Wednesday, June 24, 2026
HomeARTICLEৰাণীত আদানিৰ এৰ’চিটী, অসম চৰকাৰৰ ছেটেলাইট চিটী নিৰ্মাণ হ’ব

ৰাণীত আদানিৰ এৰ’চিটী, অসম চৰকাৰৰ ছেটেলাইট চিটী নিৰ্মাণ হ’ব

#পুনৰ উচ্ছেদ চলিব নেকি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমিত?

প্ৰকাশিত তাৰিখঃ ২৪জুন, ২০২৬

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু আজাৰা ৰাজহ চক্ৰৰ পাটগাঁও, জৱে, সজ্জনপাৰা, ৰাজাপানীচান্দা, আন্ধেৰীজুলি, ৰাঙাপাৰা, কছাৰী আল্লিবাৰী, বাটাবাৰী, মাটিফুটুৰী, পাচনীয়াপাৰা, জংগলিপাৰা, কামাৰগাঁও, লোচনা, সাথিকৰপা, মালিয়াটা আৰু দেউৰ আলী আদি কৰি ১৬খনকৈ গাঁৱৰ লোকসকল এতিয়া ভয়, শংকাত দিন–ৰাতি পাৰ কৰিবলগীয় হৈছে। শান্তিপূৰ্ণ এই গাঁওকেইখনৰলোক সকলৰ এতিয়া সুখনিদ্ৰা হৰি নিছে। পেটলৈ ভাত–পানী তল নোযোৱা অৱস্থা, বুকুত কেৱল ঢপঢপনি। ক্ৰমে দিন অতিক্ৰম কৰাৰ লগে লগে মানুহবোৰৰ ঢপঢপনি আৰু বাঢ়িবলৈ লৈছে। কিয়নো– উক্ত গাঁওকেইখনৰ খেতিপথাৰৰ ভূমি চৰকাৰে মুকলি কৰিব। গতিকে চৰকাৰী উচ্ছেদ অভিযান চলিব! অৱশ্যে এইপৰ্যন্ত উচ্ছেদৰ কোনো চৰকাৰী নিৰ্দেশনা ওলোৱা নাই। বিপৰীতে, জৱে,পাছনীয়াপাৰা, মাটিফুটুৰী, দেউৰ আলী, জংগলিপাৰা আৰু কামাৰগাঁও এই ৬খন গাঁৱৰ খেতিপথাৰৰ ভূমিৰ মূল্য নিৰূপণ কৰি অধিগ্ৰহণৰ বাবে চৰকাৰী জাননী জাৰি কৰিছে। ইপিনে, খেতিপথাৰত মণ্ডল আৰু গাঁওপ্ৰধান সকলৰ তৎপৰতা ব্যাপক হাৰত বাঢ়িছে। লগতে ভূমি সংক্ৰান্তীয় নথিপত্ৰ সংগ্ৰহত ব্যস্ত হৈ পৰিছে ৰাজহ বিভাগ। সূত্ৰ অনুসৰি অহা ২৫জুনৰ ভিতৰত ৰাজহ বিভাগে ভূমি সংক্ৰান্তীয় নথিপত্ৰ সংগ্ৰহৰ কাম সমাপ্ত কৰি চৰকাৰক জমা দিব লাগিব। আহাৰৰ মাহ, দৰাচলতে খেতিপথাৰত খেতিয়ক, ৰোৱনিৰে ভৰি থাকিব লাগিছিল। কিন্তু খেতিপথাৰত এতিয়া খেতিয়ক, ৰোৱনি কোনো নাই। তাৰ সলনি চৰকাৰী প্ৰশাসন যন্ত্ৰৰ লোকেৰে ভৰি পৰিছে। তেনেক্ষেত্ৰত উচ্ছেদ যে চলিব প্ৰশাসনৰ এই ব্যাপক তৎপৰতালৈ চাই গাঁওবাসী এতিয়া এশ শতাংশই নিশ্চিত হৈ পৰিছে।

উল্লেখনীয় যে গুৱাহাটী মহানগৰীৰ কাষৰীয়া ট্ৰাইবেল বেল্ট আৰু ব্লকৰ অধীন ৰাণী আৰু বঙৰা অঞ্চলত আদানিৰ এৰ’চিটী আৰু অসম চৰকাৰে ছেটেলাইট চিটী নিৰ্মাণ কৰিব। তাৰ বাবে প্ৰয়োজনীয় ৬,৬৬২ বিঘা ভূমি মুকলি কৰিবলৈ উচ্ছেদৰ লক্ষ্য কৰি লৈছে। সদ্যহতে ২,৬৬২ বিঘা এৰ’চিটীৰ বাবে, বাকী অংশ  ছেটেলাইট চিটিৰ বাবে। যদি চৰকাৰৰ পৰিকল্পনাই বাস্তৱ ৰূপ লাভ কৰে তেনেহ’লে অঞ্চলটোৰ উন্নয়নৰ চেহেৰাই সলনি হৈ পৰিব। কিন্তু উন্নয়নৰ এই চেহেৰা সলনি কৰিবলৈ যাওঁতে হাজাৰ হাজাৰ ৰাইজ ভেটি–মাটি হেৰুৱাই সৰ্বস্বান্ত হ’ব লাগিব। এই ১৬খন গাঁৱৰ খেতিপথাৰত যদি চৰকাৰে উচ্চেদ, কিম্বা অধিগ্ৰহন চলায় তেনেহ’লে স্থানীয় বাসিন্দাবোৰ ক’লৈ যাব? কেনেকৈ চলিব তেওঁলোকৰ জীৱন–জীৱিকা! কাৰণ এই খেতিপথাৰখনেই আছিল তেওঁলোকৰ জীৱন–জীৱিকাৰ একমাত্ৰ সম্বল।

উল্লেখযোগ্য যে চৰকাৰৰ পৰিকল্পনাৰ বাস্তৱ ৰূপ দিবলৈ যোৱা গাঁওকেইখন দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট আৰু ব্ল’কৰ অধীন। তাৰ ভিতৰত জৱে, সজ্জ্বনপাৰা, ৰাজাপানীচান্দা, আন্ধেৰীজুলি, ৰাঙাপাৰা, কছাৰী আল্লিবাৰী, বাটাবাৰী গাঁওকেইখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত। ট্ৰাইবেল বেল্টৰ নীতি অনুসৰি এই গাঁওকেইখনত জনজাতি লোকৰ বাবে ভূমিৰ অধিকাৰ, সাংস্কৃতিক পৰম্পৰা, পৰিচয় ৰক্ষাৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ স্ব-শাসন চলি আছে। তেনে এক সংৰক্ষিত অঞ্চলৰ ভূমি যদি গুৱাহাটী মেট্ৰ’পলিটান ডেভেল’পমেণ্ট অথ’ৰিটীৰ নিয়ন্ত্ৰণলৈ অনা হয়, তেনেহ’লে জনজাতিসকলৰ সংবিধানিক আৰু প্ৰশাসনিক সুৰক্ষাবোৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ স্ব–শাসনৰ ক্ষমতাও হ্ৰাস পাব। চৰকাৰৰ তেনে পদক্ষেপত আপত্তি দৰ্শাইছে কেইবাটাও জনজাতীয় সংগঠনৰ নেতৃবৃন্দই।

এই সন্দৰ্ভত ১৮জুনত ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘ, ৰাণী আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই আপত্তি দৰ্শাই  পলাশবাৰী সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward