Wednesday, October 5, 2022
Google search engine
HomeARTICLEচানডুবি অঞ্চলত পৰিবেশ আৰু কৃষি–পৰ্যটনেৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি গঢ়াৰ সম্ভাৱনা

চানডুবি অঞ্চলত পৰিবেশ আৰু কৃষি–পৰ্যটনেৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি গঢ়াৰ সম্ভাৱনা

প্ৰকাশিত তাৰিখঃ ১৪ মাৰ্চ, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

পৰ্যটন হৈছে শিক্ষা, মনোৰঞ্জন, বাণিজ্যৰ প্ৰধান ক্ষেত্ৰ। নজনা–নুশুনা কথা, কাহিনী, ঘটনাবোৰ জানিবৰ বাবে মানুহে বিভিন্ন ঠাই ভ্ৰমণ কৰে, তেনেদৰে ভ্ৰমণ কৰাজনেই পৰ্যটক। পৰ্যটক আদিম কালতো আছিল, বৰ্তমানেও আছে আৰু ভৱিষ্যতেও থাকিব। পৰ্যটনক্ষেত্ৰই বাণিজ্যিক ৰূপ লাভ কৰিবলৈ সক্ষম হোৱাত আজিৰ বিশ্বত ই সবাতোকৈ জনপ্ৰিয় আৰু চহকী উদ্যোগলৈ পৰিণত হৈছে। ব্যাপকভাৱে প্ৰসাৰ আৰু পৰিচিতি লাভ কৰা এই উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল বিশ্বৰ বহুকেইখন দেশ। চুইজাৰলেণ্ড পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল এখন দেশ। ছিংগাপুৰ, হংকং, ইটালী, মালয়ছিয়া, থাইলেণ্ড, কম্বোডিয়া, লাওচ, নেপাল, ভুটান আদি দেশবোৰেও পৰ্যটন উদ্যোগৰপৰা বৃহৎ পৰিমাণৰ দেশী–বিদেশী মুদ্ৰা অৰ্জন কৰে।

ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাই পৰ্যটনক্ষেত্ৰক দুই ধৰণে চিনাক্ত কৰিছে সেয়া হ’ল– প্ৰকৃতি সৃষ্ট আৰু মানৱ সৃষ্ট। উদাহৰণ স্বৰূপে ব্ৰহ্মপুত্ৰ, দীপৰ বিল, চানডুবি হ’ল প্ৰকৃতি সৃষ্ট আৰু শৰাইঘাটৰ দলং, ৰংঘৰ, কাৰেংঘৰ আদিবোৰ মানৱ সৃষ্ট। দুই ধৰণে চিনাক্তকৰণ কৰা পৰ্যটনক্ষেত্ৰক আকৌ ঘৰুৱা (domestic), অৰ্ন্তমুখী (inbound) আৰু বৰ্হিমুখী (outbound) এই তিনিটা প্ৰকাৰত ভাগ কৰিছে। দেশৰ ভিতৰতে কৰা ভ্ৰমণক ঘৰুৱা, বিদেশৰ পৰা দেশলৈ কৰা ভ্ৰমণক অৰ্ন্তমুখী আৰু দেশৰ পৰা বিদেশলৈ কৰা ভ্ৰমণক বৰ্হিমুখী পৰ্যটন বোলে। এই তিনি প্ৰকাৰৰ পৰ্যটনক আকৌ আধুনিক আৰু গ্ৰাম্য এই দুই শ্ৰেণীত বিভাজন কৰিছে। চহৰ–নগৰত গঢ়ি উঠা আধুনিক সা–সুবিধাযুক্ত পৰ্যটনক্ষেত্ৰ সমূহক আধুনিক পৰ্যটন আৰু গ্ৰামাঞ্চলত পৰম্পৰাগতভাৱে গঢ়ি উঠা পৰ্যটনক্ষেত্ৰ সমূহেই হ’ল গ্ৰাম্য পৰ্যটন। সম্প্ৰতি বিশ্বত গা–কৰি উঠা আধুনিক পৰ্যটনে সকলো শ্ৰেণীৰ পৰ্যটকৰ আশা পূৰণ কৰিবপৰা নাই আৰু নোৱাৰেও। কাৰণ বিলাসী হোটেল, ৰিজ’ৰ্ট, কেম্প আদিবোৰত থাকি ভ্ৰমণ কৰিবপৰা ক্ষমতা নিশ্চয় সকলো শ্ৰেণীৰ পৰ্যটকৰ নাই। কিন্তু এগৰাকী পৰ্যটকৰ সেই আশা পূৰণ কৰিব পাৰে কেৱল গ্ৰাম্য পৰ্যটনেহে। সেয়ে গ্ৰাম্য পৰ্যটনেও আজি জনপ্ৰিয়তাৰ বাটে আগুৱাব ধৰিছে। ইতিমধ্যে বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন উদ্যোগটো অধিক প্ৰসাৰ কৰি তুলিবলৈ সময়ে সময়ে নতুন ধাৰণা সংযোজন কৰি আহিছে। সংস্থাটোই শেহতীয়াভাৱে সংযোজন কৰা ধাৰণাটোৱেই হ’ল কৃষি–পৰ্যটন (Agri–Tourism)। ইয়াৰ আগত পৰিৱেশ পৰ্যটনক (Eco–Tourism) সংযোজন কৰিছিল। পৰিৱেশ পৰ্যটন হৈছে এগৰাকী পৰ্যটকে দায়িত্বশীলতাৰে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰা ভ্ৰমণ। কিন্তু পৰিৱেশ পৰ্যটননো কি? উত্তৰ–পূৰ্বাঞ্চলত আঙুলিৰ মুৰত গণিব পৰা এমুঠিমান লোকৰ বাদে সৰহ সংখকে এতিয়াও ভালদৰে বুজি উঠিবই পৰা নাই। বুজি উঠিবলৈ হয়তো সময়ৰ প্ৰয়োজন হ’ব। তেনেস্থলত নতুনকৈ সংযোজন কৰা কৃষি–পৰ্যটন আৰু এক অচিনাকী ধাৰণা।

পৰিবেশ পৰ্যটন, কৃষি–পৰ্যটন হ’ল গ্ৰাম্য পৰ্যটনৰে এটি শাখা। দুয়োটা ক্ষেত্ৰৰে পাৰস্পৰিক সম্পৰ্ক আছে। যদিও, কৃষি–পৰ্যটন দূৰ্বল শ্ৰেণীৰ লোকৰ বাবে এক সম্ভাৱনাময় ক্ষেত্ৰ হ’ব পাৰে। য’ত– ৰাইজ পদ্ধতিগতভাৱে আগবাঢ়িলে অৰ্থ উপাৰ্জনৰ পথ লগতে যথেষ্ট নিয়োগ সৃষ্টি হয়। প্ৰকৃতাৰ্থত কৃষি হ’ল আমাৰ প্ৰধান জীৱনী শক্তি আৰু জীৱন–জীৱিকা ধাৰণত প্ৰয়োজন হোৱা খাদ্য অথবা পণ্য উৎপাদনৰ এক প্ৰণালী। এই প্ৰণালীয়েই আছিল আদিম যুগৰ মানৱ সভ্যতা বিকাশৰ প্ৰধান চালিকা শক্তি। কৃষি–পৰ্যটনক সহজতে ক’বলৈ হ’লে– অকল খেতিবাতিৰ পৰা উপাৰ্জন অহা আমাৰ পথাৰ অথবা বাৰীখনক পৰ্যটকৰ বাবে আকৰ্ষণীয় ৰূপত গঢ়ি তুলি অৰ্থ উপাৰ্জন কৰিবপৰা এটি সৰল ব্যৱস্থা। জুপুৰী ঘৰ, চাংঘৰ, টঙিঘৰ, পাকঘৰ, অধ্যয়ন গৃহ, যাদুঘৰ, বিনোদন কেন্দ্ৰ, খেল–ধেমালিৰ পথাৰ, পুখুৰী, খেতিপথাৰ, উদ্যান শস্যৰ বাগিচা, উৎপাদিত ফচল বিক্ৰীৰ বাবে স্থানীয় বজাৰ গঢ়া আদিবোৰ হ’ল কৃষি–পৰ্যটনত সংযোজিত হ’বলগীয়া মূল ব্যৱস্থা। যিসকল লোকে সহজ–সৰল গ্ৰাম্য জীৱন–যাপনত একাত্ম হ’বলৈ খেতিপথাৰলৈ আহিব সেইসকলেই হ’ব কৃষি–পৰ্যটক। প্ৰকৃতাৰ্থত কৃষি–পৰ্যটনতহে পৰ্যটক এজনে সহজ–সৰল গ্ৰাম্য জীৱন–যাপনৰ সৈতে পোনপোটীয়া সম্পৰ্ক, স্থানীয় খাদ্যৰ সোৱাদ লগতে বিভিন্ন কৃষি কাৰ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰে। কৃষি–পৰ্যটনৰ প্ৰকৃত সোঁৱাদ খেতিপথাৰক বাদ দি অন্য ঠাইত পোৱা নাযায়। গাঁৱলীয়া পৰিৱেশত এই পৰ্যটকসকলে একাত্ম হৈ গৰু–ম’হ, ঘোঁৰা গাড়ীত উঠি গাঁও ঘুৰিব, কঠিয়া উঠাব, বোকা–পানী গছকি পথাৰত কঠিয়া পেলাব, ভূই ৰুব, ধান কাটিব, শস্য চপাব, মৰণা মাৰিব, জাল–চেপা, বৰশীৰে মাছ ধৰিব, থলুৱা উৎসৱ–পাৰ্বন, খেল–ধেমালিত অংশ ল’ব, সন্ধিয়া নাম প্ৰসংগত ভাগ লোৱাৰ পাছত অভ্যাস থকা সকলে স্থানীয় পানীয়ৰ সোৱাদ লৈ পৰম্পৰাগত খাদ্য গ্ৰহণ কৰি নিশা কৃষকৰ দৰে জুপুৰীত কটাই যান্ত্ৰিকতাময় জীৱনৰপৰা অৱসাদ বিচাৰিব। ইপিনে, চহৰৰ ছাত্ৰ–ছাত্ৰীসকলেও কৃষি পৰ্যটনত গঢ়ি তোলা শিক্ষাকেন্দ্ৰৰ জৰিয়তে গাঁৱৰ সহজ–সৰল পৰিবেশৰ লগত পোনপোটীয়াকৈ চিনাকী হোৱাৰ সুযোগ লাভ কৰিব। তদুপৰি স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে গঢ়ি তোলা বজাৰ ব্যৱস্থাত পৰ্যটক, গ্ৰাহক, বিক্ৰেতা সকলোৱে একেখন মঞ্চত মিলিত হোৱাৰ সুযোগ লাভ কৰিব। আজি চহৰ–নগৰ সমূহত পৰিৱেশ প্ৰদূষিত হৈ পৰিছে। আহি থকা দিনবোৰত ইয়াৰ প্ৰভাৱ, ভয়াৱহতা হয়তো আৰু বৃদ্ধি পাব। চহৰ–নগৰত এনে সমস্যাত ভূগি থকা লোকসকলেই পৰ্যটকৰ ৰূপত নিভাঁজ গাঁৱৰ পৰিৱেশত জিৰণি ল’বলৈ আহিব। পৰ্যটকসকলে গাঁৱত আহি ভ্ৰমণ কৰা আৰু থকা–খোৱাৰ বাবত কৃষকগৰাকীক মাননি আগবঢ়াব। কৃষি পৰ্যটনত সেই মাননিয়েই হ’ল মূল উপাৰ্জন। পৰ্যটকসকল আকৰ্ষিত হ’লে কৃষকৰ উপাৰ্জনৰ পৰিমাণ বাঢ়ি যাব। পৰ্যটক আগমণৰ বাবেই অকল খেতিবাতিৰ পৰা উপাৰ্জন অহা পথাৰ অথবা বাৰীখনেই এদিন কৃষকৰ আয়ৰ অন্য প্ৰধান উৎস হৈ পৰিব।

আমাৰ উত্তৰ–পূৰ্বাঞ্চলত এতিয়া কেইখনমান ৰাজ্যত পৰ্যটন উদ্যোগে গা–কৰি উঠাৰ লগতে দেশী–বিদেশী পৰ্যটকৰপৰা সন্তোষজনক উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত ছিকিম, নগালেণ্ড আৰু মেঘালয়ৰ নাম উনুকিয়াব লাগিব। ছিকিমত ঘৰুৱা উপাৰ্জনৰ অধিক সংখ্যক ধন লাভ কৰে পৰ্যটনক্ষেত্ৰৰ পৰা। সেই ৰাজ্যখনৰ চৰকাৰে প্ৰায়বোৰ পৰ্যটনক্ষেত্ৰ আধুনিক ৰূপত সজাই তুলিছে। ইপিনে, নগালেণ্ড চৰকাৰেও পৰ্যটন উদ্যোগৰ পৰিসৰ অকল নগৰ–চহৰতে সীমাবদ্ধ নাৰাখি ইয়াৰ ক্ষেত্ৰসমূহ গাঁও অঞ্চললৈ সম্প্ৰসাৰণ ঘটাইছে। আজিও নগাসকল অকৰা জাতি বুলি যি বদনাম আছে সেয়া তেওঁলোকৰ ৰাজ্যখন ভ্ৰমণ নকৰিলে নগা জাতি সম্পৰ্কে একো বুজিব নোৱাৰি। সেই ৰাজ্যখনতে ২০০০ চনত আৰম্ভ কৰা হৰ্ণবিল ফেষ্টিভেলে আজি সমগ্ৰ বিশ্বজুৰি প্ৰসাৰ আৰু পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা পৰ্যটন উৎসৱৰ সমূহৰ ভিতৰত নগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলো অন্যতম। হৰ্ণবিল ভেষ্টিভেলৰ সময়ত ৰাজ্যখনত থকা যান–বাহনৰ সকলোবোৰ চেকগেট উঠাই দিয়ে। অৱশ্যে নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে সাধাৰণ তালাচী চলায় সিয়ো সন্দেহজনক কিবা চকুত পৰিলেহে। ৰাজ্যখনৰ অন্যান্য উৎসৱ–পাৰ্বনৰ বাবে বাটে–ঘাটে কোনো দল–সংগঠনে দান–বৰঙণি বিচাৰি পৰ্যটকক হাৰাশাস্তি নকৰে। তেনেদৰে ৰাজ্যখনত ৰোমাঞ্চকৰ এডভেঞ্চাৰ বুলিলে প্ৰথমে জুক’ভেলীৰ নাম ল’ব লাগিব। জুক’ভেলীৰ ৰোমাঞ্চকৰ এডভেঞ্চাৰেও আজি বহল ভিত্তিত প্ৰসাৰ লাভ কৰিছে, ইয়াৰ লগে লগে পৰ্যটকৰ আগমণো বৃদ্ধি পাইছে। সমান্তৰালভাৱে গাঁওবাসীৰো দায়িত্ব বাঢ়ি গৈছে। কিয়নো, বিগত দিনবোৰত জুক’ভেলীত এডভেঞ্চাৰ কৰিবলৈ যোৱা বহু পৰ্যটকে বাট হেৰুৱাই অৰণ্যৰ ভিতৰত বিপদৰ সন্মুখীন হৈছিল। সেয়ে গাঁওবাসীয়ে জুক’ভেলীত এডভেঞ্চাৰ কৰা প্ৰতিজন পৰ্যটকৰে নজৰ ৰাখে। পৰ্যটকসকল অৰণ্যৰপৰা ওলাই অহাত পলম হ’লেই গাঁওখনৰ লোকে বিচাৰি যায়। জুক’ভেলীত এডভেঞ্চাৰ কৰা প্ৰতিজন পৰ্যটকক সহায়ৰ হাত আগবঢ়োৱাতো যেন ওচৰৰ গাঁওবাসীৰ এক নৈতিক দায়িত্ব। মুঠতে নগালেণ্ডবাসীয়ে বাহিৰৰ পৰ্যটকক কোনো কাৰণতে অসুবিধাৰ সন্মুখীন হ’বলৈ নিদিয়াৰ সংকল্প লৈছে। এসময়ত গুলি–বাৰুদৰ শব্দত দিন–ৰাতি পাৰ হোৱা য’ত নাম শুনিলেই গা–শিয়ৰি উঠা  অশান্তময় নগালেণ্ড এতিয়া দেশী–বিদেশী পৰ্যটকৰ আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে। ইপিনে, মেঘালয় চৰকাৰেও প্ৰায় নগালেণ্ডৰ দৰেই পৰ্যটনক্ষেত্ৰৰ আন্তঃগাঁথনি গঢ়ি তুলিছে। আগতে ৰাজ্যখনৰ পৰ্যটনক্ষেত্ৰ সমূহৰ পৰিসৰ কেৱল শ্বিলং চহৰৰ আশে–পাশে, চেৰাপুঞ্জী অথবা মৌছিনৰামৰ মাজতে সীমাবদ্ধ আছিল। এতিয়া মেঘালয়ৰ পৰ্যটনক্ষেত্ৰ সমূহৰ পৰিসৰ গাঁও অঞ্চললৈকে সম্প্ৰসাৰিত কৰিছে। সেয়ে নগালেণ্ডৰ পিছতেই পৰ্যটকৰ দ্বিতীয় পছন্দৰ ঠাই হৈ পৰিল মেঘালয়। সেইখন মেঘালয়ৰে অন্যতম এখন গাঁও, যিখন গাঁৱে পৰ্যটকক বাতবাউলি মাতি থাকে। গাঁওখনৰ নাম মাউলিন্যং। মাউলিন্যং এখন সাধাৰণ গাঁও নহয় ই এছিয়া মহাদেশৰ ভিতৰত সবাতোকৈ পৰিস্কাৰ গাঁৱৰ স্বীকৃতি লাভ কৰা এখন বিখ্যাত গাঁও। মূলকথা– গাঁওখনৰ ঘৰবাৰীবোৰ পৰিস্কাৰকৈ সজাই ৰাখে, মানুহবোৰে চাফা হৈ থাকে আৰু এক শৃংখলাবদ্ধভাৱে জীৱন–যাপন কৰে। গাঁওখন আজিৰ ৰূপত উজ্বলি উঠাৰ ক্ষেত্ৰত এই শৃংখলাবদ্ধতা সমূহো আছিল মূল সম্পদ। প্ৰতিটো পৰিয়ালে অতিথিক খোৱাই–বোৱাই ৰাখিবপৰা সৰু সৰু জুপুৰী ঘৰ নিৰ্মাণ কৰিছিল। অতিথিসকলে গাঁওখন ঘুৰিবলৈ আহে আৰু কোনোবা এটা পৰিয়ালত খাই–বৈ নিশা যাপন কৰে। ইয়াৰ বিনিময়ত পৰ্যটকসকলে পৰিয়ালটোক মাননি আগবঢ়ায়। পৰ্যটকে আগবঢ়োৱা মাননিখিনিয়ে হ’ল গাঁওবাসীৰ মূল উপাৰ্জন। এসময়ত পৰ্যটকৰ সংখ্যা বাঢ়িল আৰু ইয়াৰ লগে লগে গাঁওবাসীৰ উপাৰ্জনৰ পৰিমাণো বাঢ়িল। গাঁওখনৰ কেইজনমান শুভ–চিন্তকে গঢ়ি তোলা আন্তঃগাঁথনিত মাউলিন্যংয়ে আজিৰ ৰূপ লাভ কৰিবলৈ সক্ষম হৈছিল। যাৰ ফলত গাঁওখনে আজি বিশ্বৰ ভিতৰতে লেখত ল’বলগীয়া পৰ্যটনক্ষেত্ৰ হৈ পৰিল। ইতিমধ্যে ছিকিম, নগালেণ্ড আৰু মেঘালয় ৰাজ্যৰ চৰকাৰ সমূহে শক্তিশালী আন্তঃগাঁথনি গঠন কৰি পৰ্যটনক এক উদ্যোগ হিচাপে স্বীকৃতি দিছে। সমান্তৰালভাৱে পৰ্যটনক্ষেত্ৰ সমূহ উন্নয়নৰ দিশতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

অসমত পৰ্যটনস্থলীৰ অভাৱ নাই। কাজিৰঙা, মানাহ, পবিতৰা, ওৰাং, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি অলেখ ঐতিহাসিক পৰ্যটনক্ষেত্ৰ আছে। ৰাজ্যখন একপ্ৰকাৰ পৰ্যটনক্ষেত্ৰৰ ভূ–স্বৰ্গ বুলি ক’লেও বঢ়াই কোৱা নহয়। প্ৰকৃতি সৃষ্ট আৰু মানৱ সৃষ্ট পৰ্যটনৰ অলেখ ক্ষেত্ৰ থকাৰ পিছতো চৰকাৰৰ দূৰ্বল পৰ্যটন নীতিৰ বাবে সেইবোৰ প্ৰসাৰ আৰু পৰিচিতি লাভৰ পৰা বঞ্চিত হৈ আছে। পৰ্যটনক্ষেত্ৰক আকৰ্ষণীয় ৰূপত সজাই তুলিবলৈ শক্তিশালী আন্তঃগাঁথনিৰ প্ৰয়োজন যদিও তেনে নীতি নথকাৰ ফলত ৰাজ্যৰ পৰ্যটন উদ্যোগটো হাড়ে–ছালে কোনোমতে জীয়াই থকাৰ দৰে হৈছে। যদিও, চৰকাৰৰ সদিচ্ছা অবিহনেও নাম–গোন্ধ নথকা ঠাই এখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তুলিছে। সেই উদাহৰণ বিচাৰি দূৰলৈ যাব নালাগে আমাৰ উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনৰ মাজতে আছে। আনকি আমাৰ ৰাজ্যখনতো ৰাইজৰ নেতৃত্বত গঢ়ি উঠা পৰ্যটনক্ষেত্ৰ আছে। সেয়া হ’ল গোৱালপাৰা জিলাৰ ৰাংচাপাৰা আৰু কাৰ্বি আংলং জিলাৰ ছিকদামাখা। ৰাংচাপাৰা গাৰো জনজাতি বসতিপ্ৰধান এখন গাঁও। ২০০০ বৰ্ষত গাঁওখন পৰিস্কাৰকৈ সজোৱাৰ বাবে ৰাইজ সংকল্পবদ্ধ হৈ সমূহীয়াকৈ কাম–কাজ আৰম্ভ কৰিছিল। সু–পৰিকল্পনাৰে আগবঢ়া কাম–কাজে এদিন সফলতা লাভ কৰিছিল। আনহাতে, ছিকদামাখা হ’ল কাৰ্বি জনজাতি বসতিপ্ৰধান গাঁও। নিজ গাঁওখনক পৰিস্কাৰকৈ সজাই তুলিবলৈ এদললোকে সদায়ে এক সপোন পুহি ৰাখিছিল। ২০১৫ চনৰ কোনোবা এটি দিনত সপোনৰ গাঁওখনৰ আৰ্হি প্ৰস্তুত কৰিবলৈ দলটোৱে মেঘালয়ৰ মাউলিন্যংলৈ ঢাপলি মেলিছিল। দলটোৱে মাউলিন্যংৰ আন্তঃগাঁথনি চাই আহি নিজ গাঁওখন নতুন ৰূপত গঠন কৰিছিল। আজি ছিকদামাখা আৰু ৰাংচাপাৰা গাঁও দুখন আকৰ্ষণীয় পৰ্যটনক্ষেত্ৰৰ ৰূপত গঢ়ি উঠিছে। ইয়াৰ লগে লগে গাঁও দুখনত পৰ্যটকৰ আগমণ বৃদ্ধি পাইছে। পৰ্যটক বৃদ্ধি হোৱাৰ লগে লগে গাঁও দুখনৰ উপাৰ্জন বাঢ়িছে। দেখাত সহজ যেন লাগিলেও ৰাইজে গাঁও দুখন আজিৰ ৰূপত গঢ়ি তুলিবলৈ বহু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। ইতিমধ্যে গাঁও দুখনলৈ অসম চৰকাৰে পৰিস্কাৰ গাঁৱৰ স্বীকৃতি আগবঢ়াইছে। যদিও, ৰাইজৰ একক শৃংখলাবদ্ধ প্ৰচেষ্টাত গঢ়ি উঠা গাঁও দুখনৰ আন্তঃগাঁথনি গঠনত কিন্তু চৰকাৰৰ কোনো উল্লেখযোগ্য ভূমিকা নাছিল।          

দেখা গৈছে– গাঁও এখনক পৰিস্কাৰকৈ সজাই তুলি আকৰ্ষণীয় পৰ্যটনক্ষেত্ৰৰ ৰূপ দিয়া মূল হোতাসকলেই হ’ল জনজাতীয় লোক। ক’ব পাৰি উত্তৰ–পূৰ্বাঞ্চলত এনে আদৰ্শ প্ৰথম জনজাতীয় লোক সকলেই দাঙি ধৰিছে। এই গৌৰৱৰ অধিকাৰী উত্তৰ–পূবৰ জনজাতিসকল। মাউলিন্যং, ৰাংচাপাৰা, ছিকদামাখা একো একোখন জনজাতি বসতিপ্ৰধান গাঁও যেন তাৰেই চানেকী।

গুৱাহাটী মহানগৰীৰ এটি অবিচ্ছেদ্য অংগ ৰাণী। ৰাণীৰ কপিলী আৰু শুকুৰবৰীয়াত দুখন বনভোজস্থলী আছে। ছাটাৰ গাঁৱত থিয়পানী জলপ্ৰপাত, ৰাণীৰ কপিলী, উমছালিয়াং নামৰ দুখন পাহাৰীয়া নদীও আছে। সেউজীয়া অৰণ্যৰাজিৰ মাজত অৱস্থিত মুদুকী, মাটাইখাৰ, বাটাবাৰী–শালসেৰ, উমচুৰ, জিমিৰিগাঁও, বাখালাপাৰা, কুণ্ডিলনগৰ, লংছাই আটাইবোৰ গাঁৱেই পশ্চিম গুৱাহাটীৰ অন্তৰ্গত। ইয়াৰ গাতে লাগি আছে পলাশবাৰী সমষ্টিৰ ঐতিহাসিক চানডুবি বিল, ৰাজাপাৰা, জুপাংবাৰী, কঠালগুৰি, চাপৰাকাটা, সোণাপুৰ, বাৰেগাঁও, ৰাণী খামাৰ আদি গাঁওসমূহ। এইগাঁওসমূহৰ অধিবাসীসকল হ’ল ৰাভা, বড়ো, আদিবাসী, গাৰো আদি জনগোষ্ঠীৰ। প্ৰতিটো জনগোষ্ঠীয়ে নিজ নিজ কৃষ্টি–সংস্কৃতিত চহকী। পৰ্যটন উদ্যোগত জনজাতীয় লোক–সংস্কৃতিৰ সমলবোৰেও এক ভূমিকা পালন কৰে। এনেহেন সম্পদেৰে ভৰপূৰ গাঁওকেইখনত ৰাংচাপাৰা, ছিকদামাখাৰ আৰ্হিৰে এক পৰ্যটনক্ষেত্ৰ গঢ়ি তোলাৰ কথা চিন্তা–চৰ্চা কৰিব পৰা থল আছে। য’ত কৃষি–পৰ্যটনৰ ধাৰণাই প্ৰাধান্য লাভ কৰিব পাৰে। জৈৱ–বৈচিত্ৰ্যৰে ভৰপূৰ অঞ্চলটোৰ গাঁওকেইখনত কৃষি–পৰ্যটন উদ্যোগ গঢ়ি তুলিব পৰা সকলোবোৰ সম্ভাৱনাপূৰ্ণ উপাদানেই আছে। কিন্তু কাৰ নেতৃত্বত গঢ়ি উঠিব তেনেধৰণৰ পৰ্যটনক্ষেত্ৰ। এশ এবুৰি সমস্যাৰ মাজত জৰ্জৰিত চৰকাৰখনৰ সহযোগ আশা নকৰাই ভাল। অভিজ্ঞতাৰ পৰা ক’ব পাৰি– ব্যক্তিগত বা বেচৰকাৰী সংস্থাই ইয়াৰ নেতৃত্ব বহন কৰিলে ৰাইজৰ পৰিৱৰ্তে কেইজনমান ব্যক্তিৰ উন্নতি ঘটিব। গতিকে ৰাইজ সমন্বিতভাৱে আগবঢ়াটোৱেই হ’ব উত্তম পন্থা। ইতিমধ্যে এনে পন্থাৰে ৰাংচাপাৰা আৰু ছিকদামাখা গাঁও দুখনে আজি পৰ্যটন মানচিত্ৰত নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে চানডুবিৰ আশে–পাশে থকা গাঁওসমূহত কৃষি–পৰ্যটন ক্ষেত্ৰ গঢ়ি তুলিবলৈ চৰকাৰী সহযোগতকৈ ৰাংচাপাৰা আৰু ছিকদামাখাক গঢ় দিয়া সক্ৰিয় সমাজ সংগঠকৰহে প্ৰয়োজন।

অঞ্চলটো কৃষিৰ লগতে উদ্যান শস্যতো চহকী। উমচুৰ, জিমিৰিগাঁও, বাখালাপাৰা গাঁওকেইখনে ৮০ বছৰ আগতে কমলা খেতি আৰম্ভ কৰিছিল। বাটাবাৰী–শালসেৰ গাঁৱতো নতুনকৈ কমলাৰ বাগিচা গঢ়ি তুলিছে। বৰ্তমান শ শ কমলাৰ বাগিচা গঢ়ি উঠা গাঁওকেইখন অতি ৰসাল আৰু সুমিষ্ট স্থানীয় খাছি মাণ্ডাৰিন প্ৰজাতিৰ কমলা খেতিৰ বাবে জনাজাত। কমলা উৎপাদনৰ বাদেও প্ৰায়বোৰ বাৰীত তামোলৰ বাগিচা লগতে জালুক, পাণ, নেমু, কল, আনাৰস খেতিও পৰ্যাপ্ত পৰিমাণে আছে। কমলা বাগিচাত এটি পৰিয়ালে মোটা অংকৰ ধন লাভ কৰাৰ দৰে তামোল, পাণ, জালুক, কল, নেমু আদি খেতিৰ পৰাও যথেষ্ট উপাৰ্জন লাভ কৰে।

আমাৰ উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্য মণিপুৰত আনাৰস আৰু অৰুণাচলত সুমথিৰা উৎসৱ চৰকাৰী উদ্যোগত আয়োজন কৰি আহিছে। এই উৎসৱে চৰকাৰ, আমদানি–ৰপ্তানিকাৰী আৰু খেতিয়ক, পৰ্যটক সকলোকে একেখন মঞ্চত ভাৱ বিনিময়ৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ লগে লগে দেশী–বিদেশী পৰ্যটকৰো সোঁত বাঢ়িছে। উৎপাদিত ফচলৰ উপযুক্ত দাম লাভ কৰিবলৈ সক্ষম হোৱাত খেতিয়কৰ আগ্ৰহ বাঢ়ি যোৱাৰ লগতে নতুন খেতিয়কৰ সংখ্যাও বৃদ্ধি পাইছে। আমাৰ চানডুবি অঞ্চলতো সুমথিৰাক ভিত্তিকৰি এক কৃষি ভিত্তিক উৎসৱ আয়োজনৰ চিন্তা–চৰ্চা কৰিব পাৰি।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward