Monday, April 29, 2024
Homeকবিতাৰ’দৰ চিঠি

ৰ’দৰ চিঠি

প্ৰকাশিত তাৰিখঃ ১৬ অক্টোবৰ, ২০২৩

পবিত্ৰ কুমাৰ দাস –

ৰ’দৰ চিঠিত লিখা আছে

তমসা জয়ৰ আলোকিত গান।

 

ৰাহুৰ গ্রাসৰ সৱাহত

বিচ্ছুৰিত পোহৰৰ বিন্যাস

জ্ঞানৰ শোভিত জ্যোতিৰ্ময় যাত্রা

বিশ্বাসৰ পূৰঠ নিষ্কাশিত আভা।

বেটুপাতৰ বুলনিত

সৃষ্টিৰ সোণোৱালী ফুল

বুটলিবলৈ বিচাৰি পাও

প্রাচূৰ্যৰ ভৰপুৰ আশা

বিলাস কৰিবলৈ ভৰসা।

 

আন্ধাৰ ভেদি ওলাই আহে

সৃষ্টিকামী চিনাকি সুৰ হৈ

ডুব গৈ নিজৰ বিকশিত ৰূপ

সুবিশাল সৰগৰ কৰিষ্মাৰে

গাই মানৱ কল্যাণৰ গান

পৰহিতক আজন্ম কালৰ

জীৱকূলৰ ত্রাণকৰ্তা বিধাতা

ৰ’দ বিৰামহীন পোহৰৰ স্রষ্টা।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Image: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward