Saturday, June 6, 2026
HomeARTICLEকুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ উকিয়ামত বিশ্ব পৰিৱেশ দিৱস পালন

কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ উকিয়ামত বিশ্ব পৰিৱেশ দিৱস পালন

প্ৰকাশিত তাৰিখঃ ৫জুন, ২০২৬

চানডুবি নিউজ ৰিপ’ৰ্ট –

কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চই আজি উকিয়ামত বিশ্ব পৰিৱেশ দিৱস পালন কৰে। উল্লেখ্য যে অসম–মেঘালয় সীমাঞ্চলৰ ঘোগা, শ্ৰী আৰু দ্ৰোণ নদীৰ সংগমস্থল উকিয়ামৰ কুলশী নদীত অসম চৰকাৰে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা ৫৫মেগাৱাট জলবিদ্যুৎ প্ৰকল্পত বিৰোধীতাৰে ইতিমধ্যে বিভিন্ন দল, সংগঠনে আন্দোলন চলাই আহিছে। এই আন্দোলনৰ অন্যতম অংশীদাৰী সংগঠন কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কুলশী জলবিদ্যুৎ প্ৰকল্প বাতিল কৰক, কুলশী নৈ বচাওঁক, কুলশী নৈপৰীয়া সভ্যতা ৰক্ষা কৰক, পৰিৱেশতন্ত্ৰ ৰক্ষা কৰক, ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী নদী শিহু ৰক্ষা কৰক, হলৌ বান্দৰ বচাওঁক, চানডুবি, দৰাবিল বচাওঁক ইত্যাদি দাবী উত্থাপনেৰে আজি নৈখনৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰে।

এই গছপুলি ৰোপন কাৰ্যসূচীৰ শেষত উকিয়ামৰ কমিউনীতি হলত আৰম্ভ হয় এক পৰিৱেশ সচেতনতা সভা। কুলশী নদীবান্ধ বিৰোধী মঞ্চৰ সভাপতি চবিন ৰাভাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাংগঠনিক সম্পাদক মৃত্যুঞ্জয় ৰাভাই। পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ সদস্য সুৰেণ কলিতাই।

সভাত ব্ৰেক থ্ৰ’ চায়েঞ্চ চছা’ইটী, অসমৰ আহ্বায়ক পিণ্টু দেৱনাথে অংশ গ্ৰহণ কৰি কয়– চৰকাৰে পৰিৱেশ সংৰক্ষণ আৰু প্ৰদুষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেয়া দেখা নাই। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীক প্ৰাণ দিয়া দীপৰ বিলৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই। আনহাতে দেশৰ ভিতৰত প্ৰদূষণ সৃষ্টিকাৰীৰ আগস্থান অধিকাৰ কৰিছে বৰ্ণিহাটৰ ঔদ্যোগিক এলেকাই। বৰ্ণিহাটত প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি পদক্ষেপ ল’ব লাগিছিল, সেয়া দেখা নাই।

অনুষ্ঠানত নিখিল ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গোবিন্দ ৰাভাই কয়– বিশ্বৰ জনজাতিলোক সকলে প্ৰকৃতিৰ গুৰুত্ব বুজি পোৱাৰ লগতে প্ৰকৃতি সংৰক্ষণ কৰিবও জানে। দেশ স্বাধীন হোৱাৰ আগচোৱাত য’ত বন আইন, বন বিভাগ সৃষ্টি হোৱা নাছিল, সেই সময়চোৱাতো জনজাতিলোক সকল বনাঞ্চলত বসবাস কৰাৰ লগতে বন সংৰক্ষণ কৰি আহিছিল। আজি চৰকাৰেই উন্নয়নৰ গইনা লৈ ব্যাপক হাৰত প্ৰকৃতি ধ্বংস কাৰ্য চলাই আহিছে। চৰকাৰৰ এনে কাৰ্য কেতিয়াও সমৰ্থন কৰিব নোৱাৰি। থলুৱা, খিলঞ্জীয়া, ভূমিপুত্ৰ জনজাতি লোকক বিপদৰ পিনে ঠেলি দি এতিয়া কুলশী নদীত জলবিদ্যুৎ প্ৰকল্প, বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বিপ প্ৰকল্প, দৰাবিলত ল’জিষ্টিক পাৰ্ক, জাগিৰোডত উদ্যোগ, কাৰ্বি আংলঙত ছ’লাৰ প্ৰকল্প নিৰ্মাণ কৰিবলৈ ওলাইছে। চৰকাৰৰ জাতি বিৰোধী এনে কাৰ্যৰ আমি বিৰোধীতা কৰি যাম।

অনুষ্ঠানৰ অইন এগৰাকী অতিথি তথা পৰিৱেশ কৰ্মী পক্ষীৰাজ ৰাভাই কয়– জনজাতিলোক সকলে জন্মৰ পিছৰেপৰা গছ ৰুবলৈ শিকে। ঘৰৰ বাৰীত কল, তামোল, পান, জালুক, আম, কঁঠাল, বাঁহ ৰোপন কৰি একপ্ৰকাৰ এখন বনাঞ্চল গঢ়ি তোলো। কিন্তু আজি উন্নয়নৰ নামত চৰকাৰে হাজাৰ হাজাৰ বিঘা ভূমিত প্ৰকৃতি ধ্বংস যজ্ঞ চলি আছে। উন্নয়নৰ নামত গুৱাহাটীত গছ কাটি শেষ কৰি দিছে। শেহতীয়াকৈ দীপৰ বিলৰ পাৰৰ গছ কেইডালো শেষ কৰি দিলে। চৰকাৰে ব্যক্তিগত মুনাফাৰ বাবে বনাঞ্চলৰ সংৰক্ষণ পদ্ধতি উঠাই দিছে। প্ৰকৃতিৰ ৰম্যভূমি উকিয়াম। চৰকাৰে এইখন উকিয়ামৰ কুলশী নদীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ ওলাইছে। ইয়াত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হোৱাৰ লগে লগে নদীখনৰ বুকু শুকাই যাব। ইয়াৰ ফলত দক্ষিণ কামৰূপৰ নগৰবেৰা জলজলিলৈকে বিৰূপ প্ৰভাৱ পৰিব। য’ত, দক্ষিণ–পূব এছিয়াখ্যাত ৰিভাৰ ডলফিন, বিভিন্ন প্ৰকাৰ মাছৰ মৃত্যু ঘটিব। পানীৰ অভাৱত খেতিবাতি কৰিব নোৱাৰা হ’ব। গতিকে প্ৰকৃতি ধ্বংসৰে উন্নয়ন সাধিব পৰা কাৰ্য কোনো কাৰণতে গ্ৰহণ যোগ্য হ’ব নোৱাৰে। তেনেক্ষেত্ৰত প্ৰকৃতি ধ্বংস হ’ব পৰা কুলশী নদী জলবিদ্যুৎ প্ৰকল্প, বৰদুৱাৰ বাগানত ছেটেলাইট প্ৰকল্প, দৰাবিলত ল’জিষ্টিক পাৰ্ক নিৰ্মাণ কাৰ্য কোনো প্ৰকাৰে মানি ল’ব নোৱাৰি।

সভাত গাৰো মহিলা পৰিষদ, গাৰো উন্নয়ন পৰিষদ আদি কৰি বহু সংগঠনৰ বিষয়ববীয়া, সদস্য উপস্থিত থকাৰ লগতে বহুমূলীয়া ভাষণ প্ৰদান কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward