Tuesday, March 19, 2024
Homeবাতৰিৰং-তুলিকাৰে অভিনৱ প্ৰতিবাদ চিত্ৰ শিল্পীৰ

ৰং-তুলিকাৰে অভিনৱ প্ৰতিবাদ চিত্ৰ শিল্পীৰ

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ, ২০০১৬

 

চানডুবি নিউজ ডেক্স–

ৰাজ্যখনত প্ৰতিনিয়ত ডাইনী হত্যাৰ নিছিনা বৰ্বৰ খবৰে সকলো হৃদয়বান লোকৰে অন্তৰ চুই যোৱাৰ পিছত চৰকাৰ, বাঘা বাঘা ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠনবোৰে একো ব্যৱস্থা নোলোৱাৰ পিছত অলপতে নকৈ জন্ম লোৱা ‘এথনিক আৰ্টিষ্ট ছ’চাইটি’ নামৰ সংগঠন এটাই যোৱা ১৪ ফেব্ৰুৱাৰীত গোৱালপাৰাৰ ভালুকডুবিত অনুষ্টিত কৰিলে ডাইনী বিশ্বাসৰ বিৰুদ্ধে ৫০০ চিত্ৰ শিল্পীৰ মুকলি সমাবেশ। ৰাভা সংগ্ৰহালয়ত আয়োজিত স্মাৰ্ট আৰ্ট ভিলেজৰ বাকৰিত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ চিত্ৰ শিল্পীৰ লগতে হাজাৰোধিক সচেতন লোকৰ সমাগমে ঠাইখন অনন্য সুন্দৰ কৰি তোলা দেখা গৈছে। বাকৰিত দেখা গ’ল অতি উচাহেৰে অসমৰ ডাইনী হত্যাৰ বিৰুদ্ধে কেবা বছৰো অক্লান্তভাৱে যুঁজ দি অহা তথা ২০০৫ বৰ্ষত বিশ্বশান্তিৰ ন’বেল বঁটাৰ বাবে মনোনয়ন লাভ কৰা বীৰুবালা ৰাভাক। বীৰুবালা ৰাভাই পুৱাৰ ভাগত বন্তি প্ৰজ্জ্বলনেৰে আৰু প্ৰখ্যাত শিল্পী বেণু মিশ্ৰই ফিটা কাটি মুকলি কৰে চিত্ৰ অংকনৰ কাৰ্যসূচী। সুদুৰ বাংলাদেশৰ পৰা মোজেন হুছেইন, খাইৰুল হুছেইন, নৱৰাজ ৰয়, কলকাতাৰ পৰা গোপাল লস্কৰ, মিহিৰ কইল, চাইফুদ্দিন আহমেদ তথা উজনি–নামনি অসমৰ পাঁচ শতাধিক নবীন–প্ৰবীন চিত্ৰ শিল্পীয়ে চিত্ৰ অংকনত ভাগ লয়। একাংশ শিল্পীয়ে চিত্ৰ অংকনেৰে ‘ডাইনী হত্যা বন্ধ কৰক’, তেওঁলোক আমাৰ আই, বাই, ভনী’ আদি শ্লোগানেৰে মুখৰিত কৰি বাকৰি বাঙ্ময় কৰি তোঁলা দেখা যায়।

আবেলি আৰ্ট ছ’চাইটিৰ সভাপতি ৰাজ কুমাৰ ৰাভাৰ সভাপতিত্বত আৰম্ভ হয় মুকলি সভা। সভাত যোগদান কৰে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সভাপতি দিপাংকৰ নাথ, নিখিল ৰাভা ছাত্ৰ সন্থা (আৰছু)ৰ সভাপতি ৰমেন সিং ৰাভা আদি। লক্ষনীয় কথা এই যে বীৰুবালা ৰাভাৰ বাহিৰে সভাত উপস্থিত থকা সংগঠনবোৰৰ নেতাসকলৰ এজনেও ডাইনী সমস্যাটোৰ স’তে যুঁজ দি অহা বুলি বুকু ফিন্দাই কোৱাৰ সাহস গোটাব নোৱাৰিলে। কেৱল অক্লান্ত নেত্ৰী বীৰুবালা ৰাভাই ডাইনী হত্যাৰ বিৰোধ কৰি প্ৰায় ৪০ জন নীৰিহ লোকৰ প্ৰাণ বচোৱাৰ কথা আত্মপ্ৰত্যয় তথা সাহসেৰে সমবেত শিল্পী তথা ৰাইজৰ সম্মুখত ডাঠি কৈ গ’ল। ৰাইজে নকৈ জন্ম হোৱা এথনিক আৰ্টিষ্ট ছ’চাইটিৰ এনে ব্যতিক্ৰমি কাৰ্যসূচীৰ শলাগ লোৱাৰ লগতে বীৰুবালাই ‘আজি মই ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিবলৈ বহু সতীৰ্থ পালো’ বুলি গৰ্ব অনুভৱ কৰে। সচেতন লোকসকলে ডাইনী বিশ্বাসৰ বিৰুদ্ধে শিল্পীসকলৰ এনে অভিযান অসম জুৰি অব্যাহত ৰখাৰ আহ্বান জনায়।

 

শিৰোনামৰ ফটোঃ ইষ্টাৰ্ণ ফটো ছাৰ্ভিচ

RELATED ARTICLES

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward