Saturday, November 27, 2021
Google search engine
HomeARTICLEঅৱহেলিত হৈয়েই ৰ’ব নেকি আমাৰ সম্ভাৱনীয় ক্ষেত্ৰসমূহ?   

অৱহেলিত হৈয়েই ৰ’ব নেকি আমাৰ সম্ভাৱনীয় ক্ষেত্ৰসমূহ?   

প্ৰকাশিত তাৰিখঃ ১৯ জুলাই, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমান্তৱৰ্তী অঞ্চল য’ত লানি নিছিঙা সেউজীয়া পাহাৰ। ৰাণীৰ পৰা আৰম্ভ কৰি সমষ্টিটোৰ অন্তিমখন গাঁও মুদুকীলৈকে এই বৃহৎ অঞ্চলটো প্ৰকৃতিৰ অন্য এক ৰম্য ভূমি। য’ত– বিভিন্ন জাতি–জনগোষ্ঠীৰলোকে সমিল–মিলেৰে বসবাস কৰে। আন্তঃৰাজ্যিক সীমান্তৰ লানি নিছিঙা সেউজীয়া পাহাৰৰ নামনিৰ পৰা আৰম্ভ হৈছে চকুৰে মণিব নোৱাৰা বিস্তীৰ্ণ এলেকাৰ খেতিপথাৰসমূহ। সম্প্ৰতি অঞ্চলটোৰ সেউজীয়া অৰণ্যৰ পৰিমাণ হ্ৰাস পাই আহিছে।

অঞ্চলটোৰ লোকসকলৰ জীৱন–জীৱিকাৰ প্ৰধান সম্বল হ’ল কৃষি। গুৱাহাটী মহানগৰী সম্প্ৰসাৰণ হোৱাৰ লগেলগে মাটিবাৰীৰ দাম আকাশলংঘী হৈ পৰিছে। সেই সুযোগত একাংশলোকৰ কৃষিভূমি বহিৰাগত বনিয়াৰ হাতলৈ যোৱাত ভয়ানকভাৱে সংকুচিত হৈ পৰিছে খেতিপথাৰসমূহ। পথাৰত ধানখেতিৰ সলনি বিভিন্ন উদ্যোগ–কাৰখানা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ বৃহৎ অট্টালিকাবোৰ গঢ়ি উঠিছে। উদ্যোগ–কাৰখানাৰ  বৰ্জিত ৰাসায়নিক পদাৰ্থই পথাৰসমূহ খেতিবাতিৰ অনুপযোগী কৰি তুলিছে। ইপিনে, সীমান্তৰ সিপাৰে চলিথকা শিলৰ কোৱেৰী–ক্ৰেছাৰ মেচিন সমূহৰপৰা উটি অহা ৰঙামাটি, বালি, শিলৰ গুৰি পানীৰ সৈতে বৈ আহি নামনিৰ খেতিপথাৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইপিনে, অঞ্চলটোত বনৰীয়া হাতীৰো উপদ্ৰৱ চলে। হাতীৰ উপদ্ৰৱৰ ফলত বহু কৃষকে খেতিবাতি বাদ দিছে। তথাপিও– অঞ্চলটোৰ একাংশ কৃষকে নিৰৱে আৰম্ভ কৰিছে এক কৃষি বিপ্লৱ।

ৰাণীৰ ওচৰৰ গাৰো বসতিপ্ৰধান এখন গাঁও গণপতি। প্ৰায় তিনিশটা পৰিয়াল থকা গাঁওখনৰলোকে তামোল–জালুকৰ কেইবাখনো বৃহৎ বাগান গঢ়ি তুলিছে। দিলীপ মাৰাক, উইনাৰ্ড মাৰাক, উইলিং মাৰাক, দুলাল মাৰাক, ছুপাৰচন মাৰাক, সুনীল মাৰাক, পদ্মাৱতী মাৰাক, গিমেলথন চাংমা এইসকল গাঁওখনৰ খেতিয়ক। দিলীপ আৰু উইনাৰ্ড হ’ল গাঁওখনৰ অতি পুৰণি, সৰ্বাধিক পাঁচশজোপা তামোল–জালুক থকা  খেতিয়ক। বৰ্তমান বহুকেইখন তামোল–জালুকৰ বাগান নতুনকৈ গঢ়ি আছে। ইয়াৰ বাদেও কল, কুহিয়াৰ, পাণ, আনাৰস খেতিৰ পৰিসৰ দিনক দিনে বাঢ়ি আছে। তদুপৰি, পৰম্পৰাগতভাৱে পালন কৰি অহা এৰি–মুগা আজি ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছে।

পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তিম সীমান্তত অৱস্থিত গাঁও উমচুৰ, বাটাবাৰী–শালসেৰ, বাখালাপাৰা, জিমিৰিগাঁও সুমিষ্ট কমলা উৎপাদনৰ কাৰণে জনাজাত। ভৱ ৰাভা, লাৱণ্য ৰাভা, ভদ্ৰেশ্বৰ ৰাভা এইসকল প্ৰতিষ্ঠিত কমলা খেতিয়ক। গাঁওকেইখনত প্ৰায় ৮০ বছৰ আগতে কমলা খেতি আৰম্ভ হৈছিল। বৰ্তমান উমচুৰত প্ৰায় দুশ, বাটাবাৰী–শালসেৰত ছয়শ, বাখালাপাৰা আৰু জিমিৰিগাঁৱত পাঁচশখন কমলা বাগান আছে। য’ত– প্ৰতিখন বাগানত পাঁচশৰ পৰা চাৰি হেজাৰ জোপালৈকে কমলা গছ আছে। প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কমলা খেতিৰপৰা পৰিয়ালসকলে এটি মোটা অংকৰ ধন লাভ কৰে। লগতে– তামোল, পান, জালুক আদি খেতিসমূহো যথেষ্ট হাৰত গঢ়ি তুলিছে।

পশ্চিম গুৱাহাটীৰ দাঁতিকাষৰীয়া পলাশবাৰী সমষ্টিৰ কুলশী অঞ্চলতো ব্যৱসায়িক ভিত্তিত গঢ়ি উঠিছে শ শ বিঘা মাটিত কলৰ খেতি। লগতে তামোল, পান, জালুক আদি পৰম্পৰাগত খেতিবাতিসমূহো ব্যৱসায়িক ভিত্তিলৈ উন্নীত কৰিছে। সতীশ নংবাগ, সুভাষ চিনাল, উৰেণ ৰাভা এইসকল যুৱ খেতিয়ক। সম্প্ৰতি অঞ্চলটোৰ যুৱ প্ৰজন্মৰ একাংশই জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হৈ জীৱিকা হিচাপে গ্ৰহণ কৰিছে।

গণপতিত তামোল–জালুক আৰু উমচুৰ, বাটাবাৰী–শালসেৰ, বাখালাপাৰা, জিমিৰিগাঁওত কমলা খেতিত প্ৰতি বছৰে বহু লাখ টকাৰ লেন–দেন হয়। কিন্তু বজাৰ ব্যৱস্থা সুচল নথকা বাবে কৃষকে উৎপাদিত ফচলত উপযুক্ত দামৰ পৰা বঞ্চিত হয়। ফচলৰ দাম কৃষকে নহয় বেপাৰীয়েহে নিৰ্ধাৰণ কৰে। ইপিনে, কৃষকে বাগান পৰিচালনা কৰিবলৈ বেপাৰীৰপৰা আগধন গ্ৰহণ কৰিবলগীয়া হয়। কৃষকসকলে চাৰি–পাঁচ মাহ আগতে আগধন লোৱা বাবে বেপাৰীসকলে উৎপাদিত ফচলৰ দাম কমাই দিয়ে।  

সম্প্ৰতি অসমৰ চহৰ–নগৰ সমূহৰ বজাৰত গাওঁ অথবা পাহাৰীয়া অঞ্চলৰ জনজাতিসকলে উৎপাদন কৰা ফচলৰ সমাদৰ বাঢ়িছে। গুৱাহাটী মহানগৰীৰ বেলতলা চাৰিআলি, গণেশগুৰি, পাণবজাৰ (টেলিফোন এক্সচেঞ্জৰ কাষত) উজান বজাৰ, চানমাৰি, বামুণীমৈদাম, মালিগাওঁ আদিত এনে বজাৰ গঢ়ি উঠিছে। এই বজাৰসমূহত জনজাতীয় মহিলাসকলে কল, আনাৰস, লাও–কোমোৰা, কচু, হাঁহ–কুকুৰা, পলু, কেঁকোৰা, শামুক, বনৰীয়া ফল–মূল, বনশাক, তিতাফুলৰ লগতে অন্যান্য শাক–পাচলি বিক্ৰী কৰে। এইবোৰ সামগ্ৰী ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত কাৰণে গ্ৰাহকৰ হেতা–ওপৰা লাগে। ইয়াৰ ফলত ব্যৱসায় কৰা জনজাতীয় মহিলাখিনিৰ উপাৰ্জনৰ পথ এটি মুকলি হৈছে। য’ত– এইবোৰ মহিলাই এতিয়া ঘৰ পৰিচালনাৰ দায়িত্বও পালন কৰিবপৰা হৈছে।

আজিৰ যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি আগ্ৰহী যদিও কৃষকক উদগণি যোগাবপৰা চৰকাৰী সা–সুবিধাবোৰ সূলভ নহয়। এইপৰ্যন্ত আধুনিক পদ্ধতিৰ লগত অধিকাংশ কৃষকৰ সম্পৰ্ক ঘটা নাই। সেয়ে কৃষি কাৰ্যত এতিয়াও চলি আছে আওপুৰণি পদ্ধতিসমূহ। অঞ্চলটোৰ তামোল, জালুক, কমলা সকলোবোৰ পুৰণি জাতৰ। যি জাত সমূহৰপৰা পাঁচ–ছয় বছৰ আগত ফচল লাভৰ আশা কৰিব নোৱাৰি। ইপিনে, খেতিত সংক্ৰমণ ঘটা বিভিন্ন বেমাৰৰ উপযুক্ত পৰামৰ্শ লাভ কৰিবপৰা চৰকাৰী ৰাষ্টাবোৰ কৃষকে ঢুকি নাপায়। তেনেবোৰ ৰোগৰ চিকিৎসা কৃষকে নিজে চলাবলগীয়া হয়। যদিও ফলাফল আৰোগ্যৰ বিপৰীতে ধ্বংসৰ পৰিমাণহে বেছি দেখা যায়।

গুৱাহাটী মহানগৰীৰ বাবে দৈনিক প্ৰয়োজন হোৱা শাক–পাচলি, ফল–মূল অকল ৰাণী তথা দক্ষিণ কামৰূপ অঞ্চলৰ পৰাই যোগান ধৰিব পাৰে। পথযোগাযোগৰ সু–ব্যৱস্থা থকা ৰাণী গুৱাহাটী মহানগৰীৰ পৰা ৩৩ কিলোমিটাৰ দূৰত অৱস্থিত। চৰকাৰে কৃষি উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলেই যুৱ প্ৰজন্ময়ো খেতিবাতিত মনোনিবেশ কৰিব। সেয়ে উপযুক্ত সা–সুবিধাৰে কৃষকসকলক আধুনিক কাৰিকৰী কৌশলেৰে দক্ষ কৰি তোলক। কৃষকৰ উৎপাদিত ফচল বিক্ৰীৰ উপযুক্ত বজাৰ ব্যৱস্থা গঢ়ি তোলক। উপযুক্ত বজাৰ লাভৰ ফলত কৃষকসকল অৰ্থনৈতিকভাৱে টনকিয়াল হ’ব। কৃষকসকল আৰ্থিকভাৱে টনকিয়াল হ’লে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিও শক্তিশালী হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward