প্ৰকাশিত তাৰিখঃ ৭ জুন, ২০২৬
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীৰ আজাৰাৰ বিশিষ্ট কবি তথা লেখিকা নিৰ্মলা শৰ্মালৈ ৰোহিনী মেধি সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। বাসনা সাহিত্য গোষ্ঠীৰ তৰফৰ পৰা কালি অৰ্থাৎ ৬জুনত গুৱাহাটী প্ৰেছ ক্লাবত এই বঁটা প্ৰদান কৰা হয়।
উল্লেখ্য যে সদৌ অসম সাংবাদিক সন্থা (আজু) আৰু নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰোহিনী মেধিৰ সোঁৱৰণত প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।
উক্ত অনুষ্ঠানত কবি-লেখিকা নিৰ্মলা শৰ্মালৈ ফুলাম গামোচা, চেলেং, জাপি, মানপত্ৰ, ম’মেণ্ট’ আৰু গ্ৰন্থৰ টোপোলাৰে এই বঁটা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে লেখিকা নিৰ্মলা শৰ্মাৰ ‘আমেৰিকাৰ পৰা দক্ষিণ কোৰিয়ালৈ’ নামৰ গ্ৰন্থখনৰ বাবে উক্ত বঁটা প্ৰদান কৰা হয়।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
