Wednesday, October 5, 2022
Google search engine
HomeARTICLEআমাৰ গাঁও আমাৰ গৌৰৱ

আমাৰ গাঁও আমাৰ গৌৰৱ

প্ৰকাশিত তাৰিখঃ ২১ ফেব্ৰুৱাৰী, ২০২২

কল্প ৰঞ্জন গগৈ –

‘গুৱেহেটীককে গাঁওখানো মোৰ বহু বহু পৰিস্কাৰ, গুৱেহেটীক আৰু কেথানো নেযাঁও গুৱেহেটীক নমেইস্কাৰ’– গাইছিল দোষ্ট হবিবুৰ ৰহমানে। তেতিয়াৰ পৰা লুইতেৰে বহু পানী বাগৰিল। আজিৰ গুৱাহাটীৰ বহু পৰিমানগত পৰিৱৰ্তন হ’ল, কিছু গুণগত পৰিৱৰ্তনো হ’ল। লাইট জ্বলিল, ফেন চলিল, মানুহ বাঢ়িল, বাতানুকুল ঘৰবাৰী, গাড়ী–মটৰ বাঢ়িল। ‘স্মাৰ্ট চিটি’, গাঁৱৰ পৰা মানুহ আহিল কিন্তু গাঁওবোৰ সেই অনুপাতে স্মাৰ্ট নহ’ল। পথাৰ কমিল আৰু লগতে যি পৰিৱৰ্তন হ’ব লাগে হ’ল। এই পৰিৱৰ্তনবোৰ আমি বিশ্বৰ পৰিস্থিতিৰ পৰা নিলগাই চাব নোৱাৰো কিন্তু মোৰ দেশৰ পৰিস্থিতৰ লগত খাপ খোৱাকৈ প্ৰাসংগিক আৰু প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল আঁচনি ল’ব নোৱাৰিলে বিশ্বৰ পৰিস্থিতিৰ লগত খাপ খাবলৈ একো গঢ়িব নোৱাৰিম।

এইক্ষেত্ৰত আমাৰ কাম হ’ব আজিৰ তাৰিখলৈ ১৯৪৭ চনৰ পৰা ৰাজধানী গুৱাহাটীখনৰ কেনেধৰণৰ পৰিৱৰ্তন হ’ল। আজিৰ তাৰিখত পেটৰ দায়ত মানুহ গুৱাহাটীলৈ আহে গাঁৱৰ পৰা ব্ৰিটিছৰ শাসনকালত মুদ্ৰা অৰ্থনীতিৰ প্ৰতিষ্ঠা আৰু বিকাশৰ লগে লগে দেশৰ ৰাজধানীৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশ বজাৰ অৰ্থনীতিৰ প্ৰভাৱত আগবাঢ়িবলৈ ধৰিলে। স্বাধীন ভাৰতবৰ্ষত ইয়াৰ ধাৰাবাহিকতা আজি পৰ্যন্ত কোনোধৰণৰ বাধা অবিহনে চলি আছে।

ব্ৰিটিছ যুগৰ আগতে ১৮২৬ চনলৈ যি পিছপৰা সামন্তযুগৰ অৰ্থনীতি চলি আছিল সেই সময়ত বৰফুকনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ স্থিতি কি আছিল– যোৰহাট, গঁড়গাঁৱৰ স্থিতি কি আছিল তাকো চোৱা প্ৰয়োজন– বস্তুবাদী দৃষ্টিৰে– নিৰ্মোহ বিশ্লেষণৰ মাধ্যমেৰে।

স্বাধীনতাৰ পৰৱৰ্তী যুগত সেইখন দেশে আজিলৈকে কি ৰূপ ধৰি আছে তাকো চাব লাগিব। গোলকীয় সভ্যতা আৰু উত্তৰ–আধুনিক যুগৰ বাস্তৱৰ প্ৰতি লক্ষ্য ৰাখি।

আমাৰ ৰাজ্যখন এখন কৃষি প্ৰধান ৰাজ্য। ব্ৰিটিছ অহাৰ দিন ধৰি আমাৰ অৰ্থনৈতিক– ৰাজনৈতিক– সামাজিক– সাংস্কৃতিক দিশত কেনেধৰণৰ পৰিৱৰ্তন হ’ল, তেতিয়াৰ পৰা আজিলৈ ইয়াৰ পূঁজিৰ বিকাশ কেনেদৰে হৈছে তাক পৰীক্ষা নকৰাকৈ আগবাঢ়িব নেলাগিব।

ঔপনিবেশিক শাসনকালত সমগ্ৰ ভাৰত জুৰি কেনেধৰণৰ পূঁজি বিকাশ হৈছিল সেই সংক্ৰান্তত বিভিন্ন সময়ত আলোচনা হৈছে, জাতীয় পূঁজি যে অতি দূৰ্বল অৱস্থাত আছে সিও স্পষ্ট আৰু আজি ‘কৰ্পৰেট গোষ্ঠীৰ’ দখলত থকা দেশখনক মুক্ত কৰিবলৈ জাতীয় চেতনাৰে পুষ্ট বুৰ্জোৱা বা মধ্যশ্ৰেণীৰ অভাৱ।

এনে এটা পৰিস্থিতিত যেতিয়ালৈকে গাঁৱৰ পৰা এটা জাগৰণ নহয় আমাৰ দেশৰ আমাৰ দেশৰ মুক্তি অসম্ভৱ। সেয়ে জাতীয় সমস্যা বুলিলে খিলঞ্জীয়াৰ মাটি হেৰোৱাৰ সমস্যা, খেতিয়কৰ পথাৰ উদ্ধাৰৰ সমস্যা– গাঁৱৰ ঐতিহ্য সংৰক্ষণৰ সমস্যা আদি সকলোবোৰ সমস্যাৰ সমাধানৰ সুত্ৰ এঠাইতে আছে– সদিচ্ছাৰে, হেপাহেৰে আৰু উৎসাহেৰে নিজৰ গাঁওখনৰ এক গৌৰৱৰ তথা নতুন প্ৰজম্মৰ আশা–ভাৰসাৰ থল হিচাপে গঢ়ি তোলাৰ ঐক্যবদ্ধ প্ৰচেষ্টা।

ভাৰতবৰ্ষৰ আমুল গাখীৰৰ সমবায় আন্দোলনলৈ চাওক, ভাৰ্গিজ কুৰিয়েনক হৃদয়ত স্থাপন কৰক আৰু শংকৰদেৱ–মাধৱদেৱ–জ্যোতি–বিষ্ঞু–ভূপেনৰ আদৰ্শৰে এক কৃষকৰ আন্দোলন গঢ়ি তোলক। ইয়াৰ বিকল্প নাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward