Saturday, November 27, 2021
Google search engine
HomeARTICLEপ্ৰচুৰ সম্ভাৱনাপূৰ্ণ অসমৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ অথচ কাম–কাজ চলে...

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ অসমৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ অথচ কাম–কাজ চলে  কেৱল কাগজ–কলমত

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ অসমৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ অথচ কাম–কাজ চলে  কেৱল কাগজ–কলমত

প্ৰকাশিত তাৰিখঃ ৩০ নৱেম্বৰ, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

গুৱাহাটীৰ খানাপাৰাৰ কৃষি বিভাগৰ চৌহদত অৱস্থিত অসম উদ্যান শস্য বিভাগ। উদ্যান শস্য আৰু খাদ্য সংসাধনক একেলগ কৰি আজি কেইবছৰমান আগতে সুকীয়া সঞ্চালকালয় এখন গঠনৰ খবৰ ৰাইজে জানিব পাৰিছিল। সেই দিনধৰি আজিলৈকে খানাপাৰাৰ কৃষি বিভাগৰ চৌহদত উদ্যান শস্য সঞ্চালকালয়ৰ বিভাগীয় চাইন ব’ৰ্ড এখন ৰাইজে দেখি আহিছে। ৰাইজৰ জ্ঞাতাৰ্থে ইতিমধ্যে সঞ্চালকালয়ৰ নামত উদ্যান শস্যৰ বিভিন্ন আঁচনিৰ বিষয়ে সংবাদ মাধ্যম সমূহত প্ৰচাৰ কৰিও আহিছে। আঁচনিবোৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ, চৰকাৰৰ এনেবোৰ প্ৰচাৰ দেখিলে ভাব হয়– ৰাজ্যখনত যেন এইসমূহ আঁচনি উভৈনদী হৈয়েই আছে। কৃষক এজনে যেতিয়াই বিচাৰে তেতিয়াই ইয়াৰ সা–সুবিধা ল’ব পাৰিব। কিন্তু সঞ্চালকালয়ৰ নামত প্ৰচাৰ কৰি থকা এনেবোৰ আঁচনি বাস্তৱত উভৈনদী নে? কৃষকসকলে লাভ কৰিবলৈ সক্ষম হয়নে এনেবোৰ সা–সুবিধা? মন কৰিবলগীয়া, ৰাজ্যৰ কৃষিখণ্ডৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ল উদ্যান শস্য বিভাগ। এই বিভাগটোৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আঁচনিসমূহ সঠিক ৰূপায়ণ হ’লে ৰাজ্যৰ কৃষক সমাজ আৰ্থিকভাৱে টনকীয়াল হৈ পৰিব আৰু নিবনুৱাসকলেও নিজৰ সপোন পূৰণ কৰিবলৈ সমৰ্থ হ’ব।

উল্লেখযোগ্য যে, কৃষি বিভাগৰ যুটীয়া সঞ্চালক (উদ্যান শস্য), কৃষি বিভাগৰ উপ–সঞ্চালক (উদ্যান শস্য), কৃষি বিভাগৰ সহকাৰী সঞ্চালক (উদ্যান শস্য), পৰিদৰ্শক (উদ্যান শস্য)/ গৱেষণা সহযোগী– এইসকল বিষয়ববীয়াক লৈ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ মূল প্ৰশাসনীয় গোট তথা সঞ্চালক মণ্ডলী গঠনৰ তথ্য বিভাগীয় নথিপত্ৰত এনেদৰে পোৱা যায়। আনহাতে, জিলা পৰ্যায়ত– জিলা কৃষি বিষয়া, মহকুমা পৰ্যায়ত– মহকুমা কৃষি বিষয়া (চিচি এণ্ড টিচি), মহকুমা কৃষি বিষয়া/ জিলা ন’ডেল বিষয়া (উদ্যান শস্য) আৰু খণ্ড উন্নয়ন পৰ্যায়ৰ কৃষি চক্ৰত– কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহযোগীসকলকে উদ্যান শস্যৰ দায়িত্বভাৰ অৰ্পন কৰিছে। ৰাজ্যত উদ্যান শস্যৰ সুকীয়া সঞ্চালকালয় গঠনে ৰাইজৰ মাজলৈ নিশ্চিতভাৱে এক সুখৰ বাৰ্তা কঢ়িয়াই আনিব লাগিছিল। কিন্তু সেয়া নহ’ল, তাৰ পৰিৱৰ্তে দেখা গৈছে এখন বিপৰীত ছবিহে। সম্প্ৰতি কৃষক ৰাইজৰ উন্নতিৰ জখলা আগুৱাই নিবলৈ আমাৰ চৰকাৰে এইপৰ্যন্ত উদ্যান শস্যৰ নামত সুকীয়া বিভাগ এটা গঠন কৰিবলৈকে সক্ষম হোৱা নাই। আশ্বাৰ্যজনকভাৱে ইতিমধ্যে গঠন কৰা উদ্যান শস্য সঞ্চালকালয়ৰ প্ৰশাসনিক গোটটোও এই মুহুৰ্তলৈকে পুৰ্ণতা লাভ কৰা নাই। কেৱল কাগজে–কলমে ৰাজ্যৰ উদ্যান শস্য বিভাগটো চলি থকা বুলি কৃষি বিভাগৰ এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে। উদ্যান শস্য ৰাজ্যখনৰ এটি গুৰুত্বপূৰ্ণ বিভাগ অথচ ইয়াৰ প্ৰশাসনিক তথা উন্নয়নৰ মূল গুৰিটো পৰিচালনা হয় কেৱল কাগজে–কলমে। ইমান দিনে চৰকাৰে উদ্যান শস্যৰ নামত কেৱল কাগজ–কলমতে খেতিবাতি কৰি আহিছিল নেকি? এই প্ৰশ্ন ৰাইজৰ মনত উদয় হোৱাটো তেনেই স্বাভাৱিক। চৰকাৰৰ এনেবোৰ কৰ্ম পদ্ধতিত কৃষক ৰাইজ আৰ্থিকভাৱে টনকীয়াল হ’ব নে নিবনুৱাসকল উৎসাহিত হ’ব! কথাটো ৰাজ্যবাসীৰ বাবেই চিন্তনীয়। বৰ্তমান এজন উপ–সঞ্চালকৰ অধীনত চলি থকা উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ক ৰাজ্যৰ কৃষি বিভাগৰ সঞ্চালকালয়ৰ লগত অতিৰিক্তভাৱে সংলগ্ন কৰি ৰাখিছে। উদ্যান শস্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাৰ মৰ্যাদা আজিও অতিৰিক্তহে, ই পূৰ্ণপৰ্যায়ৰ নহয়। বিভাগটোৰ মূল গুৰিটোৱেই য’ত পূৰ্ণতা লাভ নকৰিলে তেনেক্ষেত্ৰত জিলা, মহকুমা অথবা খণ্ড উন্নয়ন পৰ্যায়ত সুকীয়া আন্তঃগাঁথনিয়ে পূৰ্ণতা লাভ কৰাৰ কথা ভাবিব পাৰিনে? দেখা গৈছে– বৰ্তমান জিলা এখনত উদ্যান শস্য উন্নয়নৰ কামকাজ চলাই নিবলৈ মহকুমা পৰ্যায়ৰ কৃষি বিষয়া এজনক জিলা ন’ডেল বিষয়া হিচাপে অতিৰিক্ত দায়িত্বভাৰ অৰ্পন কৰিছে। উক্ত জিলা ন’ডেল বিষয়াজনৰ অধীনতে কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহকাৰীসকলে উদ্যান শস্য উন্নয়নৰ কামকাজ সমাপন কৰি আহিছে। দেখাত উদ্যান শস্যৰ বাবে সঞ্চালকালয় গঠন কৰিলে ঠিকেই কিন্তু সুকীয়াভাৱে কাৰ্য পৰিচালনাৰ পৰিৱৰ্তে ইয়াক কৃষি বিভাগৰ লগতহে অতিৰিক্তভাৱে সংলগ্ন কৰি ৰখা হ’ল। এয়া চৰকাৰৰ অৱহেলা নে অক্ষমতা ৰাইজৰ বুজাত কষ্ট হৈছে। 

উল্লেখযোগ্য যে, অসমৰ ২৭খন জিলাত ২১৯টা খণ্ড উন্নয়ন কাৰ্যালয়, ৬৩টা কৃষি মহকুমা আৰু ৩৬৭ টা কৃষি উন্নয়ন চক্ৰ গঠন কৰিছে (চৰকাৰী বিভাগৰ পৰা লাভকৰা তথ্যমতে)। প্ৰতিটো কৃষি চক্ৰৰ অধীনত প্ৰায় ২৫–৩০খনকৈ গাঁও অন্তৰ্ভূক্ত হৈ আছে। চক্ৰটোত একোজন কৃষি উন্নয়ন বিষয়াৰ লগতে ৩–৪জনকৈ কৃষি সম্প্ৰসাৰণ সহকাৰী নিযুক্ত হৈ আছে। বৰ্তমান কৃষি উন্নয়ন চক্ৰ সমূহৰ পৰাই কৃষি আৰু উদ্যান শস্যৰ সা–সুবিধাসমূহ কৃষক ৰাইজে লাভ কৰি আহিছে। যদিও– চক্ৰটোৰ অধীনত থকা গাঁও অনুপাতে কৰ্মচাৰীৰ সংখ্যা তেনেই তাকৰ। সম্প্ৰতি কৃষি বিভাগৰ জিলা অথবা মহকুমা কাৰ্যালয়বোৰতো প্ৰয়োজনীয় সংখ্যক বিষয়া–কৰ্মচাৰীৰ অভাৱ। সেয়ে কৃষি উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ কামকাজবোৰ পৰিচালনাত যথেষ্ট বিলম্ব হোৱা বুলি সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। য’ত– প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰীৰ অভাৱত নিজৰ বিভাগটোৰ কামকাজকে নিয়াৰীকৈ চম্ভালিব পৰা নাই। তেনেক্ষেত্ৰত সেই বিভাগটোকে অতিৰিক্তভাৱে উদ্যান শস্যৰ দৰে গুৰুত্বপূৰ্ণ আৰু এটা বিভাগৰ দায়িত্ব অৰ্পন কৰিছে। ইপিনে, আমাৰ সাধাৰণ খেতিয়কসকলে সহজে ঢুকিপোৱা ব্যক্তিজনেই হ’ল– কৃষি উন্নয়ন চক্ৰৰ বিষয়াজন। মহকুমা বা জিলা কৃষি বিষয়াৰ ওচৰত গৈ কাম আদায় কৰিব পৰা কৃষক হয়তো কেইজনমান ওলাব। গতিকে আমাৰ কৃষকসকলে সহজে ঢুকি পোৱা পৰ্যায়লৈকে গুৰুত্বপুৰ্ণ বিভাগ এটাৰ প্ৰশাসনীয় আন্তঃগাঁথনি শক্তিশালী ৰূপত সম্প্ৰসাৰণ ঘটাব লাগিছিল। কিন্তু যিজন বিষয়াক সহজে লগ পায় সেইজনকে আকৌ চৰকাৰে জৰুৰীকালীন দায়িত্বত দীঘলীয়াকৈ নিয়োজিত কৰি কৃষকক বিপদত পেলায়। এনেদৰে জৰুৰীকালীন দায়িত্বত নিয়োজিত কৰি থলে খেতিয়কৰ উন্নয়নৰ কামকাজ কেতিয়া কৰিব অনুমান কৰকচোন। এন আৰ চিৰ দায়িত্বত উক্ত বিষয়াসকলক নিয়োজিত কৰি থোৱা সময়ত প্ৰয়োজনীয় কামকাজত কৃষকৰ কিমান অসুবিধা হৈছিল সেয়া সকলোৱে জানে। সেই দায়িত্বৰ পৰা আজৰি হৈ উঠিছিলহে মাত্ৰ তেনে সময়তে আহি গ’ল ক’ভিড–১৯। গতিকে ক’ভিডৰ দায়িত্বও তেওঁলোকৰ ওপৰতেই জাপি দিয়া হ’ল। ক’ভিডত তেনেদৰে কিমান দিন ব্যস্ত থাকিবলগা হয় তাৰ কোনো নিশ্চয়তা নাই। যিহেতু বিষয়াসকলৰ অধীনত থকা বিভাগীয় দায়িত্ব তলতীয়া কৰ্মচাৰীকেইজনে পালন কৰিব নোৱাৰে। তেনেক্ষেত্ৰত, বিষয়াসকলক এটাৰ পাছত আন এটা চৰকাৰী জৰুৰী দায়িত্বত নিয়োজিত কৰি থাকিলে কৃষকৰ উন্নয়নৰ কামকাজ যে আৰু পিছপৰি যাব সেয়া খাটাং। গতিকে কৃষিক্ষেত্ৰ উন্নয়ন হ’ব কেনেকৈ? কোৱা হয়– কৃষি খণ্ডই হ’ল আমাৰ অৰ্থনীতিৰ মূল ভেটি আৰু কৃষি কৰ্মত জড়িত কৃষকসকল দেশৰ ধৰণী বুলি। সেইক্ষেত্ৰত কৃষকসকলে প্ৰয়োজনীয় সা–সুবিধাসমূহ সঠিক সময়ত নিজৰ পদূলিত লাভ কৰিব লাগিছিল। কিন্তু আজিলৈ চৰকাৰে সেই ব্যৱস্থাটোকে নিশ্চিতভাৱে গ্ৰহণ কৰিব নোৱাৰিলে।

বিপৰীতে, আমাৰ অসমৰ তুলনাত চুবুৰীয়া ৰাজ্য মেঘালয়ত কৃষক উন্নয়নত অধিক গুৰুত্ব দিয়া হয়। মেঘালয়ৰ লেখীয়াকৈ কামকাজৰ গতি কাহানিবা আমাৰ অসমতো হ’ব বুলি ভাবিবলৈকে টান লাগে। মেঘালয়খন গুৱাহাটী মহানগৰীৰ গাতে লাগি আছে। বৰ্তমান ৰাজ্যখন কৃষি আৰু উদ্যান শস্যত অসমতকৈ বহুগুণে আগবঢ়া। আগবঢ়াৰ কাৰণ হ’ল তাৰ চৰকাৰে কৃষি, উদ্যান শস্য উন্নয়নৰ ক্ষেত্ৰত শক্তিশালী আন্তঃগাঁথনি গ্ৰহণ কৰিছে। কৃষি তথা উদ্যান শস্যৰ শক্তিশালী আন্তঃগাঁথনি গ্ৰহণ কৰা উত্তৰ–পূবৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম ৰাজ্য হ’ল– মেঘালয় তাৰ পাছতে মণিপুৰ আৰু ত্ৰিপুৰাৰ স্থান। ৰাজ্যকেইখনৰ কৃষি বিভাগৰ সুকীয়া সঞ্চালকালয়ৰ দৰে উদ্যান শস্য বিভাগৰ বাবেও সুকীয়া সঞ্চালকালয় গঠন কৰিছে। উক্ত সঞ্চালকালয়ৰ পৰা জিলা, মহকুমা আৰু খণ্ড উন্নয়ন পৰ্যায়লৈকে প্ৰশাসনিক আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিছে। সেই অনুসৰি– প্ৰতিখন জিলাত জিলা উদ্যান শস্য উন্নয়ন বিষয়াৰ কাৰ্যালয়, প্ৰতিটো মহকুমাত মহকুমা উদ্যান শস্য উন্নয়ন বিষয়াৰ কাৰ্যালয়, লগতে খণ্ড উন্নয়ন এলেকাত থকা কৃষি উন্নয়ন চক্ৰ সমূহৰ সমান্তৰালকৈ উদ্যান শস্য উন্নয়ন চক্ৰ গঠন কৰি প্ৰয়োজনীয় সংখ্যক বিষয়া–কৰ্মচাৰী নিয়োগ কৰিছে।

উল্লেখনীয় যে, পূৰ্বতে মেঘালয়ৰ চহৰ সমূহক বাদ দি গাঁও অঞ্চলৰ যাতায়ত ব্যৱস্থা অতি দূৰ্গম আছিল। সেয়ে গাঁও অঞ্চলৰ মানুহবোৰৰ যোগাযোগৰ একমাত্ৰ কেন্দ্ৰস্থল হৈ পৰিছিল সাপ্তাহিক বজাৰসমূহ। অৰ্থাৎ অঞ্চল বিশেষে নিৰ্দিষ্ট ঠাইৰ মাজত অনুষ্ঠিত হোৱা সাপ্তাহিক বজাৰৰ দিনটোতে সকলোবোৰ যোগাযোগ স্থাপন হয়। আমাৰ অসমত সপ্তাহটোৰ নিৰ্দিষ্ট দিন এটাত বজাৰ অনুষ্ঠিত হোৱাৰ দৰে মেঘালয়ত তেনেদৰে নহয়। প্ৰতিটো সপ্তাহতে বজাৰৰ দিন সলনি হয় অৰ্থাৎ প্ৰথম সপ্তাহটোত সোমবাৰে আৰম্ভ হ’লে দ্বিতীয় সপ্তাহটোত মংগলবাৰে আৰু তৃতীয় সপ্তাহটোত বুধবাৰে আৰম্ভ হয়। মানুহখিনিৰ যোগাযোগ ব্যৱস্থাটো বজাৰকেন্দ্ৰীক যেতিয়া চৰকাৰী বিভাগৰ বিষয়া–কৰ্মচাৰীসকলেও বজাৰ দিনটোতে আহে। নিজ এলেকাটোৰ (Syiemship–চিয়েমশ্বিপ) মুৰব্বী তথা ৰজা (Syiem–চিয়েম)জনো উক্ত বজাৰৰ দিনটোতে আহে আৰু ৰাইজৰ অভাৱ–অভিযোগৰ বুজ লয়। বজাৰখনৰ আশে–পাশে ঘৰ ভাড়া লৈ চিয়েম, চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলে এনেদৰেই ৰাইজৰ লগত যোগাযোগ স্থাপন কৰি আহিছে। কামৰূপ গ্ৰাম্য জিলাৰ সমীপৱৰ্তী মেঘালয়ৰ ৰি–ভয় জিলাৰ পশ্চিম প্ৰান্তৰ পাথাৰখামাৰ পৰা কৃষক এজনে বহু দূৰ বাটকুৰিবাই নংপোস্থিত জিলা কৃষি উন্নয়ন বিভাগৰ কাৰ্যালয় বা উমস্নিঙত থকা জিলা উদ্যান শস্য উন্নয়ন বিভাগৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। বিভাগীয় বিষয়া–কৰ্মচাৰীসকলে কৃষকক সুবিধাজনক ঠাইতে সেই সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। এইক্ষেত্ৰত গাঁৱৰ মুখীয়াল (Sorder–চৰ্দাৰ)জনকো যোগাযোগৰ মুখ্য ব্যক্তিৰূপে মান্য কৰা হয়। চৰকাৰী আঁচনিৰ বিষয়ে গাঁৱৰ মানুহক অৱগত কৰা, সেই আঁচনিত আবেদন কৰা আৰু আবেদন পত্ৰসমূহ চৰকাৰী কাৰ্যালয়ত জমা দিয়াৰ ক্ষেত্ৰতো চৰ্দাৰজনে আগভাগ লয়। আবেদনকাৰীৰ সত্যাসত্য চৰ্দাৰজনে নিৰূপন নকৰিলে সেই আবেদনে বিভাগীয়ভাৱে গুৰুত্ব লাভ নকৰে। মেঘালয় চৰকাৰে এনে সুন্দৰ প্ৰশাসনিক ব্যৱস্থা গঢ়ি তোলা বাবে কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন ছেক্টৰত এতিয়া ৰাজ্যখনৰ কৃষক বহুদূৰ আগুৱাই গ’ল। কালিলৈকে পিচপৰা বুলি অভিহিত কৰা ৰাজ্যখনৰ উৎপাদনে এতিয়া অসমৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈও সক্ষম হৈছে। উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত পৰীক্ষামূলকভাৱে ষ্ট্ৰ’বেৰী খেতি কৰা মেঘালয়ে হ’ল প্ৰথম। বিভাগীয় কাৰ্যালয় আৰু ৰাইজৰ মাজৰ যোগাযোগ ব্যৱস্থাটো সৰল হৈ পৰাত চাহ, কফি, কল, তামোল, পান, জালুক, আনাৰস, কঁঠাল, কাজু বাদাম, আদা, হালধী, ষ্ট্ৰ’বেৰী আদি বিভিন্ন ধৰণৰ খেতিবাতিৰ পৰিমাণ বাঢ়ি গ’ল। তদুপৰি আজি কেইবছৰমান আগৰে পৰা ৰাজ্যখনে চাহ খেতিতো অধিক গুৰুত্ব আৰোপ কৰিছে। সমান্তৰালভাৱে ৰবৰ খেতিটো গুৰুত্ব আৰোপ কৰি আহিছে। ইয়াৰ পূৰ্বে অৱশ্যে ৰবৰ আৰু কফি খেতি ৰাজ্যখনৰ ভূমি সংৰক্ষণ বিভাগে ৰূপায়ন কৰি আহিছিল। ৰাজ্য চৰকাৰে কৃষকসকলক ৰাজসাহাৰ্যযুক্ত চাহ পুলি প্ৰতিটোত মাত্ৰ এটকাতে যোগান ধৰি আহিছে। একে মূল্যতে ৰবৰ পুলিও যোগান ধৰি আহিছে। চৰকাৰৰ এনে সহযোগ লাভ কৰাৰ পাছত এতিয়া ৰাজ্যখনত ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা দিনকদিনে বৃদ্ধি পাব ধৰিছে। ইতিমধ্যে ভাৰতীয় চাহ ব’ৰ্ডৰ অধীনত পঞ্জীয়ন কৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা ৰি–ভয় জিলাত ৬৩ জন আৰু মাটিকালি ১৬৬.৯২ হেক্টৰ ইয়াৰ ভিতৰত নীৰেন ৰাভা, কল্প কলিতা, কৰবী দাস এই তিনিজন অসমৰ খেতিয়ক যাৰ মাটিকালি ৩০.৩৬ হেক্টৰ, পশ্চিম গাৰোপাহাৰ জিলাত ৪০২জন, মাটিকালি ১৩৪.১৪ হেক্টৰ, দক্ষিণ গাৰোপাহাৰ জিলাত ১জন মাটিকালি .৪৮ হেক্টৰ। জিলা তিনিখনত চাহখেতিয়কৰ সংখ্যা ৪৬৬ জন আৰু মাটিকালি ৩০১.৫৪ হেক্টৰ (পূব খাছি পাহাৰ জিলাত ক্ষুদ্ৰ চাহ খেতিয়ক আছে যদিও উপযুক্ত তথ্যৰ অভাৱত প্ৰকাশ কৰিব পৰা নগ’ল)। অৱশ্যে ভাৰতীয় চাহ ব’ৰ্ডত পঞ্জীয়ন নোহোৱাকৈ ৰাজ্যখনত আৰু বহু চাহ খেতিয়ক থাকিব পাৰে। মেঘালয়ত চাহ খেতি আগুৱাই নিবৰ কাৰণে ৰাজ্যৰ উদ্যান শস্য বিভাগে ভাৰতীয় চাহ ব’ৰ্ডৰ লগত আৰু মেঘালয় বাণিজ্যিক শস্য উন্নয়ন ব’ৰ্ডে ভাৰতীয় ৰবৰ ব’ৰ্ডৰ লগত সহযোগীতাৰে সেৱা আগবঢ়াই আহিছে। বৰ্তমান সময়ত মেঘালয়ৰ গাঁও অঞ্চলৰ ৰাষ্টা–ঘাটবোৰৰ যথেষ্ট উন্নতি ঘটিছে। যদিও– সেই দিনতে গ্ৰহণ কৰা যোগাযোগৰ পুৰণি প্ৰথাটো কিন্তু এতিয়াও বৰ্তি আছে। পুৰণি প্ৰথা বুলি ৰাইজেও আপত্তি কৰা নাই আৰু চৰকাৰেও বিলোপ কৰিব খোজা নাই। এই প্ৰথাৰে মেঘালয়ৰ কৃষক আধুনিক বিশ্বত ভূমুকি মাৰিবলৈ সক্ষম হৈছে এই কাৰণেই হয়তো প্ৰথাটো এতিয়াও বাহাল ৰাখিছে।

আমাৰ চৰকাৰৰ প্ৰতি অনুৰোধ– বৰ্তমান কাগজতে বহু আঁচনিৰ ৰূপায়ন হ’ল, বহু কৃষক কাগজতে সৃষ্টি হ’ল। সম্প্ৰতি চৰকাৰে এইখন আঁচনি বন্ধ কৰিব লাগে। প্ৰকৃতাৰ্থত দেশৰ ধৰণীস্বৰূপ কৃষক সৃষ্টিৰ বাবে বাস্তৱমুখী আঁচনি প্ৰস্তুক কৰক আৰু সেইবোৰৰ ৰূপায়নৰ সঠিক পদক্ষেপ গ্ৰহণ কৰক। কৃষি তথা উদ্যান শস্য উন্নয়নৰ বাবে মেঘালয়ৰ দৰে আন্তঃগাথনি গঠনৰ পদক্ষেপ আমাৰ চৰকাৰেও গ্ৰহণ কৰক। তাৰবাবে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়খন সক্ৰিয় কৰি তোলক লগতে জিলা, মহকুমা, খণ্ড উন্নয়ন পৰ্যায়ত প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী নিয়োগ কৰি কৃষকক দেশৰ সম্পদৰূপে গঢ়ি তোলক। ইপিনে, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদেও নিজৰ পৰিষদীয় এলেকাত উদ্যান শস্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক শক্তিশালী ব্যৱস্থা গঢ়ি তোলক। 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward