আমাৰ বিষয়ে দুষাৰ

‘চানডুবি নিউজ ডট কম’ উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ ওপৰত কিছু আভাস দিয়াৰ উদ্দেশ্যে অনলাইন বাৰ্তালোচনীখনৰ জন্ম। ‘ফ্ৰণ্টিয়াৰ এছ’চিয়েটচ এণ্ড কোং’ৰ দ্বাৰা প্ৰকাশিত এই বাৰ্তালোচনীখনত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ পৰম্পৰাগত অভ্যাস, সাংস্কৃতিক বৈচিত্ৰ্যতা, জৈৱ-বৈচিত্ৰ্যতাৰ কিছু আভাষ বিশেষভাৱে আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে। আমি প্ৰকাশ কৰা ডিজিটেল তথ্য-লেখনি সমূহৰ দ্বাৰা এচামৰ কিঞ্চিৎ হ’লেও অভাৱ পূৰণ হয়, তাৰেই প্ৰয়াস কৰা হৈছে।

‘চানডুবি নিউজ’ বাৰ্তালোচনীখনৰ মাজেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বা-বাতৰি, প্ৰতিবেদন, গল্প, প্ৰৱন্ধ, কবিতা, ফ’টো আদি প্ৰকাশ কৰা হ’ব। জ্যেষ্ঠ লেখক-লেখিকা, সাংবাদিকৰ লেখনিৰ দ্বাৰা বাৰ্তালোচনীখনৰ সৌষ্টৱ বঢ়োৱাৰ লগতে উদীয়মান লেখক-লেখিকা, সাংবাদিকৰ লেখনি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিম। নবীন লেখক–লেখিকাসকলৰ প্ৰতিভা বিকাশৰ পূৰামাত্ৰাই সুযোগ থাকিব। যাক প্ৰতিভা বিকাশৰ এক উমৈহতীয়া মঞ্চ ৰূপে গণ্য কৰিব পাৰিব।

‘চানডুবি নিউজ’ বাৰ্তালোচনীখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি, পৰীক্ষাৰ ফলাফল আৰু সংস্থাপনৰ সন্ধানত থকা যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে চৰকাৰী, বে-চৰকাৰী খণ্ডত সংস্থাপন সম্পৰ্কে বা-বাতৰি  প্ৰচাৰ কৰা হ’ব।

আলোচনীখনৰ মূল ব্যক্তিসকল

 

 

নীৰেন্দ্ৰ প্ৰসাদ ৰাভাঃ স্বত্বাধিকাৰী আৰু প্ৰকাশক

 

 

কল্প কলিতাঃ সম্পাদক (অবৈতনিক)

 

 

প্ৰকাশ ৰাভাঃ কাৰিকৰী নিৰ্দেশক

 

 

এইচ ডি বড়োঃ ষ্টাফ ফটোগ্ৰাফাৰ

 

প্ৰভাত ৰাভাঃ ষ্টাফ ফটোগ্ৰাফাৰ