Friday, April 19, 2024
Homeবাতৰিচলুং উৎসৱে আনক শান্তি–সম্প্ৰীতি

চলুং উৎসৱে আনক শান্তি–সম্প্ৰীতি

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

ঐতিহ্যমণ্ডিত চহৰ পাচিঘাট। অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাত অৱস্থিত এই পাচিঘাট চহৰখন। সৰ্বাধিক সংখ্যক আদি জনজাতি লোক এই চহৰতে বসবাস কৰে। আদি জনজাতিসকলক পূৰ্বতে আবৰ বুলি কোৱা হৈছিল। চলুং হ’ল তেওঁলোকৰ ঘাই উৎসৱ। প্ৰতিটো বৰ্ষটে উদ্‌যাপন কৰি অহাৰ দৰে এইবৰ্ষটো চলুং উৎসৱ ৯ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই চহৰ খনতে উদ্‌যাপিত হয়।

উল্লেখনীয় যে, পাচিঘাটৰ কেন্দ্ৰীয় চলুং কৃষ্টি কেন্দ্ৰটো বৃহৎ এলেকাৰে আবৃত। এই কৃষ্টি কেন্দ্ৰত অসম–অৰুণাচলৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকে অংশ গ্ৰহণ কৰে। উখল–মাখল আনন্দৰে পৰিপূৰ্ণ উৎসৱটিত আদি জনগোষ্ঠীসকলৰ পৰম্পৰাগত খাদ্য, সাজ–পাৰ, কৃষি সঁজুলিৰ লগতে গ্ৰন্থমেলা আৰু নৱ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে ফেশ্বন শ্ব’ এটিৰো আয়োজন কৰে।

ৰাইজৰ মন–প্ৰাণ আপ্লুত কৰা ফেশ্বন শ্ব’ত অংশ গ্ৰহণ কৰা প্ৰতিযোগীসকলে নিজ নিজ জনগোষ্ঠীৰ পৰম্পৰাগত সাজ–পোছাককে আধুনিক ৰূপত সজাই পৰিধান কৰে। নিজ জনগোষ্ঠীটোৰ পুৰণিকলীয়া সাজ–পোছাককে আধুনিক ৰূপত তৈয়াৰ কৰি ফেশ্বন শ্ব’ত পৰিধান কৰে যদিও আধুনিকতাৰ ধামখুমীয়াত সাতামপুৰুষীয়া কৃষ্টি–সংস্কৃতিক যাতে পাহৰি নাযায় তাৰ বাবেই আয়োজন এই ফেশ্বন শ্ব’ৰ। নিজ কৃষ্টি–সংস্কৃষ্টিক একাষৰীয়া কৰি থৈ সস্তীয়া সংস্কৃতিত উটি–বুৰি নাযাবলৈ যুৱচামৰ প্ৰতি এই আহ্বান জনায় ৰাইজে।

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুই উৎসৱত যোগদান কৰি জনগোষ্ঠীটোক সকলোৰে সৈতে শান্তি–সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয়– চলুং উৎসৱৰ জৰিয়তে সকলো জাতি–জনগোষ্ঠী একতাৰ ডোলেৰে উন্নতিৰ জখলাত বগাবলৈ আদি সকলে হওঁক বাটকটীয়া। ৰাজ্যখনৰ সাংসদ, বিধায়ক আৰু বহু গণ্যমান্য ব্যক্তিৰ যোগদানে অনুষ্ঠানটিৰ সৌষ্টৱ বঢ়ায়। সস্তীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত নহৈ নিজ নিজ জনগোষ্ঠীৰ সংস্কৃতি অটুট ৰাখিবলৈ নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত মুম্বাইৰ মেয়াং চাং আৰু মনালী ঠাকুৰেও সংগীত পৰিবেশন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward