Saturday, November 27, 2021
Google search engine
HomeARTICLEউপদ্ৰৱৰ পৰা ৰক্তাক্ত সংঘাতলৈকেঃ সীমান্তত চুবুৰীয়া ৰাজ্যৰ শক্তিশালী আন্তঃগাঁথনি

উপদ্ৰৱৰ পৰা ৰক্তাক্ত সংঘাতলৈকেঃ সীমান্তত চুবুৰীয়া ৰাজ্যৰ শক্তিশালী আন্তঃগাঁথনি

প্ৰকাশিত তাৰিখঃ ৩০ আগষ্ট, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

পৰ্ব্বতীয়া জনজাতিলোকসকলে ভৈয়ামৰ লোকসকলৰ ওপৰত চলোৱা উপদ্ৰৱ আজিৰ নহয়। সেইসকলৰ খাদ্য সংকটে দেখা দিলে ভৈয়ামলৈ নামি আহি লুটপাত কৰি প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ যায়। আহোম ৰাজত্বৰ দিনতো নগাসকলে ভৈয়ামৰ লোকসকলৰ ওপৰত বিভিন্ন ধৰণে উপদ্ৰৱ চলাইছিল। সেই সময়ত আহোম–নগাৰ মাজত নিৰ্দিষ্ট সীমা আছিল যদিও তেনা সীমা অতিক্ৰম কৰি নগাই সঘনাই উপদ্ৰৱ চলাইছিল। কিন্তু আহোমৰ শক্তিশালী বাহিনীৰ হাতত নগাই কেতিয়াও তিষ্ঠিব নোৱাৰিছিল। প্ৰতিবাৰ উপদ্ৰৱ চলাবলৈ অহা নগাক আহোম বাহিনীয়ে এসেকা দিবলৈ সক্ষম হৈছিল। নগাক ধৰি–বান্ধি মৰিয়াই মৰিয়াই নগাপাহাৰত উঠাই থৈ আহিছিল আহোম ৰজাৰ সৈন্য বাহিনীয়ে। নগাসকলৰ উপদ্ৰৱ অকল আহোম ৰাজত্বৰ দিনতে শেষ হোৱা নাছিল। ব্ৰিটিছৰ আমোলতো আছিল। আনকি দেশ স্বাধীনতাৰ পাছতো ই লোপ পোৱা নাই। বৰঞ্চ ইয়াৰ পৰিমাণ বাঢ়িহে গৈছে। এসময়ৰ নগাৰ উপদ্ৰৱবোৰ এদিন সশস্ত্ৰ আক্ৰমণত পৰিণত হ’ল। আৰু আজি এই সশস্ত্ৰ আক্ৰমণবোৰত আধুনিক অস্ত্ৰ–শস্ত্ৰৰ সংযোগ ঘটি ভয়ংকৰ আৰু নৃশংস হৈ উঠিল। নগাৰ এনেধৰণৰ আক্ৰমণ সংঘটিত হয় ১৯৫৬ চনৰ ২৯ ডিচেম্বৰত উৰিয়ামঘাটত। য’ত, বহু অসমীয়ালোকৰ প্ৰাণ হানি হৈছিল। একেদৰে ব্ৰিটিছ ৰাজত্বকালত লুচাইসকলেও ভৈয়ামৰ লোকৰ ওপৰত বৰকৈ উপদ্ৰৱ চলাইছিল। লুচাইসকলৰ উপদ্ৰৱ বৃদ্ধি পোৱাত ইয়াক ৰোধ কৰিবলৈ ব্ৰিটিছ চৰকাৰে আচাম ৰাইফলছৰ দৰে সশস্ত্ৰ বাহিনী নিয়োগ কৰিবলগা হৈছিল। ব্ৰিটিছ আমোলত চলোৱা লুচাইৰ উপদ্ৰৱবোৰো আজি নৃশংস হৈ উঠিল। এসয়মৰ চুবুৰীয়া ৰাজ্যৰ সাধাৰণ উপদ্ৰৱবোৰ আজি সীমা সংঘাতৰ ৰূপ ল’লে। আন্তঃৰাজ্যিক সীমান্তৰ সংঘাতবোৰৰ মূল কাৰক যেতিয়া ভূমিকেন্দ্ৰীক হৈ পৰিল তেতিয়া ৰাজ্যকেইখনৰ আগ্ৰাসনৰ পৰিমাণো বাঢ়ি গ’ল। বৰ্তমান আন্তঃৰাজ্যিক সীমান্ত সংঘাত মানে আধুনিক অস্ত্ৰ–শস্ত্ৰৰ খেল। মিজোৰাম, নগালেণ্ড, মেঘালয়, অৰুণাচলৰ এনে খেলত অসম আজি অসহায়। ৰাজ্যকেইখনৰ হাতোৰাত অসমৰ উশাহ–নিশাহ বন্ধ হোৱাৰ উপক্ৰম ঘটিছে।

আজিৰপৰা কেইবছৰ আগতে অসমীয়া প্ৰতিদিন কাকতত অসম–নগালেণ্ড সীমাৰ মেৰাপানীত সংঘটিত ঘটনাৰ মূল কাৰণ ব্যাখ্যাৰে প্ৰকাশিত বাতৰিটো পঢ়া মনত পৰে (বিশ্লেষণত ভুল হ’বও পাৰে)। মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ শাসনকালত কোনোবা এজন সমাজ সংগঠক নামধাৰীলোকে (নামটো মনত নাই) এন জি অ’ গঠন কৰি চীড ফাৰ্মৰ কাৰণে ভূমি আবণ্টন বিচাৰি অসম চৰকাৰক আবেদন কৰিছিল। কৃষি খণ্ড উন্নীতকৰণত আগভাগ ল’বপৰা এই কামটোত উৎসাহিত হৈ মুখ্যমন্ত্ৰীজনাই তৎকালে মেৰাপানী অঞ্চলত কেইবাশ বিঘা ভূমি আবণ্টন দিছিল। তদুপৰি বীজ উৎপাদনৰ কাৰণে বেচৰকাৰী সংগঠনটোলৈ চৰকাৰে বহু পৰিমাণৰ আৰ্থিক অনুদানো আগবঢ়াইছিল। চৰকাৰী অনুদানেৰে কেইবছৰমান খেতিবাতি কৰিল যদিও এসময়ত সেই সংগঠনটোৰ মূৰব্বীজনে মাটিখিনি নগালেণ্ডৰ কোনো এজন লোকক বিক্ৰী কৰি দিলে। বিক্ৰীৰ সময়ত নগা লোকজনক অসম চৰকাৰৰ ৰাজহ বিভাগৰ কাগজ–পত্ৰ জমা দিছিল। সেইমতে নগা লোকজনে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থাকিয়েই সকলোবোৰ কাম–কাজ কৰিব লাগিছিল। যদিও, সময়ৰ সোঁতত লোকজনে সেইবোৰ দলিয়াই নতুনকৈ নগালেণ্ডৰ কাগজপাতি তৈয়াৰ কৰি ল’লে। পৰৱৰ্তী সময়ত অসমৰ চৰকাৰবোৰৰ অমনোযোগিতাৰ বাবে মেৰাপানী অঞ্চলৰ চীড ফাৰ্মৰ ভূমি সম্পূৰ্ণ নগাৰ আয়ত্বাধীন হৈ পৰিল। কেইজনমান লোকৰ ব্যক্তিগত লালসাৰ বাবে অসমৰ ভূমি নগালেণ্ডৰ অধীন হৈ গ’ল। তাৰপিছৰ পৰাই সীমান্ত অঞ্চলৰ অসমীয়া লোকসকল নগাৰ হাতত অৱৰ্ণনীয় অত্যাচাৰৰ সন্মুখীণ হৈ অহা পৰিস্থিতি সমূহ ৰাইজে দেখি আহিছে।

প্ৰায় ৯০ চনত পশ্চিম গুৱাহাটীৰ জিমিৰিগাঁও, বাখালাপাৰা আদি গাঁৱতো খাছি দূৰ্বৃত্তই লুটপাত চলিছিল। সাধাৰণ কথাতে পাহাৰীয়া গাঁও সমূহৰপৰা জাকে জাকে খাছিলোকৰ দল নামি আহি ভৈয়ামৰ অসমীয়া গাঁওকেইখনত নিৰ্যাতন, ভয়–ভাবুকি প্ৰদান কৰিছিল। সেয়ে নহয় মাজে সময়ে হাঁহ, কুকুৰা, গৰু, গাহৰি আদি জীৱ–জন্তু খাছিয়াই উঠাই নিয়া বুলি জানিব পাৰিছিলো। সম্প্ৰতি হাঁহ, কুকুৰা, গৰু, গাহৰি আদি উঠাই নিয়া নাই যদিও অঞ্চলটোত চেগা চোৰোগাকৈ আজিও খাছিলোকৰ ভয়–ভাবুকি দিয়া কাৰ্য কিন্তু অব্যাহত আছে।

এইকথাও ঠিক যে, সীমান্তৱৰ্তী গাঁওসমূহ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে যিধৰণে গুৰুত্ব আৰোপ কৰিব নাছিল সেই ধৰণে কৰা নাই। এক কথাত সীমামূৰীয়া বহু গাঁৱত উন্নয়ন শূণ্য বুলি ক’লেও ভুল কোৱা নহয়।  উদাহৰণ স্বৰূপে পশ্চিম গুৱাহাটীৰ আন্তঃৰাজ্যিক সীমান্তৰ ৰাণী অঞ্চলৰ পাহাৰীয়া গাঁওকেইখনৰ কথাকেই উল্লেখ কৰিব পাৰি। উল্লেখ্য যে, সমষ্টিটোৰ গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গঁড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, নাৰলিং (নৰ্লং), চাংমা নগৰ এই ১৬খন গাঁও হ’ল জনজাতি বসতি প্ৰধান। ইয়াৰে বহুকেইখন গাঁও গঁড় ভাংগা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলত অৱস্থিত। অৱশ্যে মাজে মাজে চৰকাৰৰ ৰাজহ ভূমিতো কেইখনমান গাঁও আছে। গাঁওকেইখনত ভূমি, বাটপথ, শিক্ষা, খোৱাপানী, চিকিৎসা, বিজুলী কোনো এটাৰে সু–ব্যৱস্থা নাই। সীমান্তবাসীয়ে প্ৰধানকৈ ভূগী সমস্যাটোৱেই হ’ল ভূমি। সীমান্তৰ বেছি সংখ্যক গাঁও আজিও নন কেডেষ্ট্ৰেল ৰূপত আছে। নন কেডেষ্ট্ৰেল হ’ল– যি সমূহ গাঁও অসম চৰকাৰৰ ৰাজহ বিভাগৰ দ্বাৰা কোনো প্ৰকাৰৰ ভূমি জৰীপ চলোৱা নাই সেই সমূহ গাঁৱক নন কেডেষ্ট্ৰেল (এন চি) বোলা হয়। ইপিনে, মানুহখিনিৰ ১৯০১ চনৰ নথি–পত্ৰ আছে যদিও তাৰ বহু বছৰ পূৰ্বেই উক্ত সংৰক্ষিত বনাঞ্চল দুখনত বসবাস কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ ২০০৬ চনৰ বন নীতি অনুসৰি বনভূমি অঞ্চলত যিসকল লোকে ২০০৫ চনলৈকে বসবাস কৰি আছিল তেওঁলোক ভূমিৰ অধিকাৰ পোৱাৰ যোগ্য। সেই নীতি অনুসৰি– ২০০৯ চনৰ পৰা এই বৃহত্তৰ অঞ্চলটোৰ লোকসকলে ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন আৰম্ভ কৰে। স্থানীয় কৃষক নেতা দীনেশ দাসৰ নেতৃত্বত প্ৰতিখন গাঁৱতে একোখনকৈ ভূমি সুৰক্ষা সমিতি গঠন কৰা হৈছে। তদুপৰি, অঞ্চলটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ দীনেশ দাসে কৃষকসকলৰ ভূমি আন্দোলনখনক আগুৱাই লৈ যায়। ২০১৩ চনৰ পৰা চৰকাৰে ভূমি আৱণ্টন কাম আৰম্ভ কৰে। কিন্তু বৃহৎ অঞ্চলটোৰ এহেজাটা পৰিয়ালয়ৰ ভিতৰত মাত্ৰ ৮০ টা পৰিয়ালেহে ভূমিৰ আৱণ্টন পত্ৰ লাভ কৰে। চৰকাৰৰ নিয়ম অনুসৰি– সকলোকেইখন গাঁৱতে বন অধিকাৰ সমিতি (এফ আৰ চি) গঠন হৈছে। নিময়মতে, এই এফ আৰ চিৰ সহযোগত জিলা উপায়ুক্ত আৰু বন বিভাগে ভূমি জৰীপ কাৰ্য আগুৱাই নিব লাগে। কিন্তু ভূমি জৰীপ কাৰ্য কোনো ধৰণে আগুৱাই নিয়া নাই। একেদৰে, সমষ্টিটোৰ উমচুৰ, নগাঁও, বাটাবাৰী–শালসেৰ, মাটাইখাৰ–বিলপাৰ, পাটগাঁও, বাখালাপাৰা, জিমিৰি গাঁও, কুণ্ডিল নগৰ, লংচাই মুদুকী আদি গাঁও সমূহৰ একেই অৱস্থা। উক্ত গাঁওসমূহৰ কিছু অংশ ৰাহজ ভূমিৰ অধীনত থকাৰ বিপৰীতে বেছি সংখ্যক নন কেডেষ্ট্ৰেলৰ অন্তৰ্ভূক্ত। আজি দেশে স্বাধীনতা লভা ৭৫ বৰ্ষত ভৰি দিলে। মেঘালয়ে অসমৰ পৰা ফালৰি কাটি সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰাও আজি ৪৯ বছৰ হ’ল। কিন্তু ৪৯টা বছৰে সীমান্তৰ গাঁওসমূহৰ ভূমি জৰীপৰ কোনো ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰিলে অসম চৰকাৰে। সীমান্তৰ কিছু গাঁৱত পূৰ্বতে লাভকৰা ভূমি পট্টা আছে যদিও বহু গাঁৱৰ ভূমি জৰীপ নোহোৱাকৈয়ে আছে। সেয়ে ভূমি পট্টাৰ লাভৰপৰা বঞ্চিত হৈ থাকিবলগা হৈছে সীমান্তৰ গাঁও সমূহে। 

ইপিনে, যোৱা ৩১ মাৰ্চ, ২০১৭ চনত অসম চৰকাৰে ৰাণী–কপিলীৰ পৰা নাৰলিং–ডুম’পাহাম হৈ জালুক পাহামলৈ যোৱা মুঠ ২৮.২ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ১৯ কোটি ৪২লাখ ৩৬হেজাৰ দুশ বিৰাশী টকা ব্যয় সাপেক্ষ উক্ত পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল অনিল দাসে। ২০১৮ চনত কেঁচা পথটিৰ কাম–কাজ ৰাণীৰ পৰা নাৰলিং গাৱলৈ আগবাঢ়িছিল। ইতিমধ্যে, দুই কিলোমিটাৰ পথৰ ওপৰত ব্ল’কৰ কাম সম্পূৰ্ণ কৰিছে। কিন্তু অঞ্চলবাসীৰ বাবেই দূৰ্ভাগ্যৰ কথা যে, গাঁওকেইখনলৈ অহা–যোৱা মূল পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ কোনো আশা নাই। যোৱা ২০১৯ বৰ্ষতে পথটিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে বুলি নিৰ্মাণ সংস্থাটোৰপৰা জানিবপৰা গৈছে। তেওঁলোকে জনোৱামতে– প্ৰতি কিলোমিটাৰ পথত চৰকাৰে ৬৮ লাখ ৮৭ হাজাৰকৈ নিৰ্ধাৰণ কৰি দিছিল। কিন্তু এই নিৰিখৰ ধনত এক কিলোমিটাৰ পথৰ নিৰ্মাণকাৰ্য কোনোমতে সম্পূৰ্ণ কৰি তুলিব নোৱাৰি। ওখ ওখ পাহাৰৰ মাজেৰে অতিক্ৰম কৰা পথটিৰ নিৰ্মাণকাৰ্য ভালদৰে কৰিবলৈ হ’লে প্ৰতি কিলোমিটাৰত প্ৰায় ৪ কোটি টকা ব্যয় হ’ব। যদি চৰকাৰে পথটি নিৰ্মাণৰ ধন সম্প্ৰসাৰণ নকৰে তেনেহ’লে এই অঞ্চলটো পিছপৰিয়েই থাকিব। ইপিনে, ২০১২ চনত লখৰা–গঁড়ভাংগা–জালুক পাহাম পথটো নিৰ্মাণৰ বাবে ২২ কোটি আৱণ্টন দিছিল। ইতিমধ্যে, কেইবা কিলোমিটাৰ পথত ব্ল’কৰ কাম সম্পূৰ্ণ কৰি তুলিছে। কিন্তু বন বিভাগৰ হেমাহিৰ বাবে ঠায়ে ঠায়ে বাধাৰ সন্মুখীন হৈছে।

ইপনে, আন্তঃৰাজ্যিক সীমান্তত বসবাস কৰা অসমীয়াসকলৰ ন্যূনতম প্ৰয়োজনীয়তা খিনিকে মেঘালয়ে ব্ৰহ্মাস্ত্ৰ হিচাপে সুযোগ গ্ৰহণ কৰিছে। মাটি পট্টা, ভোটাধিকাৰ, ৰেচন কাৰ্ড, বাটপথ, খোৱাপানী যোগানৰ ব্যৱস্থা সূচল কৰি তুলিছে। সাধাৰণতে, মেঘালয়ত মাটিবাৰীৰ পট্টা পৰম্পৰাগত এলেকাধিপতি (চিয়েম, ৰজা) আৰু জিলা উপায়ুক্ত আৰু স্বায়ত্তশাসিত জিলা পৰিষদে প্ৰদান কৰে। তেওঁলোকৰ কাৰ্য পদ্ধতিবোৰ বৰ সহজ–সৰল। যিকোনো এজন ব্যক্তিয়ে গাঁওৰ মুৰব্বী (চৰ্দাৰ)ৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ লৈ চিয়েমৰ ওচৰত আবেদন কৰিয়েই ভূমিৰ কেঁচা পট্টা লাভ কৰিব পাৰে। দহ টকা গাঁঠি দি কৰা আবেদন পত্ৰখন মঞ্জুৰ হ’লে পৰৱৰ্তী সময়ত দুশৰ পৰা পাঁচশ টকা চিয়েমৰ কাৰ্যালয়ত আদায় দিয়াৰ পাছত ভূমিৰ কেঁচা পট্টা লাভ কৰে। এই কেঁচা পট্টা ম্যাদীকৰণ কৰিবলৈ জিলা উপায়ুক্তৰ কাৰ্যালয় নতুন স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যালয়ত আবেদন কৰিব পাৰে। ইতিমধ্যে, পশ্চিম গুৱাহাটীৰ সীমান্ত অঞ্চলত বসবাস কৰা বহু অসমীয়াই নিজ ভূমিৰ কেঁচা পট্টা তলেতলে মেঘালয়ৰ চিয়েমৰ পৰা সংগ্ৰহ কৰিছে। লগতে, সীমান্তৰ আন একাংশ অসমীয়াই এনে পট্টা লাভৰ বাবে নতুনকৈ কৰা আবেদন প্ৰক্ৰিয়াও চলি আছে আৰু হয়তো ভৱিষ্যতেও চলি থাকিব। অসমীয়াৰ এনেধৰণৰ কাম–কাজৰ ফলত এদিন সীমান্তৰ বহু পৰিমাণৰ ভূমিত মেঘালয়ে নিজৰ অধিকাৰ দাবী কৰিব পাৰে। যাৰ বাবে আন্তঃৰাজ্যিক সীমান্ত অশান্তময় হৈ পৰাৰ কথা নুই কৰিব নোৱাৰি। দেখা গৈছে– অসমীয়ালোকৰ সুবিধাবাদী ভূমিকাৰ বাবে সীমান্তত আগ্ৰাসনকাৰীয়ে অধিক সুযোগ লাভ কৰিছে। বিশেষকৈ নগালেণ্ড আৰু মেঘালয়ত এই ছবি দেখা যায়। অৱশ্যে সীমান্তত এনে সুবিধাবাদী অসমীয়ালোক নাথাকিলেও চুবুৰীয়া ৰাজ্যই অসমৰ ভূমিত আগ্ৰাসন চলালেহেতেন। কিন্তু আমাৰেই এচাম সুবিধাবাদীলোকৰ ভূমিকাই সীমান্তত বিবদমান স্থানৰ সংখ্যা বঢ়োৱাত যে নিশ্চিতভাৱে সাৰপানী যোগাইছে সেয়া ষোল্ল অনাই সঁচা। লাগিলে সেয়া নগালেণ্ডৰ মেৰাপানীৰ চীড ফাৰ্ম অঞ্চলেই হওক অথবা মেঘালয়ৰ পশ্চিম গুৱাহাটীৰ আন্তঃৰাজ্যিক সীমান্তই হওক।  

সম্প্ৰতি কামৰূপ জিলা প্ৰশাসনে মেঘালয় সীমান্ত অঞ্চলত থকা গাঁওসমূহৰ সৈতে সঘনাই যোগাযোগ ৰক্ষা কৰি আহিছে। বিভিন্ন ধৰণৰ আলোচনা অনুষ্ঠিত কৰি সীমান্তবাসীৰ অভাৱ–অভিযোগৰ বুজ লৈছে। প্ৰশাসনৰ এনে সম্পৰ্ক ৰক্ষাই সীমান্তবাসী অসমীয়াসকলক নিশ্চয় সাহস যোগাব। কিন্তু অকল সাহস যোগোৱাৰ বাবে সম্পৰ্ক ৰক্ষা কৰি চলি থাকিলেই নহ’ব। সীমান্তবাসীৰ যি অভাৱ–অভিযোগ সেয়া প্ৰশাসনে পূৰ কৰিব লাগিব। সীমান্তবাসী ৰাইজৰ বিভিন্ন সমস্যা আছে। দিছপুৰত বহু চৰকাৰ আহিল আৰু গ’ল। কিন্তু সীমান্তবাসীৰ সমস্যাবোৰ সমস্যা হৈয়েই থাকিল, আজিলৈকে কোনো এখন চৰকাৰে সমস্যাবোৰ সমাধানৰ ব্যৱস্থা নকৰিলে। বিভিন্ন সমস্যা থাকিব পাৰে। সেই সমস্যাৰ অজুহাতত ৰাজ্যখনৰ প্ৰশাসনিক দিশত ক্ষতি হ’বপৰা কাম কাজ আদৰি অনা কাৰ্য কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। ধৰক– এজন মানুহে আশ্ৰয় গৃহ খুলি দহ জন ঘাতমাউৰা ল’ৰা–ছোৱালীক লালন–পালন কৰিছে। নিত্যান্তই এই কৰ্মক মানৱ সেৱা বুলি অভিহিত কৰিব ইয়াত কাৰো দ্বিমত নাই। কিন্তু সংকটত পৰি মানুহজনে মদ–ভাং, ড্ৰাগছ বিক্ৰী কৰি সেইবোৰ ল’ৰা–ছোৱালীক লালন–পালন কৰিবলগীয়া হৈছে। তেনেক্ষেত্ৰত ই মানৱ সেৱা হৈ থাকিব নে? নিশ্চিতভাৱে ই এক অপৰাধ কাৰ্যৰূপে বিবেচিত হ’ব। কথাটো নিশ্চয় চিন্তনীয়– যদিও বিভিন্ন সমস্যাত ভূগি সীমান্তৰ একাংশ অসমীয়ালোকে মেঘালয়ৰ পৰা ভূমি পট্টা, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আদিৰ লগতে ভিতৰি ভিতৰি আঁচনিৰ সা–সুবিধা গ্ৰহণ কৰিছে। অসমীয়াৰ এনে কৰ্ম কাণ্ডই ৰাজ্যখনলৈ এদিন নিশ্চিতভাৱে জটিল সমস্যা কঢ়িয়াই আনিব। অনাহাৰে থকা মানুহ এজনে কোনোবাৰপৰা এসাজ খুজি খোৱাটো অপৰাধ হ’ব নোৱাৰে। কিন্তু সেয়া সুবিধা হিচাপে গ্ৰহণ কৰিলে ঘটনাই অন্য ৰূপ ল’ব। অসমৰ বাসিন্দা হিচাপে ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট সকলোবোৰ আছে। চৰকাৰৰপৰা পাবলগীয়া খাদ্য সামগ্ৰীও লাভ কৰি আছে। তেনেক্ষেত্ৰত সীমান্তৰ একাংশই একে সুবিধা মেঘালয় চৰকাৰৰ পৰাও গ্ৰহণ কৰি আছে। এয়া নিশ্চয় বিপদ গ্ৰস্ত মানুহৰ কাৰ্য বুলিব নোৱাৰি।           

আমাৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্যকেইখনৰ লোকসকল সহজ–সৰল বুলি যিমান সুনাম আছে বিপৰীতে চতুৰামী বুলিও সিমান দূৰ্নাম আছে। বেলেগহে নালাগে নৃশংসভাৱে চলা সীমা সংঘাতবোৰ চালেই গম পোৱা যায়। যিবোৰক জাতীয় সমস্যা বুলি ভাৱে সেইবোৰত তেওঁলোকে একেলগে প্ৰতিবাদ কৰিবলৈ ওলাই আহে। যেনে– সীমা সংঘাতবোৰত ৰাজ্যখনৰ ৰাইজ, আৰক্ষী সকলোৱে এক হৈ ওলাই আহে। এই সংঘাতবোৰত সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সহযোগৰ কাৰণেই ৰক্তাক্ত হৈ উঠে বুলি দীৰ্ঘদিনীয়া অভিযোগ আছে। তদুপৰি এনেবোৰ ঘটনাত তেওঁলোকৰ চৰকাৰ সমূহৰো মৌন সমৰ্থন থকা বুলি অভিযোগ উথাপন হৈছে। অভিযোগ সত্যও হ’ব পাৰে, নহ’লে সীমান্তত এনেধৰণৰ নৃশংস ঘটনাবোৰ বাৰে বাৰে ঘটি থাকিব পাৰেনে? কাৰণ চুবুৰীয়া ৰাজ্যবোৰে বাট–পথ, আৰক্ষী চকী, অন্যান্য প্ৰশাসনীয় কাৰ্যালয় নিৰ্মাণ কৰি সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিসমূহ একপ্ৰকাৰ নিকপকপীয়া কৰি তুলিছে। পূৰ্বতে অসম–মেঘালয়ৰ মাজতে অতি কমসংখ্যক সীমা বিবাদ হৈছিল। যদিও– আজি নতুন ৰূপত সীমা বিবাদৰ হাৰ ক্ৰমাগতভাৱে বাঢ়িব ধৰিছে। যোৱা ২৩ আগষ্টত অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ আন্তঃৰাজ্যিক সীমান্তৰ উমলাফেৰত অসম আৰক্ষী নিৰীক্ষণ চকী এটা নতুনকৈ নিৰ্মাণ কৰিছিল। এই নিৰীক্ষণ চকীত অসম আৰক্ষীৰ তালাচীৰ সন্মুখীণ হোৱাত মেঘালয়ৰ খাছি যুৱক এজন ক্ষুণ্ণ হৈ পৰে। এই খবৰ গাঁৱত লাভ কৰাৰ লগে লগে শ শ মেঘালয়ৰ খাছি লোক অসমৰ তালাচী চকীৰ পিনে আগুৱাই আহে। উন্মত্ত খাছি লোকসকলে অসম আৰক্ষী চকীটোৰ বাংকাৰ ভাঙি লণ্ড–ভণ্ড কৰি দিয়ে। তাতে ক্ষান্ত নাথাকি একাংশই অসম আৰক্ষীৰ ওপৰতো আক্ৰমণ চলাবলৈ উদ্যত হয়।

ইপিনে, পশ্চিম গুৱাহাটীৰ ৰাণী মূল চ’কটোৰপৰা দুশ মিটাৰ আঁতৰত মেঘালয় চৰকাৰেও আৰক্ষীৰ এটা এণ্টি ডেক’ইট (AD) স্থাপন কৰিছে। বহু বছৰ পূৰ্বেই ৰাণী–মাইৰাং এন ই চি পথৰ আন্তঃৰাজ্যিক সীমান্ত শুকুৰবৰীয়াতো আৰক্ষীৰ নিৰীক্ষণ চকী এটা স্থাপন কৰিছে। সীমান্তত এনেধৰণৰ আৰু কেইটামান আৰক্ষী চকী নিৰ্মাণৰ যো–যা চলি থকা বুলিও জানিবপৰা গৈছে। নিজৰ ভৌগোলিক সীমাৰ ভিতৰত কোনে কি কৰে সেয়া কবলগীয়া নাই। কিন্তু লালসা পূৰণৰ বাবে কোনেও নিজ ৰাজ্যখনলৈ সীমা সংঘাতৰ নতুন বিপদ মাতি আনিব নালাগে। নগালেণ্ড–মেৰাপানী, মিজোৰাম–লাইলাপুৰ অথবা অৰুণাচল–চাউলধোৱা সদৃশ দ্বিতীয়টো ঘটনা ভৱিষ্যতে অসম–মেঘালয় সীমান্তত ঘটিব নালাগে। সময় থাকোতে পশ্চিম গুৱাহাটীৰ অসম–মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলেও কথাটো চিন্তা কৰা ভাল।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward