Thursday, March 28, 2024
Homeবাতৰিমিজোৰামৰ এনথুৰিয়াম উৎসৱ

মিজোৰামৰ এনথুৰিয়াম উৎসৱ

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

এনথুৰিয়াম এবিধ ফুলৰ নাম। এই ফুলবিধৰ নামেৰে আয়োজন কৰা হয় এনথুৰিয়াম উৎসৱ। প্ৰচুৰভাৱে উৎপাদন হোৱা এই ফুলবিধ মিজোৰামৰ পৰ্যটনখণ্ডৰ এক বৃহৎ চালিকা শক্তি। সেয়ে পৰ্যটন খণ্ডক আগুৱাই নিবলৈ ৰাজ্যৰ পৰ্যটন বিভাগে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰি প্ৰতি বছৰে আয়োজন কৰি আহিছে এনথুৰিয়াম উৎসৱ।

মিজোৰামে ২০০৬ চনত পোন প্ৰথমবাৰৰ বাবে এনথুৰিয়াম উৎসৱ আয়োজন কৰিছিল। যি উৎসৱ আজিলৈ নিয়মীয়াভাৱে উদযাপন কৰি আহিছে। এই বৰ্ষৰ এনথুৰিয়াম উৎসৱ ২২, ২৩, ২৪ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যখনৰ ৰেইকত উদ্‌যাপন কৰে। মিজোৰামৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জন ৰতনুৱানং লিয়ানাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা অনুষ্ঠানটি ২৪ ছেপ্টেম্বৰ শনিবাৰে সামৰণি পৰে।

মিজোৰামৰ প্ৰায় এহেজাৰ মান পৰিয়ালৰ আৰ্থিক উপাৰ্জনৰ একমাত্ৰ চালিকা শক্তি হ’ল এই এনথুৰিয়াম ফুলৰ খেতি। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ফুলবিধৰ খেতি কৰে যদিও ৰাজধানী চহৰ আইজলত ইয়াৰ খেতি সৰ্বাধিক হোৱা দেখা যায়। উৎপাদিত এই ফুলবিধৰ গুণগত মান বহু উন্নত হোৱা বাবে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হয়। তদুপৰি জাপান আৰু ইউৰোপিয়ান দেশ সমূহলৈয়ো ফুলবিধ ৰপ্তানি হোৱা বুলি জানিব পৰা গৈছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward