Tuesday, March 19, 2024
Homeবাতৰিহস্তী কৰিডৰৰ সমস্যা সন্দৰ্ভত আলোচনা সভা

হস্তী কৰিডৰৰ সমস্যা সন্দৰ্ভত আলোচনা সভা

প্ৰকাশিত তাৰিখঃ ২১ মে’ ২০১৮

চি এন ডেক্স

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী দীপৰ বিল আৰু চন্দ্ৰপুৰৰ পানীখাইতী অঞ্চলত খাদ্যৰ বিচাৰি অহা বনৰীয়া হাতী ৰে’লৰ খুন্দা বা বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ সংখ্যা দৈনিক বাঢ়িব ধৰিছে। ৰাজ্যখনত এই বিষয়টোৱে ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিব ধৰিছে। বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে হস্তী কৰিডৰ সমন্বয়ৰক্ষী সমিতিৰ এক সভা আহ্বান কৰে।

উল্লেখযোগ্য যে, যোৱা ১৪ মে’ সোমবাৰে গুৱাহাটী আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে জিলা উপায়ুক্তগৰাকীয়ে। উক্ত সভাত বন বিভাগ, ৰে’লৱে বিভাগ, আৰক্ষী বিভাগ, এন ডি আৰ এফ বাহিনীৰ বিষয়াবৰ্গ আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। 

বহু সময়ত দীপৰ বিলৰ ৰে’ল পথৰ কাষত থকা ওখ ঢিপবোৰত বনৰীয়া হাতী আবদ্ধ হোৱা দেখা যায়। আবদ্ধ হোৱা হাতীবোৰে ৰে’ল আলি পাৰ হ’ব খোজোতেই ৰে’লৰ খুন্দাত মৃত্যু মুখত পৰে। আনহাতে চন্দ্ৰপুৰৰ পানীখাইতীত অহা–যোৱা কৰা পুৰণি বাট সমূহত বিভিন্ন বাধা পোৱা বাবে হাতীয়ে নতুন বাটেৰে অহা–যোৱা কৰাৰ ফলত বিদ্যুতৰ তাঁৰত লাগি কেইবাটাও হাতীৰ মৃত্যু ঘটিছে।

জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে হাতীৰ বিচৰণ বা বসবাস কৰা স্থানসমূহত হোৱা সম্ভাব্য সমস্যা সমূহ পুংখানুপুংখভাৱে তিনি সপ্তাহৰ ভিতৰত অনুসন্ধান কৰিবলৈ পূব কামৰূপ আঞ্চলিক বন বিষয়া আৰু বন্যপ্ৰাণী শাখাৰ মাণ্ডলিক বন বিষয়া গৰাকীক দায়িত্ব অৰ্পণ কৰে।

২০০৪ ৰ পৰা ২০১৩ চনলৈ দীপৰ বিলত ৰে’লত খুন্দাত ১৩টা হাতীৰ মৃত্যু হোৱা বুলি সভাত তথ্য সহকাৰে দাঙি ধৰে বন্যপ্ৰাণী শাখাৰ মাণ্ডলিক বন বিষয়া গৰাকীয়ে। সভাত বিভিন্ন বক্তাই হাতীৰ আক্ৰমণত নিহত হোৱা ঘটনাক দুৰ্যোগ হিচাপে গণ্য কৰিবলৈ আহ্বান কৰে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই বিষয় সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বন বিভাগৰ সৈতে আলোচনা কৰিব বুলি প্ৰকাশ কৰে।

দীপৰ বিলৰ দাঁতিৰে যোৱা প্ৰায় ১৭ কিঃ মিঃ দৈৰ্ঘ্যৰ গড়চুক–ৰাণী পথছোৱাত ৰাতি ৮ বজাৰ পৰা হৰ্ন বজোৱাৰ ফলক লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা, দ্বৈত ৰে’লপথ অন্য ঠাইৰে নিৰ্মাণ কৰা, হাতী অহা–যোৱা কৰা অন্য পথ বন্ধ কৰিবলৈ ফেন্সিঙৰ ব্যৱস্থা কৰিবলৈ সভাত পৰামৰ্শ আগবঢ়ায় স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে।

আনহাতে, জিলা উপায়ুক্ত মিট্টালে চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ পানীখাইতীত অহা–যোৱা কৰোতে বিদ্যুতৰ তাঁৰত লাগি বহুকেইটা হাতী মৃত্যু হোৱা পৰিপ্ৰেক্ষিতত চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়া পল্লৱজ্যোতি নাথক বন বিভাগ, ৰে’ল বিভাগ, আৰক্ষী বিভাগ আৰু স্থানীয় ৰাইজক লগত লৈ এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰাৰ নিৰ্দেশ দিয়ে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward