Tuesday, April 16, 2024
Homeবাতৰিতিপামক অতি শীৰ্ঘেই পৰ্যটনক্ষেত্ৰ ৰূপে গঢ়ি তুলিব

তিপামক অতি শীৰ্ঘেই পৰ্যটনক্ষেত্ৰ ৰূপে গঢ়ি তুলিব

প্ৰকাশিত তাৰিখঃ ২১ মে’ ২০১৮

চি এন ডেক্স

তিপামৰ নাম বুৰঞ্জীত ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই খোদিত কৰা আছিল। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিত অৱস্থিত তিপাম পাহাৰ। সম্প্ৰতি বুৰঞ্জী প্ৰসিদ্ধ এই তিপাম পাহাৰক গুৰুত্ব প্ৰদান কৰিছে অসম চৰকাৰে। প্ৰথমবাৰৰ বাবে অসম পৰ্যটন বিভাগে পৰ্যটন উদ্যোগৰ তালিকাত লিপিবদ্ধ কৰিছে তিপাম পাহাৰৰ নাম।  

আহোম জনগোষ্ঠীৰ প্ৰথম বাটকটীয়া তথা আধুনিক অসমৰ প্ৰতিষ্ঠাতা চাওল্যুং চ্যুকাফাই চীন দেশৰ পৰা পাটকাই পৰ্বত অতিক্ৰম কৰি বুঢ়ীদিহিঙৰ উত্তৰ পাৰৰ এই তিপাম পাহাৰত উপস্থিত হৈছিল। তিনিটা বৰ্ষ তিপামত থাকি তাৰ পৰাই প্ৰথম আহোম ৰাজ্যৰ পাতনি মেলিছিল। সেয়ে তিপামক আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী বুলিও অভিহিত কৰা হয়।

তিপাম, নাহৰকটীয়া, জয়পুৰ, ভাদৈ পাঁচআলি আদি অঞ্চলবোৰত চ্যুকাফাৰ বহুতো ঐতিহাসিক সমল অনদৃত হৈ থকা বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত সময়ে সময়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈ আহিছে। শ শ বছৰ পূৰণি এই ঐতিহাসিক সমলবোৰৰ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা আজিও গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

যোগাযোগৰ আন্তঃগাঁথনিৰ উন্নত ব্যৱস্থাই ভাৰতবৰ্ষৰ মানচিত্রত তিপাম পৰ্যটকৰ বাবে অন্যতম আৰ্কষণীয় ঠাই ৰূপে চিহ্নিত হোৱাৰ সম্ভাৱনাই অধিক। সেয়ে অঞ্চলটোৰ গ্ৰামাঞ্চল ভ্ৰমণ, প্ৰাকৃতিক পৰিৱেশ, ঐতিহাসিক কীৰ্তিচিহ্ন, মঠ–মন্দিৰ, নামঘৰ আদি পৰিদৰ্শনৰ ব্যৱস্থাটো সূচল কৰাত গুৰুত্ব দিব লাগিব। তদুপৰি দিহিং–পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য, জয়পুৰ বৰ্ষাৰণ্য তিপামৰ গাতে লাগি থকাৰ বাবে পৰ্যটন ক্ষেত্ৰই অন্যমাত্ৰা লাভ কৰিব বুলি আশা কৰিব পাৰি।

বিগত ২০১৭ বৰ্ষত ৰাজ্য চৰকাৰে তিপামত ‘অসম দিৱস’ পালন কৰিছিল। এই দিৱসে তিপামক পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ আংশিক পথ মুকলি কৰি দিয়াৰ লগতে অসমৰ পৰ্যটন মানচিত্ৰত গুৰুত্ব লাভ কৰিবলৈও সক্ষম হয়।

তিপামক পৰ্যটন প্ৰকল্প ৰূপে গঢ়ি তুলিবলৈ ঐতিহাসিক সমল সমূহৰ সবিশেষ লিপিবদ্ধ কৰি মুখ্যমন্ত্রীলৈ এক স্মাৰক–পত্র প্ৰদান কৰি‌ছিল ‘তিপাম চ্যুকাফা পৰ্যটন প্ৰকল্প সমিতি’য়ে। তিপামক পৰ্যটনস্থলী ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমিতিখনে আগভাগ লৈ আহিছে।                      

ইতিমধ্যে তিপামত ক্ষেত্র পৰিদৰ্শনৰ কাম চৰকাৰীভাৱে সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। যোৱা ১৮ মে’ত প্ৰকল্প সমিতিৰ প্ৰদীপ কোঁৱৰ, টুপিধৰ চাংমাই, ইদুল গগৈ, কান্তেশ্বৰ গগৈ, মানস প্ৰতীম গগৈ, ৰঞ্জিত গগৈ আদি বিষয়ববীয়াৰ সৈতে ডিব্ৰুগড় গড়কাপ্তানী বিভাগ (বিল্ডিং)ৰ কনিষ্ঠ অভিযন্তা আনন্দ শইকীয়াই তিপামৰ ক্ষেত্রসমূহ পৰিদৰ্শন কৰে। সম্প্ৰতি চৰকাৰে তিপামৰ চকমক টিলাত চ্যুকাফাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ, অতিথিশালা ভৱন আৰু দুখন তোৰণ নিৰ্মাণৰ কাম অতি সোণকালে আৰম্ভ কৰিব।

চৰকাৰে কাম–কাজবোৰ গুৰুত্ব সহকাৰে সমাপন কৰিলে অতি সোণকালে তিপাম এখন ভাৰতবৰ্ষৰ লেখত ল’বলগীয়া পৰ্যটনক্ষেত্ৰ হ’ব বুলি আশা কৰিব পাৰি।    

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward