Saturday, May 28, 2022
Google search engine
HomeARTICLEঅসম–মেঘালয় সীমা বিবাদ আৰু অসম চৰকাৰৰ পদক্ষেপ

অসম–মেঘালয় সীমা বিবাদ আৰু অসম চৰকাৰৰ পদক্ষেপ

প্ৰকাশিত তাৰিখঃ ২৪ জানুৱাৰী, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

ভাৰতবৰ্ষই স্বাধীনতা লভাৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। সেই সময়ত, আজিৰ মেঘালয়, নগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশক অসমৰ একোখন জিলা হিচাপে প্ৰশাসনিক কামকাজ চলাইছিল। ভৌগোলিকভাৱে অসমৰ লগত থকা সময়ত মিজোৰামক– লুচাই পাহাৰ জিলা, নগালেণ্ডক– নগাপাহাৰ জিলা, মেঘালয়ক– সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলা আৰু অৰুণাচলক নেফা নামেৰে জনা গৈছিল। যদিও– ১৯৬০ চনৰ ১ ডিচেম্বৰত নগাপাহাৰক নগালেণ্ড হিচাপে দেশৰ ১৬সংখ্যক ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰে। 

ভাৰত চৰকাৰে উত্তৰ–পূব ৰাজ্য পুনৰ গঠন আইন– ১৯৭১ অনুসৰি সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলা, লুচাই পাহাৰ জিলা আৰু নেফাক সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছিল। সেই অনুসৰি– সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলাক সামৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয় ৰাজ্য গঠন কৰে। ১৯৭২ চনৰ ২১ জানুৱাৰীত নেফাক অৰুণাচল নামেৰে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আৰু ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰে। লুচাই পাহাৰ জিলাক ১৯৭২ চনৰ ২১ জানুৱাৰীত অসমৰ পৰা পৃথক কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ে। ইয়াৰ লগে লগে লুচাই পাহাৰ জিলাৰ নাম অন্তপৰি মিজোৰাম নামেৰে নতুনকৈ পৰিচিত হ’ল। যি ১৯৭৮ চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে।

ভাৰত চৰকাৰৰ স্বীকৃতিৰ পাছত– ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অসমৰপৰা পৃথক কৰি উভয় ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণ হৈছিল। সীমাক লৈ চুক্তিও স্বাক্ষৰ হৈছিল। কিন্তু চুক্তিৰ পিছতো সেয়া কাৰ্যকৰী নকৰাত ৰাজ্যকেইখনৰ মাজত থাকি গ’ল সীমা সমস্যা। যি সমস্যাই আজি জ্বলন্ত ৰূপ লৈছে। দেশে স্বাধীনতা লভা আজি ৭৫ বছৰ হ’ল। সেই সময়ছোৱাত কেন্দ্ৰ অথবা সংশ্লিষ্ট ৰাজ্যসমূহত বহুকেইখন চৰকাৰ আহিল আৰু গ’ল, কিন্তু কোনো এখন চৰকাৰে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰা দেখা নগ’ল। উত্তৰ–পূবৰ দৰে দেশৰ অন্যান্য ৰাজ্য মহাৰাষ্ট্ৰ–কৰ্ণাটক আৰু হিমাচল–লাডাখৰ মাজতো সীমা বিবাদ আছে। কিন্তু ৰাজ্যকেইখনৰ উভয়ৰ মাজত সীমা বিবাদে কেতিয়াও সংঘাতৰ ৰূপ লোৱা নাই। বিপৰীতে, উত্তৰ–পূৰ্বাঞ্চলত সম্পূৰ্ণ বিপৰীত ছবি এখন সমগ্ৰ দেশে প্ৰত্যক্ষ কৰি আহিছে। বিশেষকৈ অসমৰ লগত মেঘালয়, নগালেণ্ড, মিজোৰাম আৰু অৰুণাচল এই চাৰি ৰাজ্যৰ কোনোবা নহয় কোনোবাখনে বছৰৰ প্ৰতিটো মাহত সীমা বিবাদক লৈ অপ্ৰীতিকৰ ঘটনা ঘটিয়েই থাকে। অসমেই হ’ল সৰ্বাধিক আন্তঃৰাজ্যিক সীমা বিবাদত ভুক্তভোগী দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য– এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ।

আজিৰ মেঘালয় অসমৰ এখন প্ৰশাসনিক জিলা হিচাপে থকা কালতো সুকীয়া আন্তঃজিলাৰ সীমা নিৰ্ধাৰণ কৰা আছিল আৰু ৰাজ্যৰ মৰ্যাদা লভাৰ পাছতো আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ হৈছিল। আমি জানিবপৰা মতে– পশ্চিম গুৱাহাটীৰ এই গাঁও কেইখনত খাছি পাহাৰ জিলা হৈ থকা কালত যি সীমা নিৰ্ধাৰণ কৰা আছিল সুকীয়া ৰাজ্য গঠনৰ পাছতো সেই সীমাকে বাহাল ৰাখিছিল। সেই সীমাক সাৰথি কৰিয়েই সীমান্তবাসী অসমীয়া–খাছিসকলে সমিল মিলেৰে বসবাস কৰিছিল। সীমান্তত মাজে সময়ে খাছিয়াৰ সাধাৰণ চুৰি–ডকাইটি অথবা মাৰপিটৰ ঘটনা ঘটিছিল কিন্তু সীমাক কেন্দ্ৰ কৰি আজিৰ দৰে অশান্তময় পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। সীমান্তবাসীয়ে অলেখ অভাৱ–অনাটনৰ মাজত জীৱন নিৰ্বাহ কৰিছিল কিন্তু নিজ ৰাজ্যখনৰ প্ৰশাসনীয় ক্ষেত্ৰত ক্ষতি হ’ব পৰা কাম খাছি অথবা অসমীয়া কোনেও কৰা নাছিল। কিন্তু সীমান্তৰ পুৰণি দিনৰ সেই নিভাঁজ ছবিখন আজি পোৱা নাযায়। সময়ৰ সোঁতত সকলোবোৰ সলনি হ’ল। খাছিসকলে নিজা মতত অটল থাকিল যদিও অসমীয়াসকলৰ কিন্তু খুটি লৰি গ’ল।

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী, গণপতি, মৈৰাপুৰ আৰু পশ্চিম গুৱাহাটীৰ অন্তিম সীমাত অৱস্থিত উমচুৰ, বাটাবাৰী, শালসেৰ, মাটাইখাৰ, বিলপাৰা, পাটগাঁও, জিমিৰিগাঁও, বাখালাপাৰা, কুণ্ডিল নগৰ, লংছাই, ভালাখোৱা, মুদুকী, ৰাণীবাৰীত এই উদাহৰণ পোৱা যায়। মেঘালয়ৰ সৈতে এক বৃহৎ অঞ্চলজুৰি সংযুক্ত হৈ থকা এই গাঁওকেইখনৰ এটা অংশই কিছু সা–সুবিধাৰ আশাত ৰাজ্যখনৰ সমৰ্থনকাৰী হৈ পৰিল। কালক্ৰমত সমৰ্থনকাৰীৰ সংখ্যা বাঢ়ি গৈ আজিৰ দৰে ভয়াৱহ ৰূপ পালে। মেঘালয়ক সমৰ্থন কৰাৰ পুৰস্কাৰ স্বৰূপে তেওঁলোকে ভোটাধিকাৰ, মাটিবাৰীৰ নথিপত্ৰ, ৰেচন কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড আদি সুবিধাবোৰ লাভ কৰিলে। আজি কেইমাহমান আগতে বাখালাপাৰা গাঁৱৰ এগৰাকী জ্যেষ্ঠলোকে (নাম প্ৰকাশত অনিচ্ছুক) প্ৰকাশ কৰামতে– প্ৰায় ১৯৮৫ চনৰপৰা মেঘালয়ক সমৰ্থন কৰা দুই–এজন লোক তেওঁলোকৰ গাঁওখনত ওলাইছিল তাৰ আগত এজনো নাছিল। আনকি খাছি পাহাৰ জিলা হিচাপে থকা সময়তো এই গাঁওসমূহ মেঘালয়ৰ লগত নাছিল, অসমৰ কামৰূপ জিলাৰহে অন্তৰ্ভূক্ত হৈ আছিল। ’৮৫ৰ পিছৰ দুই–এজন সমৰ্থকাৰীৰপৰা বাঢ়ি গৈ আজি শ শ জনলৈ বৃদ্ধি হৈছিল।

পাহাৰ মানে মেঘালয় আৰু সমভূমি মানে অসম এইদৰেই চলি আছিল অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্ত। উদাহৰণ স্বৰূপে পশ্চিম গুৱাহাটীৰ অন্তিম প্ৰান্তৰ মাটাইখাৰ–বিলপাৰ, পাটগাঁও, শালসেৰ–বাটাবাৰী, নগাঁও, উমচুৰ, বাখালাপাৰা, জিমিৰিগাঁও, কুণ্ডিল নগৰ, লংছাই, ভালাখোৱা গাঁওকেইখনৰ কথাই ক’ব পাৰি। অঞ্চলটোৰ গাড়ীলিক নামৰ সৰু ব্যৱসায়িক ঠাইখনৰপৰা পূব দিশে ৬কিলোমিটাৰ অন্তত অৱস্থিত উমচুৰ গাঁওখন। দুয়োফালে পৰ্বত সদৃশ পাহাৰ আৰু তাৰমাজৰ সমভূমি অঞ্চলটোত খেতিপথাৰ লগতে কেইবাখনো গাঁও আছে। ৭শৰ পৰা ৯শ মিটাৰ বহল এই সমভূমি অঞ্চলটোৱেই হ’ল অসম আৰু পাহাৰ বিলাক মেঘালয়। আনহাতে, লংছাই, কুণ্ডিল নগৰ, বাখালাপাৰা, জিমিৰিগাঁও যাবলৈ হ’লেও সৰুকৈ সমভূমি অঞ্চল অতিক্ৰম কৰিব লাগে। এয়াই হ’ল যুগ যুগ ধৰি দুয়ো ৰাজ্যৰ লোকসকলে মানি চলা আন্তঃৰাজ্যিক সীমা।

২০১২ চনত অসম চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা গাড়ীলিক–পাটগাঁও–বাখালাপাৰা পথটি মেঘালয়ৰ বেচৰকাৰী সংগঠন সমূহে বন্ধ কৰি দিছিল। পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ মেঘালয়ৰ সেই সংগঠন সমূহৰ সৈতে আলোচনাৰ জৰিয়তেহে মীমাংসা কৰিবলগা হৈছিল। ২০১৮ চনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মুদুকীৰ পৰা কুণ্ডিল–জিমিৰি গাওঁ নগৰলৈ ৭.৯৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ বাবে অসমে পদক্ষেপ গ্ৰহণ কৰিছিল। সেই অনুসৰি সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০১৮ চনৰ ১২ এপ্ৰিলত পথটিৰ শুভাৰম্ভ কৰিছিল। এই কাৰ্যত ক্ষুণ্ণ হৈ মেঘালয়ৰ বিধান সভাৰ অধিবেশনৰ কাৰ্যসূচীও উত্তপ্ত হৈ পৰিছিল। অকল বিধান সভাতে নহয় খাছি আৰু অসমীয়া লোকৰ মাজতো মাৰপিটৰ দৰে ঘটনাও ঘটিছিল। এই ঘটনাসমূহৰ পিছত বন্ধ হৈ পৰা পথ দুটাৰ নিৰ্মাণ কাৰ্য বিভিন্ন জটিলতাৰ মাজেৰে সম্পন্ন কৰিব লগা হৈছিল।

যোৱা ১৮ জানৱাৰীত কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত ৰাজ্যখনৰ জাতীয় সংগঠন সমূহৰ বিষয়ববীয়া লগতে মেঘালয়ৰ চৰকাৰৰ মন্ত্ৰী–বিধায়ক, শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলে অংশ গ্ৰহণ কৰে। এই বৈঠকতে দুয়োৰাজ্যই এৰা–ধৰাৰ মাজেৰে দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ এক সূত্ৰত উপনীত হৈছে। সেই অনুসৰি অসমে পশ্চিম গুৱাহাটীৰ বাখালাপাৰা গাঁৱৰ দুটা অংশ মেঘালয়ক এৰি দিব লাগিব। দিছপুৰীয়াৰ আলোচনা আৰু সিদ্ধান্তৰ বিষয়ে গাঁওখনৰ বহুজনক সুধিছিলো, কিন্তু এই বিষয়ে তেওঁলোকে একো নাজানে বুলি ব্যক্ত কৰে। এই গাঁওকেইখনতে যোৱা ২৩ নৱেম্বৰত অসম–মেঘালয়ৰ মন্ত্ৰী–বিধায়ক, ৰাজ্য দুখনৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত সীমান্তবাসীৰ মতদান সভা অনুষ্ঠিত হৈছিল। কোনে কোন ৰাজ্যত থাকিব তাকেই মুক্তভাৱে প্ৰকাশ কৰাৰ অধিকাৰ দিছিল। গাঁওকেইখনৰ অধিক সংখ্যকেই অসমৰ সমৰ্থনত মতদান কৰাৰ বিপৰীতে মেঘালয়ৰ সমৰ্থনতো একাংশই মতদান কৰিছিল। কিন্তু সীমান্তবাসীয়ে সেই সভাত দোধোৰ–মোধোৰত মতদান কৰিবলগা হৈছিল। য’ত পিছৰ পৰ্যায়ত তেওঁলোক চিন্তিত হৈ পৰিবলগীয়া হৈছিল। উক্ত সভাতে দুয়ো ৰাজ্যৰ প্ৰশাসনীয় মুৰব্বীসকলে কৈছিল– মেঘালয়ত থাকিলেও অসমৰ ভূমিত অসমত থাকিলেও মেঘালয়ৰ ভূমিত বিনাদ্বিধাই খেতিবাতি কৰিব পাৰিব। তাৰবাবে মেঘালয় অথবা অসম চৰকাৰে বাধাৰ সৃষ্টি নকৰে। কিন্তু অসমৰ বাসিন্দা হৈ মেঘালয়ৰ ভূমিত খেতিবাতি চলোৱা কাৰ্য সহজ–সাধ্য নহ’ব বুলি সীমান্তবাসীয়ে বিশ্বাস কৰে। কাৰণ আজিৰ বন্ধু কাইলৈ শত্ৰু। সীমান্তবাসী অসমীয়াই খাছিসকলৰ পৰা ইতিমধ্যে সেই তিক্ত অভিজ্ঞতা লাভ কৰি থৈছেই।   

কুণ্ডিল নগৰৰ বাসিন্দা গৌৱাৰিং ৰাভা (৬০), বাখালাপাৰাৰ মালা ৰাভা (৫৫), অৰূপ ৰাভা (৪৫) আৰু পাটগাঁৱৰ কোহেশ্বৰ ৰাভা (৩৫) বছৰ। তেওঁলোকৰ অভিযোগ– সীমান্তৱৰ্তী গাঁওকেইখনৰ মাজত ৰাষ্টাঘাট পকীকৰণ, বিজুলী–বাতিৰ ব্যৱস্থা আজিহে হ’ল। তাৰ আগলৈকে দেখোন আমাৰ গাঁওকেইখন পিছপৰা অঞ্চল হৈয়েই আছিল। নৰকৰ যন্ত্ৰণা সদায় আমাৰ লগৰী হৈ আছিল। আমাৰ অৱস্থাৰ বুজ ল’বলৈ কিন্তু কংগ্ৰেছ, অগপ কোনো এখন চৰকাৰৰে সময় নিমিলিল। পৰিস্থিতিৰ তাগিদাত পৰি আমি মেঘালয়ৰ পৰাও সা–সুবিধা গ্ৰহণ কৰিছো। তেনে সুবিধা ল’বলৈ আমি বাধ্য হৈ পৰিছো। সুবিধা বুজি মেঘালয়ে আমালৈ সা–সুবিধাৰ পৰিমাণ বঢ়াই দিছে সেয়াও গ্ৰহণ কৰিছো। এয়া সঁচা কথা। কিন্তু বিগত কালছোৱাত অসমৰ চৰকাৰ সমূহে আমাক কৰি অহা বঞ্চনাখিনিকহে মেঘালয় চৰকাৰে অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল। অসমীয়া গাঁৱৰে একাংশলোকক লৈ বাখালাপাৰাক বকলাপাৰা, কুণ্ডিল নগৰক হাওলা, লংছাইক বীৰ নংছাই, ভালাখোৱাক নিউ বালাখোৱা নামেৰে নতুনকৈ গাঁও গঠন কৰি মেঘালয় গেজেটত অন্তৰ্ভূক্তি কৰিছে। অৱশ্যে অঞ্চলটোত তেনে উদাহৰণ আৰু বহু পোৱা যাব। সেই সমূহ গাঁৱতে আজি মেঘালয় চৰকাৰে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান স্থাপন কৰি অসমীয়া মানুহক শিক্ষক নিযুক্তি দিছে। ৰাষ্টাঘাট পকীকৰণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, বিজুলী–বাতি, খোৱা পানীৰ সূচল ব্যৱস্থা কৰি দিছে। সীমান্তবাসীয়ে প্ৰকাশ কৰামতে– তেওঁলোকৰ গাঁওকেইখনত অসমতকৈ মেঘালয়েহে অধিক পৰিমাণে সা–সুবিধা আগবঢ়াইছে। তেনেস্থলত প্ৰকৃত দোষটো কাৰ! কাৰ প্ৰতি বেছি আকৃষ্ট হ’ব সীমান্তৰ অসমীয়া! কথাটো সহজেই অনুমেয়। সীমান্তবাসীৰ সুৰক্ষা নিশ্চিত কৰি আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানত চৰকাৰে গ্ৰহণ কৰা নীতি তেওঁলোকে মানিবলৈ সাজু আছে। বিগত সময়ছোৱাত মেঘালয়ৰ পৰা বিভিন্ন সা–সুবিধা গ্ৰহণ কৰিলেও তেওঁলোকৰ লগত চামিল হ’বলৈ সীমান্তবাসী অনিচ্ছুক। তেওঁলোকে আশংকা প্ৰকাশ কৰামতে–  কামৰূপৰ পৰা গুছি গ’লেই আমি ৰি–ভয় জিলাৰ বাসিন্দা হম। মেঘালয়ৰ সম্পূৰ্ণ বাসিন্দা হোৱাৰ লগে লগে আমি ভাষিক, প্ৰশাসনিক লগতে বিভিন্ন দিশত সমস্যাত ভূগিব লাগিব। গতিকে সাধাৰণ আয়ৰ প্ৰমাণ পত্ৰ অথবা এফিডেভিড এখন সংগ্ৰহ কৰিবলৈ হ’লেও শ্বিলঙৰ নংপোলৈকে যাব লাগিব। যিটো কাম মিৰ্জা, গুৱাহাটী অথবা আমিনগাঁৱত হৈছিল সেইটো কামৰ কাৰণে আমি নংপোলৈ ঢাপলি মেলিব লাগিব। 

বঞ্চনা ভৰা এক সুদীৰ্ঘকালৰ পিছত শাসকীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সীমান্তবাসীৰ বাবে নিশ্চয় এক সুখৰেই খবৰ। পশ্চিম গুৱাহাটীত সীমা বিবাদ চলি থকা গাঁওসমূহ কেতিয়াও মেঘালয়ৰ লগত নাছিল, মনেপ্ৰাণে এতিয়াও নাই আৰু ভৱিষ্যতেও থাকিব নোখোজে। সীমান্তবাসীৰ মতে– ৰাইজৰ মতদানতকৈ আমাক সুৰক্ষিত কৰিব পৰা সীমাডালহে প্ৰথমে স্থিৰ কৰিব লাগে। আমি য’ত থাকি সুৰক্ষিত বুলি অনুভৱ কৰিব পাৰো। সীমান্তবাসী অসমীয়াৰ মৌলিক সমস্যাবোৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সীমান্তবাসীয়ে ভোগ কৰি থকা ভূমি ব্যৱস্থাৰ প্ৰধান সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ বসুন্ধৰা আঁচনিয়ে কেতিয়াবা ঢুকি পাবনে?

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward