Thursday, December 2, 2021
Google search engine
HomeARTICLEকৃষিক্ষেত্ৰ সেউজ কৰি তুলিবলৈ যুৱ প্ৰজন্মৰ এচাম সংকল্পবদ্ধ

কৃষিক্ষেত্ৰ সেউজ কৰি তুলিবলৈ যুৱ প্ৰজন্মৰ এচাম সংকল্পবদ্ধ

প্ৰকাশিত তাৰিখঃ ১ ফেব্ৰুৱাৰী, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

সতীশ ৰাভা, ৩৫ বছৰীয়া যুৱকজনৰ ঘৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ কুলশীৰ কাষৰ বগাপানী–শালবাৰী গাঁওত। সতীশ কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা ল’ৰা, বোকা–পানীত সাতুৰি–নাদুৰি ডাঙৰ হোৱা বাবে আজিও কৃষিৰ প্ৰতি মোহ এৰিব পৰা নাই। সতীশৰ হাইস্কুলীয়া জীৱন অতিবাহিত হয় গুৱাহাটীৰ আৰ্যবিদ্যাপীঠ হাইস্কুলত আৰু কলেজীয়া শিক্ষা আৰম্ভ হয় মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত। বিশেষ অসুবিধাবশতঃ সতীশৰ ডি কে কলেজত স্নাতক ডিগ্ৰী সমাপ্ত কৰা নহ’ল। যদিও, উক্ত কলেজখনতে থকা অসম ৰাজ্যিক কৃষ্ঞকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰৰ পৰা ২০১৩ চনত স্নাতক ডিগ্ৰী সমাপ্ত কৰে। সতীশ খেলা–ধূলাতো আগ্ৰহী আছিল। ২০১১ চনত ক্ৰীড়া সন্থাই সদৌ অসম ভিত্তিত আয়োজন কৰা ৰেফাৰী পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ কৃষিৰ পৰা খেল পৰিচালনা জগততো প্ৰৱেশ কৰে। সতীশ বৰ্তমান গ্ৰেট– ৩ কেটেগ’ৰীৰ ৰেফাৰী। এই কেটেগ’ৰী হ’ল সম্পূৰ্ণ ৰাজ্যিক পৰ্যায়ৰ। সেই অনুসৰি সতীশ বৰ্তমান ফুটব’লৰ ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰী। গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম অথবা ছাই ফিল্ডতে ব্যস্ত থাকে সতীশ। সতীশে বৰ্তমান ১৮ৰ অনুৰ্ধৰ ফুটব’ল খেল, বৰদলৈ ট্ৰফী ফুটব’ল খেল নেহৰু ষ্টেডিয়ামত আৰু ছাই ফিল্ডত অনুষ্ঠিত হোৱা ২১ৰ অনুৰ্ধৰ ডা টি আও আন্তঃৰাষ্ট্ৰীয় ফুটব’ল ট্ৰফী খেলৰ লগতে অন্যান্য বহুকেইখন খেল পৰিচালনা কৰিছে। লগতে গ্ৰামাঞ্চলৰ ষ্টেডিয়াম সমূহত আয়োজন কৰা বহুকেইখন ফুটব’ল খেল পৰিচালনা কৰিছে। হালবোৱাত পাকৈত লগতে কোদালত ডাঙৰ চাপ তুলিবপৰা থুলন্তৰ যুৱক সতীশৰ হুইছেলৰ পৰাও নিগৰি আহে তীব্ৰ শব্দ য’ত খেলপথাৰ ৰজনজনাই যায়, যি শব্দই হয়তো কোনোকোনোজন খেলুৱৈৰ বুকু কঁপাই তোলে। ইচ্ছা কৰিলে সতীশে চহৰীয়া হ’ব পাৰিলেহেতেন কিন্তু গাঁওৰ খেতিপথাৰখনৰ মোহ এৰিব পৰা নাছিল। হুইছেল বজাই খেলুৱৈক কঢ়া নিৰ্দেশ দিয়াৰ দৰে সতীশকো অনবৰত খেতিপথাৰে হাতবাউল দি মাতি থাকে। সেয়ে সতীশে খেলজগতত অতি ব্যস্ত থকাৰ পাছতো খেতিপথাৰৰ কাৰণে আছুতীয়া সময় উলিয়াই লৈছিল। তেনেদৰেই দুয়োকূল ৰক্ষাকৰি চলি আহিছিল সতীশ, কিন্তু ক’ভিড– ১৯ৰ বিশ্বজুৰি বিভীষিকাই যেন সকলোবোৰ স্তিমিত কৰি পেলালে। সেইদিনৰে পৰাই খেলা–ধূলা সকলোবোৰ বন্ধ হৈ পৰিল, লগেলগে স্তব্ধ হৈ পৰিল সতীশৰ হুইছেলৰ শব্দও। গতিকে সতীশ চহৰৰ পৰা গাঁওলৈ উভতি আহিল।

সতীশে ওপজা ঘৰখনলৈ উভতি আহিয়েই খেতিপথাৰৰ লগত জড়িত হৈ পৰিল। নতুন পৰিকল্পনা হাতত লৈ যোৱা এপ্ৰিল মাহত বৰদুৱাৰ চাহ বাগানৰ কাষৰ প’কাপাম নামৰ গাঁওখনত চাৰিবিঘা মাটিত বাৰশ মালভোগ কলৰ পুলি ৰোপণ কৰিলে। নদন–বদনকৈ বাঢ়ি অহা কলপুলিবোৰৰ বয়স এতিয়া দহ মাহ হৈছে আৰু গছবোৰে ফল দিবলৈ আৰম্ভ কৰিছে। এথোক–দুথোকৈ বিক্ৰী কৰিবলৈও আৰম্ভ কৰিছে। দুই–এমাহ পাছত হয়তো সকলোবোৰেই ফল দিব। বাৰশ গছৰ পৰা এহেজাৰ থোক কল আশা কৰিব পাৰি। প্ৰতি থোকত দুশ টকাকৈ বিক্ৰী কৰিলেও দুইলাখ টকা উপাৰ্জন হ’ব। ইপিনে, কলৰ পুলি বেছিও কিছু টকা লাভ কৰিব। তদুপৰি বাগানখন সম্পৰসাৰণ কৰিলে কলপুলি কিনাৰ খৰচ ৰাহি হ’ব। সতীশে প্ৰতিটো কল পুলিত ১০ টকাকৈ কিনি অনাত বাৰ হেজাৰ টকা খৰছ হৈছিল। মাটিডৰা প্ৰস্তুতিৰ পৰা কলপুলি ৰোপণৰ লগতে অন্যান্য খৰচ মিলাই পঞ্চাশ হেজাৰমান টকা বিনিয়োগ কৰিছে। এতিয়া এবছৰতে কমেও দুইলাখ টকা উপাৰ্জন কৰিব। মনে–প্ৰাণে কাম কৰিলে কৃষিত কিমান উপাৰ্জন হয় চিন্তা কৰকচোন।

সতীশৰ গাঁওখনৰে অন্য এজন যুৱ খেতিয়ক উৰেণ ৰাভা। তিনি বিঘা মাটিত ইতিমধ্যে তামোলৰ বাগান স্থাপন কৰিছে। ১৮ বিঘা মাটি লীজত লৈ বৰ্তমান মাকৈ খেতি আৰম্ভ কৰিছে। প্ৰায় পঞ্চাশ দিনীয়া মাকৈ গছবোৰ আৰু কেইটামান দিন অতিক্ৰম কৰিলে ফল ধৰিব। মাকৈ বিক্ৰীৰক্ষেত্ৰত উৰেণৰ কোনো সমস্যা নাই। কিয়নো পশুখাদ্য তৈয়াৰ কৰা উদ্যোগ এটাৰ লগত ইতিমধ্যে আলোচনা কৰি থৈছে। কোনো অসুবিধা নহ’লে প্ৰতি কুইণ্টলত বাৰশৰ ওপৰ লাভ কৰিব। মাকৈ খেতি উঠোৱাৰ পাছত চুপাৰ নেপিয়াৰ ঘাঁহৰ খেতি কৰিব। ইপিন, লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰা তামোল গছৰ বয়স তিনি বছৰ হৈছে কিন্তু বনৰীয়া হাতীয়ে বাগানত সোমাই আধা গছ ধ্বংস কৰি পেলাইছে। হালবোৱা ট্ৰেক্টৰ, পানী সিঁচা মেচিন সকলোবোৰ ভাৰাত আনিবলগীয়া হোৱাত উৰেণৰ খেতিত যথেষ্ট খৰচ হৈছে।

সতীশ ৰাভা, উৰেণ ৰাভা, স্বৰ্ণ বড়ো, দূৰ্গা বড়ো, অৰ্জুন ৰাভা, চন্দন বড়ো, হীতেশ ৰাভা, অমৃত বড়ো, পৰমেশ্বৰ বড়ো, প্ৰদীপ ৰাভা এইসকল সকলোৱে একোএকোজন খেতিয়ক। সতীশ, উৰেণহতে নিজৰ অঞ্চলটোৰ ৬০জন ব্যক্তি লগলাগি এন এছ প্র’গ্রেছিভ ছ’চাইটি নামৰ এটা বেচৰকাৰী সংস্থা গঠন কৰিছে। যাৰ উদ্দেশ্য কেৱল খেতিবাতিৰে স্বাৱলম্বী হোৱা আৰু কৃষিক ব্যৱসায়িক ক্ষেত্ৰলৈ উত্তোৰণ ঘটোৱা। বৰ্তমান অঞ্চলটোত এশ বিঘাৰ অধিক ভূমিত মালভোগ লগতে অন্যান্য কলৰ বাগান গঢ়ি উঠিছে। সেই বাগানবোৰত উৎপাদিত কল স্থানীয় বজাৰৰ লগতে গুৱাহাটীৰ বজাৰতো সুকলমে বিক্ৰী কৰিবলৈ সক্ষম হৈছে। লক্‌ডাউনৰ সময়ছোৱাত কল বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীণ হৈছিল। যদিও– কল খেতিয়কসকল হতাশ হোৱাৰ পৰিৱৰ্তে দুগুণ উৎসাহত নতুন কৃষকৰ সংখ্যাহে বাঢ়িল। এতিয়া সেই অঞ্চলটোৰ খেতিয়কসকলে কেঁচা কল বিক্ৰী কৰাই নহয় কলৰ পৰা বিভিন্ন ধৰণৰ খাদ্য–বস্তু তৈয়াৰ কৰাৰ কথাও ভাবিছে। সেয়ে খাদ্য–বস্তু উৎপাদনৰ আধুনিক কৌশল আয়ত্বৰ বাবে জিলা উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰৰ জৰিয়তে খাদ্য সংসাধনৰ প্ৰশিক্ষণ গ্ৰহণৰ চিন্তা–চৰ্চ্ছাও মনলৈ আহিছে। চিন্তা কৰামতে সকলোবোৰ কাম আগবাঢ়িলে অঞ্চলটোৰ বাগানবোৰত উৎপাদিত কল বিক্ৰীৰ ক্ষেত্ৰত কোনো অসুবিধা নাথাকিব।

বিশেষ মন কৰিবলগীয়া যে, বৃহত্তৰ কুলশী অঞ্চলটো উৰ্বৰ কৃষি ভূমিৰ অধিকাৰী। অঞ্চলটোৰ মাজেৰে বৈ যোৱা কলহী নদীৰ পলসে ইয়াৰ খেতিপথাৰৰ উৰ্বৰা বৃদ্ধি কৰিছে। দেখা গৈছে আমাৰ ৰাজ্যখনৰ অধিক সংখ্যক কৃষকে পৰম্পৰাগতভাৱে অকল ধান খেতিহে কৰি আহিছে। গতিকে ধানখেতি শেষ হোৱাৰ পাছত বেছিভাগ খেতিপথাৰ উদং হৈ থাকে। সমগ্ৰ ৰাজ্যখনত তেনেধৰণে খেতিবাতি চলি থকাৰ সময়ত কুলশী অঞ্চলটো আছিল কিছু ব্যতিক্ৰম। আজিৰ পৰা প্ৰায় চল্লিশ বছৰ আগতে অৰ্থাৎ ১৯৮০ চনত অঞ্চলটোৰ বগাপানী, শালবাৰী, নলবাৰী, বালিজুৰি, ঘোৰামাৰা আদি গাঁৱৰ কিছুসংখ্যক কৃষকে খৰালিকালত ৰবিশস্যৰ খেতি কৰিছিল। লগতে কৃষকসকলে উৎপাদিত ফচল কুলশী, লোহাৰঘাট আৰু ছয়গাঁও বজাৰত বিক্ৰী কৰিছিল। ইয়াৰ পাছত প্ৰায় ১৯৯৭ চনৰ পৰা অঞ্চলটোৰ আন একাংশলোক উদ্যান শস্যৰ লগতো জড়িত হৈ পৰিছিল। আত্মসহায়ক গোট, যুটীয়া দায়বদ্ধ গোট গঠন কৰি কুঁহিয়াৰ, মালভোগ, চেনীচম্পা, পুৰা কলৰ খেতি ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছিল। বিশেষকৈ, কলৰ খেতিত লাভৰ মুখ দেখিবলৈও সক্ষম হৈছিল। অঞ্চলটোৰ প্ৰায়বোৰ পৰিয়ালত তামোল, পান, জালুকৰ খেতি আছিল যদিও তামোলক বাদ দি পান, জালুক আদিয়ে ব্যৱসায়িক ৰূপ পোৱা নাছিল। গতিকে অঞ্চলটোত আজি খেতিবাতিৰক্ষেত্ৰত যুৱ প্ৰজন্মৰ মাজত যি উদ্যোম গঢ়ি উঠিছে সেয়া বহু বছৰ আগৰেপৰাই কেইজনমান কৃষকে সেই পৰিবেশৰ আৰম্ভণি কৰিছিল।  

প্ৰায় নব্বৈ দশকলৈকে আমাৰ ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ কৃষক পৰিয়ালসমূহৰ মাজত এটা ব্যতিক্ৰমী পৰিবেশ আছিল। সেইসময়ত স্কুল–কলেজলৈ যোৱাসকলেও খেতিপথাৰত শ্ৰমদান কৰিছিল, সি ল’ৰাই হওক বা ছোৱালীয়েই হওক। ৰাতিপুৱা পথাৰতো কাম কৰিছিল আৰু সময়মতে স্কুল–কলেজতো গৈছিল। স্কুল–কলেজ খতিকৰি হ’লেও শাওঁণৰ পথাৰত নামিপৰা ল’ৰা–ছোৱালীৰ সংখ্যাও কম নাছিল। সেই পৰিবেশটো কমবেছি পৰিমাণে প্ৰায় ৯৫ দশকলৈ বৰ্তি আছিল। তাৰপিছৰ পৰা গাঁৱৰ খেতিয়ক পৰিয়ালৰ ছবিখন ভয়াবহভাৱে পৰিৱৰ্তন হ’ল। কথাটো নকৈ নোৱাৰি, আমাৰ ৰাজ্যৰ গাঁও অঞ্চলত জীৱন–জীৱিকাৰ মূল চালিকা শক্তি আছিল কৃষি। কিন্তু আমাৰ খেতি পদ্ধতিত আধুনিক কৌশল প্ৰয়োগ নোহোৱাৰ ফলত কৃষকে লোকচানৰ সন্মুখীন হৈ আহিছে। আয়তকৈ ব্যয়ৰ পৰিমাণ বাঢ়ি যোৱাত এতিয়া কৃষকসকলেও খেতিক এলাগী দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। অতি পৰিতাপৰ কথা, কৃষিক্ষেত্ৰত আধুনিক কৌশল প্ৰয়োগৰ চেষ্টা এটাও নকৰি অধিক টকা লাভৰ আশাত লোকচান ভৰি থকা নিজৰ খেতিপথাৰখন বহিৰাগত বনিয়াৰ হাতত বিক্ৰী কৰিব ধৰিছে। যিসকলৰ কৃষি কৰ্মৰ বাদে জীৱিকা নিৰ্বাহৰ অন্য উপায় নাই তেওঁলোকেও কৃষিৰ প্ৰতি অনীহা প্ৰকাশ কৰাত ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে মাটিৰ দালালসকলে। এইদৰে ৰাজ্যখনৰ কৃষিভূমি বহিৰাগতৰ হাতত বিক্ৰী কৰিবধৰা কৃষকৰ সংখ্যা দিনকদিনে বাঢ়ি যোৱাৰ বিপৰীতে কৃষকৰ সংখ্যা হ্ৰাস পাব ধৰিছে। সেইচামৰ মধ্যভোগী শ্ৰেণীৰ সৃষ্টি হৈছে। এতিয়া মধ্যভোগী বৃত্তিটোত আকৰ্ষিত হৈ পৰা লোকৰ সংখ্যাও দিনকদিনে বাঢ়িব ধৰিছে। হাড়ভঙা পৰিশ্ৰম কৰি কৃষকে যি উপাৰ্জন কৰিব নোৱাৰে সেইটো মধ্যভোগীয়ে কম পৰিশ্ৰমত লাভ কৰিব পাৰে। বৰ্তমান স্কুল–কলেজ যোৱা চামৰ কথা বাদেই আনকি বিদ্যালয় গচকি নোপোৱাসকলেও খেতিপথাৰৰ ফালে পিঠি দিবলৈ আৰম্ভ কৰিছে। খেতিৰ পৰিৱৰ্তে চাকৰি–বাকৰিয়েহে বেছি প্ৰাধান্য লাভ কৰিব ধৰিছে। এচামে বহিঃৰাজ্যৰ কল–কাৰখানাত অতি কম মজুৰিত কাম কৰিবলৈ ঢাপলি মেলিছে। অৱশ্যে, পেটৰ তাড়ণাত যিসকলে এইকাম কৰিবলৈ বাধ্য হৈছে তেওঁলোকৰ কথা সুকীয়া। ইপিনে, কৃষক পৰিয়ালসকলে মাটি বিক্ৰী কৰি যি ধন লাভ কৰিছিল সেয়া কিন্তু সৎ কামত ব্যৱহাৰ নহ’ল। কোনোবাই বিলাসত খৰচ কৰিলে আৰু কোনোবাই ব্যৱসায়–বাণিজ্যৰ প্ৰতি মন মেলিলে। কিন্তু ব্যৱসায়–বাণিজ্যৰ প্ৰতি সঠিক ধ্যান–ধাৰণা নথকা বাবে কোনো সম্ভাৱনা নোহোৱা খণ্ডত কৃষকৰ মাটি বিক্ৰীৰ ধনবোৰ বিনিয়োগ হ’ল। সেয়ে নামমাত্ৰ সফলতাৰ বিপৰীতে বিফলতাৰহে পৰিমাণ বেছি হ’ল।

আধুনিক কৌশল প্ৰয়োগ কৰিলে আজিকালি কৃষি কাৰ্যৰেও জীৱিকা নিৰ্বাহ কৰিব পাৰি। আধুনিক পদ্ধতিৰ খেতি–বাতিও সংস্থাপনৰে অন্য এটা বাট। য’ত, নিজে সংস্থাপিত হোৱাৰ লগতে আনকো সংস্থাপিত কৰিব পাৰি। তাৰপাছতো মানুহে ‘চাকৰি–বাকৰি একো নাপালো খেতিকে কৰিছো’ এই দৃষ্টিভংগীকে গুৰুত্ব আৰোপ কৰিছে। আজিকালি আধুনিক কৌশলৰ কৃপাত ইচ্ছা কৰিলে কৃষক এজনে চৰকাৰী চাকৰিয়ালতকৈ বেছি স্বচ্ছল জীৱন অতিবাহিত কৰিব পাৰে। কথাতো সঁচা যদিও এচামে বুজিবলৈ চেষ্টা নকৰে আৰু এচামে খেলিমেলিকৈ বুজে। এইকাৰণেই বোধহয় পৰম্পৰাগতভাৱে খেতি–বাতি কৰি অহা এচাম খেতিয়কৰ মাজতো এতিয়া কৃষিৰ প্ৰতি এলাগী ভাৱধাৰা এটাই গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে।  

বিপৰীতে, সকলোবোৰ ঘাতপ্ৰতিঘাত নেওচি ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ এচামে সম্প্ৰতি কৃষিক্ষেত্ৰত জড়িত হ’বলৈ আগবাঢ়ি আহিছে। ৰাজ্যখনত কৃষিৰ প্ৰতি এলাগী ভাৱধাৰাই গ্ৰাস কৰিবধৰা সমাজখনলৈ ই নিশ্চয় আশাৰ বতৰা কঢ়িয়াই আনিব। উচ্চ শিক্ষা–দীক্ষা গ্ৰহণ কৰি কৃষিক্ষেত্ৰত জড়িত হৈ পৰা যুৱপ্ৰজন্মৰ এইসকললোক চাকৰি–বাকৰিৰ পাছত দৌৰি অকণো সময় নষ্ট কৰাৰ পক্ষপাতী নহয়। হয়তো, বহুতেই চাকৰি–বাকৰিৰ সুযোগ পাইছিল আৰু বহুতেই হয়তো চাকৰি–বাকৰি এৰি আহি কৃষি কৰ্মত জড়িত হৈছে। চিধাকথাত– এইসকলে কৃষিকৰ্মকে জীৱিকাৰ মূল সম্বল হিচাপে বাচনি কৰি লৈছে। এওঁলোকে পৰম্পৰাগত পদ্ধতিত আধুনিক কৌশল প্ৰয়োগ কৰি কৃষিক ব্যৱসায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে। আন দহজনৰ আদৰ্শস্বৰূপ এইসকল কৃষক, যিয়ে স্ব–ইচ্ছাই কৃষিৰ লগত জড়িত হৈ পৰিছে, এইসকল কৃষকক ৰাজ্যৰ কৃষি বিভাগে যিধৰণে সহায় সহযোগ আগবঢ়াব লাগিছিল সেইধৰণে আগবঢ়োৱা নাই। ইপিনে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত যুৱ প্ৰজন্মৰ যিসকল খেতিয়ক আছে তেওঁলোককো পৰিষদখনে বিশেষ ধৰণে সহায় কৰা নাই। পৰিষদৰ ফালৰ পৰা সতীশে স্প্ৰে মেছিন এটা লাভ কৰিছে হেনো। চল্লিশ–পঞ্চাশ হেজাৰ টকা খৰচ কৰি বাগান গঢ়ি তোলা কৃষকজনক সাহাৰ্যৰ নামত মাত্ৰ এহেজাৰ–বাৰশ টকা দামৰ সামগ্ৰী প্ৰদান কৰিছে। কথাটো এপাচি শাকত এটা জালুকৰ লেখীয়া। আনহাতে, উৰেণ ৰাভাই এই মুহুৰ্তলৈকে চৰকাৰ তথা পৰিষদৰ ফালৰ পৰা কোনো সাহাৰ্য লাভ কৰা নাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward