Tuesday, March 19, 2024
Homeপ্ৰবন্ধবিপন্ন চেনীপুঠি মাছৰ সংৰক্ষণ– সাফল্যৰ এক প্ৰতিবেদন

বিপন্ন চেনীপুঠি মাছৰ সংৰক্ষণ– সাফল্যৰ এক প্ৰতিবেদন

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

কিশোৰ তালুকদাৰ, নিজাইন –

অসমীয়া লোকগাঁথাত এক অনন্য স্থান আছে চেনীপুঠি মাছৰ। থলুৱা মাছৰ এই প্ৰজাতিবিধ সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত লৈছে গুৱাহাটীৰ মাছৰ পোনা উৎপাদন কৰা এখন পামে –

অসমৰ নৈ-বিলত বৰ্তমান বিপন্নপ্ৰায় চেনীপুঠি মাছৰ প্ৰজাতি। ৰাজ্যখনৰ থলুৱা বহুকেইটা প্ৰজাতিৰ মাছ নৈ-বিলৰ পৰা নোহোৱা হৈ যাব ধৰা সময়ত অসমীয়া ভাষাত চেনীপুঠি নামেৰে পৰিচিত অলিভ বাৰ্ব নামৰ মাছবিধে লাভ কৰিছে এক নৱজন্ম। স্থানীয় মীনপাম এখনে সফলতাৰে এইবিধ মাছৰ কৃত্ৰিম পোনা উৎপাদন কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যিক মীন বিভাগৰ এই সাফল্যৰ আঁৰত আছে গুৱাহাটীৰ এখন মাছৰ পোনাৰ পাম। পামখনৰ পৰিচালক ড০ প্ৰতুল বৰ্মন। পামখনত কৃত্ৰিমভাবে উৎপাদন কৰা ৫০,০০০ টা ভ্ৰুণপোনা ইতিমধ্যে পামখনৰ পোনাৰ তত্বাৱধান লোৱা পুখুৰীত মেলি দিয়া হৈছে। দুমাহৰ ভিতৰত এই ভ্ৰুণপোনাৰ আঙুলিৰ দৈৰ্ঘ্যৰ মাছপোনাৰ উৎপাদন হ’ব। ড০ বৰ্মনে জনোৱা মতে পোনাবোৰ উৎপাদন হোৱাৰ বাবে অ’ভেটাইড্ (ovatide) নামৰ হৰম’ন প্ৰয়োগ কৰা হৈছে।

অতি বিৰল এই থলুৱা প্ৰজাতিৰ মাছবিধৰ পোনা কৃত্ৰিমভাৱে উৎপাদন কৰাৰ সফলতাক লৈ ডা০ বৰ্মন অত্যন্ত আনন্দিত। প্ৰথমবাৰ এইদৰে পোনা উৎপাদন কৰিবলৈ গৈ তেঁও বিফল হৈছিল। একালত অসমৰ নৈ- বিল- পুখুৰীত উপচি থকা এই মাছবিধক পুনৰ উদ্ধাৰৰ বাবে কৰা কৃচ্ছসাধনৰ কৃতিত্ব ড০ বৰ্মনে তেঁওৰ সহযোগীসকলকে দিব খোজে। অসমত এতিয়া চেনীপুঠি দেখিবলৈকে নাই। এই মাছবিধৰ অৱস্থা সমগ্ৰ ভাৰততে সম্প্ৰতি বিপন্ন,”- ড০ বৰ্মনে কয়।

২০১২ চনত নেচনেল ব্যুৰো অৱ ফিছ জেনেটিক ৰিছৰ্ছছে এইবিধ মাছৰ প্ৰজাতি বিপদাপন্ন বুলি সতৰ্কবাণী দিছিল। উল্লেখযোগ্য যে, সমগ্ৰ উত্তৰ-পূৱ ভাৰতত ২৬৭ টা প্ৰজাতিৰ থলুৱা মাছ পোৱা যায়। ইয়াৰে ৬-টা প্ৰজাতি অতিশয় বিপদাপন্ন, ৩১ টা বিপন্ন আৰু ৪৬টা প্ৰজাতি সংকটৰ গৰাহত।

কিন্তু এনে সময়তে গুৱাহাটীৰ মীন পামখনে থলুৱা মাছৰ প্ৰজাতি সংৰক্ষণত আগ-ভাগ লৈ সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। প্ৰায় ৫ হেজাৰ পোনা নলবাৰীৰ বিল্বেশ্বৰ মন্দিৰৰ পুখুৰীত সংৰক্ষণৰ বাবে মেলি দিয়া হৈছে। নলবাৰীৰ দুজন প্ৰগতিশীল খেতিয়কৰ লগতে, ৰহাৰ জোঙালবলহু গঢ় মীন পামকো চেনীপুঠিৰ পোনা বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে মাছবিধৰ সংখ্যা বৃদ্ধিৰ বাবে।

বিনামূলীয়াকৈ পোনা লাভ কৰা এজন মীনপালক দেৱজিত বৰ্মন। মীনপালকজনৰ মতে আমাৰ নৈ- বিলবোৰত থলুৱা মাছ নোহোৱা হৈ যোৱাৰ অন্যতম কাৰণ সজাগতাৰ অভাৱ। দেৱজিত উচ্চাকাংক্ষী মীনপালক। তেঁও নিজৰ মীন পামত দুই কোটি চেনীপুঠিৰ পোনা উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। “মোৰ পুখুৰীৰ মাছবোৰ ডাঙৰ হ’লেই মই চাৰিটা ভাগত ভগাই সিহঁতৰ দ্বাৰা পোনা উৎপাদন কৰিম,”– বুলি তেঁও ক’লে।

বৰ্মনে লগতে ক’লে যে আমাৰ লোকগাঁথাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা চেনীপুঠিক বিপদাপন্ন অৱস্থাৰ পৰা উদ্ধাৰ কৰাটো আমাৰ দায়িত্ব। “দুখৰ কথা যে মানুহে কেৱল মাছ-পুঠি খাবলৈহে বিচাৰে, সিহঁতক সংৰক্ষণ কৰিব লাগে বুলি কেতিয়াও নাভাবে,”– বৰ্মনৰমন্তব্য। চেনীপুঠি বৰশী বোৱা লোকসকলৰো অতি প্ৰিয়।

প্ৰখ্যাত মীন বিজ্ঞানী ড০ বি কে ভট্টাচাৰ্যৰ মতে বছৰৰ পাছত বছৰ ধৰি জলাহভূমি অঞ্চলৰ সংকোচন ঘটি অহাৰ লগতে অধিক পৰিমাণে মাছ ধৰাৰ ফলতেই থলুৱা মাছবোৰ কমি আহিবলৈ লৈছে। ৰাজ্যৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। অসমত মাছ খোৱা লোকৰ হাৰ ৯৫ শতাংশ। গতিকে মাছৰ চাহিদাও দিন দিনে বাঢ়ি গৈ আছে। “মাছে সাধাৰণতে খাদ্যৰ সন্ধানত আৰু প্ৰজননৰ বাবে নদীৰ পৰা জলাহভূমিলৈ যায়। কিন্তু মথাউৰি নিৰ্মাণ কৰাৰ ফলত মাছৰ প্ৰব্ৰজনৰ স্বভাৱ বৰ্তমান ক্ষতিগ্ৰস্ত হৈছে,”– বুলি ভট্টাচাৰ্যই ক’লে। মথাউৰি নিৰ্মাণ কৰাটো যিমান প্ৰয়োজনীয়, সিমানেই প্ৰয়োজনীয় মাছবোৰ ৰক্ষা কৰাটোও। আন এক প্ৰত্যাহ্বান অবৈধভাবে মাছ ধৰা কাৰ্য। প্ৰাকৃতিক জলাধাৰত মাছৰ পৰিমাণ কমি অহাৰ ইয়ো এক কাৰণ।

অসম মীন পোনা আইন, ২০০৫ বলৱৎকৰণৰ বাবে বিভাগীয় বিষয়াসকলে যৎপৰোনাস্তি চেষ্টা কৰি অহাৰ সময়তে গুৱাহাটীৰ মীন পাম খনৰ হাততে লুকাই আছে চেনীপুঠিৰ ভবিষ্যত। পামখনৰ সহকাৰী মীন বিষয়া হিতেশ্বৰ বৰুৱাৰ মতে মাছৰ সংখ্যা বৃদ্ধি কৰাৰ একমাত্ৰ উপায় হৈছে কৃত্ৰিম উপায়েৰে মাছৰ পোনা উৎপাদন কৰি জলাহভূমি, বিল আদিত সেইবোৰ এৰি দিয়া।

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

2 COMMENTS

  1. চেনীপুঠি মাছৰ সংৰক্ষণত গুৰুত্ব দিয়া উচিত । আমিও সৰুতে চেনীপুঠি মাছৰ সাধুকথা শুনিছিলো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward