Tuesday, March 19, 2024
HomeARTICLEঅসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ প্ৰহৰীসকল আৰু জীৱন ৰক্ষা কৰা সাতামপুৰুষীয়া এম্বুলেন্স স্বৰূপ ‘সাঙি’খন

অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ প্ৰহৰীসকল আৰু জীৱন ৰক্ষা কৰা সাতামপুৰুষীয়া এম্বুলেন্স স্বৰূপ ‘সাঙি’খন

প্ৰকাশিত তাৰিখঃ ১মাৰ্চ, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তত এই গাঁৱসমূহে সীমান্তৰক্ষীৰ ৰূপত থিয় হৈ আছে। এই বৃহৎ অঞ্চলটোৰ আন্তঃৰাজ্যিক সীমান্ত সুৰক্ষা প্ৰকৃততে এই গাঁৱকেইখনে দি আহিছে। আজি যুগ যুগ ধৰি নিজৰ ৰাজ্যখনৰ সীমাক নিঃস্বাৰ্থভাৱে কেৱল সুৰক্ষা আগবঢ়াই আহিছে। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী পশ্চিম গুৱাহাটী সমষ্টিৰ কেইখনমান পাহাৰীয়া গাঁও। প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত যাৰ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া তাৰ মাজত অৱস্থিত এই গাঁৱকেইখন। গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গঁড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, নাৰলিং (নৰ্লং), চাংমা নগৰ এইসমূহ জনজাতি বসতি প্ৰধান গাঁও। ডেকাপথাৰত বড়ো, ৰাভা আৰু চাংমা নগৰত গাৰো বাকী সকলোকেইখন গাঁও কাৰ্বি জনগোষ্ঠী বসতিপ্ৰধান। ৰাণীৰ পৰা খোজকাঢ়ি যাত্ৰা কৰিলে কোনোখন গাঁও পাবলৈ ডেৰ ঘণ্টা আৰু কোনোখনক চাৰি ঘণ্টা সময়ৰ প্ৰয়োজন। পাহাৰ বগোৱা অভ্যাস যিসকলৰ আছে তেওঁলোকেহে এই সময়সীমাৰ ভিতৰত যাতায়ত কৰিব পাৰে। দূৰ্গম পথ যোগাযোগ ব্যৱস্থা, সকলোৱে খোজ কঢ়াৰ বাদে অন্য উপায় নাই। এনেকৈয়ে খোজকাঢ়ি মানুহখিনিয়ে আজি কেইবাপুৰুষ পাৰ কৰিছে। ৰাণীলৈ অহাৰ সময়ত তেওঁলোকে বহু ধৰণৰ গাড়ী–মটৰ দেখিছে কিন্তু সেইবোৰত উঠি পোৱা নাই। সহজ–সৰলভাৱে জীৱন–যাপন কৰা মানুহ গতিকে, তেওঁলোকৰ গাড়ীত উঠি ঘূৰি ফুৰিবলগীয়া কাম–কাজো নাই। তেনেদৰেই গাড়ীত উঠি নোপোৱাকৈয়ে বহু মানুহে জীৱন পাৰ কৰিছে। এতিয়াও বহু মানুহ ওলাব যিয়ে জীৱনত এবাৰো গাড়ীত উঠি পোৱাই নাই। কিন্তু মানুহখিনিয়ে লোকসভা, বিধানসভা, পঞ্চায়ত আদি সকলোবোৰ নিৰ্বাচনতে ভোট দি আহিছে। শেহতীয়াভাৱে পাহাৰৰ মানুহখিনিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদতো ভোট দি আহিছে। নিৰ্বাচনৰ আগমূহুৰ্তত তেওঁলোকৰ গাৱসমূহত ৰাজনৈতিক দল–সংগঠনৰ নেতা–পালিনেতাৰে ভৰি পৰে। কিন্তু নিৰ্বাচনৰ শেষত আৰু পাঁচটা বছৰ কোনো দল–সংগঠন আদিৰ প্ৰতিনিধিৰ ছাঁটোকে দেখিবলৈ নাপায়। কেৱল নিৰ্বাচনৰ সময়তহে প্ৰাসংগিক হৈ পৰা এই মানুহখিনিৰ জীৱন–জীৱিকাৰ মান উন্নত কৰি তুলিবলৈ কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। দেশে স্বাধীনতা লাভ কৰা আজি ৭৩টা বছৰ অতিক্ৰম কৰিলে যদিও, বৃটিছ আমোলত তেওঁলোকৰ জীৱন–জীৱিকাৰ মান যেনেদৰে আছিল তাতকৈ বৰ–বেছি উন্নত হোৱা নাই। দিছপুৰীয়া চৰকাৰসমূহে তেওঁলোকক উন্নয়নৰ দিশে আগুৱাই নিয়াত কেৱল অৱহেলা কৰিয়েই আহিছে।

শিক্ষাঃ আমাৰ দেশে স্বাধীনতা লাভৰ পৰা বৰ্তমানলৈ পাহাৰীয়া অঞ্চলটোত গঢ়ি উঠা প্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হ’ল ছয়খন। ১৯৬০ চন স্থাপন হোৱা গঁড়ভাংগা প্ৰাথমিক বিদ্যালয় বৰ্তমান এজনীয়া শিক্ষকেৰে পৰিচালিত। য’ত সত্যৰাম বড়োৱে শিক্ষকতা কৰি আছে। শিক্ষক বড়োক অসম চৰকাৰে বি এল অ’ হিচাপেও নিযুক্তি দিছে। জালুক পাহাম প্ৰাথমিক বিদ্যালয় ১৯৭০ চনত স্থাপিত বিদ্যালয়খনত শিক্ষকৰ সংখ্যা ৩জন ক্ৰমে– যতীন দাস, দীপক দেৱনাথ আৰু আবু চায়েদ আলম। ইয়াৰে আবু চায়েদ আলমক ৰংমালী প্ৰাথমিক বিদ্যালয়ত সংলগ্ন কৰিছে আৰু দীপক দেৱনাথক ক’ৰ’ৰা শিক্ষা খণ্ডত সমল ব্যক্তি (চিআৰচিচি) হিচাপে নিয়োগ কৰিছে। নংটাৰীয়া প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকেৰে পৰিচালিত আৰু বৰ্তমান শিক্ষক অমিয় নাথ। দু বছৰ আগতে বন্য হস্তীয়ে বিদ্যালয়খনৰ ৰান্ধনী ঘৰটো ভাঙি–ছিঙি লণ্ড–ভণ্ড কৰিছিল। য’ত ৰাইজে পুনঃনিৰ্মাণ কৰিবলগা হয়। ডুম’ পাহাম প্ৰাথমিক বিদ্যালয়, শিক্ষকৰ সংখ্যা ৩জন ক্ৰমে– খগেন ৰামচিয়াৰী, ৰঞ্জন দাস, ৰাজীৱ শৰ্মা। ৰাজীৱ শৰ্মাক ৰংমালী প্ৰাথমিক বিদ্যালয়ত সংলগ্ন কৰাৰ লগতে তেখেত বি এল অ’ হিচাপেও নিযুক্ত হৈ আছে। ৰংমালী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ সংখ্যা ২জন যদিও স্থায়ী শিক্ষক এজনো নাই। আবু চায়েদ আলম, ৰাজীৱ শৰ্মা দুয়োজনে অন্য বিদ্যালয়ৰ পৰা সংলগ্ন কৰা শিক্ষক। তদুপৰি, ৰাজীৱ শৰ্মা বি এল অ’ হিচাপেও নিযুক্ত হৈ আছে। নাৰলিং প্ৰাথমিক বিদ্যালয় ১৯৭৭ চনত স্থাপিত বিদ্যালয়খনৰ বৰ্তমান শিক্ষকৰ সংখ্যা ২জন ক্ৰমে– দীপক ৰাভা, মৃণাল কান্তি বড়া। দীপক ৰাভাক বি এল অ’ হিচাপে নিয়োগ কৰিছে। উল্লেখনীয় যে, বৃহত্তৰ এই পাহাৰীয়া অঞ্চলটোত এখন এম ই বিদ্যালয় আজিলৈ স্থাপন হোৱা নাই। গাঁও কেইখনৰ প্ৰায় সংখ্যক ছাত্ৰ–ছাত্ৰীৰ শিক্ষা জীৱন প্ৰাথমিকত আৰম্ভ আৰু ইয়াতে শেষ হয়। হাইস্কুলীয়া শিক্ষা গ্ৰহনৰ বাবে ছাত্ৰ–ছাত্ৰীসকল ৰাণীলৈ আহিব লাগে। অৰ্থনৈতিক দিশত দূৰ্বল পৰিয়ালসকলে ল’ৰা–ছোৱালী ৰাণীত ৰাখি পঢ়োৱাৰ কথা ভাবিব নোৱাৰে। অৱশ্যে, নিজৰ ল’ৰা–ছোৱালী ৰাণীত ৰাখি পঢ়োৱা পৰিয়াল নথকা নহয়। বৰ্তমান এই অঞ্চলটোৰ পৰা ৰাণীত থাকি হাইস্কুলীয়া শিক্ষা গ্ৰহন কৰাৰ লগতে আজাৰা, ধাৰাপুৰ লগতে অন্যান্য মহাবিদ্যালয়ত শিক্ষা গ্ৰহন কৰা ল’ৰা–ছোৱালীৰ সংখ্যাও লাহে লাহে বাঢ়িব ধৰিছে।

যাতায়তঃ বৃহৎ পাহাৰীয়া অঞ্চলটোৰ গাঁৱকেইখনে বহিঃবিশ্বৰ সৈতে যোগাযোগ স্থাপনত গভীৰ অৰণ্য মাজৰ লুংলুঙীয়া এইকেইটা পথ ব্যৱহাৰ কৰে– গুৱাহাটী মহানগৰীৰ লখৰা–গড়ভাংগা সংযোগী পথেৰে আহিলে গড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম। মাটাং–ৰাণী যোগাযোগঃ মাটাং, জালুকপাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, চাংমা নগৰ, ৰাণী। নুমলিপথাৰ–ৰাণী যোগাযোগঃ নুমলিপথাৰ, ডেকাপথাৰ, আমৰিং, নাৰলিং (নৰ্লং), কপিলী–ৰাণী। বজাৰ সমাৰকে আদিকৰি নিত্যপ্ৰয়োজনীয় সা–সামগ্ৰী সংগ্ৰহৰ বাবে পাহাৰৰ গাঁওকেইখনে লখৰাৰ পৰিৱৰ্তে ৰাণী বজাৰৰ লগতহে পোনপোটীয়া সম্পৰ্ক। অতি দৰকাৰ নহ’লে গঁড়ভাংগাৰ মানুহখিনিয়ে লখৰালৈ নাযায়।   

বিগত ২০১৭ চনত অসম চৰকাৰে ৰাণী–কপিলীৰ পৰা নাৰলিং–ডুম’পাহাম হৈ জালুক পাহামলৈ আৰু জালুক পাহামৰ পৰা ৰংমালী, গঁড়ভাংগা হৈ গুৱাহাটী মহানগৰীৰ লখৰালৈ এক পকীপথ নিৰ্মাণৰ কাম হাতত লৈছিল। যুগ যুগ ধৰি বৰ্হিঃবিশ্বৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন এই অঞ্চলটোত সভ্যতাৰ এক নতুন দিগন্তৰ সূচনা। ঐতিহাসিক এক মাইলৰ খুটি ৰূপে বিবেচিত এই পথটো নিৰ্মাণ সন্দৰ্ভত সকলোৰে আনন্দৰ বন্যা বৈছিল। অন্ততঃ এই পথ নিৰ্মাণে পাহাৰীয়া গাঁওসমূহৰ লগত ৰাণী অথবা মহানগৰীৰ লখৰাৰ সৈতে যোগাযোগ ব্যৱস্থা সহজ কৰি তুলিব। সেই অনুসৰি যোৱা ৩১ মাৰ্চ, ২০১৭ চনত অসম চৰকাৰে ৰাণী–কপিলীৰ পৰা নাৰলিং–ডুম’পাহাম হৈ জালুক পাহামলৈ এই পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ১৯কোটি ৪২লাখ ৩৬হেজাৰ দুশ বিৰাশী টকা ব্যয় সাপেক্ষ উক্ত পথছোৱাৰ মুঠ দৈৰ্ঘ্য ২৮.২ কিলোমিটাৰ আৰু নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল অনিল দাসে। ইতিমধ্যে, ২০১৮ চনতে কেঁচা পথটিৰ কাম–কাজ ৰাণীৰ পৰা নাৰলিং গাৱলৈ আগবঢ়াৰ লগতে, কপিলীৰ পৰা দুই কিলোমিটাৰ পথ ব্ল’কৰ কাম সম্পূৰ্ণ হৈ উঠিছে। তাৰ পাছৰ পৰা বৰ্তমানলৈ উক্ত পথটিৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। পথটোৰ নিৰ্মাণ কাৰ্য কেতিয়াকৈ আৰম্ভ হ’ব সেইটোও জনা নাযায়। বিপৰীতে, লখৰাৰ পৰা গঁড়ভাংগা হৈ জালুকপাহাম সংযোগী পথছোৱাত বৰ্তমান পূৰ্ণদ্যোমে কাম চলি থকা বুলি জানিবপৰা গৈছে।

স্বাস্থ্যঃ পাহাৰীয়া গাঁৱকেইখনৰ মূল স্বাস্থ্য কেন্দ্ৰটো হ’ল ৰাণী সামূহিক চিকিৎসালয়। গতিকে চিকিৎসাৰ ক্ষেত্ৰতো তেওঁলোক ৰাণী আহিবই লাগিব। বৃহৎ এলেকাটোৰ গঁড়ভাংগা, জালুক পাহাম, ডুম’পাহামত একোখনকৈ উপ–স্বাস্থ্য কেন্দ্ৰ আছে। কিন্তু ৰাইজ উপকৃত হ’ব পৰাকৈ সেই কেন্দ্ৰসমূহত ব্যৱস্থা নাই। তদুপৰি কেন্দ্ৰটোত স্বাস্থ্যকৰ্মী নিৰ্দিষ্ট দিনৰ মুৰেমুৰেহে উপস্থিত হয়। কিন্তু জ্বৰ–বেমাৰেতো ৰোগীক নিৰ্দিষ্ট দিনবাৰ চাইছিতি লগ নিদিয়ে। ইপিনে, অঞ্চল বিশেষত আশাকৰ্মীও আছে। জ্বৰ–বেমাৰ হ’লে তেওঁলোকেই ঔষধ–পাতি দি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। অঞ্চলটোত আশাকৰ্মী এগৰাকীয়ে চিকিৎসক এজনৰ দায়িত্ব পালন কৰি আহিছে। সেয়ে আশাকৰ্মী গৰাকীয়ে অঞ্চলটোৰ মানুহখিনিৰ একমাত্ৰ আশা–ভাৰসা। কিন্তু আশাকৰ্মীৰ প্ৰাথমিক চিকিৎসাত আৰোগ্য নোহোৱা বেমাৰ হ’লে মানুহখিনি ভীষণ অসুবিধাৰ সন্মুখীন হয়। প্ৰাপ্ত বয়স্ক ৰোগীক চাৰিজন মানুহে সাঙিত, শিশুসকলক বোকোচাত তুলি ৰাণীলৈ আনি চিকিৎসা প্ৰদান কৰিব লগা হয়। অতি কষ্টকৰ এই কৰুণ দৃশ্যসমূহ মানুহে নিজ চকুৰে নেদেখিলে বিশ্বাস কৰাটোও টান। বিশেষকৈ গৰ্ভৱতী মহিলাৰক্ষেত্ৰত আৰু বেছি ভয়াৱহ। তেনে এটি ঘটনা ২০০৪ চনৰ– গঁড়ভাংগা গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সন্তান প্ৰসৱৰ ক্ষেত্ৰত জটিলতাই দেখা দিয়াত বংশ–কুটুম্বই মিলি ৰাণী সামূহিক চিকিৎসা কেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰে। পুৰুষক সাঙিত তুলি অনাৰ দৰে গৰ্ভৱতী মহিলাক তেনেদৰে লৈ আনিবলৈ যথেষ্ট অসুবিধা। সেয়ে ধান সাঁচিৰখা আধাৰ আহল–বহল ডুলি এটিত ভৰাই মহিলাজনীক ৰাণীলৈ অনাৰ ব্যৱস্থা কৰিছিল। তেওঁলোক দুই ঘণ্টাৰ পথ অতিক্ৰম কৰাৰ পাছত মহিলাগৰাকীৰ প্ৰসৱ বেদনা কিছু পৰিমাণে আৰম্ভ হ’ব ধৰিলে। লগত অহাসকল বৰ চিন্তাত পৰিল। চিকিৎসা কেন্দ্ৰ পাবলৈ এতিয়াও এক ঘণ্টাৰ পথ বাকী আছে। নেদেখাজনক ভৰসা কৰি তেওঁলোক আহিয়েই থাকিল। চিকিৎসা কেন্দ্ৰলৈ পথ ক্ৰমে ছুটি হৈ আহি আছে ইপিনে প্ৰসৱ বেদনাইয়ো বৰকৈ ক্ৰিয়া কৰিব ধৰিছে। অন্তিম পাহাৰখন নামি আহি একেবাৰে নামনিত ভৰি দিছিল সকলোৱে। লগত অহা মানুহখিনিয়েও স্বস্তিৰ অনুভৱ কৰিছিল। কিয়নো, ইয়াৰ পৰা ৰাণী সামূহিক চিকিৎসা কেন্দ্ৰ পাবলৈ বিশ মিনিটৰ বাট। তদুপৰি, তেওঁলোকে থকা ঠাইখিনিৰ পৰা চিকিৎসা কেন্দ্ৰলৈ গাড়ীৰ ব্যৱস্থাও কৰিছে। কেইমিনিটমানৰ ভিতৰতে গাড়ী আহি পাব। গতিকে যিসকলে ৰোগীৰ লগত মেডিকেল যাব তেওঁলোকে নিজৰ গাৰ কানি–কাপোৰ ঠিকঠাক কৰি আছিল আৰু যিসকলে ওৰেটো বাট জিৰণী নোলোৱাকৈ কেৱল সাঙিখন বৈ আহিছে তেওঁলোকেও ওলপ ইফাল–সিফাল কৰি আছিল। তেনেসময়তে ডুলিৰ ভিতৰত মহিলাগৰাকীৰ কেকনি আৰম্ভ হ’ল লগেলগে শিশুৰো ক্ৰন্দন। শিশুৰ ক্ৰন্দন শুনি ডুলিটোৰ ওচৰলৈ সকলোৱে আগুৱাই গ’ল। কি আচৰিত! ডুলিটোৰ ভিতৰতে মহিলাগৰাকীয়ে এটি তজবজীয়া সন্তান জন্ম দিছে। লগত অহা মহিলাকেইগৰাকীয়ে ভূমিষ্ঠ সন্তান আৰু মাকক চাফ–চিকুন কৰাত লাগি গ’ল। তেনেদৰে মাক–সন্তানৰ ইটো–সিটো যত্ন লওতে প্ৰায় দুঘণ্টামান সময় পাৰ হ’ল। মাক–সন্তান দুয়োটাই সুষ্ঠ–সৱল হৈ থকাত চিকিৎসালয়ৰ পৰিৱৰ্তে নেদেখাজনক অজস্ৰ ধন্যবাদ জনাই সেই ডুলিটোৰ ভিতৰতে ভৰাই পুনৰ গাঁৱলৈকে লৈ আহিল। এনে অজস্ৰ কৰুণ কাহিনী আছে– যাক চিকিৎসাৰ কাৰণে সাঙিত তুলি ৰাণীলৈ আনি আছে কিন্তু আধা বাটতে তাৰ মৃত্যু হৈছে। এনেকুৱা ঘটনাও ঘটিছে– ৰাণীত চিকিৎসা কৰি ঘৰলৈ নি আছে কিন্তু নিয়াৰ পথতে ৰোগীজনৰ বাটতে মৃত্যু ঘটিছে। বহু পিতৃ–মাতৃৰ বোকোচাতে নিজ সন্তানৰ মৃত্যু ঘটিছে।

অঞ্চলটোৰ স্বাস্থ্যক্ষেত্ৰত কিছু সকাহ প্ৰদানৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমটো শাসনকালত ৰাণীৰ পৰা ডুম’পাহামলৈ এক এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰিছিল। দুই–এটা বছৰ চলাচল কৰিছিল কিন্তু বিভিন্ন কাৰণত এম্বুলেন্স সেৱা বৰ্তমান বন্ধ হৈ আছে। বৰ্তমান আধুনিক যুগৰ এম্বুলেন্স সেৱা বিকল বিপৰীতে– যুগ যুগ ধৰি ব্যৱহাৰ হৈ অহা সাতামপুৰুষীয়া এম্বুলেন্স ‘সাঙি’খনেহে অঞ্চলটোৰ ৰোগীক কোনোৰকমে জীৱন দান দি আহিছে।

বিজুলীঃ অসম চৰকাৰৰ শক্তি বিভাগে বিদ্যুৎ যোগান ধৰিব, প্ৰকৃতিৰ মাজত অৱস্থিত গাঁৱকেইখন বিজুলী পোহৰেৰে জিলিকি উঠিব! অঞ্চলটোৰ মানুহে এইকথা এই জনমত আশা নকৰে। তাৰমাজতে কেইখনমান গাঁৱত কেন্দ্ৰীয় চৰকাৰ অনুদান সাপেক্ষ সৌৰশক্তি চালিত বিদ্যুৎ উৎপাদন ইউনিট স্থাপন কৰিছে। বৃহৎ অঞ্চলটোৰ নাৰলিং, নংটাৰী, ডুম’পাহাম, গঁড়ভাংগা এই চাৰিখন গাঁৱত ৪৪০ ভল্টৰ একোটিকৈ সৌৰ শক্তি উৎপাদন ইউনিট নিৰ্মাণ কৰিছে। উক্ত ইউনিটৰ দ্বাৰাই সমগ্ৰ গাঁৱখনে লাইট, ফেন আদি চলাবপৰা ব্যৱস্থা এটা হৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

1 COMMENT

  1. һello, I enjߋy reading your output.I’ve recirculatеԀ this post on instagram.
    Ι will come here more often.

    We run varioys news sites focused on narroԝ
    topics
    blog

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward