Tuesday, March 19, 2024
Homeবাতৰিকৃষকৰ উন্নয়নত গুৰুত্বঃ জিলা উপায়ুক্তসকললৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

কৃষকৰ উন্নয়নত গুৰুত্বঃ জিলা উপায়ুক্তসকললৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষকৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা দেখা গৈছে। এই উপলক্ষে যোৱা ৪ফেব্ৰুৱাৰীত সচিবালয়ৰ সভাকক্ষত ভিডিঅ’ কনফাৰেন্সিং যোগে কৃষাণ ক্রেডিট কার্ড লগতে অন্যান্য কৃষি সম্পৰ্কীয় আঁচনি সমূহৰ পৰ্যালোচনা সভা আয়োজন কৰে। এই সভাত কৃষি মন্ত্রী অতুল বৰা, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, অতিৰিক্ত মুখ্য সচিব (কৃষি) কে কে মিট্টল, মুখ্যমন্ত্রীৰ আয়ুক্ত সচিব প্রমুখ্যে বিভিন্ন উচ্চপদস্থ বিষয়াসকলে অংশ গ্ৰহণ কৰে।

উল্লেখ্যযোগ্য যে কৃষি খণ্ডত আধুনিক প্ৰযুক্তি প্ৰয়োগেৰে বছৰত দুই–তিনিটা খেতিৰে উৎপাদন দুগুণ বৃদ্ধি কৰাৰ বাবে প্ৰশিক্ষণৰ সকলো ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তসকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। জিলা উপায়ুক্তসকলে কৃষি বিভাগৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ দিৰ্দেশ দিয়ে।

ৰাজ্যখনত কৃষি উৎপাদন বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। কৃষিয়ে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। সেয়ে কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) ঋণ সঠিক প্ৰয়োগৰ দ্বাৰা কৃষক এজনে কেনেদৰে নিজকে উন্নতি কৰিব পাৰি সেই বিষয়ে জিলা কৃষি বিষয়া, বেংক বিষয়াৰ সহযোগত সজাগতামূলক কাৰ্যসূচী হাতত ল’বলৈ আহ্বান জনায়।

বহু সময়ত দেখা যায় যে কে চি চি ঋণ গ্ৰহণ কৰি কৃষকসকলে ইয়াৰ অপপ্ৰয়োগ কৰা দেখা যায়। কে চি চি ঋণ গ্ৰহণ কৰি সঠিকভাৱে প্ৰয়োগ কৰা আৰু সঠিকভাৱে প্ৰয়োগ নকৰা সকলো খেতিয়কৰে তথ্যভিত্তিক তালিকা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে। এই ঋণ সম্পৰ্কত বেংক বিষয়াসকলে কৃষকৰ লগত সহযোগিতা বৃদ্ধি কৰিবলৈ কয়। কৃষি ঋণ লৈ পৰিশোধ নকৰা বিষয়টোৰ ওপৰতো বিতংভাৱে আলোচনা কৰে।

আনহাতে মুখ্যমন্ত্ৰীয়ে কৃষি ভিত্তিক উদ্যোগ সমূহত প্ৰয়োজন হোৱা কেঁচামালৰ অভাৱ পূৰ কৰিবলৈ জৈৱিক কৃষিৰ উৎপাদন বৃদ্ধি আৰু ঔষধি সম্পন্ন গছ–গছনি ৰোপন কৰিবলৈ গুৰুত্ব আৰোপ কৰে। অসমৰ আদাৰ বজাৰ ব্যৱস্থাটো শক্তিশালী কৰিবলৈ সমৰ্থ হোৱা কাৰ্বি আংলং জিলাৰ ‘জিনজাৰ ফেডাৰেচন’ক ধন্যবাদ জনায়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward