Thursday, December 2, 2021
Google search engine
HomeARTICLEপ্ৰসংগঃ মাইক্ৰ'ফাইনেঞ্চ, আত্মসহায়ক গোটৰ ঋণ

প্ৰসংগঃ মাইক্ৰ’ফাইনেঞ্চ, আত্মসহায়ক গোটৰ ঋণ

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ কথা। সময় তেতিয়া দিনৰ দুই বাজিছে। ৰাণীৰ আশে–পাশে থকা গাঁৱৰ পাঁচগৰাকী মহিলা। ৰাণীৰ মূল চ’কটোত অট’ৰিক্সাৰপৰা নামিয়েই চিধাই চাহ দোকানলৈ গৈ চাহ–মিঠাই খালে। চাহ–মিঠাই খোৱাৰ হ’ল ঘৰৰ কাৰণেও প্ৰতিগৰাকীয়ে তিনিশ টকাৰ মিঠাই কিনিলে। ইয়াৰ পাছত ষ্টেচনাৰী দোকানত পুতলা, বেগ, গিলাচৰ ছেট আদি সামগ্ৰী কিনাৰ বাবত প্ৰতিগৰাকীয়ে খৰচ কৰিলে আঠশ টকাকৈ। ৰাণীৰপৰা বিদায় লোৱাৰ আগেয়ে দুশ টকাৰ মাছো কিনিলে। তেনে সময়তে মানুহ এজনে মাত লগালে, ‘আজি পকেট গৰম বোধহয়, সকলোৱে হেভি বজাৰ কৰিলি দেখোন।‘ বৰ স্ফূৰ্টিত মহিলা কেইগৰাকীয়ে উত্তৰ দিলে– ‘অ’ আজি আমি গ্ৰুপৰ লোণ পালোঁ। ঘৰত লাগেই যেতিয়া প্ৰয়োজনীয় সামগ্ৰীৰ অলপ বজাৰ কৰিলোঁ। আমিতো সদায় এইধৰণৰ বজাৰ কৰিব নোৱাৰো।’ মহিলাকেইগৰাকীয়ে হেনো গাইপতি দহ হেজাৰকৈ ঋণৰ ধন লাভ কৰিছে। ঋণৰ টকা লৈ ৰাণীত ভৰি দিয়েই খৰচ কৰিলে তেৰশ ১,৩০০ টকাকৈ। প্ৰতিগৰাকীৰ হাতত জমা থাকিল আঠ হাজাৰ সাতশ টকা। মহিলা কেইগৰাকী ঘৰত উপস্থিত হোৱাৰ পূৰ্বেই আঁচনি বহিৰ্ভূত কামত খৰচ হ’ল ঋণৰ বহুমূলীয়া ১,৩০০ টকা। এয়া হ’ল– পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলত সচৰাচৰ ঘটি থকা ঘটনা। বৃহত্তৰ অঞ্চলটোত এইটোৱে একমাত্ৰ ঘটনা নহয়। এনেধৰণৰ অলেখ ঘটনা ঘটি আছে। আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যখনতে এনেধৰণৰ ঘটনাই ঘটি আছে। সম্প্ৰতি আত্মসহায়ক গোট, মাইক্ৰ’ফাইনেন্স আদিয়ে এচাম মহিলাক টকা–পইচা খৰচৰ ক্ষেত্ৰত ভয়–ভীত নোহোৱা কৰি তুলিছে। তাৎপৰ্যপূৰ্ণভাৱে আজিৰপৰা ২০ বছৰ আগেয়ে অসমীয়া মহিলাই ঋণ লোৱাটো দূৰৈৰ কথা, এই বিষয়ে ভাবিবলৈও ভয় কৰিছিল। কিন্তু আজি লাখ–লাখ টকা ঋণ লৈ খৰচ কৰিবলৈও ভয় নকৰা হ’ল। বৰঞ্চ ঋণ লোৱাৰ ক্ষেত্ৰত হেতা–ওপৰাহে লাগে।

আত্মসহায়ক গোট হ’ল নিজক নিজে স্বাৱলম্বী কৰি তুলিবপৰা কেইবাগৰাকী লোকৰ সমষ্টি। অৰ্থনৈতিকভাৱে দূৰ্বল মানুহবোৰ একগোট হৈ সকাহ লাভ কৰিবপৰা এটি উত্তম পন্থা। এই পন্থাৰে অৰ্থনৈতিকভাৱে দূৰ্বল লোকসকলক সবল কৰি তুলিব পাৰি। আত্ম–সহায়ক গোট, মাইক্ৰ’ফাইনেন্স বুলিলে প্ৰথমে বাংলাদেশৰ নাম ল’ব লাগিব। এই মাইক্ৰ’ফাইনেন্সৰ জন্মদাতা হ’ল ড মহম্মদ ইউনুচ। ইউনুচ আছিল চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক। ১৯৭৬ চনত তেখেতৰ প্ৰচেষ্টাত জন্মলাভ কৰে ক্ষুদ্ৰ ঋণ (micro–credit) প্ৰদানকাৰী সংস্থা এটাই। এই সংস্থাটোৱে দেশখনৰ ভূমিহীন দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক পাঁচজনীয়া সদস্যৰে একোটি ক্ষুদ্ৰ গোট গঠন কৰি সঞ্চয় আৰু ধন ব্যৱহাৰত উপযুক্ত কৰি তোলে। সাধাৰণতে, অভিজাত সমাজ ব্যৱস্থাই ভূমিহীন দৰিদ্ৰসকলক মানৱ সম্পদলৈ উন্নীত কৰাৰ সলনি আৱৰ্জনাৰ শাৰীত নিক্ষেপ কৰিব খোজে। বিশেষকৈ, তেনে পৰিয়ালৰ মহিলাসকল আৰু অৱহেলিত। ড ইউনুচৰ মুল উদ্দেশ্য আছিল সমাজৰদ্বাৰা অৱহেলিত পৰিয়ালৰ মহিলাসকলক অৰ্থনৈতিকভাৱে সৱল কৰি মানৱ সম্পদৰূপে গঢ়ি তোলা। সেয়ে তেওঁৰ প্ৰতিষ্ঠানে পৰিয়ালটোৰ মহিলাগৰাকীকহে মুৰব্বী পাতি ঋণ প্ৰদান কৰিছিল। এই ঋণ ব্যৱস্থাই মহিলাসকলৰ পৰিয়ালসমূহক অৰ্থনৈতিকভাৱে সৱল কৰি তুলিছে। ভূমিহীন দৰিদ্ৰ লোকৰ মাজত অৰ্থনৈতিকভাৱে আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বাবে এই ব্যৱস্থাটো দেশখনত অতিকৈ জনপ্ৰিয়। কিন্তু বাংলাদেশ আছিল সৌ সিদিনালৈকে এশ এবুৰি অভাৱ–অনাটনৰ মাজত ডুব গৈ থকা এখন দুখীয়া দেশ। অৰ্থনৈতিকভাৱে দেশখনে আজি আমাৰ দেশতকৈ অধিক শক্তিশালী ৰূপত গঢ় লৈ উঠিছে। দেশখনৰ এই শক্তি আহৰণ এক–দুই বছৰতে হোৱা নাই। আজিৰ এই অৱস্থাত উপনীত হ’বলৈ সু–পৰিকল্পনাৰ এক দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। এই শক্তি আহৰণত মাইক্ৰ’ফাইনেন্সৰ ভূমিকাও কম নহয়। মাইক্ৰ’ফাইনেন্সৰ ঋণে দেশখনৰ বহুসংখ্যক ভূমিহীন দৰিদ্ৰ মহিলাক অৰ্থনৈতিকভাৱে সৱল কৰি তুলিছে। ড ইউনুচৰ এই পদ্ধতিয়ে বিশ্বৰ অৰ্থনীতিবিদসকলৰো চকু কপালত তুলিছিল। মহিলাসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা এই ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থাটোৱে এদিন বিশাল পৰিসৰৰ বেংকলৈ উন্নীত হয়। ১৯৮৩ চনত গ্ৰামীণ বেংক ৰূপে দেশখনৰ চৰকাৰে বৈধতা প্ৰদান কৰে। গ্ৰামীণ বেংক বাংলাদেশৰে নহয় ই সমগ্ৰ বিশ্বৰে এক বিৰল আদৰ্শ স্বৰূপ। বেংকটোৰ ঋণৰ ধন এশৰ ভিতৰত ৯৭গৰাকী মহিলাই পৰিশোধ কৰিবলৈ সক্ষম হৈছে। ঋণ লাভৰ ক্ষেত্ৰত মহিলা গোটবিলাকে বেংকটোত কোনো স্থায়ী–অস্থায়ী সা–সম্পত্তি বন্ধক দিব নালাগে। কেৱল গোটৰ সদস্যসকলৰ সততাখিনিহে বেংকটোৰ বন্ধকী সম্পদ। কেৱল গোটৰ সদস্যসকলৰ সততাখিনিহে বেংকটোৰ বন্ধকী সম্পদ। অকল সততাৰ ওপৰত ভিত্তি কৰিয়েই বেংকে ঋণ সমূহ প্ৰদান কৰে। সততাক সাৰথি কৰি ঋণ দিয়া বাবে মহিলাগৰাকীৰ মান–সন্মান ৰক্ষাৰ দায়িত্বও জড়িত হৈ থাকে। মহিলাগৰাকীৰ মান–সন্মান ৰক্ষাৰ দায়িত্ব পুৰুষজনৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলেও মুৰপাতি লয়। সেয়ে বিভিন্ন ক্ষেত্ৰৰ উপাৰ্জনমুখী কাম–কাজত জড়িত হৈ পৰে। ইয়াৰ লগে লগে পৰিয়ালটোৰ আয়ৰ ঘৰত জমাৰ পৰিমাণ বাঢ়ি যায়। ইপিনে, বেংকটোৰ ক্ষেত্ৰকৰ্মীসকলে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সঞ্চয়ৰ অভ্যাস আৰু উপযুক্ত আঁচনিত ধনৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়াই থাকে। এই প্ৰশিক্ষণৰদ্বাৰা ঋণ হিতাধিকাৰী লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলো অনুপ্ৰাণিত হয়। বেংকটোৰ এনে কৰ্মপদ্ধতিৰ ফলস্বৰূপে মহিলাসকলৰ ঋণৰ ধন উপযুক্ত ক্ষেত্ৰত ব্যৱহাৰ হৈছে।

আমাৰ দেশত প্ৰায় ১৯৮০ চনৰ পাছত আত্ম–সহায়ক গোটৰ ধাৰাটোৰ প্ৰৱেশ ঘটে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে ১৯৯৯ চনত ‘স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনা’ নামেৰে আঁচনি এখন ৰূপায়ণ কৰে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)ৰ মুখ্য ভূমিকাত ২০০০ চনত কম–বেছি পৰিমাণে সমগ্ৰ দেশতে আত্ম–সহায়ক গোট গঠনৰ কাম আৰম্ভ হয়। দেশৰ অন্যান্য ৰাজ্যৰ দৰে আমাৰ অসমতো এই আঁচনিৰ কাম–কাজ আৰম্ভ হয়। চৰকাৰী বিভাগ আৰু সংস্থা, বিশেষকৈ জিলা গ্ৰামীণ উন্নয়ন অভিকৰণ (ডি আৰ ডি এ), খণ্ড উন্নয়ন কাৰ্যালয়, বেংক, বিত্তীয় অনুষ্ঠানসমূহৰ পৃষ্ঠপোষকতাত আত্ম–সহায়ক গোট গঠন হৈছিল। আৰম্ভণিকালত এই গোট গঠনত ৰাইজৰ সঁহাৰি সন্তোষজনক নাছিল। কিন্তু, সেই সময়ছোৱাত বাংলাদেশত গ্ৰাম্য অৰ্থনৈতিক বিপ্লৱৰ সুচনা কৰা আত্ম–সহায়ক গোট, মাইক্ৰ’ফাইনেন্সৰ ধাৰাটো বিষয়ে অসমৰ সংবাদ পত্ৰত সবিস্তাৰে প্ৰকাশ পায়। সংবাদ প্ৰকাশ পোৱাৰ পাছতহে এই ধাৰাটো অসমত জনপ্ৰিয় হৈ উঠে। জনপ্ৰিয়তাই এনে স্তৰত উপনীত হ’ল যে অসমৰ মানুহে উঠোঁতে–বহোঁতে, খাওঁতে–শোওঁতে অথবা চ’ক–বজাৰৰ আড্ডাত কেৱল আত্ম–সহায়ক গোট, মাইক্ৰ’ফাইনেন্সৰে সপোন দেখা হ’ল। মাইক্ৰ’ফাইনেন্সৰ বেপাৰ কৰিবলৈ ৰাজ্যখনত কাঠফুলাৰ দৰে জন্ম হ’ল বেচৰকাৰী সংগঠনৰ। কেৱল টকা ঘটা সপোনক সাৰ্থক কৰি তুলিবলৈ তেনেবোৰ সংগঠনে মাইক্ৰ’ফাইনেন্সৰ বেপাৰৰ জাল ৰাইজলৈ মেলি দিলে। অৱশ্যে, চৰকাৰী বিভাগ আৰু সংস্থাসমূহে আত্ম–সহায়ক গোট গঠন কৰিবলৈ একাংশ বেচৰকাৰী সংগঠনকো নিয়োগ কৰিলে। তেনেবোৰ সংগঠনৰ নেতৃত্বতো গঢ়ি উঠিল অসংখ্য আত্ম–সহায়ক গোট। চৰকাৰী বিভাগ বা সংস্থাৰ তত্বাৱধানতে হওক অথবা বেচৰকাৰী সংগঠনৰ নেতৃত্বতেই হওক, দেশৰ অন্যান্য ৰাজ্যৰ লগতে আমাৰ ৰাজ্যতো আত্ম–সহায়ক গোট গঠনৰ জোৱাৰ আহে। চৰকাৰৰ আঁচনিত অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ পুৰুষ–মহিলা সকলোৱে আত্ম–সহায়ক গোট গঠনৰ বাবে আগ্ৰহী হৈ উঠে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি– আত্ম–সহায়ক গোটসমূহে ঋণ গ্ৰহণৰ ক্ষেত্ৰত ব্যক্তিগত কোনো সা–সম্পতি বেংকৰ ওচৰত বন্ধক দিব নালাগে। তদুপৰি, গোটবোৰে চৰকাৰী–বেচৰকাৰী সাহাৰ্য, ঋণ আদি লাভ কৰিবলৈ চৰকাৰী পঞ্জীয়নৰো প্ৰয়োজন নাই। সেয়ে পঞ্জীয়ন বিভাগৰ হাৰাশাস্তিৰো সন্মুখীন হ’ব নালাগে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুতকৰা নিয়মাৱলী অনুসৰি– ঋণৰ আবেদন–পত্ৰ, আভ্যন্তৰীণ চুক্তি–পত্ৰ, গোটৰ নিয়মাৱলী আৰু প্ৰস্তাৱেই আছিল ঋণ লাভৰ আধাৰ। সুন্দৰভাৱে পৰিচালিত প্ৰতিটো গোটৰ বিপৰীতে দহ হেজাৰ টকা ৰাজসাহাৰ্য প্ৰদান কৰাৰ লগতে ঋণৰ ৫০ শতাংশ ধন ৰেহাই লাভৰ ব্যৱস্থাও আছিল। কিন্তু, এনেহেন জনকল্যাণকামী চৰকাৰী আঁচনি এখনৰ ধন সফল প্ৰয়োগ হোৱাৰ পৰিৱৰ্তে দুখজনক ছবি এখনহে প্ৰতিফলিত হ’ল। ৰাজসাহাৰ্য লাভকৰা আত্ম–সহায়ক গোট, মাইক্ৰ’ফাইনেন্সৰ ব্যৱসায় আৰম্ভ কৰা বেচৰকাৰী সংগঠনবোৰ এসময়ত পানীত বুৰ গ’ল। অৱশ্যে, তাৰ মাজৰপৰাই কেইটামান আত্ম–সহায়ক গোট ব্যৱসায়–বাণিজ্যৰে সফলতাৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছে।

বাংলাদেশৰ গ্ৰামীণ বেংকে আত্ম–সহায়ক গোটসমূহ ক্ষুদ্ৰ আকাৰত গঠন কৰাৰ বিপৰীতে আমাৰ ইয়াত ১১ জনৰ তলত গঠন কৰা নহয়। ১১ জনৰ ১১ টা মন এটা কৰা কাৰ্য খুবেই জটিল যদিও তাৰ মাজেদি গোট গঠনৰ জোৱাৰ চলি থাকিল। সদস্যসকলে সামৰ্থ অনুযায়ী পাঁচ–দহ টকাকৈ মাহিলী জমা কৰি গোটৰ সভানেত্ৰী/ সম্পাদিকাৰ নামত যুটীয়া একাউণ্ট খুলি বেংকত জমা ৰাখিছিল। প্ৰয়োজনত সেই জমা ধনৰ ৮০ শতাং মোকলাই আনি সদস্যসকলৰ মাজত আভ্যন্তৰীণ ঋণ হিচাপে বিতৰণ কৰিব পাৰে। সেই সুবিধা কোনোবাটো গোটে গ্ৰহণ কৰে আৰু কোনোবাটোৱে নকৰে। তিনিমাহৰ অন্তত বেংকিং হিচাপ–নিকাচত যোগ্যতা অৰ্জন কৰিলে গোটটোৱে ৰাজসাহাৰ্য আৰু বেংকৰ ঋণ পৰ্বলৈ উন্নীত হয়। এই যে মহিলাকসকলে পাঁচ–দহ টকাকৈ জমা কৰিছিল প্ৰকৃতাৰ্থত সেয়া আছিল সঁচা ধন। ইচ্ছা কৰিলে এই ধনখিনিৰ দ্বাৰাই সঞ্চয় আৰু উপযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত মহিলাসকলক দক্ষ কৰি তুলিব পৰা গ’লহেঁতেন। কিন্তু, দায়িত্বপ্ৰাপ্ত চৰকাৰী বিভাগ, সংস্থা, বিত্তীয় প্ৰতিষ্ঠান আনকি বেচৰকাৰী সংগঠনসমূহেও এই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল।  

ইপিনে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বেচৰকাৰী সংস্থাই নন বেংকিং ফাইনেন্সিয়েল কোম্পানী (এন বি এফ চি) আইনৰ অধীনত মাইক্ৰ’ফাইনেন্স বেংক ৰূপে ৰিজাৰ্ভ বেংকৰ পৰা পঞ্জীয়ন লাভ কৰে। লগে লগে ৰাজ্যৰ মাইক্ৰ’ফাইনেন্সৰ ক্ষেত্ৰখন তেওঁলোকৰ নিয়ন্ত্ৰণলৈ গুচি যায়। সেয়ে গোটসমূহে ৰাষ্ট্ৰীয়কৃত বেংকৰ সলনি মাইক্ৰ’ফাইনেন্স বেংক সমূহৰপৰা ঋণ গ্ৰহণ কৰা দেখা যায়। ৰাষ্ট্ৰীয়কৃত বেংকসমূহে নিৰ্দিষ্ট নীতি–নিয়মৰ মাজেৰে ঋণ দি আহিছে। বিপৰীতে, মাইক্ৰ’ফাইনেন্স বেংকসমূহে নিজৰ ব্যৱসায়ৰ স্বাৰ্থত নীতি–নিয়ম শিথিলকৰণেৰে গ্ৰাহকক ঋণ লোৱাৰ বাবে উৎসাহিত কৰিছে। সেই সুবিধাতে এগৰাকী মহিলাই বিভিন্ন বেংকৰপৰা একেসময়তে তিনিটালৈকে ঋণ লৈছে। ইপিনে, মাইক্ৰ’ফাইনেন্স বেংকসমূহত বাণিজ্যিক ঋণৰ বাদে কৃষিখণ্ডত ঋণ দিয়াৰ কোনো আঁচনিৰ ব্যৱস্থা নাই। সেয়ে বাণিজ্যিক খণ্ডৰ অধীনতে বৰ্তমান ব্যক্তিগত, আত্ম–সহায়ক গোটসমূহক ঋণ প্ৰদান কৰি আহিছে। বিগত কালছোৱাত এই বেংক সমূহে আত্ম–সহায়ক গোটলৈ যথেষ্ট সংখ্যক ঋণ প্ৰদান কৰিছে। এই প্ৰতিষ্ঠানবোৰে যি হাৰত ঋণ প্ৰদান কৰি আহিছে, চাবলৈ গ’লে ৰাজ্যখনত অসংখ্য ক্ষুদ্ৰ, কুটীৰ শিল্প গঢ়ি উঠিব লাগিছিল। অসংখ্য মহিলা উদ্যমীৰ সৃষ্টি হ’ব লাগিছিল। কিন্তু ঋণ লাভকৰা এনে মহিলাসকলৰ মাজৰপৰা সন্তোষজনকভাৱে উদ্যমী গঢ়ি উঠা নাই। প্ৰকৃততে বেংকৰ মূল উদ্দেশ্যই হ’ল ঋণ প্ৰদানেৰে একো একোগৰাকী উদ্যমীৰ সৃষ্টি কৰা। কিন্তু মাইক্ৰ’ফাইনেন্স বেংক কৰ্তৃপক্ষৰ তেনে মানসিকতা দেখা নাই। বিপৰীতে, সুদখোৰ মহাজনীয়া চৰিত্ৰ এটাহে পৰিস্ফুত হৈছে। কাবুলীৰ দৰে তেওঁলোকে ঋণ দিয়ে আৰু সময়মতে সুদ–মূলসহ ঘূৰাই পাব লাগে। আত্ম–সহায়ক গোটৰ মহিলাসকলৰ সঞ্চয়ৰ অভ্যাস, ধনৰ ব্যৱহাৰ, যোগ্যতা অৰ্জন এই সকলো বাদ। সুস্থ পৰিকল্পনা অবিহনে মাইক্ৰ’ফাইনেন্স বেংক সমূহে ঋণ প্ৰদান কৰে আৰু পৰিকল্পনা বিহীনভাৱে মহিলাসকলেও ঋণ গ্ৰহণ কৰে। এইধৰণৰ ব্যৱস্থা চলি থকাৰ ফলত সৰহভাগ মহিলাই মাহত ৫০০ টকা ঋণৰ কিস্তি আদায় দিয়াৰ নামত হাবু–ডুবু খাবলগা হৈছে।

বিপৰীতে, বাংলাদেশত মহিলাসকলে ঋণ লাভৰ পাছত ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো অসুবিধা অনুভৱ নকৰে। কিয়নো, সৰহসংখ্যক মহিলাই ঋণৰ ধন ব্যৱহাৰ কৰে কৃষিখণ্ডত। বিশেষকৈ– ধান, মাহ, সৰিয়হ, আলু, পাণ, কলৰ লগতে অন্যান্য খেতিবাতি, হাঁহ–কুকুৰা, গো–পালন, ছাগলী পালন, মৎস্য পালন আদিত। বাংলাদেশত হাঁহ–কুকুৰা মাংসৰ এখন বিশাল বজাৰ আছে। এগৰাকী মহিলাই লাভ কৰা ঋণৰ ধনেৰে কমেও ৫০০–১০০০টা হাঁহ–কুকুৰা পালন কৰে। যিগৰাকী মহিলাই ৫০০ বা ১০০০ টা হাঁহ–কুকুৰা পালন কৰিছে, সেইগৰাকীয়ে মাহেকত দুই–তিনি হাজাৰ টকা কিস্তি আদায় দিবলৈও কোনো অসুবিধাবোধ নকৰে। অৱশ্যে দেশখনৰ সকলো দৰিদ্ৰ মহিলাক গ্ৰামীণ বেংকে ঋণ দিছে অথবা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা সকলোবোৰ মহিলাই ঋণ লৈছে সেই কথাও শুদ্ধ নহয়। এটকাও ধাৰ–ঋণ নোলোৱাকৈ দহ জনী হাঁহ, কুকুৰা পালন কৰিয়েই এবছৰৰ অন্তত ইয়াৰ সংখ্যা ৫০০ লৈ বৃদ্ধি কৰিবলৈ সক্ষম হোৱা মহিলাও দেশখনত অলেখ আছে। সেয়ে সু–পৰিকল্পনাৰে কৰ্মত আগবঢ়া এইসকল মহিলাক অতিপাত পৰিশ্ৰমেও ভাগৰাই তুলিব নোৱাৰে, বৰং মুখত সদায় সফলতাৰ হাঁহি বিৰিঙি থাকে।

বৰ্তমান আত্ম–সহায়ক গোটসমূহ সৱলীকৰণৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নামৰ এটি চৰকাৰী সংস্থা গঠন কৰা হৈছে। এই সংস্থাটোৱে আত্ম–সহায়ক গোট সমূহৰ মাজত সজাগতামূলক বিভিন্ন প্ৰশিক্ষণৰ আয়োজন কৰাৰ লগতে চৰকাৰী আঁচনিৰ সা–সুবিধাসমূহ প্ৰদান কৰি আহিছে। মহিলা আত্ম–সহায়ক গোটসমূহক সৱল কৰি তোলাৰ নামত চৰকাৰে এক বিশাল পৰিমাণৰ ধন খৰচ কৰিছে। অথচ মহিলাসকল সৱল হোৱাৰ পৰিৱৰ্তে দিনকদিনে দূৰ্বলহে হৈ যাব ধৰিছে। অপ্ৰিয় হ’লেও সত্য যে আমাৰ ৰাজ্যৰ বেছিসংখ্যক মহিলাৰ ঋণৰ ধন বাইক–স্কুটি, টিভি, ফ্ৰীজ, আলমাৰি নতুবা অন্যান্য আচবাব আদি ক্ৰয় কৰাৰ দৰে এক অনুৎপাদনশীল কাম–কাজত খৰচ হয়। অতবোৰ প্ৰশিক্ষণেও মহিলাসকলক ঋণৰ ধন উপযুক্ত কামত ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ কৰি তুলিব নোৱাৰিলে। প্ৰকৃততে এয়া মহিলাসকলৰ দোষ নে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ব্যৰ্থ হ’ল? যিয়েই নহওক– ঋণৰ ধন অনুৎপাদনশীল কাম–কাজত খৰচ কৰাৰ মানসিকতা সম্পৰ্কে নিশ্চয় মহিলাসকলেও চিন্তা কৰিব লাগিব। মাইক্ৰ’ফাইনেন্স ঋণৰ প্ৰয়োজন আছে। সংকটকালত গ্ৰাম্যাঞ্চলৰ লোকক এই ঋণেহে সহায় কৰিব। বিভিন্ন কাৰণত এই ঋণ বন্ধ হ’লে গ্ৰাম্য অৰ্থনীতিও থৰক–বৰক হৈ পৰিব। সেয়ে আত্ম–সহায়ক গোটসমূহেও নিজৰ সপোনক নিজে বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰিব লাগিব। বাস্তৱ চিন্তালৈ পিঠি দি অকল ৰাজসাহাৰ্য, ঋণ ৰেহাই অথবা অন্যান্য সা–সুবিধা লাভৰ স্তৰতে থমকি গ’লে সমস্যাৰ তালিকাখনহে বাঢ়ি যাব। সেয়ে ঋণৰ ধন সঠিক পথত ব্যৱহাৰৰ ক্ষেত্ৰত নিজেও সজাগ হ’ব লাগিব। নহ’লে বাংলাদেশৰ মহিলাই সফলতাৰ হাঁহি মাৰি থকাৰ সময়ত ঋণ ৰেহাইৰ নামত আমাৰ মহিলাই ৰাজপথত কক্‌বকাই থাকিব লাগিব।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

(এই নিৱন্ধটো দৈনিক অসম কাকতৰ ৮ অক্টোবৰৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পাইছে। নিৱন্ধটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ প্ৰকাশ কৰা হ’ল)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward