Tuesday, November 30, 2021
Google search engine
HomeARTICLEযাত্ৰা নাট্য চিন্তাৰ পম খেদি

যাত্ৰা নাট্য চিন্তাৰ পম খেদি

প্ৰকাশিত তাৰিখঃ ৩ মে’ ২০২১

সীমান্ত কাকতি –

জীৱনক অনুশীলন কৰিবলৈ গৈ মানুহে কৃষ্টি–সংস্কৃতি লগত লৈয়ে সভ্যতাৰ জখলা বগাইছিল আৰু আজিও। সংস্কৃতি–সভ্যতাৰ উত্তৰণৰ ফলতে মানুহে জ্ঞান–বিজ্ঞানলৈ যাত্ৰা কৰিলে। এই ঐতিহাসিক যাত্ৰাৰ প্ৰতিটো ঘটনা প্ৰবাহ, মানুহৰ গজি উঠা চিন্তা ভাবনা– এই সকলোৱে হ’ল যুগসাপেক্ষ। আদিম মানুহৰ যি যুগ যাত্ৰা, তাক সামন্তীয় বা ৰাজকীয় দিনত প্ৰত্যক্ষ কৰিবলৈ নাপাওঁ। সমাজ ব্যৱস্থাৰ পাৰ্শ্বক্ৰিয়াই ইয়াক প্ৰভাৱিত কৰি আহিছে। সেই পৰিপ্ৰেক্ষিততে আমি আমাৰ আলোচনা কৰিবলৈ ওলাইছোঁ ক্ষুদ্ৰ জ্ঞানেৰে।

আধুনিক গীত–নাট–বাদ্যৰ দৰে অতিকে পৰিচিত আন এক নাট্যশৈলী হ’ল যাত্ৰা নাটক। ভাৰতত এই চৰ্চা যদিও প্ৰাচীন, ১৫–১৬ শতিকাৰপৰা সৃষ্টি হোৱা যাত্ৰা নাটক এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। কথা হ’ল, এই যাত্ৰা নাটকৰ প্ৰাৰম্ভিক খোজটোৱে আছিল ধৰ্মকেন্দ্ৰিক। এই সময়ছোৱাত সনাতনী হিন্দু ধৰ্মৰ এক নতুন আলোকবৰ্ষ আৰম্ভ হৈছিল ভাৰতবৰ্ষৰ বিশেষ বিশেষ অঞ্চলজুৰি। এই যাত্ৰাত কৃষ্ঞ ভক্তিৰসৰ সৈতে গীত–নৃত্য–বাদ্য আত্মপ্ৰকাশ কৰে। উত্তৰ প্ৰদেশকে ধৰি পশ্চিমবংগ, বাংলাদেশ, পূব বিহাৰ, উৰিষ্যা হৈ পৰিছিল যাত্ৰাৰ মূল গৃহভূমি। সেই সময়ৰ জোলোঙাৰে আমি যদি লক্ষ্য কৰোঁ, অসমতো শ্ৰীমন্ত শংকৰদেৱে সেই একেই উদ্দেশ্যৰে গীত, নৃত্য, অংকীয়া ভাওনাৰ সৃষ্টি কৰিছিল। যাত্ৰা নাটৰ এটাই উদ্দেশ্য আছিল– ৰাইজক মনোৰঞ্জনৰ সৈতে আধ্যাত্মিক চিন্তা জগাই তোলা, ভক্তিৰসত নিমজ্জিত কৰা।

কোনো চিন্তা বা ঘটনা প্ৰবাহে ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰে, ই সময়ৰ বালিচৰত একঘেয়ামি উত্থান–পতনৰ অন্তৰ্দ্বন্দ্বৰ বাবেই স্থবিৰতা নামি আহে। তাৰ উপৰিও এই ধৰণৰ মাধ্যমবোৰ সাধাৰণ মানুহৰ জনজীৱনৰ সৈতে জড়িত নহ’লে তেনে স্থবিৰতা অহা তেনেই স্বাভাৱিক। তেনে এক স্থবিৰ অৱস্থাই যাত্ৰাকো আঁকোৱালি লোৱা পৰিলক্ষিত হয়। বিভিন্ন সামাজিক অন্তৰ্দ্বন্দ্বৰ মাজেৰে কিন্তু যাত্ৰা নাট্য চিন্তাৰ বিকাশ ঘটিল এই অৱস্থাৰ মাজেৰে।

ব্ৰিটিছসকলে ভাৰতবৰ্ষত পদাৰ্পণ কৰাৰ পিচৰেপৰা পূৰ্বৰ সামাজিক অৱস্থাৰ ক্ৰমে পট পৰিৱৰ্তন হ’বলৈ ধৰে। ব্ৰিটিছে অনা আধুনিক শিক্ষানীতিৰ প্ৰভাৱত এচাম নব্য সংস্কৃতিপ্ৰাণ লোকৰ আৱিৰ্ভাৱ ঘটে। পৰৱৰ্তী সময় বিশেষকৈ বঙালী যাত্ৰা নাট্য চিন্তাত ইয়াৰ প্ৰভাৱ সু–স্পষ্টকৈ পৰা দেখা যায়।

১৮ শতিকাৰপৰাই যাত্ৰা নাটকে নতুনকৈ প্ৰাণ পাই উঠে। ধৰ্মৰ সলনি সামাজিক পটভূমিত ৰচিত নাটসমূহক দৰ্শকেও যথেষ্ট আদৰেৰে গ্ৰহণ কৰা দেখা যায়। পূৰ্বৰ দৰেই দৰ্শকৰ অন্যতম মনোৰঞ্জনৰ মাধ্যম হৈ পৰে যাত্ৰা নাট। ১৯ শতিকালৈ এই ধাৰাবাহিকতাই চলি আহিছিল যদিও এই শতিকাতে প্ৰগতিশীল চিন্তাৰে উদ্বুদ্ধ এচাম লোকৰ ছত্ৰছায়াত সমাজ সচেতন মাধ্যম হিচাপে গঢ়ি তুলিবলৈ লয়। উৎপল দত্তকে ধৰি বহুসংখ্যক নাট্যকৰ্মীয়ে যাত্ৰা নাটকলৈ অনবদ্য অৰিহণা যোগায়।

যাত্ৰা নাটক আৰু নামনি অসমত ইয়াৰ প্ৰভাৱঃ

অবিভক্ত কামৰূপ আৰু গোৱালপাৰা জিলা দুখন অতীতত বিভিন্ন কাৰণত পশ্চিমবংগৰ সৈতে যোগসূত্ৰ স্থাপন হৈছিল। যাৰ প্ৰভাৱ সাংস্কৃতিজভাৱেও পৰিছিল নামনি অসমৰ মানুহৰ ওপৰত। বিশেষকৈ বেহা–বেপাৰৰ জৰিয়তে দুয়ো ঠাইৰ মানুহৰ সাংস্কৃতিক আদান–প্ৰদান ঘটিছিল। এদিন এই আদান–প্ৰদানৰ ফলস্বৰূপে ১৯ শতিকাৰ মাজভাগৰপৰাই নামনি অসমত যাত্ৰা নাট্যদলৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত যাত্ৰা নাটবোৰ বঙালী ভাষাৰপৰা অভিযোজনা কৰি মঞ্চত উপস্থাপিত হয়। সময়ৰ লগে লগে ঠিক কুৰি শতিকাৰ কেইদশকমান পিচৰপৰাহে মৌলিক নাটক উপস্থাপন হ’বলৈ ধৰে। এই নাটসমূহ ধৰ্ম, ঐতিহাসিক, সামাজিক পটভূমিত কাল্পনিক নাট হিচাপে প্ৰচলন হ’বলৈ ধৰে। ঠাইবিশেষ অংকীয়া নাটৰদ্বাৰা মনোৰঞ্জন লোৱা নামনি অসমৰ ৰাইজে যাত্ৰা নাটৰ নতুন কলা–কৌশলত যথেষ্ট আগ্ৰহান্বিত হয় আৰু সাদৰেৰে গ্ৰহণ কৰে, সময়ত এক বলিষ্ঠ মাধ্যম হিচাপে পৰিচিত হয়। যাত্ৰা নাটৰ আদিকালছোৱাত মহিলাৰ অংশগ্ৰহণ একেবাৰে বৰ্জিত আছিল। ১৯৪৭ চনৰ পিচত ধীৰে ধীৰে নাৰী চৰিত্ৰত পুৰুষৰ সলনি মহিলাসকলে ভূমুকি মাৰিবলৈ ধৰে। যাত্ৰাদলবোৰে অসমৰ গাঁৱে–ভূঞে নাট প্ৰদৰ্শন কৰি কেৱল মনোৰঞ্জনেই দিছিল এনে নহয়; ই বিভিন্ন সুপ্ত প্ৰতিভা বিকাশ কৰাত আগভাগ লৈছিল আৰু মানুহৰ ভাৱাৱেগ উন্নত কৰাত এক প্ৰশংসনীয় পদক্ষেপ লৈছিল।  

১৯৮০লৈ নামনি অসমত ন–ন যাত্ৰাদলৰ আগমনে নাট নিৰ্বাচন কৰা ক্ষেত্ৰতো এক সুস্থ আৰু সচেতন দৃষ্টিভংগী ৰখা দেখা যায়। পেছাদাৰী দৃষ্টিভংগী এটাই স্বাধীনতাৰ পিচত যাত্ৰাদলত ভূমুকি মাৰিলেও ক্ৰিয়াকৰ্মী, কলা–কুশলী একেবাৰে পেছাদাৰী হৈ পৰা নাছিল। এক সামূহিক চিন্তাৰে পৰিচালিত হৈ নাটক আৰু নাট্যদলটোৰ উত্তৰোত্তৰহে কামনা কৰিছিল। সময়ৰ সোঁতত আৰ্থ–সামাজিক পৰিৱৰ্তনৰ বাবেই হয়তো যাত্ৰা নাটৰ উপস্থাপনতো প্ৰভাৱ পৰিল। সেই গতিকে পূৰ্বৰ নাট্যশৈলীৰ বহুত কিবাকিবি পৰিৱৰ্তন ঘটোৱা হ’ল। ১৯৯০ৰ পিচত এই পৰিৱৰ্তন চকুত লগা। ৯০ৰ দশকত ভাৰতবৰ্ষত হো–হোৱাই পশ্চিমীয়া সংস্কৃতিৰ বিৰাট পয়োভৰ হ’বলৈ ধৰে, কাৰণ ১৯৯১ চনত সংসদত ডাংকেল প্ৰস্তাৱ গৃহীত হয়। বাহিৰৰ পুঁজিবাদী সাম্ৰাজ্যবাদী দেশবোৰে বেপাৰৰ স্বাৰ্থত সাংস্কৃতিক বিনিময় কৰি এক আচহুৱা উপৰুৱা সংস্কৃতি আমদানি কৰে। যাৰ প্ৰভাৱ আমাৰ দেশত সৰ্বত্ৰ বিয়পি পৰে। মঞ্চ নাটৰ উপস্থাপনৰ শৈলীত পোহৰৰ মায়াজাল ৰচি এক উপৰুৱা ৰুচি জাপি দিয়া হ’ল দৰ্শকৰ ওপৰত। দৰ্শকৰ নিজৰ এটা ৰুচি থাকিলেও ওপৰৰপৰা প্ৰচাৰ মাধ্যমে সিঁচি দিয়ে আধুনিক বিজ্ঞানৰ আশ্ৰয়ত কিছুমান অলংকাৰ, যাৰ সাৰশূন্যতা হয়তো নাটকীয় ক্ষেত্ৰত নিষ্প্ৰয়োজন; কিন্তু জনগণৰ ধ্যান–ধাৰণা বাস্তৱৰপৰা অন্য দিশে নি এক বিভ্ৰান্তিকৰ ৰুচিৰ জন্ম দিয়াত একাংশ নাট্যগোষ্ঠীয়ে আগভাগ ল’বলৈ ধৰিলে। পূৰ্বৰ নাট্য আন্দোলনৰ গতিবেগ ক’ৰবাত স্তব্ধ হ’বলৈ ধৰিলে। অসমত বিশেষকৈ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীয়ে এনে চিন্তাৰ প্ৰধান বাহক হৈ পৰিল। পিচলৈ যাত্ৰা নাটকতো তাৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। নাটকৰ প্ৰয়োজনত আধুনিক ক্ৰিয়া–কৌশল প্ৰয়োগ কৰাত আমি বিৰোধী নহয়; কিন্তু তাকে কৰিবলৈ গৈ নাটকৰ বিষয়বস্তুক লঘু কৰাৰ যি ষড়যন্ত্ৰ আৰম্ভ হ’ল, তাক লৈহে চিন্তিত হৈ পৰিলোঁ।

জ্যোতিপ্ৰসাদে কৈছিল– “ধনতন্ত্ৰবাদ, সাম্ৰাজ্যবাদ হ’ল আজিৰ পৃথিৱীৰ সংস্কৃতিৰ ৰূপত দুষ্কৃতি।” কেৱল মুনাফাৰ স্বাৰ্থত মানুহৰ চিন্তা–চেতনা, ৰুচি বিকৃত কৰাই সিহঁতৰ একমাত্ৰ উদ্দেশ্য। তেনে এক পৰিস্থিতিত আজিৰ নাট্যকৰ্মীয়ে সময়ে শিকোৱা শিকনি লৈ আগবাঢ়িব লাগিব। গাঁও অঞ্চলত যিবোৰ যাত্ৰাদল উল্লেখিত ধৰণৰ যি সমস্যা, তাক নিৰাময় কৰিবলৈ নতুন পুৰুষে এক জনজাগৰণ সৃষ্টি কৰিব পাৰিব লাগিব। এটা নাট্যদলক জনমুখী কৰাৰ ক্ষেত্ৰত যিবোৰ উপাদানৰ কাৰ্যকাৰিতা, তাত নিশ্চয়কৈ গুৰুত্ব আৰোপ কৰিব লাগিব। এচাম দেশী–বিদেশী বণিয়াই নিজৰ ব্যৱসায়ৰ সংকট মোচনৰ বাবে বৰ্তমান বিশ্বত যি ধৰণৰ ষড়যন্ত্ৰ নমাই আনি ৰাইজক যি ধৰণৰ আলাই–আথানিৰ সৃষ্টি কৰিলে, বিশেষকৈ সাংস্কৃতিক জগতখনৰ কলা–কুশলীৰ জীৱনলৈ যি অন্ধকাৰ ভৱিষ্যৎ নমাই আনিলে, তাক বোধগম্য কৰি সময়ৰ শিকনিৰে সচেতনভাৱে আজিৰ নাট্যগোষ্ঠী তথা সাংস্কৃতিক কৰ্মীসকলে আগবঢ়া সময়ৰ এই আহ্বানক সঁচা অৰ্থত ব্যৱহাৰ কৰিলেহে দেশ–জাতি ৰক্ষা হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward