Thursday, December 2, 2021
Google search engine
HomeUncategorizedৰাণী বনাঞ্চলক সুৰক্ষাৰ ব্যৱস্থা কৰিবনে চৰকাৰে?

ৰাণী বনাঞ্চলক সুৰক্ষাৰ ব্যৱস্থা কৰিবনে চৰকাৰে?

গুৱাহাটী মহানগৰীৰ জৈৱ–বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা

প্ৰকাশিত তাৰিখঃ ১৯ অক্টোবৰ, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

গুৱাহাটী মহানগৰীৰ জৈৱ–বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ বাবে পাৰ্শ্বৱৰ্তী ৰাণী বনাঞ্চল অতি গুৰুত্বপূৰ্ণ। মহানগৰীৰ গাতে লাগি থকা এই বনাঞ্চলখন পূব–কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত আৰু অসম–মেঘালয় সীমান্তত অৱস্থিত। বনাঞ্চলখন মহানগৰীৰ জৈৱ–বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত যিমান গুৰুত্বপূৰ্ণ সেই অনুযায়ী সংৰক্ষণৰ দিশত চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰী অবহেলাৰ বাবে ই ক্ৰমান্বয়ে ধ্বংসৰ দিশে গতি কৰিব ধৰিছে। উল্লেখনীয় যে, ভাৰতীয় বন আইন ১৮৭৮ অনুসৰি অসম চৰকাৰে ১৮৮২ চনত ৪৩৭০ হেক্টৰ মাটিকালিৰ ৰাণী বনাঞ্চল, ১৮৮৬ চনত ৯৯৮ হেক্টৰ মাটিকালিৰ কাৱাসিং বনাঞ্চল আৰু ১৮৯১ চনত ১২৫৬ হেক্টৰ মাটিকালিৰ জৰাশাল বনাঞ্চলক সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি প্ৰদান কৰে। সৰ্বমুঠ ৬৬২৪ হেক্টৰ মাটিকালিৰ এই তিনিওখন সংৰক্ষিত বনাঞ্চল সামৰি ৰাণীত স্থাপন কৰা হয় বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়। দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম–মেঘালয় সীমান্তৰ গাৰোপাৰা–বগডোবালৈকে ৰাণীস্থিত বন বিষয়াৰ অধীনত। তিনিওখন বনাঞ্চল সামৰি ইমুৰৰ পৰা সিমুৰলৈ প্ৰায় ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক বিশাল এলেকা। এই সমগ্ৰ এলেকাটো নিয়ন্ত্ৰণ হয় ৰাণীস্থিত বনাঞ্চলিক কাৰ্যালয়ৰ পৰা। এসময়ত তিনিওখন বনাঞ্চলত শাল, চেগুণ, তিতাচপা, নাহৰ, এজাৰ, মাকাৰী শাল, চাম, গমাৰী, ডিমৰু আদি মূল্যবান গছ–গছনিৰে পৰিপূৰ্ণ হৈ আছিল। গভীৰ বনাঞ্চলকেইখন হাতী, বাঘ, ভালুক, দেও ছাগলী, শড় পহু, হৰিণা, গাহৰি, জহামাল, কেটেলা, হাড়গিলা, শগুন, ধনেশ, পাকৈঢৰা, বন কুকুৰাকে আদি কৰি অজস্ৰ পশু–পক্ষী, বিভিন্ন প্ৰকাৰৰ সৰীসৃপ প্ৰাণীৰো আবাসস্থল আছিল।  

সম্প্ৰতি ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত ৫টা খণ্ড বন, ১টা উপ খণ্ড বন কাৰ্যালয় আৰু দুটা বন শিৱিৰ আছে। সজ্জনপাৰা, চেঁচা, নালাপাৰা, গাৰোপাৰা, শুকুৰবেৰীয়াত খণ্ড বন, হাতীমাৰাঘূলিত উপ খণ্ড বন কাৰ্যালয় থকাৰ লগতে মাহেন্দ্ৰী আৰু জয়পুৰত এটাকৈ বন শিৱিৰ আছে। মুখ্য নিয়ন্ত্ৰক ৰাণী বনাঞ্চলিক কাৰ্যালয়ত বিষয়া–কৰ্মচাৰীৰ সংখ্যা ১৮জন। বনাঞ্চলিক বিষয়া ১জন, উপ বনাঞ্চলিক বিষয়া ১জন, ফৰেষ্টাৰ গ্ৰেড ওৱান ৩জন, ফৰেষ্ট গাৰ্ড ৩জন, ডাক ৰাণাৰ ১জন, কেজুৱেল কৰ্মী ৪জন আৰু বন সুৰক্ষা বাহিনীৰ জোৱান (বেটেলিয়ন) ৫জন। সজ্জনপাৰা খণ্ড বন কাৰ্যালয়ত– ফৰেষ্টাৰ গ্ৰেড ওৱান ১জন, গ্ৰেড টু ১জন, কেজুৱেল ৩জন। নালাপাৰা খণ্ড বন কাৰ্যালয়ত– ফৰেষ্টাৰ গ্ৰেড ওৱান ১জন, ফৰেষ্ট গাৰ্ড ১জন, কেজুৱেল ১জন, বেটেলিয়ন ৩জন। শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়ত– ফৰেষ্টাৰ ১জন, ফৰেষ্ট গাৰ্ড ১জন, বেটেলিয়ন ৪জন। চেঁচা খণ্ড বন কাৰ্যালয়ত– ফৰেষ্টাৰ ১জন, কেজুৱেল ২জন। গাৰোপাৰা খণ্ড বন কাৰ্যালয়ত– ফৰেষ্ট গাৰ্ড ১জন, কেজুৱেল ১জন। হাতীমাৰাঘূলি উপ খণ্ড বন কাৰ্যালয়ত– ফৰেষ্ট গাৰ্ড ১জন, কেজুৱেল ১জন। মাহেন্দ্ৰী বন শিৱিৰত– ফৰেষ্ট গাৰ্ড ১জন, কেজুৱেল ২জন। জয়পুৰ বন শিৱিৰত– ফৰেষ্ট গাৰ্ড ১জন আৰু কেজুৱেল ২জন। বন বিষয়াৰ কাৰ্যালয়ৰ লগতে ইয়াৰ অধীনত থকা খণ্ড বন, উপ খণ্ড বন কাৰ্যালয় আৰু বন শিৱিৰ মিলি নিয়োজিত হৈ থকা বিষয়া–কৰ্মচাৰীৰ সংখ্যা ৫০ জন। তাৰ ভিতৰত সশস্ত্ৰ বন সুৰক্ষা বাহিনীৰ জোৱান (বেটেলিয়ন) ১২জন, বাকী ৪৮জনহে বন বিভাগৰ কৰ্মী। সংৰক্ষিত বনাঞ্চল তিনিখনৰ সৰ্বমুঠ ৬৬২৪ হেক্টৰ ভূমি ভাগ কৰিলে প্ৰতিজন কৰ্মচাৰীৰ বিপৰীতে ১৩২ হেক্টৰ অৰ্থাৎ ৮১৫ বিঘাকৈ পৰিব। অৰ্থাৎ এইখিনি ভূমিৰ সম্পদ সুৰক্ষাৰ দায়িত্ব বহন কৰিব লাগিব এজন কৰ্মচাৰীয়ে। কামটো পকাধানৰ খেতিপথাৰত চৰাই–চিৰিকটি সুৰক্ষা দিয়াৰ লেখীয়া হ’লে তেনেই সহজ আছিল। কিন্তু চৰাই–চিৰিকটিৰ ঠাইত যদি হাতী সুৰক্ষা দিবলগীয়া হয় তেনেহ’লে অলপ হ’লেও বেছি শক্তিৰ প্ৰয়োজন নহ’বনে? তদুপৰি, সকলোকেইজন কৰ্মচাৰী সকলো সময়তে কৰ্মক্ষম হৈ থাকিলেতো কোনো কথাই নাছিল তাৰ ভিতৰতে থাকিব কোনোবাজন ছুটীত, কোনোবাজন ৰুগীয়া অথবা ভয়াতুৰ যি সংখ্যাতহে আছে কিন্তু কাৰ্যক্ষেত্ৰত কাম নাই।   

উল্লেখযোগ্য যে, কাৱাসিং আৰু জৰাশাল সংৰক্ষিত বনাঞ্চল দুখনৰ সৰ্বমুঠ মাটি–কালি ২২৫৪ হেক্টৰ। অসম–মেঘালয় আন্তঃৰাজ্যিক সীমাসংলগ্ন অতি দূৰ্গম দুখন পাহাৰ থকা অঞ্চলটোত পহৰাৰ দায়িত্বত আছে সশস্ত্ৰ বন সুৰক্ষা বাহিনীৰ ৭জোৱান সহ ১৮জন বন কৰ্মচাৰী। ইয়াৰ ভিতৰত আন্তঃৰাজ্যিক সীমান্তৰ মূল প্ৰৱেশদ্বাৰত থকা শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়ে গুৰু দায়িত্ব পালন কৰিবলগা হয়। য’ত– ৪জন সশস্ত্ৰ বন সুৰক্ষা বাহিনীৰ জোৱান আৰু ২জন বনকৰ্মী নিয়োজিত হৈ আছে। এই ছয়জনীয়া দলটোৱেই সীমান্তত থকা দূৰ্গম পাহাৰ দুখনত পহৰা দিব লাগে, আন্তঃৰাজ্যিক সীমান্তৰ গে’টত পহৰা দিব লাগে, অফিচটোও চাব লাগে তেনে এটি অঞ্চলত ৬জন সুৰক্ষা কৰ্মীৰ ওপৰত দায়িত্বভাৰ! কথাটো যুক্তিযুক্ত হৈছেনে? ইপিনে, আন্তঃৰাজ্যিক সীমা সংলগ্ন গাৰোপাৰা বন কাৰ্যালয়ত কৰ্মচাৰী আছে মাত্ৰ দুজন। দুয়োজন কৰ্মচাৰীয়ে ৰাতিপুৱাৰে পৰা গধুলিলৈ বিভাগৰ চল্লিস্থিত গছপুলি নাৰ্চাৰীত কৰ্তব্য পালন কৰে। দিনৰ দিনটো নাৰ্চাৰীত কাম কৰি থাকোতে কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলত পহৰা দিয়াই নহয়। বৃহৎ এলেকাটো পহৰা শূণ্য হৈ পৰাত শাল–চেগুণৰ চোৰাং সৰবৰাহ বাঢ়ি গৈছে। কৰ্মচাৰী দুজক নাৰ্চাৰীৰ পৰা অব্যাহতি দি বনাঞ্চল পহৰাৰ দায়িত্ব অৰ্পণ কৰিলেও তেওঁলোকে ঘন অৰণ্যৰ মেঘালয় সীমান্তত গৈ পহৰা দিব পৰা শক্তি যে নাই সেয়া ধ্ৰুৱ সত্য। বনাঞ্চলৰ সম্পদ উপযুক্ত সংৰক্ষণত চৰকাৰৰ কিমান আগ্ৰহ! সেয়াই প্ৰমাণ নহয়নে? চৰকাৰৰ চৰম অবহেলাৰ পৰিণতিত প্ৰায় ১৯৮৫ চনত খাছি দূৰ্বৃত্তই শুকুৰবেৰীয়া বন কাৰ্যালয় চৌহদৰ পৰাই দুই ট্ৰাক চেগুণ কাঠ উঠাই নিছিল। চকুৰ পলকতে কাৰ্যালয়টোৰ নাতিদূৰত থকা মেঘালয়ৰ ৰজাপথাৰৰ কাষৰ চেগুণ গছসমূহ আজি উদং হ’ল। সেইদিনৰ পৰা আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই উক্ত কাৰ্যালয়টোৰ অন্তৰ্গত বনাঞ্চল সংৰক্ষণৰক্ষেত্ৰত প্ৰয়োজনীয় সংখ্যক বন সুৰক্ষা বাহিনীৰ জোৱান বা বন কৰ্মী নিয়োগ কৰা নাই।   

আনহাতে, ৰাণী বনাঞ্চল হ’ল বন্যহস্তীৰ উপদ্ৰুত অঞ্চল। বন্যহস্তীৰ উপদ্ৰৱ ৰাণীৰ বাবে এক এৰাব নোৱাৰা সমস্যা। কিন্তু বন্যহস্তীক নিয়ন্ত্ৰয়ণ কৰিবলৈও বিভাগটোত নাই কোনো বিশেষ বাহিনী। একেখিনি কৰ্মচাৰীয়ে বনাঞ্চল সুৰক্ষাও দিব লাগে আৰু বন্যহস্তীও নিয়ন্ত্ৰণ কৰিব লাগে। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অসমত এটা সুকীয়া বিভাগ আছে। কিন্তু ৰাণী অঞ্চলত তেওঁলোকৰ কোনো ভূমিকা নাই। আজিৰ পৰা কেইবছৰমান আগতে ৰাণীত বিভাগটোৰ এটা শিৱিৰ আছিল। শিৱিৰটোত দুজন কৰ্মচাৰীও আছিল, কিন্তু তেওঁলোকৰ দায়িত্ব হেনো ৰাণী বনাঞ্চলৰ হাতী নিয়ন্ত্ৰণৰ বাবে নহয়, দীপৰ বিললৈ অহা–যোৱা কৰা হাতীৰ সংকেত দিয়াৰহে। বিভাগীয় কৰ্তৃপক্ষই ৰাণীৰ ফালৰপৰা দীপৰ বিললৈ কিমান হাতী অহা–যোৱা কৰে সেই খবৰ ৰখাৰহে দায়িত্ব তেওঁলোকক দি থৈছে। বৰ্তমান বন্যপ্ৰাণী বিভাগৰ ৰাণীস্থিত সেই শিৱিৰটোৰ অৱস্থা জৰা–জীৰ্ণ আৰু তাত কোনো কৰ্মচাৰীও নাই। গতিকে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ একেখিনি কৰ্মচাৰীয়ে বন সুৰক্ষাৰ লগতে অতিৰিক্তভাৱে বন্যপ্ৰাণী নিয়ন্ত্ৰণৰ দায়িত্বও পালন কৰিব লগা হৈছে।     

প্ৰায় ২০০৪–০৫ চনলৈকে ৰাণী সংৰক্ষিত বনাঞ্চলৰ হাতীমৰাঘূলি পাহাৰৰ এক বিশাল অঞ্চলত নাহৰ গছেৰে পৰিপূৰ্ণ হৈ আছিল। সেই অঞ্চলটোত ইমানবোৰ নাহৰ গছ আছিল যাৰ বাবে নাহৰপানী নামেৰে জনাজাত হৈ পৰিছিল। উপযুক্ত সংৰক্ষণৰ অভাৱত সকলোবোৰ নাহৰ গছ চোৰাং বেপাৰীয়ে ধ্বংস কৰিলে। আজি সেই অঞ্চলটোত নাহৰ গছ নাই কিন্তু গছবিধৰ বাবে জনাজাত হৈ পৰা ‘নাহৰপানী’ নামটো হ’লে অক্ষত হৈয়েই আছে। সংৰক্ষিত তিনিওখন বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড শাল–চেগুণৰ বহুসংখ্যক গছ চোৰাং বেপাৰীৰ হাতত নিঃশেষ হ’ল। এতিয়া শালৰ পুলিবোৰকো কটা আৰম্ভ কৰিছে। বনজ সম্পদৰ ধ্বংসলীলা ইমানতে শেষ হোৱা নাই, গছৰ পাছত এতিয়া অবৈধভাৱে মাটি কাটিব আৰম্ভ কৰিছে, যাৰ ফলত পাহাৰ, টিলাবোৰৰ অস্তিত্বই নোহোৱা হ’ব ধৰিছে। তেনেস্থলত বনাঞ্চলিক কাৰ্যালয়টোৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল কেইখনৰ সম্পদ সুৰক্ষাৰ বাবে অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে? গা–লৰিবনে বিভাগীয় কৰ্তৃপক্ষৰ?

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward