Tuesday, April 16, 2024
Homeবাতৰিঅগ্ৰণী জৈৱিক চাহ খেতিয়ক গোবিন হাজৰিকা

অগ্ৰণী জৈৱিক চাহ খেতিয়ক গোবিন হাজৰিকা

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৬

 

ইষ্টাৰ্ণ ফ’টো ছাৰ্ভিচ (ই পি এছ)

 

অসমৰ লখিমপুৰ জিলাৰ মধুপুৰ অঞ্চলৰ গোবিন হাজৰিকা ৰাজ্যবাসীৰ বাবে এটি চিনাকী নাম। ১৯৯৫ চনত অৰ্থাৎ আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে বহু ঘাত-প্ৰতিঘাত একাকাৰ কৰি এক চাহ বাগিছা স্থাপন কৰিছে। সম্পূৰ্ণৰূপে সুকীয়া আৰু জৈৱিক পদ্ধতিৰে চাহপাত উৎপাদন কাৰ্যত ব্ৰতী হোৱা বিশিষ্ট চাহ উদ্যোগী গোবিন হাজৰিকা কৃষি ক্ষেত্ৰৰ ‘ষ্টাৰ’ বুলি কলেও বঢ়াই কোৱা নহ’ব। উদ্যোগীজনে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে চাহপাত উৎপাদনৰ দ্বাৰা অভিলেখ সৃষ্টি কৰাৰ লগতে চৰকাৰ তথা দেশী-বিদেশী বিভিন্ন লোকৰ দৃষ্টি অাকৰ্ষণ কৰিবলৈও সক্ষম হৈছে। ৰাজ্যিক, ৰাষ্ট্ৰীয় অাৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জৈৱিক চাহৰ বাবে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা উদ্যোগীজনে নিজা পদ্ধতিৰে ব্লেক টি (কলা চাহ) অাৰু গ্ৰীণ টি (সেউজীয়া চাহ) উৎপাদন কৰি অাছে।

গোবিন হাজৰিকাই ১৯৯৫ চনত তেওঁৰ স্বৰ্গগামী পিতৃ-মাতৃৰ নামাকৰণেৰে ‘মীন-মোহন চাহ বাগিছা’ নামৰ জৈৱিক চাহ বাগিছাখন স্থাপন কৰি এই ব্যৱসায় অাৰম্ভ কৰে। অৱশ্যে হাজৰিকাই যি সময়ত এই জৈৱিক চাহ খেতি অাৰম্ভ কৰিছিল সেই সময়ত এই কৃষি পদ্ধতি আছিল একেবাৰে অগতানুগতিক। কিয়নো তেতিয়া অসমত জৈৱিক চাহ সম্পৰ্কে জনা-শুনা লোকৰ সংখ্যা আছিল তাকৰ অাৰু জনা-শুনা কোনো লোকে এই জৈৱিক চাহ উৎপাদন কৰিবলৈও অাগবাঢ়ি অহা নাছিল। কিন্তু গোবিন হাজৰিকা আছিল ইয়াৰ অন্যতম। বহু ঘাত-প্ৰতিঘাত, বাধা-বিঘিনি, নানা সমস্যাৰ মাজেৰে এই উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰি একপ্ৰকাৰ সেউজ বিপ্লৱৰে সূচনা কৰা বুলি ক’ব লাগিব।

ৰাসায়নিক সাৰ, কীটনাশক ঔষধে মাটিৰ প্ৰকৃতিয়ে প্ৰদান কৰা উৰ্বৰা শক্তি বিনষ্ট কৰে অাৰু জলবায়ু প্ৰদূষণ কৰাৰ লগতে জীৱ-জন্তুৰ মৃত্যুৰ হাৰ বৃদ্ধি কৰে। সেই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভণিৰে পৰা গোবিন হাজৰিকাই জৈৱিক পদ্ধতিৰে চাহখেতি কৰাৰ লগতে প্ৰাকৃতিকভাৱে সাৰ প্ৰস্তুত কৰি চাহপাত উৎপাদন বৃদ্ধিত সুফল লাভ কৰিছে। পোন প্ৰথমতে তেওঁ দুকঠা মাটিত এই জৈৱিক চাহৰ খেতি আৰম্ভ কৰিছিল। হাজাৰ-বিজাৰ বাধা অতিক্ৰমি অসমীয়া সমাজৰ পুৰণিকলীয়া ঢেঁকী অাৰু কেৰাহীকে চাহ প্ৰস্তুত প্ৰণালী হিচাপে লৈ উৎপাদন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

অশেষ চেষ্টাৰ বলত ২০০১ চনত গোবিন হাজৰিকাৰ ঢেঁকীত খুন্দা, কেৰাহীত ভজা ক’লা চাহপাতে (ব্লেক টি) পুৰ্ণাংগ ৰূপ পায়। ২০০২ চনত সেউজ চাহ অৰ্থাৎ গ্ৰীণ টিৰ বিষয়ে গম পাই ইয়াৰ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰে। সম্প্ৰতি ব্লেক টি অাৰু গ্ৰীণ টি অসমৰ বিভিন্ন ঠাইলৈ যোগান ধৰি অাছে। কানাডা, ইজিপ্ত, ইংলেণ্ড আদি বিদেশী ৰাষ্ট্ৰলৈও জৈৱিক চাহ ৰপ্তানি কৰি অাছে। বৰ্তমান দহ বিঘা মাটিত তেওঁ কৃষি কাৰ্য চলাই বিদেশত অসমৰ জৈৱিক চাহৰ চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। হাজৰিকাই নিজ ৰাজ্যত একপ্ৰকাৰ জৈৱিক চাহ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। অসমৰ চাহ উদ্যোগলৈ অাগবঢ়োৱা বৃহৎ অৱদানৰ বাবে ৰাজ্যখনৰ বিভিন্ন সংগঠনে তেওঁলৈ বিভিন্ন বঁটা অাগবঢ়াইছে। নেছিয়া নামৰ সংগঠনটোৱে ২০১১ চনৰ ২৫ ফেব্ৰুৱাৰীত তেওঁক ‘অসম উদ্যোগ ৰত্ন বঁটা’ অাৰু ইণ্ডিয়া চেম্বাৰ অব কমাৰ্চেও ‘এক্সিলেট এৱাৰ্ড স্মল টি গ্ৰ’ৱাৰ্ছ’ বঁটা প্ৰদান কৰে।

 

আলোকচিত্ৰঃ গুগল ইমেজৰ সৌজন্যত

Foto Courtesy: Google Image.

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward