Friday, April 26, 2024
Homeবাতৰিউত্তৰ–পূৰ্বাঞ্চলতো আপেল খেতি সম্ভৱ হৈ পৰিছে

উত্তৰ–পূৰ্বাঞ্চলতো আপেল খেতি সম্ভৱ হৈ পৰিছে

প্ৰকাশিত তাৰিখঃ ২১ মে’ ২০১৮

চি এন ডেক্স

বিশ্বত সবাতোকৈ বেছি উৎপাদিত ফল আপেল এতিয়া শীতল জলবায়ুৰ খেতি হৈ থকা নাই। এই খেতি গ্ৰীষ্ম প্ৰধান অঞ্চলতো কৰিব পৰা সম্ভৱ হৈ পৰিছে।

ভাৰতৰ কাশ্মীৰ, হিমাচল প্ৰদেশ এই শীতল জলবায়ুৰ ৰাজ্যকেইখনতহে আপেল খেতিয়ে প্ৰাধান্য লাভ কৰিছিল। সম্প্ৰতি আন্না আৰু ড’ৰছেট নামৰ দুবিধ নতুন প্ৰজাতিৰ আপেল উত্তৰ–পূৰ্বাঞ্চলৰ জলবায়ুত উৎপাদন কৰাৰ সম্ভৱপৰ হৈ উঠিছে।

উদ্যান শস্য বিশেষজ্ঞ হৰবংশ কে শৰ্মাই ইতিমধ্যে ডিমাপুৰত এই আপেল কেইবিধৰ খেতি আৰম্ভ কৰিছে। বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত ২০১০ চনত হিমাচল প্ৰদেশৰ পৰা কেইবাজোপা আপেলৰ পুলি আনি ৰোপন কৰিছিল। ৰোপনৰ দুবছৰ পিচত কিছু গছৰ পৰা ফল লাভ কৰিছে। প্ৰায় ২০০ জোপা আপেল ৰোপনেৰে এখন সুন্দৰ বাগিচা গঢ়ি তুলিছে। নতুন খেতিয়কৰ সুবিধাৰ্থে আন্না আৰু ড’ৰছেট আপেল বিধৰ নাৰ্ছাৰীও এখন স্থাপন কৰিছে। আপেলৰ লগতে আম, প্লাম, কমলা, নেমু, মধুৰীআম, লিচু আদি ফলৰ পুলিও বিক্ৰী কৰে।

এই বিশেষ প্ৰজাতিৰ আপেল বিধ আম পকাৰ সময়তে পকে। এই সময়ত আন প্ৰজাতিৰ আপেল বজাৰত সুলভ নোহোৱাৰ বাবে উচ্চ হাৰত বিক্ৰী হয়। তদুপৰি এই আপেল বিধ মিঠা আৰু ৰসাল হোৱাৰ বাবে ৰস আৰু সুৰা প্ৰস্তুতৰ বাবে উপযোগী হিচাপে বিবেচিত হৈছে।

অসমৰ কাৰ্বি আংলং জিলাৰ খটখটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত ‘ইতিবেন’ নাৰ্ছাৰী অৱস্থিত, য’ত আপেল বিধৰ লগতে বিভিন্ন গছপুলি পোৱা যায়। উক্ত নাৰ্ছাৰীৰ পৰা প্ৰয়োজনীয় পুলি ক্ৰয় কৰিব পাৰে। যোগাযোগৰ বাবে ছ’চিয়েল মিডিয়া ফে’চবুকত সেয়া সন্ধান কৰিব পাৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward