Wednesday, April 24, 2024
Homeবাতৰিইটানগৰত বৃহত্তম সৌৰশক্তি প্ৰকল্প উদ্বোধন

ইটানগৰত বৃহত্তম সৌৰশক্তি প্ৰকল্প উদ্বোধন

প্ৰকাশিত তাৰিখঃ ১৪ মে’ ২০১৮

চি এন ডেক্স

অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ এৱাৰনেছ পাৰ্কত ১ মেগাৱাট–পীক গ্ৰীড (1–MWp grid) সংলগ্ন সৌৰ প্ৰকল্প উদ্বোধন কৰে। যোৱা ১০মে’ত শক্তিমন্ত্ৰী টামিয়া টাগা আৰু অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণৰ অধ্যক্ষ ৱাংলাম ছাৱিনৰ উপস্থিতিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধন কৰে উক্ত সৌৰ–বিদ্যুৎ প্ৰকল্প।

অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণে ৰূপায়ন কৰা এই প্ৰকল্প ৰাজ্যৰ বৃহত্তম সৌৰশক্তি প্ৰকল্পৰূপে জনাজাত। ত্ৰয়োদশ বিত্ত আয়োগৰ পৰা অনুদান লাভ কৰা ৮.৫০ কোটি টকা ব্যয় কৰি প্ৰকল্পটো নিৰ্মাণ কৰিছে।

উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়– গোলকীয় উষ্ঞতাই বিশ্বক গ্ৰাস কৰিব ধৰাৰ সময়ত পুনৰ নবীকৰণযোগ্য শক্তি উৎপাদনত গুৰুত্ব প্ৰদানে উষ্ঞতা হ্ৰাসৰ বাবে এক আশাৰ বতৰা। সেয়ে সৌৰ বিজুলী উৎপাদন কৰা অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণক শলাগ লয়। সৌৰশক্তি উৎপাদনে বিজুলী শক্তিৰ খৰচ হ্ৰাস কৰিব। সেয়ে চৰকাৰী বিভাগসমূহক সৌৰশক্তি ব্যৱহাৰৰ বাবে উদ্‌গণি যোগায়।

এই সময়ছোৱাতে বৌদ্ধ গোম্পা চৌহদত কাৰ্মিক আৰু আধ্যাত্মিক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় ভৱন এটা মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে।

উক্ত উদ্বোধনী অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ টি এন থংদোক, বিধায়ক ছেৰিং টাছি, মুখ্য সচিব সত্যগোপাল, কাৰ্মিক আৰু আধ্যাত্মিক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ জাম্বে ৱাংদি লগতে অন্যান্য চৰকাৰী উচ্চপদস্থ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিছিল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward