Sunday, October 2, 2022
Google search engine
HomeARTICLEবিকল্প সাৰ্ব্বভৌমত্ব

বিকল্প সাৰ্ব্বভৌমত্ব

প্ৰকাশিত তাৰিখঃ ২২ আগষ্ট, ২০২২

কল্প ৰঞ্জন গগৈ –

শ্ৰীমন্ত শঙ্কৰদেৱে ধৰ্ম–নাম–প্ৰসঙ্গ–নামঘৰৰ মাধ্যমেৰে দি যোৱা এক সাংস্কৃতিক ধাৰণাক বিকল্প সাৰ্ব্বভৌমত্বৰ ধাৰণা বুলি ক’লে ভুল হ’ব নেকি বাৰু? ১৫ শতিকাতে দিয়া কুক্কুৰ শৃগাল গৰ্ভদৰো আত্মাৰাম– হেন জানি সবাকো কৰিবা প্ৰণাম– এই মহামন্ত্ৰ জানো এক বিকল্প উন্নত সমাজৰ সপোন নহয়?

জাৰ্মান মনিষী কাৰ্লমাৰ্ক্সে (১৮১৮–১৮৮৩) ১৯ শতিকাত কোৱা– দাৰ্শনিক সকলে পৃথিৱীখনক ব্যাখ্যা কৰি আছে বিভিন্ন ধৰণে– কিন্তু প্ৰধান কৰ্তব্য হৈছে পৰিৱৰ্তন কৰা। সনাতন ধৰ্মৰ অৱতাৰসকলেই জানো এই পৰিৱৰ্তনৰ নায়ক নহয়? নৱম অৱতাৰ বুদ্ধই জানো সেই সনাতন ধৰ্মৰ যুক্তিবাদী ব্যাখ্যাকাৰ নাছিল?

আইনষ্টাইনৰ মতে– পদাৰ্থ আৰু শক্তি (Matter and Energy) দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি–সিপিঠি। ক্ষুদ্ৰতম পদাৰ্থ পৰমাণু কিন্তু ইয়াৰ শক্তি বিশাল। এই বিশাল শক্তি মানুহৰ কল্যাণৰ বাবে যথেষ্ট। এই বিশাল শক্তিক অপপ্ৰয়োগৰ ফল মানুহে হাড়ে–হাড়ে উপলব্ধি কৰা নাই জানো? জাপানত।

পদাৰ্থৰ এই শক্তিৰ অপপ্ৰয়োগ নহ’বলৈ মানুহক লাগিব শান্তিময় সংঘৱদ্ধ জীৱন যাৰ চালিকা শক্তি হৈছে সঠিক জ্ঞান। প্ৰতিষ্ঠা হ’ব লাগিব জ্ঞানময় তন্ত্ৰ।

প্ৰথম বিশ্ব যুদ্ধৰ চাৰি বছৰৰ পিছত মহামতি লেনিনে কাৰ্লমাৰ্ক্সৰ তত্ত্বৰ সঠিক প্ৰোয়গেৰে ১৯১৭ চনত জন্ম দিছিল নতুন ৰাছিয়াক। যি ১৯২২ চনলৈ বিকশিত হয়গৈ ছ’ভিয়েট ইউনিয়ন হিচাপে। ১৯১৭ চনতে লেনিনে দিলে প্ৰস্তাৱ বিশ্বশান্তিৰ বাবে (for peaceful coexistence)। ভিন্ন সমাজ ব্যৱস্থাৰ দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক। ১৯২৪ চনত এই শান্তিপূৰ্ণ অৱস্থানৰ প্ৰস্তাৱ দিয়া লেনিনৰ মৃত্যু হয়। তাৰ পিছত নিশ্চয় কুটুমে–কুটুমক খোৱাৰ বাবে যুদ্ধ। ১৯৯০ চনত দেশখনেই নেথাকিল। আজিৰ গণতান্ত্ৰিক ৰাছিয়াত কি আছে নেজানিলেও এটা কথা ঠিক যে আজি ৰাছিয়াৰ ভিতৰখন সন্ত্ৰাস জৰ্জ্জৰিত। সমাজতন্ত্ৰ নামৰ এক উন্নত সমাজ ব্যৱস্থা গঢ়িবলৈ গৈ পুনৰ উভতি গ’ল পূৰ্বৰ অৱস্থালৈ। শান্তিপূৰ্ণ অৱস্থান বিচৰাৰ ঠাই ল’লে অশান্তিৰে ভৰা সমাজখনে।

বিকল্প সমাজ বিচৰাৰ পৰিণতি এয়াই নেকি? বিকল্প বিচৰাটো এক কাল্পনিক ধাৰণাহে নেকি?

মহাপুৰুষসকলৰ এই সাধনা চৰকাল অপূৰ্ণ হৈ থকাটোৱেই সত্য নেকি?

মানৱ সমাজৰ এক উন্নত আৰু উজ্বল ভৱিষ্যতৰ বাবে পৰিশ্ৰমৰ পৰিণতি সদায়েই শূন্য নেকি?

বাস্তৱে কিন্তু সেই কথা নকয়। বিকল্প সাৰ্বভৌমত্ব, উন্নত মানৱ সমাজ আদি সকলোবোৰ কবিৰ কল্পনা নহয়। কবি–সাহিত্যিকসকল ভৱিষ্যতৰ স্বপ্নদ্ৰষ্টা আৰু বৈজ্ঞানিকসকল সেই পথৰ প্ৰদৰ্শক–দিগদৰ্শক আৰু জনগণৰ সাধাৰণ চাম (mass majority) হৈছে সেই তাজমহলৰ নিৰ্মাণকাৰী। বিষ্ঞু ৰাভাই কোৱাৰ দৰে পূৰ্ণাংগ স্বাধীনতা গঢ়া শেষ যুদ্ধৰ ৰণুৱা হৈছে বিশ্বৰ হালোৱা–বনুৱা।

সেয়ে স্বামী বিবেকানন্দই (১৮৬০–১৯০২) কৈছিল– শূদ্ৰযুগ আহিবই– কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে। ইয়েই হ’ব বিকল্প সাৰ্ব্বভৌমত্ব সমাজ। আজি পৃথিৱী আমাৰ সুবিধাভোগী (Elite–এলিট) সকলে ভৱাৰ দৰে গতি নকৰে। তেওঁলোকৰ ইচ্ছা নিৰপেক্ষভাৱে (Independent of their will) কিছু জনগণৰ বা mass majorityৰ ইচ্ছাতহে নতুন সমাজখনৰ সৃষ্টি হ’ব।

পৰমাণু শক্তিক অপব্যৱহাৰৰ জৰিয়তে কিছু দিনলৈহে সমাজৰ বিকাশ ৰুদ্ধ কৰিব পাৰি। ভুল কথাত ফিতাই দি মানুহক স্তব্ধ কৰি ৰাখিব পাৰি। হিংস্ৰ কৰি ৰাখিব পাৰি। কিন্তু কুটুমে–কুটুমক খোৱাৰ দৰে মানৱতা বিৰোধী ব্যৱস্থা এটা জীয়াই ৰাখিব পাৰিব মাত্ৰ কেইদিনমানৰ বাবেহে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward