Friday, July 3, 2026
Homeবাতৰিভাৰতীয় জনতা মজদুৰ সংঘৰ কামৰূপ জিলা কমিটি গঠন

ভাৰতীয় জনতা মজদুৰ সংঘৰ কামৰূপ জিলা কমিটি গঠন

প্ৰকাশিত তাৰিখঃ ৩ জুলাই, ২০২৬

চানডুবি নিউজ ৰিপ’ৰ্ট

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত ভাৰতীয় জনতা মজদুৰ সংঘৰ কামৰূপ জিলা কমিটি গঠন কৰা হয়। এই উপলক্ষে আজি অৰ্থাৎ ৩ জুলাইৰ আবেলি ৰাণীৰ ৰাঙ্গাপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভা সঞ্চালনা কৰে ভাৰতীয় জনতা মজদুৰ সংঘৰ অসম ৰাজ্যিক কমিটিৰ উপ–সভাপতি মাধৱ বড়ো আৰু সভাৰ আঁত ধৰে মনোজ কুমাৰ নাথে।

উল্লেখ্য যে, ২১গৰাকী সদস্যৰে গঠিত সংঘৰ কামৰূপ জিলা পূৰ্ণাংগ কমিটিখনত লক্ষী প্ৰধানক সভাপতি, সৌৰৱ ভট্টাচাৰ্যক উপ–সভাপতি, মনোজ কুমাৰ নাথক সাধাৰণ সম্পাদক, নীৰেন্দ্ৰ প্ৰসাদ ৰাভাক প্ৰেছ সচিব আৰু সত্যজিৎ নাথক কোষাধ্যক্ষ, সৰ্বেশ্বৰ ৰাভা প্ৰচাৰ সচিব হিচাপে নিৰ্বাচিত কৰা হয়। লগতে নৱগঠিত জিলা কমিটিখনৰ সদস্যসকলক ৰাজ্যিক কমিটিৰ তৰফৰ পৰা নিযুক্তি পত্ৰও প্ৰদান কৰা হয়।

এই অনুষ্ঠানৰ শেষত সভাৰ সঞ্চালক মাধৱ বড়োই– উদ্যোগ, কল–কাৰখানা, নিৰ্মাণ লগতে অন্যান্য খণ্ডত জড়িত শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰ, সা–সুবিধাৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য দাঙি ধৰে।

অনুষ্ঠানত ভাৰতীয় জনতা মজদুৰ সংঘৰ অসম ৰাজ্যিক কমিটিৰ উপ–সভাপতি ৰাহুল দাস, সাধাৰণ সম্পাদক বিষ্ঞু ছেত্ৰী আৰু সংগঠনটোৰ কামৰূপ মহানগৰ জিলা কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰীতিমণি বড়ো উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward