তোমাক শত্ৰু বুলি গণ্য কৰে, তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰাটোহে প্ৰকৃত ধৰ্মৰ কথা। বাকী সকলো ব্যৱসায়ৰ বাহিৰে একো নহয়।’ (হৰিজন, মে’ ১৯, ১৯৪৭)।

গান্ধীজীয়ে ধৰ্মীয় সহিষ্ঞুতাৰ ওপৰত সদায়েই গুৰুত্ব আৰোপ কৰিছিল। বৰ্ণ, ধৰ্ম, জাতিৰ ভাদেভেদ নকৰি সকলো মানৱকে শ্ৰদ্ধা কৰাটো তেওঁ বিচাৰিছিল। সকলো ধৰণৰ ভেদাভেদ আৰু ঘৃণা দূৰ কৰিবলৈ মহাত্মাই বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত ভাৱৰ আদান–প্ৰদান হোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি ভাবিছিল। তেওঁ হিন্দু আৰু মুছলমানৰ লোকৰ মাজত ভাবৰ আদান–প্ৰদান হোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি ভাবিছিল। তেওঁ হিন্দু আৰু মুছলমানৰ মাজত পাৰস্পৰিক সহনশীলতাৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰিছিল আৰু এটা ধৰ্মীয় সম্প্ৰদায়ক অইন ধৰ্মীয় সম্প্ৰদায়ৰ খাদ্যাভ্যাস, উপাসনা পদ্ধতি আদিক শ্ৰদ্ধা কৰিবলৈ আহ্বান জনাইছিল। গান্ধীজীৰ মতে, ‘পাৰস্পৰিক সহনশীলতা সকলো সময়তে সকলো জাতিৰ বাবেই প্ৰয়োজনীয়। যদি হিন্দুসকলে মুছলমানসকলৰ ভগৱানক উপাসনা কৰা পদ্ধতি, তেওঁলোকৰ ৰীতি–নীতিক সহ্য নকৰে বা মুছলমানসকলে হিন্দুসকলৰ গো–পূজা বা মূৰ্তিপূজা দেখি অধৈৰ্য হৈ পৰে, তেন্তে আমি কেতিয়াও শান্তিত বাস কৰিব নোৱাৰিম। হিন্দু আৰু মুছলমানসকলৰ মাজত সকলোধৰণৰ বিবাদ দৰাচলতে নিজৰ মতামত অইনৰ ওপৰত জাপি দিয়াৰ ফলস্বৰূপেই সৃষ্টি হৈছে।” (ইয়ং ইণ্ডিয়া, ফেব্ৰুৱাৰী, ২৫, ১৯২০)

ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ জনতাৰ ধৰ্মীয় বিশ্বাসক গান্ধীজীয়ে ভাৰতীয় জাতীয়তাবাদৰ সৈতে মিহলি কৰিবলৈ সক্ষম হৈছিল। ব্যক্তিগত ধৰ্মীয় বিশ্বাসক যথোপযুক্ত সন্মান প্ৰদান কৰিলেও মহাত্মাই ভাৰতীয় জাতীয়তাবাদেই ভাতৰতীয় নাগৰিকৰ প্ৰথম পৰিচয় হোৱা উচিত বুলি মত প্ৰকাশ কৰিছিল, ‘জাতীয়তাবাদ সাম্প্ৰদায়িক পৰিচয়তকৈ সদায়েই অধিক গুৰুত্বপূৰ্ণ, সেইদিশৰ পৰা চাব গ’লে আমি সকলোৱে প্ৰথমতে ভাৰতীয়, তাৰ পিছতহে হিন্দু, মুছলমান, পাৰ্ছী বা খ্ৰীষ্টান।’ (ইয়ং ইণ্ডিয়া, ফেব্ৰুৱাৰী, ১৯২০)।

গান্ধীজীৰ এনে আদৰ্শ বৰ্তমানৰ ৰাজনৈতিক নেতাসকলে পালন কৰাটো জৰুৰী বুলি নাভাবে। কিন্তু গান্ধীজীক প্ৰতীক ৰূপে ব্যৱহাৰ কৰি শাসক–বিৰোধী সকলোৱে নিজৰ আদৰ্শ প্ৰসাৰিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। গান্ধীজীৰ জীৱনৰ মূল বাণী– বহুত্ববাদী জাতীয়তাবাদ, সাম্প্ৰদায়িক সম্প্ৰীতি, জাতীয় সংহতি আদি আজিৰ অধিকাংশ ৰাজনৈতিক দলৰ বাবেই মূল্যহীন। যেনে তেনে প্ৰকাৰে ক্ষমতা দখল কৰাই এনে ৰাজনৈতিক দলবোৰৰ মূল লক্ষ্য হৈ পৰিছে। সেয়ে গান্ধীজীৰ আদৰ্শ আজি বিপন্ন। চৰম ধৰ্মীয় অসহিষ্ঞুতা আৰু সাম্প্ৰদায়িকতাৰ বিষবাষ্প আজি বিয়পি পৰিছে সমগ্ৰ ভাৰতবৰ্ষজুৰি। ভাৰতীয় গণতন্ত্ৰ, সহনশীলতা আৰু একতাৰ কেইবাহাজাৰ বছৰীয়া গৌৰৱময় ইতিহাস আৰু ঐতিহ্যক সুৰক্ষিত কৰিবলৈ গান্ধীজীৰ আদৰ্শৰাজিক যথোপযুক্তভাৱে সুৰক্ষিত কৰিবই লাগিব। অন্যথা এক অন্ধকাৰময় ভৱিষ্যতৰ ফালে গতি কৰিব আমাৰ প্ৰিয় দেশখন।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward