Tuesday, March 19, 2024
Homeপ্ৰবন্ধমাগুৰৰ বাবে আশা

মাগুৰৰ বাবে আশা

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

 

কিশোৰ তালুকদাৰ –

সতেজ পানীত থকা তেনেই চিনাকী মাছবিধৰ কৃত্ৰিম প্ৰজননৰ নতুন পদ্ধতিৰ অনুশীলন অসমত –

মাগুৰ মাছ (এছিয়ান কেট ফিছ) অসমত সাধাৰণতে পৰম্পৰাগত মাছ মৰা পদ্ধতিৰেই ধৰা হয়। জাকৈ মাৰিলে মাগুৰ মাছ উঠে। কিয়নো জাকৈ বিশেষকৈ মৰা হয় প্ৰাকৃতিক জলধাৰকসমূহত, যিবোৰ মাগুৰ মাছৰ আৱাসস্থলী।

সতেজ পানীত থাকি ভাল পোৱা এই মাছবিধেৰে ৰন্ধা আঞ্জা পৰম্পৰাগত অসমীয়া খাদ্যাভাসৰ এক গুৰুত্বপূৰ্ণ অংগ। সোৱাদ আৰু পুষ্টি, উভয়ৰে বাবে মাগুৰ মাছৰ নাম আছে। আজিকালি পিছে দিনক দিনে স্থানীয় মাছৰ বজাৰত মাগুৰ মাছ পোৱাটোৱে টান হৈ পৰিছে। ইয়াৰ কাৰণৰ ভিতৰত চাহিদা অনুসৰি কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত গভীৰভাবে চিন্তা-চৰ্চা নকৰাটোও এটা।

আগন্তুক সময়ত এই ছবিখন হয়তো সলনি হ’ব পাৰে। ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ এক উদ্ভাবনীমূলক প্ৰজনন প্ৰযুক্তিৰ সাফল্য।

ৰাজিক মীন বিভাগৰ পৰা জানিব পৰা মতে মাগুৰৰ আৱদ্ধ প্ৰজনন সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে এগৰাকী মীন বিষয়াই।

সাধাৰণতে ছাল ছেলাই কৰা প্ৰজনন (ষ্ট্ৰিপিং) পদ্ধতিৰে ছিন্থেটিক হ’ৰমন ব্যৱহাৰ কৰি এইবিধ প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰা হয়। অৱশ্যে মীন সম্প্ৰসাৰণ বিষয়া ৰবীন দাসে ছাল নেছেলোৱাকৈ নকৰাকৈ শোধিত পানীতে মাছবিধৰ প্ৰজননৰ ব্যৱস্থা কৰিছে।

দাসৰ মতে, জলবায়ুৰ অৱস্থা অনুসৰি মতা আৰু মাইকী উভয় প্ৰকাৰৰ মাগুৰ মাছৰ দেহত এবাৰ মাত্ৰ ছিন্থেটিক হ’ৰমন প্ৰয়োগ কৰি প্ৰজনন কৰাব পাৰি। হ’ৰমন প্ৰয়োগ কৰাৰ পাছত মতা আৰু মাইকী উভয় প্ৰকাৰৰ মাগুৰ মাছকে এটা প্ৰজনন টেংকত এৰি দিয়া হয় (৩ ফুট দীঘল ২ ফুট বহল আৰু ৩ ফুট উচ্চতাৰ পকী টেংক হ’ব লাগে, পানী এফুটতকৈ বেছি গভীৰ হ’ব নালাগে)। ২৪ ঘ্ণ্টাৰ ভিতৰত মাইকী মাছবোৰে পানীত কণী এৰি দিয়ে। একে সময়তে মতা মাছবোৰে কণীৰ ওপৰত পুংৰস এৰে। ইয়াৰ ঠিক পিছতেই মতা আৰু মাইকী মাগুৰ মাছকেইটাক টেংকটোৰ পৰা উলিয়াই আনিব লাগে।

এটা মাইকী মাছে ৩০০০ হেজাৰৰ পৰা ৫০০০ হেজাৰ কণী দিব পাৰে। টেংকটোত পৰ্যাপ্ত পৰিমাণে কৃত্ৰিমভাবে অক্সিজেন যোগানৰ ব্যৱস্থা কৰিব লাগে, কিন্তু কণীবোৰৰ যাতে ক্ষতি নহয় সেইকথাৰ প্ৰতি লক্ষ্য ৰখা উচিত।উৰ্বৰ কণীবোৰ লিপিট খাই ধৰি থাকে আৰু সুমথিৰা ৰঙৰ হয়। কেইঘণ্টামানৰ পিছতে আকৌ এই কণীবোৰৰ বৰণ সলনি হৈ পাতল মুগা ৰঙৰ হয়গৈ। উৰ্বৰতাৰ ফালৰ পৰা চাবলৈ গ’লে বগা ৰঙৰ কণীবোৰৰ তুলনাত সুমথিৰা ৰঙৰ কণীবোৰ বেছি ভাল।

দাসে ২০১৩ চনত চাৰিযোৰ মাগুৰৰ প্ৰজনন কাৰ্য সফলতাৰে সম্পন্ন কৰে। ২০১৬ চনত তেঁও পুনৰ ১০যোৰ মাগুৰৰ প্ৰজনন কাৰ্য সম্পন্ন কৰিছে। মৰিগাঁও, বৰপেটা, দৰং আৰু কামৰূপ জিলাৰ মীন পালকে তেঁওৰ পৰা শেহতীয়াভবে উৎপাদিত মাগুৰ মাছৰ পোনা ইতিমধ্যে ক্ৰয় কৰিছে।

ছাল ছেলাই কৰা প্ৰজনন পদ্ধতিৰ দৰে এই পদ্ধতিত মতা মাগুৰটো মাৰি পেলাব লগীয়া নহয়। ছাল ছেলাই কৰা প্ৰজনন পদ্ধতিত মতা মাগুৰটোক মাৰি পুংৰস বাহিৰ কৰা হয়। সেইদৰে মাইকী মাগুৰৰ কণীবোৰো উলিয়াই অনা হয়। হ’ৰমন প্ৰয়োগ কৰি কণী আৰু পুংৰস আৱিষ্ট কৰা হয়। তাৰপাছত কণীবোৰ পৰীক্ষাগাৰত উৰ্বৰ হ’বলৈ ৰখা হয়। পানীৰ উষ্ণতা, অম্লজানৰ স্তৰ, পানীৰ সোঁত আৰু গুণাগুণ সময়মতে নিৰীক্ষণ কৰাৰ উপৰি পোনাবোৰক খুওৱা আৰু যতন লোৱাটোও ছাল ছেলাই কৰা প্ৰজনন প্ৰযুক্তিত গুৰুত্বপূৰ্ণ।

দাসে নিজাইন ডট কমক জনোৱা মতে ছাল নেছেলোৱাকৈ ক্লেৰিয়াছ বাট্ৰাকাছ প্ৰজাতিৰ মাছৰ (মাগুৰ মাছৰ বৈজ্ঞানিক নাম) প্ৰ্ৰজনন কাৰ্য কৰাটো তুলনামূলকভাবে বেছি সহজ আৰু কমখৰচীও। তেঁও লগতে আঙুলিয়াই দেখুওৱা মতে এই পদ্ধতিৰ প্ৰজনন কাৰ্যৰ বিশেষত্ব এয়ে যে ইয়াত প্ৰজননক বোৰে প্ৰজনন কাৰ্যৰ বাবে নিজৰ জীৱন দান দিবলগীয়া নহয়।

“এই পদ্ধতিত পোনা বৰ্তি থকাৰ পৰিমাণো ষ্ট্ৰিপিং পদ্ধতিৰ তুলনাত অধিক”, দাসৰ দাবী। পূৰ্বৰ পদ্ধতিটোৰ সৈতে নিজে আৰম্ভ কৰা পদ্ধতিটোৰ উপযোগিতাৰ তুলনা কৰি দাসে লগতে কয় যে নতুন পদ্ধতিটোত প্ৰজননৰ বাবে ব্যৱহাৰ কৰা মাছবোৰক এবছৰ পিছত পুনৰ প্ৰজনন কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।

ক্লেৰিয়াছ বাট্ৰাকাছ প্ৰজাতিৰ মাছৰ পোনা উৎপাদনৰ সাফল্য নিৰ্ভৰ কৰে প্ৰজননক মাছৰ সুস্বাস্থ্যৰ ওপৰত। সাধাৰণতে এই প্ৰজাতিৰ মাছ দ্বিতীয় বছৰত পূৰ্ণবয়স্ক হয় আৰু ১০০ৰ পৰা ১৫০ গ্ৰাম ওজনৰ হ’লে প্ৰজনন কাৰ্যৰ বাবে উপযোগী বুলি ধৰা হয়। বাৰিষা বতৰত প্ৰজনন কৰোৱাব পৰাকৈ সৰু মাটিৰ পুখুৰীত প্ৰজননকবোৰক প্ৰতিপাল কৰিবলৈ ভাল।

বৰপেটাৰ প্ৰগতিশীল মীনপালক ফটিক আহমেদে এইবছৰ জুলাই মাহত দাসৰ প্ৰযুক্তিৰে উৎপাদন কৰা ১০০০ পোনা তেঁওৰ নিজৰ মীনপামত পুহিবলৈ ক্ৰয় কৰিছে। আহমেদৰ মতে পোনা উৎপাদনৰ শেহতীয়া পদ্ধতিটো পূৰ্বৰ পদ্ধতিতকৈ বহুত বেছি সহজ। সেয়ে এই পদ্ধতিৰে অহা বছৰৰ পৰা মাগুৰৰ পোনা উৎপাদনৰ কাম তেঁও নিজাববীয়াকৈ আৰম্ভ কৰিব।

“মাগুৰ মাছ পালনৰ কাম আৰম্ভ কৰি মীনপালকসকলে এইবিধ মাছৰ বৃহৎ ব্যৱসায়িক সম্ভৱনাৰ মুনাফা আদায় কৰিবলৈ আগবাঢ়ি অহা উচিত। মাগুৰ মাছৰ দাম বজাৰত সম্প্ৰতি প্ৰতিকিলোত ৮০০ৰ পৰা ১২০০ টকালৈকে বৃদ্ধি পাইছে,” আহমেদে কয়। কৃষিভূমিত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ প্ৰভাৱত বৰ্তমান মাগুৰ মাছৰ সংখ্যা হ্ৰাস পোৱা বুলিও তেঁও ব্যক্ত কৰে।

মাগুৰ এবিধ কেট ফিছ প্ৰজাতিৰ মাছ। উচ্চ পৰিমাণৰ প্ৰ’টিনযুক্ত (১৫ শতাংশ), উচ্চ পৰিমাণৰ লৌহ পদাৰ্থ (প্ৰতি ১০০ গ্ৰামত ৭১০ মিলিগ্ৰাম) থকা মাগুৰ মাছক ঔষধি মাছ বুলিও কোৱা হয়।স্বাস্থ্যৰ বাবে সাংঘাতিক ধৰণে উপযোগিতা থকা এইবিধ মাছ অন্তঃসত্বা আৰু প্ৰসূতি মাতৃসকলৰ বাবে আশীৰ্বাদস্বৰূপ। সৰু ল’ৰা ছোৱালী আৰু বয়স্কসকলৰো অতিৰিক্ত পুষ্টিৰ প্ৰয়োজন পূৰণ কৰে মাগুৰে।

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward