Thursday, December 2, 2021
Google search engine
HomeARTICLEপশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ পাহাৰীয়া জনজাতীয় গাঁওকেইখন আজিও অৱহেলিত

পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ পাহাৰীয়া জনজাতীয় গাঁওকেইখন আজিও অৱহেলিত

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ পশ্চিম গুৱাহাটীৰ কেইখনমান জনজাতীয় গাঁও। গাঁওকেইখন প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত অৱস্থিত, যাৰ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। তাৰ মাজত অৱস্থিত জনজাতি বসতি প্ৰধান ১৬খনকৈ গাঁও– গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গঁড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, নাৰলিং (নৰ্লং), চাংমা নগৰ। ডেকাপথাৰত বড়ো, ৰাভা, চাংমা নগৰত গাৰো, কায়াং পথাৰত নেপালী আৰু বাকীবোৰ গাঁও কাৰ্বিলোকৰ বসতি প্ৰধান। ৰাণী আৰু গঁড়ভাংগা সংৰক্ষিত বনাঞ্চলত অৱস্থিত এই গাঁওকেইখনে যুগ যুগ ধৰি আন্তঃৰাজ্যিক সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় দি আছে। তেনেদৰে থিয় দি থকা বাবেই আন্তঃৰাজ্যিক সীমান্ত বহুখিনি সুৰক্ষিত হৈ আছে। নিঃস্বাৰ্থভাৱে সীমা সুৰক্ষা দি থকা গাঁওকেইখনক আমাৰ জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতহে মনত পেলায়। নিৰ্বাচনীৰ আগমুহুৰ্তত বিভিন্ন ৰাজনৈতিক দল–সংগঠনৰ নেতা–পালিনেতাৰে সেই গাওসমূহ ভৰি পৰে। নিৰ্বাচনৰ পাছত কোনোলোকৰ ছাঁ গাঁওবাসীয়ে দেখিবলৈ নাপায় একেবাৰে পিছৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে। কেৱল নিৰ্বাচনৰ সময়তহে প্ৰাসংগিক হৈ পৰা এই মানুহখিনিৰ জীৱন–জীৱিকাৰ মান উন্নত কৰি তুলিবলৈ দিছপুৰীয়া চৰকাৰসমূহৰ সময় নিমিলিল। গুৰুত্ব নিদিলে সমষ্টিটোৰ জনপ্ৰতিনিধি সকলেও। চৰকাৰ–জনপ্ৰতিনিধিয়ে তেওঁলোকক কেৱল বঞ্চনা কৰি আহিছে। অথচ গাঁওকেইখনৰ ৰাইজে লোকসভা, বিধানসভা, পঞ্চায়ত আদি সকলোবোৰ নিৰ্বাচনতে ভোট দি আহিছে। শেহতীয়াভাৱে তেওঁলোকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদতো ভোটদান কৰি আহিছে। প্ৰকৃতিয়ে মুক্তভাৱে সেউজ পৰিবেশ দান কৰা গাঁওবাসীক চৰকাৰ–জনপ্ৰতিনিধিসকলে উন্নয়নৰ পৰা বঞ্চিত কৰি আহিছে। আজিও তেওঁলোক এশ এবুৰি সমস্যাৰে জৰ্জ্জৰিত।   

এই বৃহৎ অঞ্চলটোত প্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ছয়খন। গঁড়ভাংগা প্ৰাথমিক বিদ্যালয় (১৯৬০ চন)। ৰংমালী প্ৰাথমিক বিদ্যালয় (১৯৮২ চন)। জালুক পাহাম প্ৰাথমিক বিদ্যালয় (১৯৭৩ চন)। নংটাৰীয়া প্ৰাথমিক বিদ্যালয় (১৯৫৭ চন)। ডুম’ পাহাম প্ৰাথমিক বিদ্যালয় (১৯৫৮ চন)। নাৰলিং প্ৰাথমিক বিদ্যালয় (১৯৭৭ চন)। বৃহৎ অঞ্চলটোত মধ্য ইংৰাজী বা উচ্চ মাধ্যমিক বিদ্যালয় এখন স্থাপন নহ’ল। উচ্চ শিক্ষাৰ বাবে তেওঁলোক ৰাণী নতুবা লখৰাত থাকি পঢ়িব লাগিব।   

গাঁওকেইখনৰ পথ যোগাযোগ ব্যৱস্থা অতি দূৰ্গম। তেওঁলোক খোজকঢ়াৰ বাদে অন্য উপায় নাই। খোজকাঢ়িয়েই তেওঁলোকৰ কেইবা পুৰুষে পাৰ কৰিছে। ৰাণীলৈ খোজকাঢ়ি অহা–যোৱা কৰোতে গাঁও বিশেষে ডেৰ ঘণ্টা, চাৰি ঘণ্টা আৰু সাত ঘণ্টা সময়ৰ প্ৰয়োজন হয়। অতীতৰেপৰা পাহাৰ–ভৈয়ামৰ মাজত পথ যোগাযোগ স্থাপনত গভীৰ অৰণ্যৰ মাজৰ এইকেইটা পথ ব্যৱহাৰ কৰিছিল– গুৱাহাটী মহানগৰীৰ লখৰাগড়ভাংগা সংযোগী পথেৰে গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গঁড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং হৈ জালুক পাহামত সংযোগ ঘটিছে। মাটাংৰাণী সংযোগী পথেৰে মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, চাংমা নগৰ হৈ ৰাণীত সংযোগ ঘটিছে। নুমলিপথাৰৰাণী সংযোগী পথেৰে নুমলিপথাৰ, ডেকাপথাৰ, আমৰিং, নাৰলিং (নৰ্লং), কপিলী হৈ ৰাণীত সংযোগ ঘটিছে। অতি প্ৰয়োজনতহে তেওঁলোক লখৰালৈ যায়, বাকী নিত্য প্ৰয়োজনী সামগ্ৰীৰ বাবে ৰাণী বজাৰৰ ওপৰতে নিৰ্ভৰশীল।     

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসম চৰকাৰে ২০১২ চনতে লখৰা–গঁড়ভাংগা–জালুক পাহাম সংযোগী পথটো নিৰ্মাণত অনুমোদন জনাইছিল। ২২ কোটি টকা ব্যয় সাপেক্ষ পথটোৰ নিৰ্মাণ কাৰ্য বৰ্তমানও চলি আছে। ইপিনে, ৰাণী–কপিলীৰ পৰা নাৰলিং–ডুম’পাহাম হৈ জালুক পাহামলৈকে এই পথছোৱা নিৰ্মাণ কাৰ্যও আৰম্ভ হৈছে। বিগত ২০১৭ চনৰ ৩১ মাৰ্চত নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰা পথটিৰ অনুমোদিত ধন ১৯ কোটি ৪২লাখ ৩৬হেজাৰ দুশ বিৰাশী টকা। ২৮.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে অনিল দাসে। ইতিমধ্যে, ২০১৮ চনতে পথটোৰ কাম–কাজ ৰাণীৰ পৰা নাৰলিং গাৱলৈকে আগবঢ়াৰ লগতে কপিলীৰ পৰা দুই কিলোমিটাৰ পথত ব্ল’কৰ কাম সম্পূৰ্ণ কৰি তুলিছে।

ৰাণী–জালুক পাহাম–লখৰা সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে পাহাৰ–ভৈয়ামৰ মাজত পথ যোগাযোগ ব্যৱস্থা সহজ হৈ উঠিব। চৰকাৰৰ এই কাৰ্যই ৰাইজৰ মাজত এক আশাৰ বতৰা কঢ়িয়াই আনিছিল। এয়া নিশ্চিতভাৱে যুগ যুগ ধৰি বৰ্হিঃবিশ্বৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন অঞ্চলটোৰ সভ্যতাৰ দিশত এক নতুন দিগন্তৰ সূচনা। ঐতিহাসিক এক মাইলৰ খুটি স্বৰূপ এই পথটো চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱাত সকলোৱে আনন্দ প্ৰকাশ কৰিছিল। কিন্তু দূৰ্ভাগ্যজনকভাৱে ৰাণী–ডুম’পাহাম–জালুক পাহাম পথটোৰ নিৰ্মাণকাৰ্য সম্প্ৰতি বন্ধ হৈ পৰিছে। ইয়াৰ মূল কাৰণ– সুদীৰ্ঘ পথছোৱা বন বিভাগৰ ভূমিৰে অতিক্ৰম কৰাত বন বিভাগৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ (এন অ চি)ৰ প্ৰয়োজন হৈছে। লোক নিৰ্মাণ বিভাগে বন বিভাগলৈ এন অ চি সন্দৰ্ভত বিভাগীয় পত্ৰ প্ৰেৰণ কৰিছে যদিও এই পৰ্যন্ত বিভাগটোৱে সঁহাৰি জনোৱা নাই। দ্বিতীয়তে, ওখ–ওখ পাহাৰৰ মাজেৰে অতিক্ৰম কৰা পথটোৰ নিৰ্মাণকাৰ্য যথেষ্ট ব্যয়বহুল। চৰকাৰে প্ৰতিকিলোমিটাৰ পথ নিৰ্মাণত ৮৮ লাখ টকা ধাৰ্য কৰিছে যদিও ডেৰ কোটিৰ কমত এই কাম সম্পন্ন কৰাটো সম্ভৱ নহয়। এয়া পথ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা কথা। সেয়ে বন্ধ হৈ থকা পথটোৰ নিৰ্মাণকাৰ্য কেতিয়াকৈ আৰম্ভ হ’ব সেয়া জানিবপৰা নাযায়। বিপৰীতে, লখৰাৰ পৰা গঁড়ভাংগা হৈ জালুক পাহাম সংযোগী পথছোৱাত বৰ্তমান পূৰ্ণদ্যোমে নিৰ্মাণকাৰ্য চলি আছে যদিও বন বিভাগৰ হেমাহিৰ বাবে ঠাইয়ে ঠাইয়ে বাধাৰ সন্মুখীন হৈছে।

অনিশ্চয়তাৰ গৰ্ভত চৰকাৰী উন্নয়ন। গতিকে যুগযুগীয়া পুৰণি পথবোৰৰ ব্যৱহাৰ এৰি দিয়াৰ কথা গাঁওবাসীয়ে ভাবিব নাছিল। সেয়ে এসময়ত ব্যৱহাৰ কৰা লুংলুঙীয়া পথকেইটাকে ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰি লৈছে। আজি আঠ–দহ বছৰমানৰ পৰা উন্নত কৰি তোলা পথকেইটাত বতৰ ভালে থাকিলে টানে–বিপদে অন্ততঃ ট্ৰাক, জীপ, বাইক আদি চলাচল কৰিবপৰা অৱস্থা এটা হৈছে।

অঞ্চলটোৰ গাঁও কেইখনক ত্ৰিশখন বিছনাযুক্ত ৰাণী সামূহিক চিকিৎসালয়ে সামৰি লৈছে। গঁড়ভাংগা, জালুক পাহাম, ডুম’পাহামত একোখনকৈ উপ–স্বাস্থ্য কেন্দ্ৰ আছে। ইপিনে, অঞ্চল বিশেষত আশাকৰ্মীও আছে। কিন্তু ৰাইজ উপকৃত হ’ব পৰাকৈ উপ–স্বাস্থ্য কেন্দ্ৰসমূহত চিকিৎসা ব্যৱস্থা নাই। তদুপৰি কেন্দ্ৰ কেইটাত স্বাস্থ্যকৰ্মী নিৰ্দিষ্ট দিনৰ মুৰে মুৰেহে উপস্থিত হয়। সেয়ে উপ–স্বাস্থ্য কেন্দ্ৰৰ চিকিৎক–কৰ্মীৰ পৰিৱৰ্তে ৰাইজে আশাকৰ্মীৰ ওপৰতহে বেছি ভাৰসা কৰিবলগা হয়। তেওঁলোকেই অঞ্চলটোত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আহিছে। আশাকৰ্মীৰ প্ৰাথমিক চিকিৎসাত আৰোগ্য নোহোৱা ৰোগীক সাঙিত, শিশুসকলক বোকোচাত বান্ধি চিকিৎসাৰ বাবে ৰাণীত আনিবলগা হয়। যদিও, গৰ্ভৱতী মহিলাৰক্ষেত্ৰত বহু অসুবিধা ভোগ কৰিবলগা হয়। অতি কষ্টকৰ আৰু কৰুণ এই দৃশ্যসমূহ নিজ চকুৰে নেদেখিলে মানুহে বিশ্বাস কৰাটোও টান। অঞ্চলটোৰ এনে অসুবিধাৰ পৰা সকাহ প্ৰদানৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমটো শাসনকালত ৰাণীৰ পৰা ডুম’পাহামলৈ এক এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰিছিল। দুই–এটা বছৰ চলাচল কৰিছিল কিন্তু বিভিন্ন কাৰণত এম্বুলেন্স সেৱা বৰ্তমান বন্ধ হৈ আছে। বৰ্তমান আধুনিক যুগৰ এম্বুলেন্স সেৱা বিকল হৈ পৰাত ৰাইজে যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহা সাতামপুৰুষীয়া ‘সাঙি’খনকে পুনৰ আকোৱালী ল’বলগা হৈছে।  

অসম চৰকাৰৰ শক্তি বিভাগে যোগানধৰা বিদ্যুতেৰে মনোৰম প্ৰকৃতিৰ মাজত অৱস্থিত গাঁওকেইখন বিজুলী–চাকিৰ পোহৰে জিলিকাই তুলিব বুলি এই জনমত ৰাইজে আশা নকৰে। যদিও, কেইখনমান গাঁৱত কেন্দ্ৰীয় চৰকাৰৰ অনুদানপ্ৰাপ্ত সৌৰশক্তি চালিত বিদ্যুৎ উৎপাদন ইউনিট স্থাপন কৰিছে। বৃহৎ অঞ্চলটোৰ নাৰলিং, নংটাৰীয়া, ডুম’পাহাম, গঁড়ভাংগা এই চাৰিখন গাঁৱত ৪৪০ ভল্টৰ একোটিকৈ সৌৰ শক্তি উৎপাদন ইউনিট নিৰ্মাণ কৰিছে। উক্ত ইউনিটৰ দ্বাৰা এই চাৰিখন গাঁৱে লাইট, ফেন, টিভি আদি চলাবপৰা ব্যৱস্থা এটা হৈছে।

বিশুদ্ধ পানী কি তেওঁলোকে নাজানে। তেওঁলোকে জানে জুৰি–নিজৰাৰ পানী সেৱন কৰি জীয়াই থাকিব লাগে। যুগ যুগ ধৰি তেওঁলোকে জুৰি–নিজৰাৰ পানীকে সেৱন কৰি আহিছে। এই মুহুৰ্তলৈকে গাঁওকেইখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো আঁচনিয়েই ঢুকি পোৱা নাই। কিন্তু আমাৰ চুবুৰীয়া মেঘালয়ে তেওঁলোকৰ অধীনৰ গাঁওসমূহত জুৰি–নিজৰাৰ পানী বিজ্ঞানসন্মতভাৱে পৰিস্কৰণ কৰি ৰাইজৰ মাজত যোগান ধৰি আহিছে। বিপৰীতে, আমাৰ চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে সেই পদ্ধতি ঢুকিয়েই নাপালে।

ৰাণী আৰু গঁড়ভাংগা বনাঞ্চল দুখন ভাৰতীয় বন আইন ১৮৭৮ৰ অধীনত সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃত। সেই অনুসৰি অসম চৰকাৰে ৪,৩৭০ হেক্টৰ মাটিকালিৰ ৰাণী বনাঞ্চল ১৮৮২ চনত আৰু ১৮,৮৬০.৫৮ হেক্টৰ মাটিকালিৰ গঁড়ভাংগা বনাঞ্চলক ১৯২৬ চনত সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি প্ৰদান কৰিছে। উক্ত বনাঞ্চল দুখনৰ ভূমি আৰু চৰকাৰী ৰাজহ ভূমিত এইসকল জনজাতীয়লোক বসবাস কৰি আছে। য’ত ১৯০১ চনতে অঞ্চলটোত বসবাস কৰাৰ নথিপত্ৰ মজুত আছে। কিন্তু এইসকল ভূমিপুত্ৰই আজি ভূমিহীন। কোনো এজন ব্যক্তিৰে ভূমিৰ পট্টা নাই। ভূমিৰ পট্টা নথকা বাবে চৰকাৰী আঁচনিৰ সা–সুবিধাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে। কৃষক সংগঠনৰ নেতা দীনেশ দাসৰ নেতৃত্বত ২০০৯ চনৰ পৰা উক্ত অঞ্চলটোত ভূমিৰ অধিকাৰ বিচাৰি এলানী আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰে। কাৰ্যসূচী আগুৱাই নিয়াৰ বাবে প্ৰতিখন গাঁৱতে ভূমি সুৰক্ষা সমিতি গঠন কৰিছে। ভূমি আন্দোলনত সংকল্পবদ্ধ হোৱা ৰাইজৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈও সহযোগ আগবঢ়ায়। ভূমি আন্দোলনৰ পৰিপ্ৰেক্ষিতত ২০১৩ চনৰ পৰা অঞ্চলটোৰ গাঁও সমূহত ভূমিৰ আৱণ্টন প্ৰক্ৰিয়া আৰম্ভ হয়। দুখৰ বিষয় এহেজাৰটা পৰিয়ালয়ৰ ভিতৰত মাত্ৰ ৮০টা পৰিয়ালকহে ভূমিৰ আৱণ্টন পত্ৰ দিয়াৰ ব্যৱস্থা কৰে প্ৰায় একৰ পৰা তিনি বিঘাকৈ। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ২০০৬ চনৰ বন নীতি অনুসৰি ২০০৫ চনলৈ বনভূমিত বসবাস কৰা জনজাতিসকল ভূমি অধিকাৰৰ যোগ্য। ইতিমধ্যে, গাঁও কেইখনত বন অধিকাৰ কমিটি (এফ আৰ চি) গঠন কৰিছে। নিয়ম অনুসৰি এফ আৰ চি’ৰ সহযোগত জিলা উপায়ুক্ত আৰু বন বিভাগে জৰীপ কাৰ্য আগুৱাই নিব লাগে। কিন্তু এই জৰীপ কাৰ্য কোনো ধৰণে আগুৱাই নিয়া নাই। ইপিনে, ভূমিৰ অধিকাৰ লাভ নকৰা পৰ্যন্ত আন্দোলন চলি থাকিব বুলি কৃষক নেতা দীনেশ দাসে ইতিমধ্যে ঘোষণা কৰি থৈছে।

দিছপুৰীয়া চৰকাৰৰ জনপ্ৰতিনিধিসকলে কেৱল প্ৰতাৰণা কৰি অহাত ২০১২ চনত এই ১৬খন গাঁৱৰ ৰাইজ লগলাগি এক বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰিছিল। সেই সভাতে ৰাইজে অসমৰ পৰা স্বেচ্ছাই বিদায় লৈ মেঘালয়ত চামিল হোৱাৰ এক চৰম প্ৰস্তাৱ গ্ৰহন কৰিছিল। ইয়াৰ লগেলগে চৰকাৰ–প্ৰশাসনৰ মাজত দৌৰাদৌৰি লাগিছিল। প্ৰশাসন–ৰাইজৰ মাজত কেইবালানীও আলোচনা চলিল। আলোচনাৰ অন্তত উন্নয়নৰ বিভিন্ন আশ্বাস লাভ কৰিলে ৰাইজে। কিন্তু প্ৰশাসনৰ আশ্বাসবোৰ বাস্তৱত ৰূপায়ন নহ’ল। আমাৰ চৰকাৰ–জনপ্ৰতিনিধিসকলৰ অৱহেলাৰ বাবেই এসময়ত গাঁওকেইখনৰ ওপৰত মেঘালয়ৰ নজৰ পৰিল। পাকে–প্ৰকাৰে গাঁওকেইখনক মেঘালয়ে অন্তৰ্ভূক্তিৰ প্ৰক্ৰিয় চলি থাকিল। বৰ্তমান গাঁওকেইখনৰ একাংশলোকক মেঘালয়ে ভোটাধিকাৰ দিয়াৰ লগতে সীমান্তত বিদ্যালয় স্থাপন, সৌৰ বিদ্যুৎ, খোৱাপানী যোগান, বাট–পথ উন্নয়নকে ধৰি বিভিন্ন সা–সুবিধা প্ৰদান কৰিছে। দ্বৈত ভোটাধিকাৰ লাভকৰা এইসকল লোক এতিয়া অসম–মেঘালয় দুয়ো ৰাজ্যৰে বাসিন্দা। দুইফালৰ পৰা সুবিধা গ্ৰহন কৰি অহা এইসকল লোকৰ বাবে এদিন দুয়োৰাজ্যৰ মাজত যে সীমা সংঘাত নঘটিব সেইকথা নুই কৰিব নোৱাৰি। সেয়ে সময় থাকোতে মেঘালয়ৰ আগ্ৰাসনৰ হাতোৰা ৰোধ কৰিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহন কৰিব লাগে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward