Tuesday, March 19, 2024
Homeকবিতাঅতুল তামুলীৰ কবিতা

অতুল তামুলীৰ কবিতা

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৬

– শব্দৰ গান – 

অতুল তামুলী

সাৱধান, সাৱধান
প্ৰিয় জনগণ
এতিয়া সকলোতে
শব্দৰ প্ৰদূষণ,
শব্দৰ ত্ৰাসত
শব্দৰ পলায়ন ।
আজি
শব্দই শব্দৰ শত্ৰু
শব্দই শব্দৰ মিত্ৰ,
শব্দই শব্দক হানে
শব্দই শব্দক টানে,
শব্দ-শয্যাত শব্দবিদ্ধ
আজিৰ ভীষ্ম সমাজ
কৌৰৱৰ দাম্ভিক হুংকাৰ
শব্দৰ কুৰুক্ষেত্ৰ ৰণ
মহাশূন্যত মহানাদ
শব্দৰ মহা বিষ্ফোৰণ
এক  অঘটন, যেন
নতুন সৃষ্টিৰ পাতন ।

শব্দৰ পৰিক্ৰমা
নাই পৰিসীমা ।

শব্দৰ লয়
শব্দতে হয়,
শব্দয়ে গায়
শব্দৰ জয়,,
শব্দ অমল শক্তি
শব্দৰ বিপুল ব্যাপ্তি
শব্দৰ নাই অৱসান
শব্দ চিৰ প্ৰৱাহমান ।

শব্দৰ শোধন
অব্দৰে মিলন
কৰা হাথিয়াৰ
শত জনতাৰ
ৰঁচা নতুন গান
হোৱা আগুৱান
অপ-শব্দৰ
কৰি বিনাশন
নতুন শব্দৰ
গোৱা জয়গান ।

(যোগাযোগ নম্বৰঃ ৮৮১১৮৮৪৪২০)

RELATED ARTICLES

4 COMMENTS

  1. মোৰ কবিতা ” শব্দৰ গান ” প্ৰকাশ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ বহু পলমকৈ । তাৰ বাবে দু:খিত। আজিহে চকুত পৰিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward